বিশ্ব ঐতিহ্যত স্হান লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ৷ এই কাজিৰঙা তথা তাৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষা দিয়াটো একো একোখন সমাজৰ প্ৰতিনিধি হিচাপে সকলোৰে কাম্য৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল প্ৰকৃততে কাজিৰঙাখন সুৰক্ষিত হয়নে?, তাত থকা বন্যপ্ৰাণীসমূহে আজি সংকটৰ গৰাহত ৷ চোৰাংচিকাৰীৰ কবলত পৰি খৰ্গ কাটি গঁড় হত্যা কৰাৰ বাতৰিয়ে আজিও বাতৰিৰ শিৰোনাম দখল কৰি আছে৷দিন ৰাতি কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মীসকলৰ যি ত্যাগ সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ৷ গতিকে, এজন সাংস্কৃতিক কৰ্মী হিচাপে এইসমূহক জনসাধাৰণৰ ওচৰত তুলি ধৰাৰ এক প্ৰয়াসেৰে তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এক পৰিকল্পনা হাতত লৈ নিৰ্মৰণ কৰা এখন পূৰ্ণদৈৰ্ঘৰ কথাছবি নিৰ্মান কৰি উলিয়াইছে৷ বোলছবিখনে চেঞ্চৰ লাভ কৰিবলৈও সক্ষম হ’ল৷ ১ নৱেম্বৰত কাজিৰঙাৰ সুৰক্ষাৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এই কথাছবিখনা প্ৰ’ম’ মুকলি কৰা হয়৷ শিৱসাগৰ জিলাৰ শিমলুগুৰি আছুৰ কাৰ্যালয় ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মুকলি কৰা উক্ত ছবিখনত অভিনয় কৰিছে কেইবাজনো নবীন প্ৰবীন অভিনেতা – অভিনেত্ৰীয়ে৷ পৰিচালনা কৰিছে ৰমেন গগৈয়ে ৷ সংগীত দেৱজিৎ বহ্ম, প্ৰযোজনা ৰমেন গগৈ । কেমেৰা আৰু সম্পদনা নাচিৰুল হুচেইন |
কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক হত্যাৰ ভাবুকি
কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি প্ৰশান্ত বৈশ্যক যোৱা ১৬ অক্টোবৰ তাৰিখে এজন যুৱকে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল৷সততে সাধাৰণ জনতাৰ ন্যায় প্ৰাপ্তিৰ দাবীত জাতিধৰ্ম নিৰ্বিশেষে বলিষ্ঠ ভূমিকা পালন কৰি গণতান্ত্ৰিক ভাবে আপোচবিহীন আন্দোলন চলাই অহা কৃষক শ্ৰমিক নেতাজনক আক্ৰমণৰ লক্ষ্য কৰি হত্যাৰ ভাবুকি প্ৰদান কৰাত অঞ্চলটোত আজিও তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে৷ঘটনা সন্দৰ্ভত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ লগতে তেওঁক নিৰাপত্তা প্ৰদানৰ দাবীত ঢেকীয়াজুলি আৰক্ষী থানাত ১৬ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল ৷যদিও আৰক্ষীৰ সৰলতাৰ সুযোগ লৈ আজিও মুকলি আকাশৰ তলত বুকুফিন্দাই ঘূৰি ফুৰিছে অপৰাধী৷ঘটনাৰ বিৱৰণি অনুসৰি যোৱা ১৬ অক্টোবৰ তাৰিখে ঢেকীয়াজুলি আৰক্ষী থানাৰ এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢেকীয়াজুলি হাইস্কুল সংযোগী পথৰ ঠাকুৰ বাৰী স্থিত অৰ্চনা হোটেলৰ সন্মুখত হৰ্মোজ আলি নামৰ এজন উদণ্ড যুৱকে অইন এজন নিজ সম্প্ৰদায়ৰ যুৱকৰ লগত কাজিয়াত লিপ্ত হয়৷ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই জন্মদিনৰ কেক বিছাৰি অৰ্চনা হোটেলৰ পৰা উলাই অহা অৱস্থাত দুজনৰ বাকবিতণ্ডা দেখা পাই ৰাজহুৱা স্থানত তৰ্কবিতৰ্ক কৰি পৰিবেশ বিনষ্ট নকৰিবলৈ দুজনকে