পশ্চিম নলবাৰীৰ কুলবিল হীৰাপাৰা এখন ঐতিহ্য মন্ডিত শিল্প গাওঁ। তাহানিৰ দিনৰ পৰাই গাওঁখনৰ আবাল বৃদ্ধ বনিতাৰ পৰা কনমানিলৈকৈ আছে বংশানু ক্ৰমিক শৈল্পিক সত্তা ।প্ৰতিতো উৎসৱৰ ৰতৰত অথবা দীপাৱলীৰ আগমনে তেওঁলোকৰ মনত আনন্দৰ জোৱাৰ আনে। উৎসৱৰ বতৰত তেওঁলোক ব্যস্ত হৈ পৰে মৃন্ময় শিল্পৰ চাকি , ধূপদানী , দেবী মূৰ্তী,চাকিমালা , ধূনাৰ সাজ, টেকেলী, চৰু , কলহ আদি বনোৱাত ব্যস্ত। দীপাৱলীৰ সময়ত গাওঁখনৰ পৰা বহু লক্ষ চাকী ৰপ্তানী হয় দেশ বিদেশলৈ। উজলাই তোলে মঠ-মন্দিৰ তথা বহু দালান। কিন্তু এই চাকি নিৰ্মাতাসকলৰ নামি অহা এন্ধাৰ বাৰু কোনে নাশিবলৈ চেষ্টা কৰিব। তথাপি অনেক প্ৰতিকুলতাৰ মাজেৰে শিল্পী সকলে এই শিল্প বিধ জীয়াই ৰাখিছে।সমাগত দিপাৱলীত ,ঘৰে ঘৰে মাটিৰ চাকিৰ পোহৰে সমগ্র ৰাজ্যখন আলোকিত কৰি সকলো অপাই অমংগল মৰিষনৰ কামণাৰ বাবে অপেক্ষা কৰি আছে ৷বিগত দুটা বছৰে মৃৎশিল্পী সকলে ব্যবসায়ৰ বাবে মুৰে কপালে হাত দিব লগা হৈছে ৷ এইবেলিও কুলবিলৰ হীৰাপাৰা চুবুৰীৰ প্রটিতো পৰিয়ালে লাখ লাখ মাটিৰ চাকি বনাই বজাৰত বিক্রী কৰাৰ বাবে সাজু কৰিছে ৷ইফালে চৰকাৰে এই গাওঁখনৰ পৰা মাটিৰ চাকি ক্রয় কৰি বিতৰন কৰিছে ৷কিন্তু শিল্পী গীৰিশ দাস,জয়ৰাম দাস,নিলকান্ত দাসে আমাৰ আগত দুখেৰে প্রকাশ কৰে যে বৰ্তমান মাটিৰ চাকি সাজিলে কি হৱ? বজাৰত মিঠাতেলৰ আকাশলংঘী দৰৰ বাবে মানুহে মাটিৰ চাকি কিনিবলৈ আমাৰ ওচৰলৈ অহা নাই । মানুহে সীমিত ভাবে মাটিৰ চাকি জ্বলাই নিয়মটো পালন কৰিব বুলি ধাৰনা হৈছে ৷এতিয়া তেওলোকে কি কৰো কি নকৰো চিন্তাত পৰিছে।
দেৰগাঁৱত চি পি আই এমৰ গোলাঘাট জিলা সন্মিলন সম্পন্ন
দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নৰেন শৰ্মা স্মৃতি পথাৰত ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ গোলাঘাট জিলা সন্মিলন অনুষ্ঠিত হয়।এই উপলক্ষে প্ৰথম দিনা পুৱা চি পি আই এমৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেৱেন ভট্টাচাৰ্য্যই পাতাকা উত্তোলনৰ পাছতেই শ্বহীদ স্মৃতিত মাল্যৰ্পন কৰে চি পি আই এমৰ ৰাজ্যিক সদস্য নয়ন ভূঞাই। ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ড০ পূন্যেশ্বৰ বৰাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰে চি পি আই এমৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক যুগল নাথে। সভাত আমন্ত্ৰিত বক্তা হিচাবে অংশগ্ৰহণ কৰা ৰাজ্যিক সদস্য নয়ন ভূঞা আৰু দেৱেন ভট্টাচাৰ্য্যই বিজেপি চৰকাৰ খনে গ্ৰহণ জনসাধাৰণ বিৰোধী নীতি সমুহৰ বিষয়ে বক্তব্য দাঙি ধৰে। দ্বিতীয় দিনা গোবিন্দ সিন্হা,ভৱেশ চন্দ্ৰ দত্ত আৰু জয়দা হাজৰিকাৰ দ্বাৰা গঠিত সভাপতি মণ্ডলীৰ পৰিচালনাত CPI(M)ৰ গোলাঘাট জিলা প্ৰতিনিধি সন্মিলন অনুস্থিত হয়।