Home Blog Page 2735

মৰাণত ধৰ্মীয় ৰীতি-নীতিৰ মাজেদি পালন কৰা হৈছে ষট পূজা

ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত ৰাজ্যবাসীয়ে পূজা-পাৰ্বন অনুষ্ঠিত কৰিব পৰাকৈ এক পৰিৱেশ ঘূৰি অহাৰ পিছত মৰাণৰ ৰাইজে  দূৰ্গা পূজা, কালি পূজা উদযাপনৰ পিছত এইবাৰ ধৰ্মীয় ৰীতি -নীতিয়ে মাজেদি ষট পূজা উদযাপন কৰিছে  । ষট পূজাক লৈ মৰাণৰ ভক্ত সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। কিছু লোকে ঘৰতে ষট পুজা উদযাপন কৰাৰ বিপৰীতে মৰাণ নগৰৰ ৰবি ষষ্ঠী সৰোৱৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় ষট পূজা স্থলীত ৰাইজে ধৰ্মীয় নীতি নিয়মৰ মাজেদি পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়।প্ৰশাসনে বান্ধি দিয়া ক’ভিড নীতি-নিৰ্দেশনা মানি ষট পূজা উদযাপন কৰা মৰাণ নগৰৰ ৰবি ষষ্ঠী সৰোৱৰ সমিতিৰ উদ্যোগত এইবাৰ ২৪ বছৰৰ বাবে অনুষ্ঠিত কৰিছে ষট পূজা।

তামুলপুৰত কিশোৰীক যৌন নিৰ্যাতন

তামুলপুৰ মহকুমাৰ অন্তৰ্গত মাজদিয়া অঞ্চলত সংঘটিত হৈছে  এক যৌন নিৰ্যাতনৰ ঘটনা ৷  অঞ্চলটোৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক টিউচন কৰাৰ চলেৰে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক ৰঙা ঘৰৰ আলহী হোৱাৰ লগতে পাচমাহৰ অন্ত:সত্বা কিশোৰী গৰাকীক অবৈধ ভাৱে গৰ্ভপাত কৰোৱাৰ অপৰাধত তামুলপুৰ আৰক্ষীয়ে মনচুৰ আলী নামৰ এগৰাকী ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তামুলপুৰ অঞ্চলত ৷ তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ,তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ মাজদিয়া অঞ্চলৰ পৰশুৰাম দাস(৬৪) নামৰ এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকে পাঁচমাহ মান আগতে অঞ্চলটোৰে দুখীয়া পৰিয়ালৰ  এগৰাকী ছাত্ৰীক টিউচন কৰাৰ চলেৰে ভয় ভাবুকি দেখুৱাই শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল ৷ ফলত ছাত্ৰী গৰাকীক পাঁচ মাহৰ অন্ত:সত্বা হৈছিল।  শেহতীয়াকৈ ছাত্ৰী গৰাকীৰ কিছু শাৰিৰীক পৰিবৰ্তন হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছিল ৷ আনহাতে লম্পট চৰিত্ৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰশুৰামে কথাটো জানিব পাৰি যোৱা সাত নৱেম্বৰৰ দিনা ছাত্ৰী গৰাকীক তামুলপুৰ মহকুমা সদৰস্থিত গোৰেশ্বৰ চ’কত এখন ফাৰ্মাচীত কিশোৰী গৰাকীক বলপূৰ্বক গৰ্ভপাত কৰোৱাই ৷গৰ্ভপাত কৰোৱাৰ পিছত ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত শিক্ষক গৰাকীৰ অপকৰ্মৰ কথা পোহৰলৈ আহে।   পিচত কিশোৰী গৰাকীৰ মাতৃয়ে তামুলপুৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত  তামুলপুৰ আৰক্ষীয়ে যোৱা ৮ নৱেম্বৰত পৰশুৰামক  গ্ৰেপ্তাৰ কৰি  জেইল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে নিৰ্যাতিত কিশোৰী গৰাকীয়ে আৰক্ষীক দিয়া  ভাষ্যৰ ভিত্তিত ভুৱা চিকিৎসক মনচুৰ আলীক কালি তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত জেৰা কৰে ৷ আৰক্ষীৰ জেৰাত মনচুৰ আলীয়ে কিশোৰী গৰাকীক গৰ্ভপাত কৰোৱা কথা স্বীকাৰ কৰে যদিও তেওঁৰ চিকিৎসকৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ আৰক্ষীৰ আগত দেখুৱাব নোৱাৰিলে ৷  তামুলপুৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰা মতে, তামুলপুৰ মহকুমাৰ অন্তৰ্গত গেৰুৱা গাওঁ নিবাসী মনচুৰ আলিয়ে গোৰেশ্বৰ চ’কত এখন ফাৰ্মাচী খুলি বহু দিন ৰ পৰা চিকিৎসা চলোৱাৰ লগতে অবৈধ গৰ্ভপাতো কৰিছিল ৷আজি তামুলপুৰ আৰক্ষীয়ে মনচুৰ আলীক বাক্সা জিলা সদৰ মুছলপুৰত ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জেললৈ প্ৰেৰণ কৰে।

