বিহালীৰ মাজগাওঁ নিবাসী শিক্ষাবিদ ত্ৰিলোক ভৰালীৰ (৮৯) আজি বিয়লি প্ৰায় ৩ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, শিক্ষাবিদ ত্ৰিলোক ভৰালীয়ে বিহালীৰ ডেকাপথাৰত শিক্ষাৰ পোহৰ বিলাবলৈ নিজা প্ৰচেষ্টাৰে ১৯৫৫ চনত ডেকাপথাৰ এল পি স্কুল প্ৰতিষ্ঠা কৰি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত বিহালীৰ বিভিন্ন অঞ্চলত শিক্ষকতা কৰি ১৯৯৩ চনত চিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰোপৰি তেখেত বিভিন্ন সামাজিক কামত আগৰণুৱা আছিল। তেখেত গৃহ অঞ্চলটোত ধৰ্মীয় কামত গতিশীলতা আনিছিল। মাজগাৱৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ দীৰ্ঘদিন ধৰি সভাপতি আৰু সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। তাৰ পূৰ্বে প্ৰগতি ক্লাবৰ সক্ৰিয় সদস্য আছিল। অঞ্চলটোৰ বৰ্ষীয়াণ লোকজনৰ মৃত্যুত হৰিমন্দিৰ পৰিচালনা সমিতি,কাত্যায়নী অধ্যয়ন গোষ্ঠী,মাজগাওঁ ভানু ৰংগমঞ্চৰ পৰিচালনা সমিতি,গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়,হাতীবন্ধা মজলীয়া বিদ্যালয়,বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। অগনন গুণমুগ্ধৰ উপস্থিতিত আজি সন্ধ্যা বৰগাং নদীৰ পাৰত পৰম্পৰাগত ৰীতি-নীতিৰে তেখেতৰ অন্তেষ্টিক্ৰিয়া সমাপন কৰা হয়। ইফালে মৃত্যুৰ সময়ত তেখেতে পত্নী, এগৰাকী পুত্ৰ, দুগৰাকী কন্যা, বোৱাৰী,জোৱাই,নাতি নাতিনী আৰু পৰিনাতিক ইহসংসাৰত এৰি থৈ যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…
- বৰষুণৰ বাবে স্থগিত হ’ল IPLৰ ফাইনেল।অনুৰাগীয়ে ৰে’লৱে ষ্টেচনতে শুই বহি সময় কটালে…