Home Blog Page 2760

টি-২০ বিশ্বকাপ : ভাৰত বনাম নিউজিলেণ্ড

আজি দেওবাৰে ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপ, চুপাৰ ১২, গ্ৰুপ ২ খেলত বিৰাট কোহলীৰ ভাৰতে কেন উইলিয়ামছনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ।
টি-২০ বিশ্বকাপ ২০২১ৰ বাবে ভাৰতীয় দলঃ বিৰাট কোহলী (চি), ৰোহিত শৰ্মা (ভিচি), কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (ৱিকে), ঈশান কিষাণ (ৱিকে), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰাহুল চাহাৰ, ৰবিচন্দ্ৰন অশ্বিন, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী, শাৰদুল ঠাকুৰ।

লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ইন্দ্ৰিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী উদযাপন

ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী তথা লৌহ মানৱী ইন্দিৰা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ ৩৮ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশৰ লগতে নাজিৰা পৌৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সফলতাৰে উদযাপন কৰা হয় । নাজিৰা ৰাজীৱ ভৱন প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচী মৰ্মে লৌহমানৱী ইন্দিৰা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত মাল্যাপণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাতনি মেলে গ্ৰাম্য ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোহাঁয়ে । পিছত পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আব্দুল ৰহমানৰ সভাপতিত্বত আৰু গ্ৰাম্য ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিগন্ত সন্দিকৈয়ে আতধৰা স্মৃতি চাৰণ অনুষ্ঠানত ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী কানন কাকলি বুঢ়া গোহাঁই , সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আৰফান আজম , সমষ্টি এন এছ ইউ আইৰ সভাপতি প্ৰৱাল বৰুৱা , পৌৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৰশমণি কলিতা , শিমলুগুৰি নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বপ্না শইকীয়া , তুলুমণি কোৱৰ , আইনু বৰগোহাঁই আদিকে ধৰি ভালেকেইজনে প্ৰয়াত ইন্দিৰা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেনৰ জীৱনাদৰ্শ ওপৰত আলোকপাত কৰে । 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মন্ত্ৰী পীযুষ হাজৰিকা

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৩০ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জত উপস্থিত হৈ ৰেঞ্জৰ কাষৰীয়া এটা মথাউৰিৰ ভগ্নপ্ৰায় অংশৰ পুনৰ্নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে। আগবেলাতে মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী ৰেঞ্জত উপস্থিত হৈ বিভাগে ইতিমধ্যেই প্ৰায় সমাপ্ত কৰি তোলা মথাউৰিৰ পুনৰ্নিমাণৰ কাম পৰিদৰ্শন কৰি বিভাগীয় কাম কাজত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে। সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী গৰাকীয়ে কয় যে পুৰণা প্ৰকল্পৰ অধীনত অগৰাতলী অঞ্চলত ইতিমধ্যেই মথাউৰি পুনৰ্নিমাণৰ কাম সমাপ্ত হৈছে আৰু যিখিনি বাকী আছে সেয়াও সোনকালে সমাপ্ত হ’ব। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত খহনীয়া ৰোধৰ বাবে মন্ত্ৰী গৰাকীৰে বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা তথা বন বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ সিদ্ধান্ত অনুসৰি প্ৰায় তিনিৰ পৰা চাৰি কিল’মিটাৰ অঞ্চলত খহনীয়া ৰোধৰ বাবে কিছু কাম কৰিব লগা আছে সেয়াও অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলি তেঁও মন্তব্য কৰে। বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে উন্নত মানসম্পন্ন মথাউৰিৰ কাম কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে কোনো ভিত্তি নোহোৱাকৈ বেয়া কাম কৰা বুলি অভিযোগ কৰিলে ঠিকাদাৰ তথা বিভাগীয় বিষয়াসকলে কাম কৰাত কিছু অসুবিধাৰ সৃষ্টি হয়।সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তেওঁ মন্ত্ৰী হোৱাৰ সময়ত প্ৰায় ১৮ টা ভগ্নপ্ৰায় মথাউৰিৰ কাম বাকী আছিল যিখিনি বিভাগে ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আনহাতে বিগত বানপানীৰ সময়ত ৰাজ্যখনৰ ১৫ টাতকৈও অধিক মথাউৰি প্ৰায় ভাঙো ভাঙো অৱস্থা হৈছিল যদিও বিভাগৰ তৎপৰতাত ১৫ টা মথাউৰিৰ মথো এটাহে ভাঙিছিল, বাকী ১৪ টা মথাউৰি বিভাগৰ প্ৰচেষ্টাত ভাঙিবলৈ দিয়া হোৱা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ বানপানীৰ ইতিহাসত এটা বাৰিষাত মাথো এটা মথাউৰিহে ভঙাটো অতি গুৰুত্বপূৰ্ণ খবৰ। অৱশ্যে বিগত সময়ত তুলনামূলকভাৱে বৰষুণৰ পৰিমাণ কম হোৱা বাবে জলসম্পদ বিভাগে মথাউৰি ভাঙিবলৈ নিদিয়াৰ কৃতৃত্ব নিজে লোৱা নাই বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। অনাগত সময়ত বৰষুণৰ পৰিমাণ বৃদ্ধি হ’লে বিভাগীয় কাম কাজ কিমান ভালদৰে কৰা হৈছে সেয়া সকলোয়ে বুজি পাব বুলি তেঁও উল্লেখ কৰে। আনহাতে বোকাখাত সমষ্টিত ১৫-১৬ কিল’মিটাৰকে ধৰি গোটেই অসমত এইবাৰ ১০০০ কিল’মিটাৰ মথাউৰি পকীকৰণ হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। পাছত মন্ত্ৰী গৰাকীয়ে কঁহৰা অঞ্চলত নিৰ্মিয়মান জলসম্পদ বিভাগৰ অতিথি গৃহৰ কামো পৰিদৰ্শন কৰে।

টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকচিনৰ নামত ধন সংগ্ৰহ

ওদালগুৰি জিলাৰ একাংশ স্বাস্থ্য বিভাগৰ বিষয়া ,কৰ্মচাৰী,কৰ্মী সকলৰ দিনক দিনে অৰাজকতা,স্বেচ্ছাচাৰীতা,অতপালি বৃদ্ধি হবলৈ ধৰিছে ৷আনকি একাংশই আকৌ স্বাস্থ্য মন্ত্ৰী,আদিৰ খাচ মানুহ বুলি জহাই তথা দম্ভালি মৰাটো এতিয়া নিতৌ নৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷আৰু একাংশই দ্ৰৰিদ্ৰ,অসহায় ৰোগী সকলক চিকিৎসালয়তে  গালি গালাজ  কৰা,যধেমধে  দাবী ধমকি আদিৰে টকা পইচা সংগ্ৰহ অহাটো এতিয়া ৰাইজৰ মুখে মুখে আৰু সহজলভ্য বিষয় হৈ পৰিছে ৷তৎস্বত্বেও সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহৰ লগতে অকৰ্মণ্য,অপদাৰ্থ শীৰ্ষ বিষয়া সকলে  কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত সম্প্ৰতি নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷আন একাংশই এতিয়া জিলাখনত  একাংশ মাফিয়াৰ ডনৰহে   কাৰ্য কলাপ আদিবোৰ তীব্ৰ গতিত  চলি আহিছে বুলি  অভিযোগ কৰিছে ৷ওদালগুৰি জিলাৰ টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকশ্বিনেশ্বনৰ নামত প্ৰতিজন হিতাধিকাৰীৰ পৰা দহ টকাকৈ সংগ্ৰহ কৰাৰ কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যি সময়ত চৰকাৰে দেশজুৰি প্ৰতিজন হিতাধিকাৰীক ক’ভিড ভেকশ্বিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে,  ৷ সেইসময়ত টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা ভেকশ্বিন চেন্টাৰত ভেকশ্বিন ল’বলৈ অহা  প্ৰতিজন ব্যক্তিৰ পৰা দহ টকাকৈ সংগ্ৰহ কৰি আহিছে ৷ জানিব পৰামতে এইদৰে সংগ্ৰহ কৰা ধনৰাশিৰ সৈতে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতি জড়িত নহয় ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু উপায়ুক্ত অৱগত নোহোৱাকৈ এইদৰে কাৰ স্বৰ্তছায়াত ক’ভিড ভেকশ্বিনৰ নামত ধন সংগ্ৰহ কৰিছে  সেয়াও ৰহস্যৰ আৱৰ্তত ৷ আনহাতে এই সংগৃহীত ধন কোন শিতান জমা কৰিছে নে কাৰ জেপলৈ গৈছে ৷ চৰকাৰে বিনামূলীয়াকৈ ৰাইজলৈ আগবঢ়োৱা ক’ভিড ভেকশ্বিনৰ বিনিময়ত ধন সংগ্ৰহৰ অধিকাৰ ক’ত পালে?  ইয়াৰ এক নিৰপেক্ষ তদন্ত বিচাৰিছে সচেতন ৰাইজে ৷ভোকোলীকান্দা স্বাস্থ্য কেন্দ্ৰটো একেদৰে লোৱাৰ অভিযোগ উঠিছে ৷কভিড ভেকচিনৰ নামত টকা সংগ্ৰহ কৰা সকলক অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল হাজালৈ প্ৰেৰণ কৰিবলৈ সচেতন নাগৰিক সমাজে চৰকাৰ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষক দাবী জনাইছে ৷

