দীপাৱলীত মাটিৰ চাকিৰ আলোকসজ্জাত ব্যৱহৃত কলগছ দীপাৱলী উদযাপনৰ পাচত এলাগী হৈ পৰে। আনহাতে অৱশিষ্ট এই কলগছ সমূহ য’তে ত’তে সিচৰিত হৈ পৰি থাকি পৰিবেশ বিনষ্ট কৰি তোলে। কালি নিশা দীপাৱলী উদযাপনৰ পাচত আজি পুৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁও জিলা কিষাণ মৰ্চাৰ সদস্যসকলে নগাঁও চহৰৰ আৱাসিক আৰু ব্যৱসায়িক এলেকাত সিচৰিত হৈ পৰি থকা অৱশিষ্ট কলগছ সমূহ একগোট কৰি উক্ত স্হানৰ পৰা আতৰাই চহৰখন পৰিস্কাৰ পৰিছন্ন কৰি ৰখাত উদ্যোগ গ্ৰহণ কৰে। চহৰখনৰ নাগৰিকসকলে দীপাৱলীৰ সময়ত ব্যৱহাৰ কৰা কলগছ সমূহেৰে কলাখাৰ প্ৰস্ত্ততৰ ব্যৱস্হা কৰাৰ লগতে বন্যহস্তী আহযাহ কৰা নিৰ্দিষ্ট পথত ৰখাৰ ব্যৱস্হা কৰে। যাতে এই কলগছ সমূহ বন্যহস্তীয়ে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে । জিলা কিষাণ মৰ্চাৰ এই কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায়। বিধায়ক শৰ্মাই কিষাণ মৰ্চাৰ সদস্যসকলৰ হাতে হাত ধৰি চহৰখনত সিচৰিত হৈ থকা কলগছ সমূহ আতৰাই নিয়াৰ লগতে নিজে টেক্টৰ চলাই কলগছ সমূহ নিৰ্দিষ্ট স্থানলৈ স্হানান্তৰিত কৰাত সহযোগ কৰে। নগাঁৱৰ সচেতন মহলে বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা কিষাণ মৰ্চাৰ সদস্যসকলৰ এনে পদক্ষেপৰ শলাগ লয় ।
পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাক লৈ উখল-মাখল ৰাজ্য ।
পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰী শ্ৰী শ্যামা পূজা উদযাপনেৰে মুখৰিত হৈ পৰিছে ৰাজ্য । দেশজুৰি আনন্দ-উছাহেৰে পালন কৰা হৈছে দীপাৱলী । কাতি মাহৰ অমৱস্যা তিথিত দীপান্বিতাৰ লগতে উদযাপন কৰা হৈছে শক্তিৰূপিণী দেৱী দুৰ্গাৰ কালৰূপ মা কালীৰ পূজা । অন্ধকাৰ নাশ কৰি, অশুভ শক্তিক বিনাশ কৰাৰ সংকল্পৰে নিশা বন্তি প্ৰজ্বলন কৰি উজলাই তোলা হয় চৌদিশ ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰীৰ বাটসৰ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাঙ্গণত বৃহস্পতি বাৰে ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে কালী পুজাৰ আয়োজন কৰা হৈছে । কালী পুজা উপলক্ষে সন্ধিয়াৰে পৰা মনৰ কামনা পুৰণৰ অৰ্থে মন্দিৰত অগণন ভক্তৰ সমাৱেশ ঘটে । বাটসৰৰ এই বিখ্যাত কালী মন্দিৰটোত বহু দূৰ-দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে । এইবেলি সম্পূৰ্ণ কোভিড প্ৰট’কল মানি বাটসৰৰ ৰাইজে পুজাভাগ আগবঢ়াইছে ।উল্লেখ্য যে এই ঐতিহ্যমণ্ডিত কালী মন্দিৰটোত কালী পুজাৰ দিনা এক বৃহৎ সংখ্যক ৰাজহুৱা বলিৰ প্ৰথা আছিল কিন্তু কোভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষৰ দৰে এইবেলিও ৰাইজৰ মংগলৰ অৰ্থে দুটি পঠা ছাগলী বলি দিয়াৰ ব্যৱস্থা কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।
কৰ্ণাটকত নৈশ কাৰফিউ প্ৰত্যাহাৰ!
