Home Blog Page 2759

বৰহেৰামদো সত্ৰৰ অতিথিশালা গৃহৰ আধাৰশিলা স্থাপন

দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপন কৰা বৰহেৰামদো সত্ৰৰ অতিথিশালা গৃহৰ আধাৰশিলা স্থাপন । ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ বৰুৱাই আধাৰশিলা স্থাপন কৰে। লগতে অনুষ্ঠানটোৰ আঁতধৰে সম্পাদক মুকুল মহন্তই। উক্ত অনুষ্ঠানত সত্ৰখনৰ সত্ৰাধিকাৰদ্বয়ৰ লগতে পৰিচালনা সমিতিৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াৰ উপৰিও ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে, ১৫৬৩ চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ঐতিহ্যমণ্ডিত বৰহেৰামদো সত্ৰখন স্থাপন কৰি ছমাহ কাল আছিল।

Whatsapp -ৰ ডিজাইন পৰিৱৰ্তন!

বিশ্বৰ ছ’চিয়েল নেটৱৰ্কিং কোম্পানী ফেচবুকৰ নাম আৰু ল’গ’ সলনি কৰাৰ সিদ্ধান্ত লৈছে । এতিয়া সমগ্ৰ ফেচবুক ব্ৰেণ্ডটোৰ নাম মেটা (Meta) হৈ পৰিছে। এইক্ষেত্ৰত হোৱাটছএপৰ ল’গ’ৰো কিছু সাল-সলনি হ’ব। আপোনালোকক জনাও যে-ব্যৱহাৰকাৰীসকলে জনপ্ৰিয় মেচেজিং এপ হোৱাটছএপ আৰম্ভ কৰাৰ সময়ত স্ক্ৰীণত ‘হোৱাটছএপ ফ্ৰম ফেচবুক’ লিখা দেখা পাইছিল। এতিয়া এইটো সলনি হৈছে। ব্যৱহাৰকাৰীসকলে এতিয়া মেটা নতুন লাইনৰ দ্বাৰা হোৱাটছএপ চাব অৰ্থাত্ এতিয়া ‘হোৱাটছএপ ফ্ৰম মেটা’ দেখা পাব । এইটো বৰ্তমান সকলো হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হোৱা নাই। WABetaInfo ৰ এক প্ৰতিবেদন অনুসৰি, ইয়াক হোৱাটছএপৰ বিটা সংস্কৰণত অনা হৈছে, যি সোনকালেই এক স্থিৰ সংস্কৰণত আহিব।

উল্লেখ্য যে শব্দটো মেটাভাৰ্চৰ পৰা লোৱা হৈছে। মেটাভাৰ্চৰ জৰিয়তে, মানুহে ভাৰ্চুৱেল ৰিয়েলিটি হেডছেট ব্যৱহাৰ কৰি ভাৰ্চুৱেল পৃথিৱীত লগ পাব, কাম কৰিব পাৰে আৰু খেলিব পাৰে।

শীতকালত কিদৰে ছালৰ যতন ল’ব?

সকলোৱে নিজকে সৌন্দৰ্য্যবান কৰি ৰাখিব বিছাৰে। আজিকালি পুৰুষ মহিলা সকলো নিজৰ সৌন্দৰ্য্যক লৈ যথেষ্ঠ সচেতন। গ্ৰীষ্মকালত যিদৰে আমি ছাল-চুলিৰ যত্ন লও,ঠিক তেনেদৰে শীত কালতো আমি আমাৰ ছাল-চুলিৰ যত্ন ল’ব লাগে। শীত কাল অহাৰ লগে লগে আমাৰ ছাল শুকান হ’বলৈ আৰম্ভ হয় আৰু ফাটিবলৈ ধৰে।

শীত কালত আমি পানী যথেষ্ঠ পৰিমানে খাব লাগে। কাৰণ পানীয়ে আমাৰ শৰীৰ হাইড্ৰেড কৰি ৰাখে। ইয়াৰোপৰি সেউজীয়া শাক-পাচলি, ফল-মূল আদি খোৱাটো দৰকাৰ।