মৰিগাঁৱত কৰ্কট ৰোগ সম্পর্কে সজাগতা সভা

মৰিগাঁৱত যোৱা কালি ৩০ অক্টোবৰত Department of Economics and IQAC, মৰিগাঁও কলেজৰ সহযোগত ছাত্র ছাত্রী তথা অভিভাৱকৰ সকলৰ মাজত কৰ্কট ৰোগৰ সম্পৰ্কে এখনি সজাগতা সভা অনুস্থিত কৰা হয়  মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই সভা খনত উপস্থিত থাকে Dr. Gayatree Gogoi , Dr. Goutam Sharma , Dr. Gourav Das আৰু লগতে  Pratishuti Cancer and Palliative Trust ৰ brand ambassador বৰষা ৰানী বিষয়া | 

লামডিং লঙ্কা সংযোগি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

উদালী তিনিআলি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ফৰেষ্ট গেটত সংঘটিত হয় দূৰ্ঘটনাটি।দূৰ্ঘটনাত আহত হয় অসম আৰক্ষীৰ ২য় এপিটিএফৰ ১৩ জনকৈ জোৱান।লামডিংস্থিত ২য় এপিটিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা এখন আল্টা গাড়ীত গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত একে দিশত অহা এখন ট্ৰাকে খুন্দা মৰাত সংঘটিত হয় দূৰ্ঘটনাটি।বৰ্তমান ৬জনকৈ আহত জোৱানক লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৭জন জোৱানক নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।দূৰ্ঘটনাত পতিত আল্টাখনত আছিল ৩২ জনকৈ জোৱান।ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদালী তিনিআলী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ পথত পৰি থকা অৱস্থাত আহত জোৱানসকলক উদ্ধাৰ কৰি ভৰ্তি কৰে লংকা চিকিৎসালয়ত।বদলি হোৱাৰ বাবে লামডিংৰ মূখ্য কাৰ্যালয়ৰ পৰা ৪খনকৈ গাড়ীত জোৱান সকল আহি আছিল গুৱাহাটীলৈ।