কৰ্ণাটকত ক’ভিড-১৯ ৰ ঘটনা হ্ৰাস হোৱাৰ লগে লগে নিশাৰ কাৰফিউ প্ৰত্যাহাৰ। ৰাজ্য চৰকাৰে ৮ নৱেম্বৰৰ পৰা LKG আৰু UKG শ্ৰেণীৰ বাবে বিদ্যালয় পুনৰ খোলাৰ কথা ঘোষণা কৰিছিল। কৰ্ণাটক চৰকাৰে শুকুৰবাৰে ৰাজ্যখনত জাৰি কৰা নিশাৰ কাৰফিউ প্ৰত্যাহাৰ কৰে কিয়নো দৈনিক কোভিড-১৯ গোচৰহ্ৰাস পাইছে। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা চৰকাৰী বিবৃতিত , “নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা নিশাৰ কাৰফিউ প্ৰত্যাহাৰ কৰা হৈছে।” ইয়াৰ লগতে ঘোঁৰা দৌৰৰ অনুমতিও দিছে।

ইফালে, বৃহস্পতিবাৰে নিশা বাংগালুৰুত হোৱা বৰষুণৰ ফলত বহুতো পথ আৰু ঘৰ পানীৰে প্লাবিত হয়। কেপি অগ্ৰহৰা আৰু বাপুজিনগৰৰ শ্বামান্না বাগিচাৰ তলৰ অঞ্চলত অৱস্থিত কমেও ২০ টা ঘৰ বানপানীত প্লাবিত হৈছিল। বাহনবোৰ জেচি পথত আৰু কোৰামঙ্গলাৰ কিছু অংশত আৱদ্ধ হৈ আছিল কিয়নো ৰাস্তাবোৰ ৰাস্তাত প্ৰায় ১.৫ ফুট পানীৰে প্লাবিত হৈছিল।
আন বাতৰিঅনুসৰি, ৰাজ্য চৰকাৰে 8 নৱেম্বৰৰ পৰা এলকেজি আৰু ইউকেজি শ্ৰেণীৰ বাবে বিদ্যালয় পুনৰ খোলাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে, মহিলা আৰু শিশু বিকাশ বিভাগে ঘোষণা কৰিছিল যে অংগনৱাড়ী কেন্দ্ৰসমূহ একেদিনাই পুনৰ মুকলি হ’ব।
হাজোত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যুতিথিত এখনি স্মৃতিচাৰণ সভা সম্পন্ন
কামৰূপ জিলা সাহিত্য সভা,মণিকূট সাহিত্য সমাজ আৰু হাজো সাংবাদিক সন্থাৰ সমূহীয়া উদ্যোগত আজি ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যুতিথিত স্মৃতিচাৰণ সভা খনি হাজো ভৰালীটোলা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হ’য় । সেই অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰে অনুস্থানটি মুকলি কৰে মণিকূট সাহিত্য সমাজৰ সভাপতি প্ৰকাশ দাসে ।প্ৰতিচ্ছবিত পুস্পঞ্জলী আগবঢ়াই হাজো সাংবাদিক সন্থাৰ সভাপতি গোবিন্দ দাসে । ইয়াৰ পিছত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত স্মৃতি চাৰণ সভা খনি অনুস্থিত হ’য় ।সভাখনি উদ্বোধন কৰে হাজো ভৰালীটোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন চন্দ্ৰ দাসে । এই সভাত আলোচক ৰূপে অংশগ্ৰহণ কৰি শিক্ষক ৰাজীৱ বৰুৱা ,হাজো সাংবাদিক সন্থাৰ সম্পাদক আব্দুল গণিখান চৌধুৰী, আৰু হাজো সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যাপক ডঃ জয়ন্ত কুমাৰ দাসে বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত দাঙি ধৰে । এই সভাতে হৰমোহন ডেকাৰ ৰচিত “আধাৰুৱা সপোন ” শীৰ্ষক কবিতা পুথি খনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে । গ্ৰন্থখনি উন্মোচন কৰি ভাগৱতীয়ে কয় “আমি বিশ্ব বৰেণ্য ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জীৱন দৰ্শন অনুধাৱন কৰিব লাগিব । প্ৰজন্মৰ ব্যৱধান বাঢ়ি আহিছে । গ্ৰন্থ অধ্যয়নৰ পৰিবেশ গঢ়িবলৈ সকলোৱে আগবাঢ়ি আহিব লাগিব ।