Home Blog Page 2736

ধুবুৰীত দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটীৰ সংবাদমেল

আজি ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাই আয়োজন কৰা এখন সংবাদমেলত ধুবুৰী জিলাৰ ঐতিহাসিক পানবাৰী মছজিদৰ ওচৰে পাজৰে হোৱা অবৈধ বেদখল, ভাৰতৰ পুৰাতত্ব বিভাগৰ আইন উলংঘা কৰাৰ লগতে এই ঐতিহাসিক স্থানৰ পৰিবেশ বিনষ্টকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ আৰু ধুবুৰী জিলা প্ৰশানৰ ওচৰত আহবান জনায়। সংবাদমেলত দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাই চলিত বৰ্ষৰ যোৱা ২৯ চেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীলৈ দেশী জনগোষ্টীয় মঞ্চৰ ধুবুৰী জিলা সমিতিয়ে ঐতিহাসিক পানবাৰী মছজিদৰ সংৰক্ষণ কৰাৰ দাবীত এক স্মাৰক পত্ৰ যোগে অৱগত কৰাৰ লগতে উপযুক্ত ব্যৱস্থা লবলৈও আহবান জনাইছিল। কিন্তু যোৱা ১৯ অক্টোবৰত পানবাৰী মছজিদৰ সন্মুখত উপস্থিত হৈ অইন এটা সংগঠনে যি ধৰ্ণা কাৰ্যসুচী পালন কৰিলে তাৰ মূল বিষয়বস্তু বা দাবীৰ প্ৰতি দেশী জনগোষ্টীয় মঞ্চ অসমৰ ঐক্যমত থাকিলেও দেশী জনগোষ্টীয় মঞ্চই সেই ধৰ্ণা কাৰ্যসুচী কেতিয়াও সমৰ্থন কৰা নাই। দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি গৰাকীয়ে আজি সংবাদমেল খনত এইবুলি ষ্পষ্ট কৰি দিয়ে যে কোনো এটা বিষয় চৰকাৰ বা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে কৰা ধৰ্ণা উপযুক্ত ঠাইত কৰিব লাগে। যিহেতু মছজিদ এক পৱিত্ৰ স্থান তাত বা তাৰ ওচৰে পাজৰে ধৰ্ণা, ৰাজনৈতিক শ্ল’গান দিয়া দেশী জনগোষ্টীয় মঞ্চৰ দৃষ্টিত উচিত কাৰ্য নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে। ইপিনে উক্ত ধৰ্ণা কাৰ্যসুচীৰে  আন্দোলন কৰা সংগঠণটোৱে ধৰ্ণাৰ এদিন পিছত আমছুৰ দৰে সংগঠণৰ সৈতে বুজাবুজিত উপনিত হোৱা কাৰ্যটো সহজে মানি লব পৰা বিষয় নহয় আৰু ই গৰিহনাৰ যোগ্য বুলি কয় দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাই। ইয়াৰ বিপৰীতে মঞ্চৰ সভাপতি শ্বেখ হেদায়েতুল্লাই আজিৰ সংবাদমেল যোগে এই কথাৰো সদৰী কৰে যে পানবাৰী মছজিদ অকল প্ৰাৰ্থনা গৃহই নহয়, ই এক ঐতিহাসিক কৃতীচিহ্ন হয়। গতিকে ইয়াৰ পৱিত্ৰতা ৰক্ষা কৰা আৰু ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কামো চৰকাৰে হাতত ল’ব লাগে বুলি উল্লেখ কৰে। পানবাৰী মছজিদৰ আশে পাশে ব্যাপক হাৰত চৰকাৰী খাছ মাটি বেদখল হোৱা আৰু চৰকাৰে এই বেদখলমুক্ত কৰনৰ কাম দৃঢ়ভাবে হাতত লোৱাৰো দাবী উত্থাপন কৰিছে। ঐতিহাসিক এই মছজিদটোত ধৰ্মপ্ৰাণ ৰাইজে যি বছৰি কোটি কোটি টকাৰ দান দক্ষিণা দিয়ে তাৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছে আৰু এই বিত্তীয় কেলেকাৰীক কেন্দ্ৰ কৰি এক মাফিয়া ৰাজ গঢ়ি উঠিছে। এই বিত্তীয় অনিয়মৰ উচিত তদন্ত কৰাৰ দাবী মঞ্চৰ সভাপতি গৰাকীয়ে সংবাদমেলযোগে উত্থাপন কৰিছে। যেনেকৈ অসমৰ সত্ৰ সমুহৰ পৰিচালনা এক নিৰ্দিষ্ট খেলে কৰে তেনেদৰে পানবাৰীৰ ঐতিহাসিক মছজিদৰ পৰিচালনাৰ ক্ষেত্ৰতো স্থানীয় দেশী সকলক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰিছে দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাহই। সংবাদ মেলত উপস্থিত আছিল উপ সভাপতি সৈয়দ আলী আহমেদ, কৰ্নধাৰ সদস্য মেহবুব হুসেইন, ড’আকব্বৰ আলী আহমেদ প্ৰমুখ। 