প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবহায় অভ্যৰ্থনা সমিতিৰ সভাপতি ড.পূণ্যেশ্বৰ বৰাই আৰু উদ্বোধনী ভাষণ ডাঙি ধৰে CPI(M)ৰ অসম ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই।জিলা সম্পাদক যুগল নাথে উত্থাপন কৰা বিগত তিনি বছৰীয়া কাৰ্যকালৰ কাম-কাজ আৰু বৰ্তমান পৰিস্থিতি সম্পৰ্কীয় প্ৰতিবেদন প্ৰতানিধিসকলৰ আলোচনাৰ মাজেৰে সৰ্বসন্মতি ভাবে গ্ৰহণ কৰে।সন্মিলনৰ সামৰণি ভাষণ আগবঢ়ায় চিপিআই এমৰ ৰাজ্যিক কমিটিৰ যুৱ নেতা নয়ন ভূঞাই।সন্মিলনে যুগল নাথক সৰ্বসন্মতভাবে সম্পাদক নিৰ্বাচন কৰি নতুন ১১ জনীয়া মূল জিলা কমিতি গঠন কৰে।সন্মিলনত মূল্যবৃদ্ধিৰ প্ৰতিবাদত, গো-সুৰক্ষা বিধেয়ক বাতিল কৰা,গোলাঘাট জিলাৰ খৰাংপিড়ীত কৃষকক চৰকাৰী সাহাৰ্য প্ৰদান কৰা,চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ মান আৰু পৰিকাঠামো উন্নত কৰা,সীমা সমস্যাৰ স্থায়ী আৰু ন্যায় সন্মত সমাধান কৰা আদি দাবীৰ ভিত্তিত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।
পুনৰ ফুলিল পদুম!
- মাৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ জয় লাভ
- ভাৱনীপুৰ সমষ্টিত BJP প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ বৃহৎ জয়
- থাওৰাত সুশান্ত বৰগোঁহাইৰ জয় লাভ
- তামূলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী জ্বলেন দৈমাৰীৰ জয় লাভ
- গোসাঁইগাঁও সমষ্টিত UPPLৰ জিৰণ বসুমতাৰীৰ
- কেৱল বাকী মাত্ৰ আনুষ্ঠানিকতা
দেৰগাঁৱত আৰম্ভ হ’ব প্ৰাথমিক চিকিৎসা বিশেষজ্ঞ পাঠ্যক্ৰম।
ৰাজ্য খনত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়ত বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এগ্ৰ এণ্ড লেবাৰ ক’ৰপৰেচনে ছাত্র ছাত্ৰী সকলৰ ভবিষ্যত কৰ্মসংস্থাপনৰ সুবিধাৰ্থে এটি নতুন পাঠ্যক্ৰম আৰম্ভ কৰিছে।ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত ভাৰতীয় প্ৰাথমিক চিকিৎসা পৰিষদৰ প্ৰাথমিক চিকিৎসা বিশেষজ্ঞ (first Aid Specialist) শীৰ্ষক এই পাঠ্যক্ৰমত উচ্চতৰ মাধ্যমিক উৰ্তীণ কলা, বিজ্ঞান, বাণিজ্য যিকোনো শাখাৰ ছাত্ৰ ছাত্ৰী বা যুবক যুৱতীয়ে নামভৰ্তি কৰিব পাৰিব।এবছৰীয়া পাঠ্যক্ৰম ৰ ছমাহ ব্যবহাৰিক প্ৰশিক্ষণৰ ব্যবস্থা ৰখা হৈছে।এগ্ৰ এণ্ড লেৱাৰ কৰপেৰচনৰ অধীনত গোলাঘাট জিলাৰ ছাত্র ছাত্ৰী সকলৰ বাবে এই পাঠ্যক্ৰম দেৰগাঁৱত অনুষ্ঠিত হ’ব।পাঠ্যক্ৰম সমাপ্তিৰ পাছত বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্লমা প্ৰদাণ কৰা হ’ব।উল্লেখযোগ্য যে,এগ্ৰ এণ্ড লেৱাৰ কৰপৰেচনৰ গোলাঘাট জিলা কাৰ্যালয় টো ১ নৱেম্বৰত দেৰগাঁৱৰ এফ চি আই সমীপত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।