Breaking

ৰাজস্থানৰ বাড়মেৰত ভয়ংকৰ দুৰ্ঘটনা

0 2,040

ৰাজস্থানৰ বাড়মেৰত ভয়ংকৰ দুৰ্ঘটনাৰ পিচতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । বাড়মেৰ জিলাৰ যোধপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভান্দিয়াবাসত বুধবাৰে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ পিচতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে দুয়োখন বাহন । দুৰ্ঘটনাটোত ৫ গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে । দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে প্ৰায় দুই ডৰ্জন লোক অগ্নিদগ্ধ হৈছে । ইতিমধ্যে উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন তথা উদ্ধাৰকাৰী দল ।

Leave A Reply