তাপসী পান্নুৰ ৰশ্মি ৰকেটে প্লেটফৰ্মত 12 নিযুতৰো অধিক দৰ্শন অতিক্ৰম কৰিছে

ৰশ্মি ৰকেটক ৰনি স্ক্ৰুৱালাৰ আৰএছভিপি আৰু আম পিপল মিডিয়াৰ সৈতে জি৫-ৰ দ্বাৰা সমৰ্থন কৰা হৈছে।তাপসী পান্নু অভিনীত ৰশ্মি ৰকেটে সমালোচক আৰু দৰ্শকৰ পৰা একেধৰণে প্ৰশংসনীয় সমালোচনা লাভ কৰিছিল। তাপসী পান্নু, প্ৰিয়ংশু পেইনয়ুলি, অভিষেক বেনাৰ্জী আৰু সুপ্ৰিয়া পাঠককে ধৰি অভিনেতাসকলৰ প্ৰদৰ্শনৰ লগতে আকৰ্ষ খুৰানাৰ টেক্কা পৰিচালনাই এই চলচ্চিত্ৰখনক এক চমৎকাৰ হিট কৰি তুলিছে!ভাৰতীয় চলচ্চিত্ৰত প্ৰথমবাৰৰ বাবে, মহিলা খেলুৱৈসকলৰ বাবে ক্ৰীড়াত লিংগ পৰীক্ষাৰ ওপৰত এখন চলচ্চিত্ৰৰ ধাৰণা আৰু কাৰ্যকৰী কৰা হৈছে আৰু নিৰ্মাতাসকলক এনে এক প্ৰাসঙ্গিক বিষয়ৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে সম্পূৰ্ণ হৃদয়েৰে প্ৰশংসা কৰা হৈছে। ৰশ্মি ৰকেটক ৰনি স্ক্ৰুৱালাৰ আৰএছভিপি আৰু আম পিপল মিডিয়াৰ সৈতে জি৫-ৰ দ্বাৰা সমৰ্থন কৰা হৈছে।প্ৰিমিয়াৰৰ 10 দিনৰ ভিতৰত প্লেটফৰ্মবোৰত 7.8 আৰু 12 মিলিয়ন+ দৰ্শনৰ আইএমডিবি ৰেটিংৰ সৈতে, ৰশ্মি ৰকেট ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়া চলচ্চিত্ৰ হ’ব বুলি আশা কৰা হৈছে। চলচ্চিত্ৰখনে লিংগ পৰীক্ষাৰ প্ৰথাৰ বিষয়ে প্ৰাসঙ্গিক প্ৰশ্ন উত্থাপন কৰে যিটো মহিলা খেলুৱৈসকল বিশ্বজুৰি কৰা হয় আৰু ইয়াৰ দৰ্শকসকলক এক পুৰণি প্ৰথাৰ বিষয়ে অৱগত, মনোৰঞ্জন আৰু শিক্ষিত কৰিবলৈ সক্ষম হয়।আত্মাৰ সৈতে এক প্ৰভাৱশালী চলচ্চিত্ৰ, ৰশ্মি ৰকেটে ৰশ্মিৰ খেলপথাৰআৰু খেলপথাৰৰ বাহিৰৰ যুঁজ, ৰশ্মি আৰু তেওঁৰ স্বামীৰ মাজত এক পৰিপক্ক সম্পৰ্ক, এক দৃঢ় ৰশ্মি আৰু তেওঁৰ সমানে দৃঢ় মাতৃৰ মাজত এক সূক্ষ্ম সমীকৰণ আৰু আন বহুতো বস্তুৰ সৈতে সম্পৰ্কিত।জি5 ইণ্ডিয়াৰ মুখ্য ব্যৱসায়িক বিষয়া মনীষ কালৰাই শ্বেয়াৰ কৰে, “জি5-ত, আমাৰ দৰ্শকসকলৰ বাবে গুণগত সমল উপস্থাপন কৰাৰ ওপৰত আমাৰ একক মনোযোগ আছে। ৰশ্মি ৰকেট এখন চিন্তাশীল আৰু মনোৰঞ্জনমূলক চলচ্চিত্ৰ যিয়ে ক্ৰীড়াত লিংগ পৰীক্ষাৰ পুৰণি অনুশীলনৰ ওপৰত আলোকপাত কৰিছে। আমি উৎফুল্লিত যে দৰ্শকসকলে এই ক্ৰীড়া চলচ্চিত্ৰখন ভাল পাইছে যিটো খেলৰ বিষয়ে যিমান হয় সিমানেই বহুতো মহিলাৰ বিষয়ে যিয়ে ঘৰৰ ভিতৰত আৰু বাহিৰত বহু পুৰণি পক্ষপাতিত্বৰ সৈতে যুঁজ দিয়ে। এই চলচ্চিত্ৰখনে নিশ্চিতভাৱে এক ইতিবাচক কথোপকথন আৰম্ভ কৰিছে আৰু আমি আশা কৰো যে ই আন্দোলনক সঠিক দিশত আগুৱাই নিব, যিটো প্ৰয়োজন”।চলচ্চিত্ৰখনৰ প্ৰচাৰৰ বাবে, জি5-এ এক গুৰুত্বপূৰ্ণ সামাজিক সজাগতা অভিযান আৰম্ভ কৰে, যি 20 নিযুত দৰ্শন অতিক্ৰম কৰে আৰু ভাৰতত মহিলা খেলুৱৈসকলৰ বাবে লিংগ পৰীক্ষা বন্ধ কৰাৰ এক সৰল কিন্তু শক্তিশালী বাৰ্তা প্ৰদান কৰে।