নগাঁৱত ১১ বছৰীয়া শিশু উদ্ধাৰ

নগাঁও, ১০ নবেম্বৰ:নগাঁৱৰ হয়বৰগাঁও চকীৰ আৰক্ষীয়ে আজি বিয়লি এটি শিশুক উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা শিশুটিৰ নাম হৈছে চৰিফুল ইছলাম ৷ ১১ বছৰীয়া চৰিফুলক নগাঁও চহৰৰ হেৰাপট্টিত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি স্হানীয় লোকে হয়বৰগাঁও আৰক্ষীক খবৰ দিয়ে ৷ হয়বৰগাৱৰ আৰক্ষী বিষয়া তৰঙ্গ পাটোৱাৰীয়ে হেৰাপট্টিৰ পৰা শিশুটোক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আহে ৷ পিছত চাইল্ড লাইনৰ হাতত শিশুটিক গতাই দিয়ে ৷ আৰক্ষীৰ অনুসন্ধানৰ অন্তত শিশুটি শোনিতপুৰৰ ভোজখোৱা চাপৰিৰ মইনুল হকৰ সন্তান বুলি জানিব পাৰা গৈছে ৷

নগৰবেৰাৰ প্ৰক্তান মৌজাদাৰ সম্বৰুৰাম চৌধুৰীৰ মৃত্যু-শোকৰ ছাঁ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ মৌজাৰ প্ৰাক্তন মৌজাদাৰ, হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, হেকৰা মিলনপুৰ বজাৰৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সমাজকৰ্মী, হেকৰা গাওঁৰ বাসিন্দা সম্বৰুৰাম চৌধুৰী (৮৯) ৰ বুধবাৰে বাৰ্ধক্যজনিত কাৰণত নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ নশ্বৰদেহ সন্মুখত লৈ গুণমুগ্ধ সকলে হেকৰা গাওঁৰ বিভিন্ন স্থানলৈ নি অন্তিম শ্ৰদ্ধা যাঁচে আৰু তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে। নগৰবেৰা মৌজাৰ প্ৰক্তান মৌজাদাৰ সম্বৰুৰাম চৌধুৰীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