মঙলদৈত অনুষ্ঠিত হ’ল সদৌ দৰং জিলা ভিত্তিত ক্যাৰাটে চেম্পিয়নচিপ ২০২১

এদিনিয়া কাৰ্যসূচীৰে আজি মঙলদৈ ষ্টেডিয়ামত অনুস্থিত হয় ক্যাৰাটে প্ৰতিযোগিতা৷ জিলা খনৰ প্ৰায় ৬শতাধিক ক্যাৰাটে  প্ৰতিযোগীৰ লগতে কেইবাটাও ক্যাৰাটে ক্লাবেও অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনত। আজি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি জয়ী হোৱা প্ৰতিযোগী সকলক নিৰ্বাচন কৰি প্ৰথমে জিলা আৰু  তাৰ পিছত  ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত  কৰিব। অনুস্থানত উপস্থিত  থাকে অসম  ক্যাৰাটে সন্থা   সভাপতি  দিগন্ত  কলিতা , উপ সভাপতি  তথাঅসম বিত্ত নিগমৰ অধ্যক্ষ বিজয়  গুপ্তা, দৰংজিলা কেৰেটে সন্থাৰ সভাপতি গুৰুজ্যোতি দাসৰ লগতে উপস্থিত  থাকে অসম ক্যাৰাটে সন্থাৰ  সম্পাদকৰ লগতে কেইবাগৰাকীও ক্ৰীড়া সংগঠক  ।

ওদালগুৰিৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবি । ৰাতিপুৱা ১১ বজাৰ পিছতো চিকিৎসালয়ত উপস্থিত নহয় চিকিৎসক । বুধবাৰে ওদালগুৰি জিলাৰ ধনশিৰিৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত সময়মতে চিকিৎসক উপস্থিত নোহোৱাত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। । ভেকচিন বিচাৰি ৰাতিপুৱাৰে পৰা চিকিৎসালয়খনত স্থানীয় ৰাইজ ভিৰ কৰি আছিল যদিও ১১ বজাৰ পিছতো চিকিৎসালয় খনত চিকিৎসক উপস্থিত নোহোৱাৰ অভিযোগ একাংশ ৰোগীৰ ।ফলত  ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ৰোগীৰ মাজত সৃষ্টি হয় বিৰূপ প্ৰতিক্ৰিয়াৰ । ইফালে মাহত অধিকাংশ দিনেই  চিকিৎসালয় খনত চিকিৎসক দেৰিকৈ উপস্থিত হয় বুলি চিকিৎসালয় খনৰ এগৰাকী নাৰ্চে অভিযোগ উত্থাপন কৰিছে । যিসময়ত চৰকাৰে কৰণা ভেকছিনৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেনে সময়তে এই সকল চিকিৎসকে নিজৰ কৰ্মৰ প্ৰতি গাফিলতি কৰি চৰকাৰৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে ।এনেবোৰ চিকিৎসকক নাকি লগাবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

গোসাইগাঁওৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান

বিগত সময়ত পৰা ড্ৰাগছ মাফিয়াৰ ত্ৰাস সৃষ্টি কৰি অহা  গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা লাভ কৰে। এক গোপন সূত্ৰৰ পম খেদি নিশা ১১ বজাত শ্ৰীৰামপুৰ গেটস্থিত শিমুলটাপু আৰক্ষীৰ নাকা চকীত আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহিমচেঙৰ নেতৃত্বত তালাচী চলাই UP 22 T 4655 নম্বৰৰ দহচকীয়া ট্ৰাকৰ পৰা এক বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰে। পিছত ট্ৰাকখনৰ ভিতৰ কক্ষত তালাচী চলাই আৰক্ষীয়ে ৭৫ কাৰ্টুন কোৰিয়ান চিগাৰেট জব্দ কৰে। ধৃত গাড়ীৰ চালক আৰু সহকাৰী চালক ক্ৰমে উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ জুলফিকৰ আলম (৩৯) আৰু আছিফ আলী (৩০)।  যাৰ  বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰই জানিব দিয়ে। UP 22 T 4655 নম্বৰৰ দহচকীয়া ট্ৰাকখনেৰে কোৰিয়ান চিগাৰেটখিনি লৈ  তিনিচুকীয়াৰ পৰা পশ্চিম বংগলৈ গৈ আছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।

গোসাইগাঁৱৰ ৰায়মোনাত নাবিলাকক ধৰ্ষণ

 গোসাইগাঁও মহকুমাৰ ভাৰত- ভূটান সীমান্ত এলেকাৰ ৰায়মোনা অঞ্চলৰ দুই গৰাকী নাবালিকা দুই পাষণ্ডৰ হাতত ধৰ্ষিতা হবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সীমান্ত এলেকাত ৷প্ৰাপ্ত বাতৰি মতে যোৱা ৭ নৱেম্বৰত ৰায়মোনা অঞ্চলৰ দুই গৰাকী নাবালিকা ছোৱালী কুমগুৰীত ফুৰিবলৈ যায় ৷ আকৌ কুমগুৰীৰ পৰা নিজ গৃহলৈ উভতি অহাৰ পথত ই – ৰিক্সা চালক ৰোমিঅ কেৰকেটা আৰু অৰ্জুন নাৰ্জাৰীয়ে নাবালিকা ছোৱালী দুজনীক ঘৰত ৰাখি আহিব বুলি ই- ৰিক্সাত উঠাই লয় আৰু কিবা খোৱা বস্তু খাবলৈ দিয়ে ৷খোৱা বস্তুখিনি খাই ছোৱালী দুজনী অজ্ঞান হৈ পৰে পিছত নাবালিকা দুই গৰাকীক ৰায়মোনা অঞ্চলৰ ঘন অৰণ্যৰ ডায়নায়ামাৰী সমীপত লৈ গৈয় দুই পাষণ্ডই ধৰ্ষণ কৰি লেবেজান কৰি পেলায় ৷তাৰ পিছত দুই পাষণ্ডই নাবালিকা ছোৱালী দুজনীক পুনৰায় ই- ৰিক্সাত উঠাই বাণ্টিঝোৰা গাঁৱত লৈ আনে ৰাতি আঠমান বজাত ৷গাঁৱৰ লোকসকলেনাবালিকা ছোৱালীদুজনীৰ এনে দৃশ্য প্ৰত্যক্ষ কৰি গাঁৱৰ লোকসকলে তৎক্ষণাত শৰাইবিল আৰক্ষী চকীত খবৰ দিয়ে ৷আৰক্ষীয়েও খবৰ পাইয়ে তৎক্ষণাত বাণ্টিঝোৰা গাঁৱত উপস্থিত হৈছোৱালী দুজনীক উদ্ধাৰ কৰি শৰাইবিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা কৰে আৰু এই জঘন্য কাণ্ড সংঘটিত কৰা ৰায়মোনাৰ ৰমিঅ কেৰকেটা (২৪) আৰু অৰ্জুুু নাৰ্জাৰী (৩৫ )ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ইপিনে  নাবালিকা ধৰ্ষণ কাণ্ডক সদৌ কুডুষ (উৰাঁও) ছাত্ৰ সন্হা আৰু সদৌ অসম কুডুষ (উৰাঁও ) সাহিত্য সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷দোষীক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