নেতিবাচক দিশ আতৰাই মানুহে ইতিবাচক দিশটো অনুধাৱন কৰাটো অতি প্ৰয়োজন । ইয়াৰ পিছতে অনুস্থিত “কবিতা আৰু গীতৰ অনুস্থান ” মুকলি কৰে হাজো মণিকূট সাহিত্য সমাজৰ উপ-সভাপতি ডাঃ বিপুল চন্দ্ৰ মেধিয়ে । এই অনুষ্ঠানত বৰছলি সাহিত্য সভাৰ সম্পাদক আটাউৰ ৰহমান, শিল্পী পেন্সনাৰ স্বৰ্ণলতা মালাকাৰ , নৰেশ্বৰ ৰাজবংশী , বিশ্বজিত বিশ্বাসী , অৰ্চনা ঠাকুৰীয়া দাস , ডিম্বেশ্বৰ ভৰালীকে ধৰি নৱীন প্ৰৱীন কেৱাগৰাকী লোকে গীত পৰিবেশন কৰাৰ লগতে কবিতা পাঠ কৰি উপস্থিত সাহিত্য প্ৰেমীসকলক আপ্লুত কৰে ।
ধুবুৰী প্ৰাথমিক শিক্ষক সন্মিলনী গঠন
ধুবুৰী জিলাৰ ভোগদহৰ,ফুলকাকাটা,পাটামাৰি আদি চৰাঞ্চলৰ কৰ্মৰত শিক্ষকসকলৰ দ্বাৰা সন্মিলিত হোৱা “চৰাঞ্চলৰ শিক্ষক গোট”ৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ২২৫৯ নং অয়ৰণজংলা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত।উক্ত সভাত সভাপতিত্ব কৰে ২০০৩ নং খাঁপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল হকে।উক্ত সভাত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনোৱাৰ হুছেইনৰ উপৰিও ,ধুবুৰী জিলা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি মোছাৰফ হুছেইন,প্ৰাথমিক শিক্ষক সন্মিলনীৰ ধুবুৰী জিলাখনৰ কেইবাগৰাকীও বিষ়য়ববীয়া ক্ৰমে সুশীল চন্দ্ৰ বিশ্বাস(উপ সভাপতি),মুকবুল হুছেইন মণ্ডল(সহকাৰী সম্পাদক)ছোহৰাব আলী(উপসভাপতি)খুৰসিদ আলম(ধুবুৰী চাৰ্কেল সম্পাদক)আব্দুল হাই কাফীখান(উপসভাপতি)জ্যেষ্ঠ শিক্ষক মোকছেদ আলম,ধুবুৰী চাৰ্কেলৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ, হাশেম আলী,মোস্তাফা হুছেইন,জাহানুৰ আলম, ৰূপম বৰুৱা(ধুবুৰী জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মুখপাত্ৰ)বিতোপন দত্ত(ধুবুৰী জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰচাৰ সম্পাদক)ৰ উপৰিও শিক্ষক দিবাকৰ শৰ্মা উপস্থিত থাকে। পৰিচয় পৰ্বৰে আৰম্ভ হোৱা উক্ত সভাখনত জিলা আৰু ৰাজ্যখনৰ শিক্ষকসমাজক নেতৃত্ব প্ৰদান কৰা বিশিষ্ট অতিথিসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে শিক্ষক দিবাকৰ শৰ্মাই।
উক্ত সভাত মোকছেদ আলম,জাহানুৰ আলম,দিবাকৰ শৰ্মা,ৰূপম বৰুৱা,মোছাৰফ হুছেইন আৰু মুকবুল হুছেইন মণ্ডল ছাৰে চৰাঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমস্যাসমূহৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়।এই বক্তব্যত তলত দিয়া বিষয়সমূহ প্ৰতিফলিত হয় –১) শেহতীয়াকৈ প্ৰদান RIIMS App ৰ ঋণাত্মক দিশসমূহ।২)চৰ্তহীন বদলিকৰণৰ ব্যৱস্থা।৩)চৰ অঞ্চলত আগতে দিয়া বিশেষ ভাট্টা( remote allowance) পুনৰ প্ৰদান কৰা।
৪)নৌকাযাত্ৰাৰ সুৰক্ষা প্ৰদান কৰা।
৫)ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিবলৈ লোৱা গুণোৎসৱৰ ঋণাত্মক ফলাফল আদি বিষয়ে।