আমতল ভেৰগাঁৱৰ শিক্ষক শৰৎ চন্দ্ৰ কাকতিক বিদায় সম্বৰ্দ্ধনা

শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাদান কৰি অহা সহকাৰী শিক্ষক শ্ৰী যুত শৰত চন্দ্ৰ কাকতিদেবক যোৱা  ৯নবেম্বৰত  বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাবে বিদায়ী সম্ভাষণ জনোৱা হয়। কাকতিদেবে নিজ কৰ্তব্য সুকলমে পালন কৰি শিক্ষকতাৰ দৰে মহান সেৱা আগবঢ়াই বিদ্যালয়খনক এক নতুন ৰূপত গঢি তুলিছিল।  তেখেতে ১৯৮৯ চনৰ ২২ মাৰ্চত কৰ্মত যোগদান কৰি সুদীৰ্ঘকাল ভেন্চাৰ শিক্ষক হিচাপে নিজকে নিয়োজিত কৰি পিছলৈ প্ৰদেশিকৰনৰ আওতাত আহিছিল। বিদায়ী সম্ভাষণ জনোৱা সভাখনত সভাপতিত্ব কৰিছিল উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰাদেবে। গোলোক চন্দ্ৰ বৰাদেবে বিদ্যালয়ত কাকতিদেবে আগবঢ়াই অহা শিক্ষাসেবাৰ শলাগ লয় আৰু তেখেতৰ অনুপস্থিতিত নিজৰ সোঁহাত কটা যোৱা বুলি উল্লেখ কৰি আবেগিক হৈ পৰে। উল্লেখযোগ্য যে ইয়াৰ আগতেও আৰু দুগৰাকী শিক্ষক চন্দ্ৰ কান্ত বৰা আৰু  শুকদেব শৰ্মাই যোৱা তিনিটা বছৰত বিদ্যালয়ৰ পৰা অৱসৰ লৈছিল। সভাত বিদ্যালয়ৰ ফালৰ পৰা এখন মানপত্ৰ, শৰাই, কিতাপ, কলম, আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় গাওঁবুঢা, অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰাক্তন ছাত্ৰ, আৰু স্থানীয় বয়োজেষ্ঠ লোকসকলেও বঁটা, কিতাপ, কলম, ফুলাম গামোছা আৰু ফুলৰ পুলিৰে আদৰৰ শিক্ষকজনক সম্বৰ্ধনা জনায়। সভাত উপস্থিত সকলোৱেই শিক্ষক জনৰ শিক্ষাদানৰ লগতে বিদ্যালয়খনক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাত,বিদ্যালয়ৰ খেল ধেমালীৰ পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত, বিদ্যালয়ক সুন্দৰ কৰি ৰাখিবলৈ ফুলনি বাগিছা গঢাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকাক শ্ৰদ্ধাৰে সোঁৱৰে । শেষত অৱসৰী শিক্ষকজনে নিজ বক্তব্যত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে সহকৰ্মী শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক, সভাত উপস্থিত বয়োজেষ্ঠ লোকসকলৰ লগতে প্ৰাক্তন ছাত্ৰ আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। শিক্ষক জনক চৰকাৰী ভাবে  ৩১ মাৰ্চ ২০২১ তাৰিখে অৱসৰ দিয়া হৈছিল কিন্ত ক’ভিড পৰিস্থিতিৰবাবে বুধবাৰে বিদ্যালয়ত বিদায়ী সম্ভাষণ জনোৱা হয় বুলি প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰাদেবে জনায়।

নগৰবেৰাৰ প্ৰক্তান মৌজাদাৰ সম্বৰুৰাম চৌধুৰীৰ মৃত্যু

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ মৌজাৰ প্ৰাক্তন মৌজাদাৰ, হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, হেকৰা মিলনপুৰ বজাৰৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সমাজকৰ্মী, হেকৰা গাওঁৰ বাসিন্দা সম্বৰুৰাম চৌধুৰী (৮৯) ৰ বুধবাৰে বাৰ্ধক্যজনিত কাৰণত নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ নশ্বৰদেহ সন্মুখত লৈ গুণমুগ্ধ সকলে হেকৰা গাওঁৰ বিভিন্ন স্থানলৈ নি অন্তিম শ্ৰদ্ধা যাঁচে আৰু তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে। নগৰবেৰা মৌজাৰ প্ৰক্তান মৌজাদাৰ সম্বৰুৰাম চৌধুৰীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