ডিমৌ শাখা কবি সন্মিলনলৈ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” ৰ সন্মান

 শিৱসাগৰ জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে যোৱা ৭ নৱেম্বৰত ভটিয়াপাৰত অনুষ্ঠিত সাংগঠনিক দক্ষতাৰ ভিত্তিত  ডিমৌ শাখা কবি সন্মিলনক  ২০১৯-২১ বৰ্ষৰ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” হিচাবে স্বীকৃতি প্ৰদান কৰে। জিলা সম্পাদক প্ৰশান্ত কুমাৰ নাথে আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া,উপ-সভাপতি হৰেন গগৈ,প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, প্ৰাক্তন সভাপতি তথা কবিপ্ৰাণ প্ৰেম গগৈ, প্ৰাক্তন সভাপতি তথা বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগম, প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট কবি গংগামোহন মিলি,বিশিষ্ট লেখিকা দীপ্তিময়ী বুঢ়াগোহাঁই গগৈ। বিশিষ্ট অতিথিসকলক সংগ দিয়ে জিলা সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঞি,উপ-সভাপতিদ্বয় ক্ৰমে তৰুণ চন্দ্ৰ নাথ আৰু অশ্ৰুমণি দত্ত ঘোষে । উল্লেখ্য যে, ২০১৯-২০২১ বৰ্ষৰ সভাপতি জিতেন নাথ, সম্পাদক অভিজিত গগৈৰ নেতৃত্বত ডিমৌ শাখা কবি সন্মিলনে ভিন্ন কাৰ্যসূচীৰ জৰিয়তে  ডিমৌত এটা সুন্দৰ কাব্যিক পৰিমণ্ডল গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে।ইতিপূৰ্বেও, সাংগঠনিক দক্ষতাৰ ভিত্তিত  ডিমৌ শাখা কবি সন্মিলনে  ২০১৭-১৯ বৰ্ষৰ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” হিচাবে স্বীকৃতি লাভ কৰিছে।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লেখাপানী,জাগুন অঞ্চলটো ধৰ্মীয় ষট পূজা পালন।

আজি ষট পূজা,ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমতো পালন কৰা হয় ষট পূজা। ভৌজপুৰী সমাজৰ মাজত একমাত্ৰ ধৰ্মীয় পূজা হিচাপে প্ৰচলিত এই ষট পূজা বৰ্তমান সময়ত প্রায় বোৰ জনগোষ্ঠীৰ লোকে পালন কৰা দেখা যায়।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ লেখাপানী, টিৰাপ, টিপং, জাগুন আদি অঞ্চলতো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ষট পূজা পালন কৰা দেখা যায়।ধৰ্মীয় আখ্যান অনুসৰি প্ৰতি বছৰে কাৰ্তিক মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট বা ছট পূজা পালন কৰা হয়।এই ষট পূজাৰ মূল দেৱতা হৈছে সূৰ্য দেৱতা।সূৰ্য দেৱতাৰ দুই পত্নী ক্ৰমে ঊষা আৰু সন্ধ্যা। সূৰ্য দেৱতাৰ কনিষ্ঠা পত্নী ঊষা দেৱীক এই ষট পূজাৰ মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। ঊষা সূৰ্য দেৱতাৰ কনিষ্ঠা পত্নী আছিল বাবে ছটি মাইয়া বুলি জনাজাত আছিল আৰু সেইবাবেই এই উৎসৱো ছটি মাইয়াৰ নামেৰে ষট উৎসৱ বুলি জনা যায়। আন একাংশৰ মতে ষষ্ঠী তিথিত পালন কৰাৰ বাবেই এই পূজাভাগিক ছট বা ছঠ পূজা বুলি জনা যায়। এই পূজাৰ ৰীতি নীতি অনুসৰি চাৰিদিন পালন কৰা হয়। নৈত পবিত্ৰ স্নান, বহু সময় ধৰি পানীৰ মাজত থিয় হৈ সেৱা কৰা,নিৰ্জলা ব্ৰত ৰখা, সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰা আৰু মাৰ যোৱা আৰু উদিত সূৰ্যক অৰ্ঘ্য প্ৰদান কৰাই হৈছে এই পূজাৰ মূলমন্ত্ৰ।