শিক্ষকসকলৰ আটাইবিলাক সমস্যাৱলীকে অতি সুন্দৰভাৱে হৃদয়ংগম কৰি মুখ্য অতিথিৰ বক্তব্যত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনোৱাৰ হুছেইনে যুক্তি,তথ্য সহকাৰে বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰি সকলো শিক্ষকলৈ একগোট হৈ যুঁজ দিয়াৰ আহ্বান জনায়।তেখেতে শিক্ষকসকলৰ মাজত থকা বিভাজন দূৰ কৰি সন্মিলনীৰ নেতৃত্ব দিবলৈ টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিনম্ৰতাৰে আহ্বান জনায়।তেখেতৰ আহ্বানক উপস্থিত থকা সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি আগ্ৰহেৰে গ্ৰহণ কৰে আৰু ধুবুৰীৰ দক্ষিনপাৰৰ ভোগদহৰ,ফুলকাকাটা, পাতামাৰী আদি চৰাঞ্চলক লৈ এটি চাৰ্কেল প্ৰদান কৰি সন্মিলিতভাৱে যুঁজ দিয়াৰ পোষকতা কৰে।সেই মৰ্মে উক্ত সভাত উক্ত আৱেদন গ্ৰহণ কৰা হয় আৰু এখন কমিটি গঠন কৰা হয়।
দক্ষিন ধুবুৰী চৰ চাৰ্কেল প্ৰাথমিক শিক্ষক সন্মিলনী নামেৰে গঠন হোৱা চাৰ্কেল কমিটিঅখনৰসভাপতিঃ হাশেম আলীউপসভাপতিঃ জাহানুৰ আলমআৰু ৰূপালী মণ্ডলসম্পাদকঃদিবাকৰ শৰ্মাসহঃসম্পাদকদ্বয়ঃ মোস্তাফা হুছেইন মণ্ডলআৰু ৰাতুল বৰুৱা ।সাংগঠনিক সম্পাদকঃওমৰ ফাৰুকবিত্ত সম্পাদকঃসনাতন দাসপ্ৰচাৰ সম্পাদকঃআলি হুছেইন মণ্ডলসদস্য-সদস্যাসকলঃ-নাছিৰুদ্দিন শ্বেখ,আজিজুল মোল্লা,নুৰ মহম্মদ,নিপু দাস,আব্দুল ৱাহাব,ৰূপচান আলি,প্ৰভাসু বৰ্মন,অজিত কুমাৰ গুপ্তা,চুলতানা বেগম,কহিনুৰ বেগম,জাহানুদ্দিন আহমেদ,দীপ সূত্ৰধৰ উপদেষ্টাসকলঃনুৰুল হকমোকশেদ আলমআবু বক্কৰ ছিদ্দিক আদিৰে গঠন কৰা হয়
এই কমিটিখন সদনে সমৰ্থন কৰাৰ পিছত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু জিলা সমিতিয়ে অনুমোদন দিয়ে।উল্লেখযোগ্য যে উক্ত সভাতে চাৰ্কেল কমিটিখনক দায়িত্বও প্ৰদান কৰা হয়।
অসমৰ বিভিন্ন জিলাৰ পৰা আহি ধুবুৰীত কৰ্মৰত শিক্ষকসকলৰ সমস্যাসমূহক শিক্ষকসকলে একগোটহৈ মাৰবান্ধি সমাধান কৰিবলৈ এটা শক্তিশালী গোটৰ প্ৰয়োজন বুলি মুখ্য অতিথি আনোৱাৰ হুছেইনে তেখেতৰ বক্তব্যত প্ৰকাশ কৰে।Attachments area
এম ছিৰাজ উদ্দিন ইষ্টেট লাইব্ৰেৰীত ইংৰাজী ভাষাৰ কিতাপ দান সাংসদ বদৰুদ্দিন আজমলৰ।
বৃহস্পতি বাৰে হোজাই জিলাৰ নীলবাগানত এম ছিৰাজ উদ্দিন আজমল ইষ্টেট লাইব্ৰেৰীত ইংৰাজী ভাষাৰ কিতাপ দান কৰিবলৈ উপস্থিত হৈছিল ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল তেওঁৰ লগত সংগ দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰশ্বিদ আহমেদ চৌধুৰী, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বাৰভূঞা, মাৰ্কাজুল মা আৰিফৰ সভাপতি ডঃ ছামচুল হক চৌধুৰী আৰু নীলবাগান অঞ্চলৰ ৰাইজ।হোজাইৰ নীলবাগানত উপস্থিত হৈ যমুনামুখৰ বিধায়ক তথা ভাতৃ ছিৰাজুদ্দিন আজমলৰ এক বিশেষ পদক্ষেপৰ শলাগ ললে এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে৷