শিঙৰী চাহ বাগিচাৰ লক্ষী ফিল্ডত অনুষ্ঠিত ফুটবল খেল প্ৰতিযোগিতা

শোণিতপুৰ জিলাৰ বৰছলা বিধাসভা সমষ্টিৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ শিঙৰী চাহ বাগিচাৰ অন্তৰ্গত লক্ষী ফিল্ডত ১০ নবেম্বৰত প্ৰাইজমাণী ফুটবল খেলৰ চুৰান্ত খেলখন অনুষ্ঠিত হয়৷শিঙৰী চাহ বাগিচাৰ লক্ষী ফিল্ডত পিৰাকটা ডিবিজনে অনুষ্ঠিত কৰা প্ৰাইজমাণী খেলৰ চুৰান্ত খেলখনত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিত সফল সামৰণি পৰে৷২০ অক্টোবৰ ২০২১ তাৰিখৰ পৰা শুভাৰম্ভ কৰা প্ৰাইজমাণী খেলখনত বিভিন্ন প্ৰান্তৰ পৰা অহা ১৬ টা ফুটবল দলে অংশগ্ৰহণ কৰিছিল৷তাৰে ভিতৰত খনাবাৰী চাহ বাগিচা ফুটবল দল আৰু চিৰাজুলি চাহ বাগিচা ফুটবল দলে অন্যান্য দল সমূহক পৰাস্ত কৰি  চুৰান্ত খেলখনৰ বাবে সুযোগ লাভ কৰিছিল৷অতিকৈ উৎসাহ পূৰ্ণ খেলখনত চিৰাজুলি চাহ বাগিচা ফুটবল দলক পৰাস্ত কৰি ৩.০ গলত জয়ী হয় খনাবাৰী চাহ বাগিচা ফুটবল দল৷উক্ত প্ৰাইজমাণী খেল পৰিচালনা সমিতিৰ সভাপতি তথা শিঙৰী চাহ বাগিচাৰ মুখ্য পৰিচালক শ্ৰী লক্ষী মাঋিয়ে কয় শিঙৰী চাহ বাগিচাই প্ৰতিবছৰে এনেদৰে ফুটবল খেল অনুষ্ঠিত কৰি খেলুৱৈ সকলক উৎসাহ দি আহিছে আৰু আগন্তুক দিনতো অধিক উৎসাহেৰে খেল অনুষ্ঠিত কৰি যাৱ৷ফুটবল খেল পৰিচালনা সমিতিৰ সম্পাদক শ্ৰী ৰেবেন পান্না আৰু উপ সভাপতি অনিল দাহাংগাই নিয়ম নীতিৰ মাধ্যমৰে শৃংখলাবদ্ধ ভাৱে খেলত অংশগ্ৰহণ কৰা খেলুৱৈ সকলৰ লগতে শান্তিপূৰ্ণ ভাৱে খেল উপভোগ কৰা দৰ্শকলৈ আন্তৰিক অভিনন্দন জনায়৷ফুটবল খেল পৰিচালনা সমিতিৰ আমন্ত্ৰণ মৰ্মে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি প্ৰশান্ত বৈশ্য,চিৰাজুলি চাহ বাগিচাৰ পৰিচালক পাণ্ডে চাহাব,আছাৰ শোণিতপুৰ জিলাৰ সভাপতি অমৰ্জীৎ কেৰ্কেটা,শিক্ষাগুৰু মুছলেম উদ্দিন আহমেদ,বিজেপিৰ চাহ মৰ্চাৰ সম্পাদক চানু কৰ্মকাৰ,স্থানীয় সমাজকৰ্মী কুলেশ্বৰ ওৰাং,আছাৰ বৰছলা আঞ্চলিকৰ সম্পাদক বচ্চন পান্না,স্বাস্থ্যকৰ্মী হেমন্ত বৈশ্যৰ লগতে সুৰেশ্বৰ চুনা উপস্থিত থাকে৷উক্ত খেলখনৰ আৰাম্ভনিৰে পৰা ৰেবেন পান্ন খেল পৰিচালক,ৰিকু পান্না আৰু ছুলমান আলিয়ে লাইনমেন হিচাপে সুচাৰুৰূপে ফুটবল খেল পৰিচালনা কৰে৷চুৰান্ত খেলত খনাবাৰী ফুটবল দলৰ খেলুৱৈ জেবিয়াৰ আইন্দ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়৷

হাজো বন বিভাগৰ অভিযানত বন বিভাগৰ কৰ্মচাৰী অৰুপ বৈশ্যৰ গৃহত উদ্ধাৰ দুটা বন্দুক , সক্ৰিয় গুলী , কেকো সাপসহ বহু আপত্তিজনক সামগ্ৰী।

কামৰূপৰ কুলচীত কৰ্মৰত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা  ঘৰত গোপন সুত্ৰৰ খবৰৰ ভিত্তিত আজি হাজো বন বিভাগে এক অভিযান চলাই । হাজো বন  বিষয়া সংগীতা সিনহাৰ নেতৃত্বত চলা এই অভিযানত বন বিভাগৰ কৰ্মচাৰী অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা গৃহৰ  তলা ভাঙি দুটা সক্ৰিয় বন্দুক লগতে আলামাৰীৰ তলা ভাঙি উদ্ধাৰ কৰা হয় দুটা কোকো সাপ , অসংখ্য সক্ৰিয় গুলি , খালী কাৰ্টিজ , জাল , টৰ্ছ , বৃহৎ পৰিমাণৰ  সুৰাৰ বটল ৷ ইয়াৰ উপৰিও অভিযানত জব্দ হয় দুষ্প্ৰাপ্য জীৱ জন্তুৰ অংগ পতংগ ,কেটেলা পহুৰ কাইট , কাছৰ খোলা সহ বিভিন্ন জীৱ জন্তুৰ হাড়। জব্দকৃত সামগ্ৰী খিনি ইতিমধ্যে  বন বিভাগে নিজৰ জিম্মাত চমজি লৈছে । উল্লেখ্য যে অৰূপ বৈশ্য এজন বন বিভাগৰ কৰ্মচাৰী । বন বিভাগৰ সন্দেহ , অৰূপ বৈশ্য চোৰাং চিকাৰ আৰু বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ত জড়িত । আনহাতে দীৰ্ঘদিন ধৰি অৰূপ বৈশ্য এনেদৰে বন্যপ্ৰানী চিকাৰ জড়িত বুলি স্থানীয় লোকেও জানিবলৈ দিছে।