মিৰ্জাত অত্যাধুনিক ‘ৰিয়েলমিৰ’ শ্ব’ৰুম মুকলি

দক্ষিণ কামৰূপৰ মিৰ্জাত অত্যাধুনিক স্মাৰ্ট ম’বাইল ফোন ‘ৰিয়েলমিৰ’ শ্ব’ৰুম ৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰিয়েলমিৰ শ্ব’ৰুম মুকলি কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে মিৰ্জাৰ সমাজকৰ্মী দীনেশ চৌধুৰীয়ে।  উক্ত শ্ব’ৰুম মুকলি কৰি হিমাংশু শেখৰ বৈশ্যই দক্ষিণ কামৰূপৰ মিৰ্জাত ‘ৰিয়েলমি’ৰ অত্যাধুনিক ৫ জি স্মাৰ্ট ম’বাইল ফোন, স্মাৰ্ট টিভি, ঘড়ী, হেণ্ডফোন আদি উপলব্ধ শ্ব’ৰুম মুকলি হোৱাত অঞ্চলটোৰ জনসাধাণৰ বহুত উপকাৰ হ’ব বুলি কয়। বৰ্তমান সময়ত ম’বাইল ফোন নহলে একো কামেই নহয়। সেয়েহে ম’বাইল ফোন সকলো লোকৰে অত্যন্ত জৰুৰী। উদ্যমী যুৱক তথা স্বত্বাধিকাৰী চানী সেঠীক শুভেচ্ছা তথা ব্যৱসায়িক দিশত উজ্বল ভৱিষ্যত কামনা কৰি উক্ত শ্ব’ৰুমত অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপন দিবলৈ আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই। উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰিয়েলমিৰ স্মাৰ্ট ম’বাইল ফোন নতুনকৈ শ্ব’ৰুম মুকলি কৰা বাবে শুভেচ্ছা জ্ঞাপন কৰে।

বন্তি প্ৰজ্বলেৰে ২৬ সংখ্যক সাহিত্য,সংস্কৃতি মূলক পত্ৰিকা ‘সাগ্নিক’ উম্মোচন

 ১৯৯৬ চনত বাসুগাঁৱত জম্ম গ্ৰহণ কৰে সাহিত্য-সংস্কৃতি মূলক পত্ৰিকা ‘সাগ্নিক’ । ২৬ সংখ্যক পত্ৰিকা খনি আজি বাসুগাঁও সাগ্নিক ভৱনত উম্মোচন কৰা হয় । পত্ৰিকাখনি ফিটা কাটি উম্মোচন কৰে বিশিষ্ট কবি-সাহিত্যিক গৌতম বসু । তেওঁ উম্মোচন কৰি বাসুগাঁৱৰ দৰে সৰু চহৰৰ পৰা সুদীৰ্ঘ বছৰ ধৰি এক গুৰু গম্ভীৰ পত্ৰিকা খনি একাংশ গুণি-ঞ্জানী লোকৰ প্ৰচেষ্টাত প্ৰকাশ হৈ থকাত তেওঁ গভীৰ সন্তষ্টি প্ৰকাশ কৰি পত্ৰিকা খনিৰ দীৰ্ঘায়ু কামনা কৰে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা নাট্যকাৰ, শিল্পী গৌতম ঘোষ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, কবি, সাহিত্যিক, অৱসৰপ্ৰাপ্ত উপাধক্ষ অমৃত পাটগিৰি, আন এগৰাকী কবি, সাহিত্যিক, উপাধক্ষ স্বপন কুমাৰ বিশ্বাস আদি আটায়ে সাগ্নিকৰ দীৰ্ঘয়ু কামনা কৰে । সাগ্নিক পত্ৰিকাৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰবীন্দ্ৰ কুমাৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰাম্ভণিতে শিক্ষক-শিল্পী তুষাৰ কান্তি সাহাৰ নেতৃত্বত স্বাগতম, সু-স্বাগতম শীৰ্ষক সমবেত সংগীতেৰে কাৰ্য্যসূচী আৰম্ভ হয় । ৰাখী দেবনাথ, সুপ্ৰিয়া সাহা, প্ৰিয়সী দত্ত, সুস্মিতা সাহা, নন্দিতা সাহা, প্ৰিয়া সাহা, স্মৃতি বনিকৰ লগতে জেষ্ঠ শিল্পী মৃদুল দাস আদিয়ে গীত পৰিবেশন কৰি পৰিবেশটিক অন্য মাত্ৰা প্ৰদান কৰে । উল্লেখ যোগ্য যে অনুষ্ঠানটিত বাসুগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ শ্যামল কুমাৰ ৰায়ক উত্তৰীও আৰু মানপত্ৰৰে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । উল্লেখ যোগ্য যে ৫০.০০ টকা মূল্যৰ সাগ্নিক পত্ৰিকা খনি সৰ্বোচ্চ ৫০০১.০০ টকা মূল্যত ক্ৰয় কৰে শিক্ষক বিপ্লৱ মোদকে । অনুষ্ঠানটি পৰিচালনা কৰে সুভাষ লোধ ৰায় আৰু বাপ্পী দেয়ে 