পৰশমণি শইকীয়া, তদ্ৰুপ গোস্বামী ,আজাদ আহমেদ প্ৰমুখ্যে অসমৰ কেবাখনো জিলাৰ জিলা সমন্বয়কসকল উপস্থিত থকা অনুষ্ঠানত কাৰ্যালয় মুকলি কৰে ৰাষ্ট্ৰীয় সমন্বয়ক ডঃ তপন কুমাৰ ভৰালীয়ে।,অনুষ্ঠান টো আত ধৰে ৰাষ্ট্ৰীয় সমন্বয়ক পংকজ মহন্তই। নামভৰ্তি মুকলি হোৱা প্ৰাথমিক চিকিৎসা বিশেষজ্ঞ পাঠ্যক্ৰম গ্ৰহণৰ বাবে আগ্ৰহীসকলে ৭০৯৯৮৪১২৮৫/৯৮৬৪৫৮৭৫৬৭,,নম্বৰ যোগে যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় সমন্বয়ক পংকজ মহন্তই জানিবলৈ দিছে।
লাখেৰাজ উচ্চ মাধ্যমিক বিদ্যালয়ত সাংস্কৃতিক কাৰ্যসূচী
সাংস্কৃতিক কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক, সামাজিক, সাংস্কৃতিক বিকাশৰ উদ্দেশ্যৰে বৰমুকলিস্থিত লাখেৰাজ উচ্চ মাধ্যমিক বিদ্যালয়ত ২০২১বৰ্ষৰ নবেম্বৰ মাহৰ পহিলাদিনাই এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী বিদ্যালয়ৰ শিক্ষকবৃন্দই গ্ৰহণ কৰে। দিনযোৰা এই সাংস্কৃতি অনুষ্ঠানটিত থলুৱা কৃষ্টি সংস্কৃতিৰ গীত, নৃত্য, বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ মিছিং, নেপালী জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক সুন্দৰভাৱে প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে গীত, সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰে।সংস্কৃতিসমূহক ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে সাংস্কৃতিক অনুষ্ঠানটিত কাষৰীয়া প্ৰাথমিক বিদ্যালয়ৰ কন কন শিশুসকলৰ দ্বাৰা কবিতা আবৃত্তি , সাধুকথা কোৱা প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। বিদ্যালয়ৰ জেষ্ঠ শিক্ষক বাপুৰাম পেগুৱে সভাপতিত্ব কৰা সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰাই। সাংস্কৃতিক কাৰ্যসূচীৰ অনুষ্ঠানটিত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ শিক্ষক সুৰেন্দ্ৰ নাথ দলে আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ম: জান হুছেইনে অংশগ্ৰহণ কৰে। লগতে কাষৰীয়া প্ৰাথমিক বিদ্যালয়ৰ কন কন শিশুসকলৰ লগতে শিক্ষকবৃন্দৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক, সামাজিক, সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত বিদ্যায়তনিক কাৰ্যসূচীৰ লগতে সহঃ বিদ্যালয়তনিক কাৰ্যসূচীৰ গুৰুত্ব সম্পৰ্কে প্ৰাক্তন অৱসৰপ্ৰাপ্ত জেষ্ঠ শিক্ষক সুৰেন্দ্ৰ নাথ দলেই বিস্তৃত ভাবে অৱগত। ছাত্ৰ ছাত্ৰী সকলক অধিক আকৃষ্ট কৰিবৰ বিদ্যালয়ৰ শিক্ষক দীপক গগৈয়ে বহুলভাৱে সমাদৃত অসমীয়া কবিতা হীৰেন ভট্টাচাৰ্যৰ “মোৰ দেশ” কবিতাটি বৰ সুন্দৰকৈ আবৃত্তি কৰে।দুটা বছৰ ক’ভিড পৰিস্থিতিয়ে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছিল ।ফলত বিদ্যালয় পাঠ্যক্ৰমৰ পৰা আঁতৰি থাকিব লগা হৈছিল। ছাত্ৰ ছাত্ৰীসকলক পুনৰ বিদ্যালয়ৰ পৰিৱেশত মনোনিৱেশ কৰাবলৈ এই বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰে বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বিদ্যালয়ত আয়োজন কৰা এনে যোগাত্মক পদক্ষেপত অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে শলাগ লৈছে। ক’ভিডকালিন পৰিৱেশত বন্ধ হৈ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ জড়তা ভাঙি, মন-প্ৰাণত আশাৰ সঞ্চাৰ কৰিবলৈ প্ৰয়াস কৰা এই গঠনমূলক কাৰ্যসূচীয়ে অনাগত দিনবোৰত নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি আশা কৰিব পাৰি।
ছাত্ৰ মুক্তি আৰু সাপ্তাহিক বজাৰৰ লেছীয়ে লগালে তলা
বৰডুমচা পৰা ২নৱেম্বৰ বৰডুমচাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ উন্নয়ন খণ্ডৰ অধীনৰ পুৰণি পুখুৰী গাওঁ পঞ্চায়তত চলি থকা দুৰ্নীতি আৰু বৰডুমচা মাধৱপুৰস্থিত বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰৰ ছাগলী আৰু গৰুৰ পৰা পঞ্চায়তৰ যোগে অতিৰিক্ত কৰ সংগ্ৰহ কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে। পঞ্চায়ত কতৃপক্ষৰ দ্বাৰা বিগত তিনি বৰ্ষ জোৰা সাপ্তাহিক বজাৰখনৰ ছাগলী গৰু বজাৰত ৩০ শতাংশ কৈ সংগ্ৰহিত কৰা অতিৰিক্ত কৰ ক”ত কেনেদৰে ব্যয় কৰি আহিছে কিম্বা কত মজুত ৰখা হৈছে আৰু পঞ্চায়তখনত চলি অহা দুৰ্নীতিৰ বিষয়ে তথ্য ৰাজহুৱা কৰিবলৈ নিদিষ্ট সময়সীমা বান্ধি দিছিল মাধৱপুৰৰ সাপ্তাহিক বজাৰখনৰ লেছী গোট আৰু স্থানীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।বিশেষকৈ পঞ্চায়তখনৰ যোগে সাপ্তাহিক বজাৰত অতিৰিক্ত কৰ সংগ্ৰহ,পথ নিৰ্মাণ আৰু বজাৰ আন্তগাঁঠনিৰ উন্নয়নৰ নামত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত স্পটিকৰণ বিছাৰি পঞ্চায়তৰ সভানেত্ৰীক ৪৮ ঘণ্টা সময় সীমা বান্ধি দি পঞ্চায়ত কতৃপক্ষলৈ এক লিখিত পত্ৰ প্ৰেৰণ কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি স্থানীয় আঞ্চলিক গোটে।অন্যথা পঞ্চায়তখনত তলা বান্ধি দিয়াৰ দৰে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰো হুংকাৰ প্ৰদান কৰিছিল। পঞ্চায়ত কতৃপক্ষই নিৰ্ধানিত সময় সীমা উকলি যোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰি তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থকাৰ উপৰিও সভানেত্ৰী গৰাকীয়ে মইমতালি প্ৰদৰ্শন কৰা কাৰ্যত ক্ষোভিত হৈ আজি পঞ্চায়তখনৰ মুল গেটত লগালে তলা ।পঞ্চায়তৰ বিৰুদ্ধে উত্থাপিত হৈ থকা ৰাজহুৱা অভিযোগ যেতিয়া লৈকে তথ্যসহকাৰে ৰাজহুৱাকৈ স্পষ্টিকৰণ নিদিয়ে তেতিয়ালৈকে পঞ্চায়তখনত তলা উলমি থাকিব বুলি বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ সংগঠনটোৰ উপদেষ্টা গৌতম বৰুৱা, সাধাৰণ সম্পাদক মন্টুশ মুুুদৈয়ে আৰু বজাৰৰ লেছী গোটে সদৰি কৰিছে ।
কেটৰিনাৰ বিয়া! কিন্তু দৰা হ’ব কোন?