নীলবাগানত বিধায়ক ছিৰাজুদ্দিন আজমলে স্থাপন কৰা ষ্ট্ৰিট লাইবেৰীত ইংৰাজী কিতাপ দান কৰি ৰাইজক কিতাপ পঢ়িবলৈ আহ্বান জনায় বদৰুদ্দিন আজমলে ৷ড্ৰাগচ সেৱন কৰি বিপতে যোৱা সকলক সেইবোৰ পৰিত্যাগ কৰি ম’বাইলত সময় অতিবাহিত কৰাতকৈ কিতাপ হাতত লৈ অধ্যয়ণ কৰাৰ আহব্বান জনায় সাংসদ আজমলে ৷অসমত বিজেপি উৎসাৎ কৰিবলৈ হলে প্ৰথমে আজমলক আৰু তাৰ পিছত AIUDFক উৎসাৎ কৰিব লাগিব বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মন্তব্য কৰিছিল ৷এই বিষয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয়- এইটো তেখেতৰ ধাৰণা আমাৰ একো কবলগা নাই, গৰীব চপ্নাতো দেখতা চাকত্যা হ্যয় , নিৰ্বাচনৰ সময় আহিলে দেখা যাব বুলি মন্তব্য কৰে আজমলে ৷
ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি
অসমৰ অন্যতম সৰ্ববৃহৎ ৰাস বিশ্বানাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ আজি লাই খুটা স্থাপন কৰা হয়। বিশ্বনাথৰ ৰেল গেট ৰাস বাকৰিত গায়ন বায়নৰ গুৰু ঘাটৰ মাজৰে এই লাই খুটা ভাগ স্থাপন কৰে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাই। লাই খুটা স্থাপন কৰি হাজৰিকাই অহা ১৮আৰু১৯ নৱেম্বৰ ত দুদিনীয়াকৈ অনুষ্ঠিত হব লগীয়া শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস লীলা সফল কৰি তুলিবৰ বাবে ৰাইজলৈ আহ্বান জনায়। ৰাস উদযাপন সমিতিৰ অন্যতম সম্পাদক গৌতম দাধৰাই আঁত ধৰা অনুষ্ঠান ত কাৰ্যকৰী সভাপতি বসন্ত বৰা, সম্পাদক ঈশ্বৰ শইকীয়া,দিলীপ শইকীয়া,ধনটি দত্ত,বিচিত্ৰ ভূঞা প্রাক্তন সম্পাদক,ভাওনা সমিতিৰ সভাপতি বোধন বৰুৱা,সংগীত সমিতিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বহু সংখ্যক বিষয় ববীয়া উপস্থিতি থাকে।উল্লেখ্য যে অহা১৮আৰু ১৯নৱেম্বৰত দুদিনীয়া কৈ আয়োজন কৰা হৈছে বিশ্বনাথ ৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ ২৪সংখ্যক ৰাসোৎসৱৰ।ৰূপালী জয়ন্তী আদৰণি বৰ্ষ হিচাবে লৈ আয়োজন কৰা এই ৰাস মহোৎসৱ ক লৈ ইতিমধ্যে ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।দুইটা নিশাই শ্ৰীমন্ত শংকৰদেৱৰ কেলি গোপাল নাটৰ উপৰি দৈৱকীৰ বিবাহ , পুতনা বধ, নন্দোৎসৱ নাটিকা ৰ আয়োজন কৰা হৈছে। ৰাস মহোৎসৱ সফল কৰি তুলিবলৈ আহ্বান জনাইছে উদ্যোগতা
বৰপেটা আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী
ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীৰ বৃহৎ অভিযানৰ পিচতো বন্ধ হোৱা নাই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় ৷বৰপেটাত অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰ মাজতেই বৰপেটা আৰক্ষীৰ জালত পৰিল দুটা ড্ৰাগছ ব্যৱসায়ী ক্ৰমে তাৰবাৰী হৰিপুৰৰ জাবেদ মিয়া আৰু শফিকুল। গোপন সূত্ৰৰ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত শফিকুল আৰু জাবেদ আলিয়ে বাইকেৰে নগাঁও অভিমুখে আহি থকা অৱস্থাত ড্ৰাগছ সহকাৰে আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা সন্ধেযুক্ত ৩০ টা হেৰোইনৰ কংতেইনাৰ জব্দ কৰে। ইতিমধ্যে বৰপেটা আৰক্ষীয়ে গোচৰ ৰূজু কৰে।