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু টিৰাপ আঞ্চলিক সমিতিৰ সংবাদ মেল সম্বোধন

 সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা,টিৰাপ আঞ্চলিক সমিতিয়ে অতি দুখেৰে জনাব বিচাৰো যে ১৯৯৯ চনত অসম চৰকাৰে বান বিধস্ত আৰু ভূমিহীন প্ৰায় ৬০ টা পৰিয়ালক মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত টিৰাপ মৌজাৰ নামফাই এন, চি অঞ্চলত এবিঘাকৈ ভূমিত পুনৰ সংস্থাপন দি নামফাই অৰুনোদয় সোণোৱাল গাওঁ নামেৰে এখন গাওঁ স্থাপন কৰিছিল। সংস্থাপিত পৰিয়াল কেইটাই এবিঘা ভূমিত খেতি বাতি কৰি পোহপাল দিয়াটো অসম্ভৱ বুলি আপত্তি কৰাত সেই সময়ৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াই কাষতে থকা অসম-অৰুণাচল সীমান্ত নামচিক আৰু মৰা খাৰচাং নৈয়ে সৃষ্টি কৰা এটা সৰু দ্বীপত (বৰ্তমান তাপু বুলি জনাজাত) প্ৰায় ৩০০ বিঘা ভূমিত খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ মৌখিক ভাৱে অনুমোদন জনায়। উক্ত ভূমিত বনৰীয়া হাতীৰ উপদ্ৰৱ, বানপানী সমস্যা আৰু সময়ে সময়ে অৰুণাচল প্ৰদেশ চৰকাৰে নং তাপু নামেৰে উক্ত দ্বীপটো নিজৰ বুলি দাবী জনাই খেতিয়ক ৰাইজক মাটি এৰি দিবলৈ জাননী জাৰি কৰি আহিছে। তাৰ মাজতো আমাৰ খেতিয়ক ৰাইজে দ্বীপটোত খেতি বাতি কৰি পৰিয়ালৰ সৈতে সকলো বাধা বিঘিনি নেউচি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে সেই একে স্থানতে চৰকাৰ আৰু জিলা প্ৰশাসনে লাইকা-দধিয়া বাসীক পুনঃসংস্থাপন দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। যদি চৰকাৰ তথা জিলা প্ৰশাসনে সেই স্থানত অৰ্থাৎ তাপু নামৰ দ্বীপটোত লাইকা বাসীক বলপূৰ্বক ভাৱে সংস্থাপন দিয়ে তেন্তে সেই স্থানত খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি থকা আমাৰ সোণোৱাল কছাৰী পৰিয়াল কেইটাই কৃষি ভূমিৰ অভাৱত পৰিব আৰু জীৱিকাৰ পথ বিচাৰি চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হব।গতিকে যোৱা ২১ ফেব্ৰুৱাৰী ২০২১ তাৰিখে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ আৱৰ্ত্ত ভৱনৰ সভাকক্ষত সেই সময়ৰ জিলা উপায়ুক্ত শ্ৰীযুত দিগন্ত শইকীয়া, ডিগবৈ বন সংমণ্ডল বিষয়া টি, চি, ৰঞ্জিত ৰাম আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ উপস্থিতিত গাঁৱৰ ৰাইজ আৰু আমাৰ উপস্থিতিত যি সীমা নিৰ্ধাৰণ কৰিছিল, দ্বীপটোৰ উক্ত সীমাৰ বাহিৰত লাইকা বাসীক পুনৰ সংস্থাপন দিয়ক নতুবা দ্বীপটোত পুনৰ সংস্থাপন নিদি অন্য স্থানত সংস্থাপিত কৰি নামফাই অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজক পূৰ্বৰ দৰে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি যাবলৈ সুবিধা প্ৰদান কৰাৰ লগতে উক্ত দ্বীপটোত খেতিয়ক ৰাইজক মাটিৰ পট্টা প্ৰদান কৰি ৰাজহ গাওঁ হিচাপে স্বীকৃতি দিবলৈ দাবী জনালো। ইয়াৰোপৰি উক্ত দ্বীপটোক অৰুণাচল প্ৰদেশ চৰকাৰে নিজৰ বুলি দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত অতি সোনকালে অসম চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ কৰি দ্বীপটো সুৰক্ষিত কৰাৰ বাবে দাবী জনালো। লগতে পূৰ্বৰে পৰা টিৰাপ মৌজাৰ বনগাঁও সমূহত বসবাস কৰি অহা সোণোৱাল কছাৰী গাওঁ সমূহক ৰাজহ গাওঁ হিচাপে স্বীকৃতি দি মাটিৰ পট্টা প্ৰদান কৰিবলৈ দাবী জনালো।উক্ত সংবাদ মেলৰ যোগেদি টিৰাপ মৌজাত চলি থকা অবৈধ বন ধ্বংস বন্ধ কৰাৰো দাবী জনাইছে সংগঠনটোৱে।