অৱশেষত অপেক্ষাৰ অন্ত পৰিল।বিবাহ পাশত আৱদ্ধ হবলৈ সাজু বলিউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ। বিবাহৰ স্থানৰ পৰা কাপোৰলৈকে, বৰ্তমান সকলোবোৰ আলোচনা চলি আছে। কিন্তু আপুনি ভাবিছে দৰা হ’ব কোন? দৰা আন কোনো নহয়, বলিউডৰ জনপ্ৰিয় অভিনেতা বিকি কৌশল।

বৰ্তমান, কেটৰিনা কাইফ অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ সৈতে তেওঁৰ ছবি সূৰ্যবংশীৰ প্ৰচাৰত ব্যস্ত।ছবিখন ৫ নৱেম্বৰত মুক্তি পোৱাৰ পিছত, প্ৰচাৰৰ সমাপ্তি ঘটিব। সূৰ্যবংশীৰ পিছত, কেটৰিনা কাইফে চলমান খান – টাইগাৰ 3-ৰ সৈতে তেওঁৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব বুলি কোৱা হয়। অৱশ্যে, কোৱা হয় যে টাইগাৰ 3-ৰ শ্বুটিং কেৱল 2022 চনতহে আৰম্ভ হ’ব। চলমান খানে তাৰ আগতে শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি পাঠানত তেওঁৰ অংশৰ দৃশ্যগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। যিহেতু আৰিয়ান খানৰ চাৰিওফালে ড্ৰাগছৰ বিতৰ্কৰ বাবে এছআৰকে তেওঁৰ পৰিয়ালৰ সৈতে থাকিবলৈ সময় উলিয়াইছে, পাঠানৰ গুলীচালনা ২০২১ চনৰ ডিচেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই সকলোবোৰ ৰখাৰ পিছত, এনে লাগে, কেটৰিনা কাইফে সূৰ্যবংশী প্ৰমোচন আৰু সকলো প্ৰস্তুতি আৰু অধিকৰ বাবে তেওঁৰ কথিত বিবাহৰ মাজত এক ভাল মাহৰ দীঘলীয়া বিৰতি পাব।
খবৰ অনুসৰি বিকি আৰু কেটৰিনাৰ বিবাহ ৭ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব পাৰে বুলি জানিবলৈ দিয়ে।
“All India Multilingual Dance and Drama Competition” সৰ্বশ্ৰেষ্ঠ নৃত্য শিল্পীৰ বঁটা লাভ কৰে নিশা শৰ্মাই
তীব্ৰ প্ৰতিশ্ৰুতি সম্পন্ন উদীয়মান অভিনেত্ৰী যোৰহাটৰ নিবাসী প্ৰণৱ শৰ্মা আৰু জোন দেৱীৰ কন্যা নিশা শৰ্মাই মাত্ৰ ৪ বছৰ বয়সৰে পৰাই নৃত্যৰ জগত খনৰ সৈতে জড়িত হৈ পৰিছিল। বৰ্তমান জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰী নিশাই সৰুৰে পৰা আধুনিক নৃত্য, লোক নৃত্য আদি অনেক নৃত্য প্ৰতিযোগিতাত অনেক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