  • শীতকালত আপোনাৰ ছালখন কোমল কৰি ৰাখিবৰ বাবে নাৰিকল তেলৰ ব্যৱহাৰ কৰক। নাৰিকল তেলে আপোনাৰ ছালখন কোমল কৰাৰ লগতে উজ্জ্বল কৰি ৰাখিব।
  • শীতকালত মৌ আৰু কণী হৈছে কিছুমান সৰ্বশ্ৰেষ্ঠ উপাদান যাক মানুহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। এইবোৰে ছালক সঠিক আৰ্দ্ৰতা প্ৰদান কৰে আৰু ইয়াৰ অন্তিম ফলাফল হৈছে কোমল আৰু উজ্জ্বল ছাল।
  • শীতকালত আপোনাৰ ছালক অসাধাৰণভাৱে ধুনীয়া আৰু উজ্জ্বল কৰি তুলিবলৈ দৈ হৈছে উত্কৃষ্ট উপাদান।
  • যদি আপোনাৰ মুখখন অত্যাধিক শুকান হয় তেন্তে আপুনি কলৰ ফেচ পেক প্ৰয়োগ কৰিব পাৰে।

একেলগে কাম কৰিবলৈ সাঁজু নীতি আয়োগ আৰু বিশ্ব বেংকে

নীতি আয়োগ আৰু বিশ্ব বেংকে বৈদ্যুতিক বাহনৰ দ্ৰুত আৰু সহজ বিত্তীয় যোগানৰ বাবে একেলগে কাম কৰি আছে। দুয়োটা প্ৰতিষ্ঠানে ৩০০ নিযুত ডলাৰৰ ‘First Loss Risk Sharing Instrument’, স্থাপন কৰিছে,যাৰ প্ৰ’গ্ৰাম মেনেজাৰ হিচাপে ভাৰতীয় ষ্টেট বেঙ্ক (এছবিআই) আছে। এই সুবিধাটোৱে EV -ৰ বাবে প্ৰায় ১.৫ বিলিয়ন ডলাৰ বিত্তীয় সংগ্ৰহ কৰিব বিচাৰিব।

এই সঁজুলিটোৱে এক হেজিং প্ৰণালী হিচাপে কাম কৰিব, ইভি ক্ৰয়ৰ ক্ষেত্ৰত ঋণ পৰিশোধ নকৰাৰ ক্ষেত্ৰত বেঙ্কবোৰে প্ৰৱেশ কৰিব, আৰু ইভিৰ বাবে বিত্তীয় ব্যয় ১০-১২% হ্ৰাস কৰিব বুলি আশা কৰা হৈছে, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে ET -ক জনায়।

৩০০ নিযুত ডলাৰৰ বিপদাশংকা ভাগ-বতৰা সঁজুলিটো এছ.বি.আই.-ৰ সৈতে প্ৰতিষ্ঠানিক ৰূপ দিয়া হ’ব, আৰু সকলো বিত্তীয় প্ৰতিষ্ঠানৰ বাবে প্ৰথম লোকচানৰ সঁজুলি হিচাপে প্ৰৱেশ কৰাৰ বাবে পুঁজি উপলব্ধ হ’ব বুলি কান্তে কয়।

বৈদ্যুতিক দুচকীয়া বাহন আৰু বৈদ্যুতিক ৩ চকীয়া বাহনৰ বাবে বৰ্তমানৰ সূতৰ হাৰ ২০-২৫%ৰ ভিতৰত আছে। সেয়া ১০-১২% লৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

EV -ৰ এতিয়াও এক শক্তিশালী পুনৰ বিক্ৰী বজাৰ নাই, যাৰ ফলত বেঙ্কবোৰে ইয়াৰ অৱশিষ্ট মূল্য নিৰ্ণয় কৰা কঠিন হৈ পৰে। ইয়াৰ ফলত ICE বাহনৰ তুলনাত EV -ৰ বাবে বিত্তীয় ব্যয় অধিক হৈছে।

বেঙ্কবোৰে লগতে কয় যে তেওঁলোকে আগতে ই-ৰিক্সাবোৰৰ বাবে অত্যাধিক সফল হোৱা নাই। “বিত্তীয় প্ৰতিষ্ঠানবোৰে ডিফল্টৰ ক্ষেত্ৰত লোকচান বহন কৰিব লগা হৈছিল কিয়নো তেওঁলোকৰ অৱশিষ্ট মূল্য কম আছিল,” বুলিও কান্তে কয়।

বিশ্বনাথত আটছাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু মুকলি ঝুমুইৰ প্ৰতিযোগিতা