গুৱাহাটীৰ প্ৰথম এন ডি আৰ এফ বাহিনীলৈ শ্ৰেষ্ঠ দলৰ সন্মান ; দ্বিতীয় এন ডি আৰ এফলৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ উদ্যোগত আজাৰাৰ পৰা কিছু নিলগৰ মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট ) চৌহদত ৮ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ পূব আৰু উত্তৰ পূব মণ্ডল ভিত্তিত  অনুষ্ঠিত  আন্তঃ এন ডি আৰ এফ বেটেলিয়ান দক্ষতা বৃদ্ধিৰ প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাত পূব আৰু উত্তৰ পূব মণ্ডলত থকা প্ৰথম , দ্বিতীয় , নৱম আৰু দ্বাদশ বেটেলিয়ানৰ প্ৰায়  ১০০ জন বিভিন্ন বৰ্গৰ বিষয়া – জোৱানে ভাগ লৈছিল। আনহাতে প্ৰতিযোগিতাত আজাৰা পাটগাঁওস্থিত  প্ৰথম এন ডি আৰ এফ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে কলকাতাস্থিত দ্বিতীয় এন ডি আৰ এফ দলে দ্বিতীয় শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে ।  আজি সামৰণি উপলক্ষে অনুষ্ঠিত সামৰণি আৰু বঁটা বিতৰণী  অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পলাশবাৰী  সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া । বিধায়ক ঠাকুৰীয়াই  বঁটা প্ৰদান কৰাৰ লগতে এনে ধৰণৰ প্ৰতিযোগিতাই  বেটেলিয়ান সমূহৰ মাজত পাৰস্পৰিক ভাবৰ লগতে দুৰ্যোগৰ সময়ত কোনে কি ধৰণৰ পদ্ধতি অৱলম্বন কৰে সেই বিষয়ক  জ্ঞান অর্জনতো সহায় কৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত দ্বিতীয় এন ডি আৰ এফৰ কমাণ্ডেণ্ট গুৰ্মিন্দৰ সিং , প্ৰথম এন ডি আৰ এফৰ চেকেণ্ড – ইন – কমাণ্ড পংকজ কেভিদয়াল , ডেপুটি কমাণ্ডেণ্টত্ৰয় অৰূপ কুমাৰ সিং ,  অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে  প্ৰতিযোগিতাত ভাগ লোৱা  এন ডি আৰ এফ বাহিনী সমূহে  ভূমিকম্প , বানপানী ,  ভূমিস্খলন , ধুমুহাকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ , দুৰ্ঘটনাকে ধৰি যিকোনো মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ  , সাহায্য আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰিছিল  । ইফালে  প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰা বাবে  সকলো প্ৰতিযোগিক শুভেচ্ছা জ্ঞাপন কৰে 

কুমাৰীকাটাত জুনিয়ৰ আৰু ছাব জুনিয়ৰ(ল’ৰা -ছোৱালী) হেণ্ডবল প্ৰশিক্ষণ সফল সামৰণিঃ

তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বাক্সা জিলা হেণ্ডবল এছোচিয়েছনৰ উদ্যোগত জুনিয়ৰ আৰু ছাব জুনিয়ৰ পৰ্যায়ৰ লৰা আৰু ছোৱালীৰ একৈশ দিনীয়া  প্ৰশিক্ষণ শিৱিৰৰ আজি সফল সামৰণি পৰে । বাক্সা জিলা হেণ্ডবল এচোছিয়েছনৰ সম্পাদক  আলাউদ্দিন আহমেদৰ তত্বাৱধানত  কুমাৰীকাটাৰ কণিষ্ঠ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত একৈশ দিনীয়া প্ৰশিক্ষণ শিৱিৰটোত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে চাঞ্জা ৰাম বসুমতাৰী আৰু মীনা বড়োৰ সহযোগত এন আই এছ( NIS) ৰ প্ৰশিক্ষক অজিত সিঙে। আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ মাজতে দুখন প্ৰদৰ্শনী খেলৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়। বাক্সা জিলা হেণ্ডবল সন্থাৰ সম্পাদক আলাউদ্দিন আহমেদে আঁঁতধৰা সভাত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰে কুমাৰীকাটা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা বিভা ৰাণী নাৰ্জাৰী, বাক্সা জিলা হেণ্ডবল এচোছিয়েছনৰ সভাপতি অনিল দাস আৰু প্ৰশিক্ষক অজিৎ সিঙে।