২০১৪ বৰ্ষত উৰিষ্যাত সৰ্বভাৰতীয় পৰ্য্যায়ত “Global Theater Festival”ত “All India Multilingual Dance and Drama Competition” সৰ্বশ্ৰেষ্ঠ নৃত্য শিল্পীৰ বঁটা লাভ কৰাৰ লগতে ২০১৬ বৰ্ষত যোৰহাটৰ ৰংদৈত আয়োজিত শিশু ভাওনা সমাৰোহৰো শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিব গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ইয়াৰ লগতে অভিনয়ৰ জগত খনৰ সৈতে জড়িতহৈ পৰি নিশাই ইতিমধ্যে বহু কেইটা জনপ্রিয় গীতত বহু জনপ্রিয় শিল্পীৰ সৈতে অভিনয় কৰাৰ লগতে অতি সোনকালে সম্প্ৰচাৰিত হব লগা এক অসমীয়া ধাৰাবাহিকটো অভিনয় কৰিছে।
৪১ সংখ্যক Guwahati District Physical Culture Association -ৰ সামৰণি
*৪১ সংখ্যক Guwahati Dristrict Physical Culture Association -ৰ সামৰণি
* ২ দিনীয়া কাৰ্যসূচীৰে খাৰঘুলিত অনুষ্ঠিত হয় এই খেল
* য’ত খেলুৱৈৰ সংখ্যা আছিল ১৫০ জন
* ইক্যুইৱ আৰু আনইক্যুইৱ দুটা বিভাগত অনুষ্ঠিত হয়
* ইক্যুইৱ শাখাত পুৰুষৰ খেলুৱৈ সাধন নাথ আৰু মহিলা খেলুৱৈ অনিন্দিতা প্ৰিয় দৰ্শিনী দাসে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে
* আনহাতে আনইক্যুইৱ শাখাত পুৰুষৰ খেলুৱৈ ইন্দ্ৰজিত্ শৰ্মা আৰু মহিলা খেলুৱৈ ভাস্বতী চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে
* ৩০পৰা ৩১ অক্টোৱৰলৈ চলা এই খেলৰ বঁটা বিতৰণী অনুষ্ঠানেৰে সফল সামৰণি কৰে
ভয়ংকৰ পথ দুৰ্ঘটনা!
ওদালগুৰি জিলা পানেৰি থানা অন্তৰ্গত পানেৰিত UT পথত ভয়ংকৰ পথ দুৰ্ঘটনা। চালক সহ দুজন লোক গুৰুতৰ ভাৱে আহত । আহত লোক কেইজন বৰ্তমান GMCH চিকিৎসাধীন ।
উল্লেখ্য যে AS01MC1655 নম্বৰৰ ভোৱানীপুৰৰ বলেৰো পিকআপ বাহনখন । চালক সহ দুজন লোক গুৰুতৰ ভাৱে আহত বৰ্তমান GMCH চিকিৎসাধিন।””উল্লেখ্য যে AS01MC1655 নম্বৰৰ ভোৱানীপুৰৰ বলেৰো পিকআপ বাহনখন দেওবাৰে নিশা ১০ বজাত টংলাৰ পৰা ভোৱানীৰ অভিমুখে ওদালগুৰি তামুলপুৰ UT ঘাই পথেদি গৈ আছিল। কিন্তু হঠাৎ পানেৰি চাহ বাগিচাৰ নিকটৱৰ্তী UT পথত আকস্মিক ভাৱে বলেৰো পিকআপ বাহনখনৰ চকাত জাম হৈ চুচুৰী গৈ বাহনখন গছত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। উল্লেখ্য যে, গাড়ী খনৰ গৰাকীৰ পৰা জানিব পৰা যায়।