মেৰাপানীত সীমান্ত পঞ্চায়তত খৰাঙত শুকাই, জ্বলি যোৱা পথাৰত কৃষকৰ চকুপানী

 মেৰাপানীৰ সীমান্ত গাঁও পঞ্চায়তৰ এক বৃহত্তৰ অঞ্চলৰ কেইবাশতাধিক  কৃষকৰ হাহাকাৰ অৱস্থা। খৰাঙৰ কৱলত পৰি এই অঞ্চলত কেইবাশবিঘা কৃষিভূমিত এটাও ধান উৎপাদন নহ’ল। সঠিক সময়ত পানীৰ অভাৱৰ বাবেই বিঘা বিঘা ধানখেতিৰ পথাৰ শুকাই যোৱাৰ ফলত পথাৰত উৎপাদন নহ’ল ধান। আৰু কিছুদিনৰ পাছতে আঘোনৰ পথাৰত ভিন্ন প্ৰান্তৰ কৃষকে ধান  চপাবলৈ আৰম্ভ কৰিব যদিও সীমান্ত গাঁও পঞ্চায়তৰ নাগপুৰ, জেৰেঙাপথাৰ, নাৰায়ণপুৰ  আদি অঞ্চলৰ কৃষকে খৰাঙৰ কৱলত পৰি শুকাই যোৱা পথাৰত চকুপানী টুকিছে। খং আৰু দুখত গৰু মেলি দিছে ধানৰ পথাৰত। এই অঞ্চলটোৰ অধিকাংশ ৰাইজেই  ধানখেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ পৰিয়ালটোৰ ভৱিষ্যতৰ ভৰণ- পোষনৰ সকলো দিশ নিৰ্ধাৰণ কৰে যদিও বৰ্তমান খৰাংপৰিস্থিতিত এটাও ধান উৎপাদন নোহোৱাটো খাটাং হৈ পৰিছে।  ফলত অনাগত দিনত কেনেদৰে নিজৰ  পৰিয়ালটোক ভৰণ পোষণ দিব তাকলৈ চিন্তাত নিদ্ৰাহৰণ হৈছে নাগপুৰ, জেৰেঙাপথাৰ আদি অঞ্চলৰ কৃষকৰ। পৰিয়ালৰ স্বাস্থ্য, সন্তানৰ শিক্ষা-দীক্ষাৰ দিশত এক অনিশ্চিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গভীৰ আশংকাত ভোগিছে কৃষকসকল। এই অঞ্চলৰ কৃষকসকলে অহাবছৰটোত পৰিয়াল পোহপালৰ স্বাৰ্থত হয় বৰ্হিৰাজ্যলৈ গমণ অথবা অন্য বৃত্তিত নিয়োজিত হ’ব লাগিব। গোলাঘাট জিলাখনত এটা বিয়াগোম কৃষিবিভাগ  থকাৰ লগতে ৰাজ‍্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গোলাঘাট জিলাৰেই হোৱাৰ পাছটো এই  দুৰ্য‍্যোগৰ সময়তো কৃষক ৰাইজৰ কাষত এবাৰ থিয় হবলৈ আহৰি নথকাত  ক্ষোভ প্ৰকাশ কৰিছে কৃষকসকলে। স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগেও কৃষকসকলৰ দুৰ্দিনৰ সময়ত খবৰ ল’বলৈ আহৰি নোপোৱা বুলি উল্লেখ কৰি কৃষকসকলে অঞ্চলটোত জৰীপ কৰি খৰাংপীড়িত কৃষক ৰাইজক ক্ষতিপূৰণ দিবলৈ আৰু খেতিপথাৰত জলসিঞ্চন আঁচনিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

পিতৃৰ দায়িত্ব পালন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ আৰম্ভ নতুন শৈক্ষিক যাত্ৰা। বাংগালুৰুস্থিত National Law School of India Universityত অধ্যয়নৰ বাবে সুযোগ পাইছে মুখ্যমন্ত্ৰীৰ পুত্ৰই।  মুখ্যমন্ত্ৰী গৰাকীয়ে দেশ সেৱা কৰাৰ লগতে পালন কৰিলে পিতৃৰ দায়িত্ব। দেওবাৰে কৰ্ম ব্যস্ততাৰ মাজতো পত্নী, কন্যাসহ পুত্ৰৰ হোষ্টেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CLATত ৪০ নম্বৰ ৰেংক অৰ্জন কৰি দেশৰ ভিতৰতে প্ৰেষ্টিজিয়াছ National Law School of India Universityত নামভৰ্তি কৰিলে নন্দিল বিশ্ব শৰ্মাই। 

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুত্ৰৰ এই খবৰটো দি শুভেচ্ছা জনোৱাৰ লগতে পৰিয়ালৰ সৈতে তোলা এখন ফটোও শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত।মুহুৰ্তৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ফটোখন।

নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত টিম ইণ্ডিয়াৰ চূড়ান্ত বেটিং ব্যৰ্থতা

টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পাছত নিউজিলেণ্ডৰ হাতটো পৰাস্ত হ’ল ভাৰত । ছেমি ফাইনেলৰ আশাত প্ৰায় চেচাঁপানী পৰিল কোহলী বাহিনীৰ।