পৰ্যটকৰ বাবে সু-খবৰ বাঘৰ সংখ্যা বৃদ্ধি পাইছে পানপুৰ বনাঞ্চলত

পৰ্যটকৰ বাবে সু-খবৰ। অহা নৱেম্বৰ মাহৰ শেষৰ ফালে পৰ্যটকৰ বাবে মুকলি হব জামুগুৰিহাটৰ পানপুৰ বনাঞ্চল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি হোৱাৰ পাছতেই বনাঞ্চলখনত থকা হাতী,গড়,বনৰীয়া গাহৰি,বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা উৰি আহি আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই জলকেলি উপভোগ কৰাৰ সুযোগ লাভ কৰিব পৰ্যটকে। পানপুৰ বনাঞ্চলত বাঘৰ সংখ্যা বৃদ্ধি হোৱাটো পৰ্যটকসকলৰ বাবে অতিকৈ সু-খৱৰ হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ নবেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত পানপুৰ বঞ্চাল পৰ্যটকৰ বাবে মুকলি কৰি দিছিল।

পলাশবাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত দুষ্পাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ

দক্ষিণ কামৰূপৰ দখলা ক’লনীত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ২৯ অক্টোবৰৰ বিয়লি প্ৰায় ছয় কিলো ওজনৰ এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ হয়। স্থানীয় লোকে কাছটো উদ্ধাৰ কৰি লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়ে। পিছত বনাঞ্চলিক বিষয়া চেমিম আখতাৰে তৎপৰতাত নিশাই বনকৰ্মীৰ জৰিয়তে কাছটো উদ্ধাৰ কৰি সংৰক্ষণৰ বাবে লৈ গৈ কুলশী নৈৰ পিতনিত এৰি দিয়ে। কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে যি সময়ত কাছ এতিয়া দুৰ্লভ হৈ পৰিছে সেই সময়তেই উক্ত দখলা ক’লনী অঞ্চলটোত ফুৰিবলৈ যোৱা বিভিন্ন লোকে প্ৰতি দিনেই, বিশেষকৈ নিশাৰ ভাগত নৈৰ পাৰলৈ উঠি অহা অৱস্থাত একাধিক কাছ মনে মনে ধৰি লৈ গৈ আছে বুলি একাংশ সচেতন লোকে মন্তব্য কৰিছে। কি কাৰণত উক্ত অঞ্চলটোত কাছ এই সময়ছোৱাত পাৰলৈ উঠি আহে সেয়াহে চিন্তনীয় বিষয়। বন বিভাগ আৰু স্থানীয় লোক সজাগ হলেহে উক্ত অঞ্চলটোত পাৰলৈ উঠি অহা কাছ সংৰক্ষণ হ’ব। অন্যথা দুষ্ট লোকে খাদ্য হিচাপে ভক্ষণ কৰিব। ইয়াৰ পূৰ্বে কেইজনমান লোকে উক্ত স্থানত দুষ্পাপ্য প্ৰজাতিৰ কাছ পোৱা বুলি জানিবপৰা গৈছে।