চৰাঞ্চলৰ শিক্ষকৰে ধুবুৰী প্ৰাথমিক শিক্ষক সন্মিলনী গঠন

ধুবুৰী জিলাৰ ভোগদহৰ,ফুলকাকাটা,পাটামাৰি আদি চৰাঞ্চলৰ কৰ্মৰত শিক্ষকসকলৰ দ্বাৰা সন্মিলিত হোৱা “চৰাঞ্চলৰ শিক্ষক গোট”ৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়  ২২৫৯ নং অয়ৰণজংলা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত।উক্ত সভাত সভাপতিত্ব কৰে ২০০৩ নং খাঁ‌পাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল হকে।উক্ত সভাত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে  অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনোৱাৰ হুছেইনৰ উপৰিও ,ধুবুৰী জিলা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি মোছাৰফ হুছেইন,প্ৰাথমিক শিক্ষক সন্মিলনীৰ  ধুবুৰী জিলাখনৰ কেইবাগৰাকীও বিষ়য়ববীয়া ক্ৰমে সুশীল চন্দ্ৰ বিশ্বাস(উপ সভাপতি),মুকবুল হুছেইন মণ্ডল(সহকাৰী সম্পাদক)ছোহৰাব আলী(উপসভাপতি)খুৰসিদ আলম(ধুবুৰী চাৰ্কেল সম্পাদক)আব্দুল হাই কাফীখান(উপসভাপতি)জ্যেষ্ঠ শিক্ষক মোকছেদ আলম,ধুবুৰী চাৰ্কেলৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ, হাশেম আলী,মোস্তাফা হুছেইন,জাহানুৰ আলম, ৰূপম বৰুৱা(ধুবুৰী জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মুখপাত্ৰ)বিতোপন দত্ত(ধুবুৰী জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰচাৰ সম্পাদক)ৰ উপৰিও শিক্ষক দিবাকৰ শৰ্মা উপস্থিত থাকে। পৰিচয় পৰ্বৰে আৰম্ভ হোৱা উক্ত সভাখনত জিলা আৰু ৰাজ্যখনৰ শিক্ষকসমাজক নেতৃত্ব প্ৰদান কৰা বিশিষ্ট অতিথিসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে শিক্ষক দিবাকৰ শৰ্মাই।
উক্ত সভাত মোকছেদ আলম,জাহানুৰ আলম,দিবাকৰ শৰ্মা,ৰূপম বৰুৱা,মোছাৰফ হুছেইন  আৰু মুকবুল হুছেইন মণ্ডল ছাৰে চৰাঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমস্যাসমূহৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়।এই বক্তব্যত তলত দিয়া বিষয়সমূহ প্ৰতিফলিত হয় –১) শেহতীয়াকৈ প্ৰদান RIIMS App ৰ ঋণাত্মক দিশসমূহ।২)চৰ্তহীন বদলিকৰণৰ ব্যৱস্থা।৩)চৰ অঞ্চলত আগতে দিয়া বিশেষ ভাট্টা( remote  allowance) পুনৰ প্ৰদান কৰা।