জীৱাত্মাৰ লগত পৰমত্মাৰ মিলনেই হৈছে যোগ
‘যোগৰ অৰ্থ হৈছে একত্ৰীকৰণ কৰা বা লগ হোৱা। জীৱাত্মাৰ লগত পৰমত্মাৰ মিলনেই হৈছে যোগ’। যোগে মানুহৰ যিকোনো সমস্যা সমাধানৰ উপাই দিয়ে। ৪ নৱেম্বৰত গুৱাহাটী পল্টানবজাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগত অৱসৰপ্ৰাপ্ত অভিযন্তা কুলজিৎ বৰুৱাৰ ‘Yoga Philosophy of Indian & the East’ নামৰ গ্ৰন্থখন উন্মোচন কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট লেখক তথা লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা নিশুটি মজুমদাৰে। স্বামী,বন্ধু, মহাৰাজৰ মংগলাচৰণেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখন সভাপতিত্ব কৰে বিশিষ্ট লেখক তথা গালৰ্ছ পলিটেকনিকৰ অৱসৰী অধ্যক্ষ দীনেশ দত্তই। হেমেন কলিতা আৰু গীতাশ্ৰী বৰাই আঁতধৰা সভাখনত বিশিষ্ট লেখক তথা দিলীপ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি কিতাপ পঢ়া আৰু লেখাৰ আনন্দৰ বিষয়ে আলোকপাত কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাই যোগৰ উপকাৰিতা বিষয়ে ব্যাখ্যা কৰি কুলজিৎ বৰুৱাই সহজ সৰল ইংৰাজী ভাষাত লিখা গ্ৰন্থখন পঢ়ুৱৈ সমাজে আদৰি লব বুলি আশা প্ৰকাশ কৰে। সভাত বিশিষ্ট লেখক দীনেশ দত্তই উপস্থিত থাকি যোগ হৈছে বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰা এক মাধ্যম। অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কম। যোগে শৰীৰ নিৰোগী কৰে আৰু ইয়াৰ প্ৰত্যকেই যোগ কৰা উচিত বুলিও ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লেখক কুলজিৎ কুমাৰ বৰুৱাই এই গ্ৰন্থখন লেখাৰ আৰৰ কথা উল্লেখ কৰাৰ পূৰ্বে বিশিষ্ট সমাজহিতৈষী মহেন্দ্ৰ কুমাৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
গোৱালপাৰাৰ সুতাৰ পাৰাত টি,ভি,এছ ৰ শ্ব ৰূম মুকলি
গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ অধীনৰ সুতাৰ পাৰা এখন অতি ভিতৰুৱা আৰু তেনেই পিছপৰা অঞ্চল | যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰা অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে মহাবীৰ টি ভি এছ কোম্পানীয়ে আজি সুতাৰ পাৰা বজাৰ প্ৰাঙ্গণত দুচকীয়া বাহনৰ শ্ব ৰূম এটা মুকলি কৰে | উল্লেখ্য যে , সুতাৰ পাৰাকে ধৰি ইয়াৰ পাৰশ্বৱৰ্তী শিমলীতোলা , নৱাগত শিমলীতোলা , হেপছা পাৰা , বৰবড়ী , গেৰুৱা , বৰপাথাৰ , জিবাৰাঙা , দিঘলী বড়ী , টিপলাই , বহতী , শালমাৰা আদি প্ৰায় অৰ্ধ শতাধিক গাঁওৰ ৰাইজে দুচকীয়া বাহন ক্ৰয় কৰাৰ বাবে দুধনৈ , কৃষ্ণাই , গোৱালপাৰা আদি ঠাইলৈ যাৱলগীয়া হৈছিল | শ্ব ৰূমটো মুকলি হোৱাৰ পিছত অঞ্চলটোৰ ৰাইজ স্বস্থিৰ নিশ্বাস পেলাইছে | উল্লেখ্য যে , মুকলি হোৱাৰ দিনাই শ্ব ৰূমটোৰ পৰা দুখনকৈ বাইক বিক্ৰি হয় আৰু এখন বাইক বুকিং হয় |