দেওবাৰে টচত জিকি নিউজিলেণ্ডে লৈছিল প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত । মেচখনৰ বাবে ভাৰতে কিছু সলনি কৰিছে ৰণনীতি। ১৪.৩ অভাৰতে নিউজিলেণ্ডে ১১১ ৰান কৰি পৰাস্ত কৰে ভাৰতক। মেচখনত মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল ভাৰত। ভাৰতৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত ৮ উইকেটত জয়লাভ কৰিলে নিউজলেণ্ডে। মেচখনত চূড়ান্ত ভাবে ব্যৰ্থ হয় ভাৰতৰ সকলো টপ অৰ্ডাৰ বেটচমেন। ভাৰতৰ হৈ সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙত নিৰ্ধাৰিত ২০ অভাৰত ভাৰতে ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১১০ ৰান।

সংখ্যক পুৰণি ভেৰগাঁ‌ও দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বিজয়ী নাওবান্ধা চানৰাইজ এফ চি দল

ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত পুৰণি ভেৰগাঁ‌ও জনতা সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা ২ সংখ্যক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ  চূড়ান্ত খেল ৩১ অক্টোবৰ দেওবাৰে নিশা পুৰণি ভেৰগাঁ‌ও খেলপথাৰত অনুষ্ঠিত কৰা হয়।উল্লেখ্য যে পুৰণি ভেৰগাঁ‌ৱৰ চাঁ‌ৰিজনকৈ বিশিষ্ট ব্যক্তিৰ স্মৃতি সোঁ‌ৱৰণিত জনতা সংঘই প্ৰতিবছৰে দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰি আহিছে পৰিপেক্ষিতত এইবেলিও (২)সংখ্যক দিবা নৈশ ফুটবল প্ৰতিযোগিতা বাৰেবৰণীয়া সাংস্কৃতিক বৰ্ণাঢ্য অনুষ্ঠানৰে যোৱা- ২৪ অক্টোবৰ তাৰিখৰ পৰা ৩১ অক্টোবৰলৈ ৭ দিনিয়া কাৰ্যসূচীৰে  খেল অনুষ্ঠিত কৰা হয়।”””আৰু উক্ত নৈশ ফুটবল প্ৰতিযোগিতাৰ  চূড়ান্ত খেলখন  সুভ উদ্ধোধন কৰেভাৰতীয় জনতা পাৰ্টীৰ জনজাতী মৰ্ছাৰ জিলা সভাপতি জুওশ্ৰাংবড়ো।””আনহাতে  বিশৃংখলতা বৰ্তাই ৰখা শান্তিৰ প্ৰতিক কপৌ চৰাই উৰুৱাই ভেৰগাঁ‌ও মহকুমা আৰক্ষী বিষয়া জ্যোতিৰ্ময় পেগুৱে। আৰু লগতে তীব্ৰ উত্তেজনাপূৰ্ণ  চূড়ান্ত খেলখন উপভোগ কৰিবলৈ আলহী হিচাপে উপস্থিত থাকে ক্ৰমে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ভ্ৰীগো কাশ্যৱ শিল্পী বাবু বৰাৰ লগতে দাপুন দ্যা মিৰ’ৰ প্ৰতিষ্ঠাপক তথা বলিউদ অভিনেতা পবিত্ৰ ৰাভা সহ অসম ফুটবল সন্থাৰ উপসভাপতি লক্ষীৰাম বড়োৰ লগতে জিলা/আঞ্চলিক  আৰছু, এবছু, আছাৰ বিষয়ববীয়া সহ স্থানীয় ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতেঅসৰ জনপ্ৰিয় কৌতূক অভিনেতা বিপুল ৰাভাকো উপস্থিত থকা দেখা যায়।”””প্ৰায় ১০ সহশ্ৰ্ধিক দৰ্শকে উপভোগ কৰা তীব্ৰ উত্তেজনা পূৰ্ণ চুড়ান্ত খেল খন নাওবান্ধা চানৰাইজ Fc দল আৰু চুক্লাপাৰা ৰৈচুমৈ fcদলৰ মাজত অনুষ্ঠিত হয়।জিৰণীৰ পূৰ্ৱে প্ৰথমাৰ্ধত নাওবান্ধা দলে চুক্লাপাৰা দলক (১) গ’ল দি অগ্ৰগতি লাভ কৰে যদিও জিৰণীৰ পিছত দ্বিতীয়ৰ্ধত পুনৰ চুক্লাপাৰা দলে নাঁ‌ওবান্ধা দলক (১) গ’ল  উভতাবলৈ সক্ষম হয়। অন্তত নাঁ‌ওবান্ধা দলে দুৰ্দান্ত খেল পৰিবেশনৰে একেৰাহে চুক্লাপাৰা দলক (২)গ’ল দি চূড়ান্ত খেলখনত নাওবান্ধা দলে ৩-১ গ’লৰ ব্যৱধানত চুক্লাপাৰা দলক পৰাস্ত কৰে আৰু উদ্ধোধক জুওশ্ৰাং বড়োৰ পৰা বিজয়ী ট্ৰফী সহ নগদ (৫০)পঞ্চাশ হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰিবলৈ সক্ষম হয়।