৪)নৌকাযাত্ৰাৰ সুৰক্ষা প্ৰদান কৰা।
৫)ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিবলৈ লোৱা গুণোৎসৱৰ ঋণাত্মক ফলাফল আদি বিষয়ে।
  শিক্ষকসকলৰ আটাইবিলাক সমস্যাৱলীকে অতি সুন্দৰভাৱে হৃদয়ংগম কৰি মুখ্য অতিথিৰ বক্তব্যত  অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনোৱাৰ হুছেইনে যুক্তি,তথ্য সহকাৰে  বিশ্লেষণাত্মক  বক্তব্য প্ৰদান কৰি সকলো শিক্ষকলৈ একগোট হৈ যুঁজ দিয়াৰ আহ্বান জনায়।তেখেতে শিক্ষকসকলৰ মাজত থকা বিভাজন দূৰ কৰি সন্মিলনীৰ নেতৃত্ব দিবলৈ টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিনম্ৰতাৰে আহ্বান জনায়।তেখেতৰ আহ্বানক উপস্থিত থকা সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি আগ্ৰহেৰে গ্ৰহণ কৰে আৰু ধুবুৰীৰ দক্ষিনপাৰৰ ভোগদহৰ,ফুলকাকাটা, পাতামাৰী আদি চৰাঞ্চলক লৈ  এটি চাৰ্কেল প্ৰদান কৰি সন্মিলিতভাৱে যুঁজ দিয়াৰ পোষকতা কৰে।সেই মৰ্মে উক্ত সভাত উক্ত আৱেদন গ্ৰহণ কৰা হয় আৰু এখন কমিটি গঠন কৰা হয়।
 দক্ষিন ধুবুৰী চৰ চাৰ্কেল প্ৰাথমিক শিক্ষক সন্মিলনী নামেৰে গঠন হোৱা চাৰ্কেল কমিটিঅখনৰসভাপতিঃ হাশেম আলীউপসভাপতিঃ জাহানুৰ আলমআৰু ৰূপালী মণ্ডলসম্পাদকঃদিবাকৰ শৰ্মাসহঃসম্পাদকদ্বয়ঃ মোস্তাফা হুছেইন মণ্ডলআৰু ৰাতুল বৰুৱা ।সাংগঠনিক সম্পাদকঃ ফাৰুক আহমেদবিত্ত সম্পাদকঃসনাতন দাসপ্ৰচাৰ সম্পাদকঃআলি হুছেইন মণ্ডলসদস্য-সদস্যাসকলঃ-নাছিৰুদ্দিন শ্বেখ,আজিজুল মোল্লা,নুৰ মহম্মদ,নিপু দাস,আব্দুল ৱাহাব,ৰূপচান আলি,প্ৰভাসু বৰ্মন,অজিত কুমাৰ গুপ্তা,চুলতানা বেগম,কহিনুৰ বেগম,জাহানুদ্দিন আহমেদ,দীপ সূত্ৰধৰ উপদেষ্টাসকলঃনুৰুল হকমোকশেদ আলমআবু বক্কৰ ছিদ্দিক আদিৰে গঠন কৰা হয় 
এই কমিটিখন সদনে সমৰ্থন কৰাৰ পিছত অসম ৰাজ্যিক  প্ৰাথমিক শিক্ষক সন্মিলনী আৰু জিলা সমিতিয়ে অনুমোদন দিয়ে।উল্লেখযোগ্য যে উক্ত সভাতে চাৰ্কেল কমিটিখনক দায়িত্বও প্ৰদান কৰা হয়।
অসমৰ বিভিন্ন জিলাৰ পৰা আহি ধুবুৰীত কৰ্মৰত শিক্ষকসকলৰ সমস্যাসমূহক শিক্ষকসকলে একগোটহৈ মাৰবান্ধি সমাধান কৰিবলৈ এটা শক্তিশালী গোটৰ প্ৰয়োজন বুলি মুখ্য অতিথি আনোৱাৰ হুছেইনে তেখেতৰ বক্তব্যত প্ৰকাশ কৰে।