যোৰহাটত সূৰুয ড্ৰামাৰ ‘দোমোজা’লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

নাটক চাবলৈ দৰ্শকৰ আগ্ৰহ নোহোৱা হ’ল বোলা অপবাদ নুই কৰিলে ৩১ অক্টোবৰৰ সন্ধিয়া সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাটৰ নাট্যানুৰাগীয়ে। আয়োজক অনুষ্ঠানৰ সুনাম থাকিলে, সময় মানি চলিলে, দৰ্শকক আপ্লুত কৰিব পাৰিলে নাটক চাবলৈ ৰাইজ আহিবই। সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ এই সকলো গুণেই আছে বাবে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ‘দোমোজা’ নাটকখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পালে। ইয়াৰ মূলতে আছে আনুষ্ঠানিক নিয়ম নিষ্ঠাৰে মানি চলা সৰ্ব শৰীৰ নাট্য ৰসেৰে পূৰ্ণ হৈ থকা মানবেন্দ্ৰ শৰ্মা। নেপথ্যত আছে সচেতন সহযোগী সভাপতি বিনোদ গগৈৰ পূৰ্ণ সহযোগিতা। সেয়ে, ‘সূৰুয’ সোণালী দিনলৈ আগবাঢ়ি গৈ আছে। প্ৰতিষ্ঠা কালৰ সহযোগী অৰ্পণ শৰ্মা পাঠক, প্ৰবীণ সহযোদ্ধা চন্দন ঠাকুৰ, এখন হাত ৰঞ্জিত বৰদলৈ, অগ্ৰজ সংগী চঞ্চলজ্যোতি বৰদলৈ আৰু সূৰুয শুৱনি পূৰৱী শইকীয়াৰ সহযোগ তথা অভিনয়ে মানবেন্দ্ৰ শৰ্মাৰ ৰচিত-পৰিচালিত নাটক ‘দোমোজা’ত প্ৰাণ সঞ্চাৰ কৰে। নবীনক সুবিধা দিয়া সূৰুযৰ ৰেঙণি হৈ এইবাৰ উজলি উঠে চিমি শইকীয়া গন্ধীয়া, দিপন শইকীয়া আৰু নম্ৰতা বৰা। পূৰ্বে সংগী হোৱা দেৱজিৎ বৰা হয় এইবাৰো বিৰাজমান। মানবেন্দ্ৰ শৰ্মা নিজেও অভিন‌য়ত সোমাই থকাত নাটক ‘দোমোজা’ই দৰ্শকক বিশেষভাৱে আকৃষ্ট কৰিলে। সংগীতত প্ৰাণজিৎ শৰ্মা, মৃগাংক শইকীয়া, শব্দত সূৰুয শীল আৰু পোহৰত সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ নিজা নিয়ন্ত্ৰক অৰুণ দত্তই সহযোগিতা আগবঢ়ায়। পাৰ্থ প্ৰতিম শৰ্মা, ময়ূৰপংখী কাশ্যপ, অপৰাজিতা কাশ্যপ, পূৰ্ণিমা বৰদলৈ আদি নিজা শিল্পীসকল গ্ৰহস্বৰূপ হৈ থাকেই। তাৰোপৰি লাটু গগৈ, ধীৰাজ বৰুৱা, প্ৰফুল্ল প্ৰাণ গগৈ আৰু গংগা বিবাহ ভৱনৰ সহযোগ উল্লেখযোগ্য। সন্তান থাকিও বহু পিতৃ-মাতৃ অকলশৰীয়া হৈ কেনেকৈ থাকে, এবুকু কান্দোন হেঁচি ৰাখি আনক সুখ দেখুৱাবলৈ মুখত কেনেকৈ হাঁহি ধৰি ৰাখে তাৰেই বাস্তৱিক প্ৰতিফলন ঘটাইছে নাট্যকাৰ মানবেন্দ্ৰ শৰ্মাই ‘দোমোজা’ নাটকখনত। যিখন কেৱল এটা সন্ধিয়াৰ নাটক নহয়, জীৱনৰ অমূল্য পাঠ্যপুথি হয়।