অনুৰোধ জনাই কাজিয়া ভাঙি দিয়ে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ কথা শুনি এজন যুৱক আতৰি যায় যদিও উদণ্ড হৰ্মোজ আলিয়ে নিজৰ আক্ৰোশৰ বহিঃপ্ৰকাশ ঘটাই অৰ্চনা হোটেলৰ কিছু নিলগতে অইন এজন সহযোগীক লগত লৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক আক্ৰমণৰ লক্ষ্য কৰি লয়৷উদণ্ড যুৱকজনে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক তোৰ নেতাগিৰী গোচাই দিম,তোক বহুত দিনৰ পৰাই আমি নজৰত ৰাখিছো,তহতৰ হিন্দু বিলাকৰ বেছি তেল ফুটিছে,তোৰ সংগঠনৰ নাম নিচান নোহোৱা কৰি দিম বুলি কৈ বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ পৰাৰ লগতে মানুহ লগাই কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক হত্যা কৰিব বুলি মুকলিকৈ ভাবুকি প্ৰদান কৰিছিল৷এই ক্ষেত্ৰত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ন্যায় বিছাৰি ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই৷পৰিতাপৰ বিষয় এয়াই যে উদণ্ড যুৱকজনে নিজৰ দোষ গাপ দি নিজকে সুৰক্ষিত কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ ওপৰত ই-ৰিস্কা ভঙাৰ মিছা অপবাদ দি মনেসজা গোচৰ ৰুজু কৰিছে৷কোনো সাক্ষী প্ৰমাণ নথকা সত্তেও আৰক্ষীয়ে কৃষক শ্ৰমিক নেতাজনৰ ওপৰত এই ভূৱা গোচৰ পঞ্জীয়ন কৰাত অপৰাধীয়ে দুগুণ উৎসাহেৰে নেতাজনৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰৰ অপপ্ৰচাৰ চলাই নেতাজনক সমাজজীৱনত সেও প্ৰতিপন্ন কৰাৰ চক্ৰান্ত অব্যাহত ৰাখি নেতাজনক আক্ৰমণ কৰাৰ কৌশল ৰচিছে৷ কোন অপশক্তিৰ বলত বলীয়ান হৈ অপৰাধীয়ে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যক ৰাজহুৱা স্থানত অপদস্থ কৰি হত্যাৰ ভাবুকি প্ৰদান কৰি আজিও সুৰক্ষিত হৈ থাকিলে সেয়া এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷সেয়ে আজি ন্যায় তথা নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি অভিযোগ দাখিল কৰিছে৷এই ক্ষেত্ৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷
দিছপুৰ ছুপাৰ মাৰ্কেটৰ নিৰ্মীয়মান উৰণীয়া সেঁতুৰ উদ্যানত শিৱলিংগ স্থাপন
অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত দিছপুৰ ছুপাৰ মাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন । অহা ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰিব। ইতিমধ্যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে ৩১ অক্টোবৰত সেঁতুখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ কৰি লোক নিৰ্মাণ বিভাগক চমজাই দিছে। ইফালে উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰাৰ সময়ত কাৰিকৰী কাৰণত অস্থায়ীভাবে স্থানান্তৰ কৰিব লগীয়া হোৱা দিছপুৰ ছুপাৰ মাৰ্কেটৰ ট্ৰেফিক পইণ্টৰ সমীপৰ পুৰণি শিৱলিংগটো পুনৰ যথাস্থানত এটা সৰুকৈ মন্দিৰ আকৃতিৰ গৃহ নিৰ্মাণ কৰি স্থাপন কৰা হৈছে । উৰণীয়া সেঁতুৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে যাবতীয় পূজা অৰ্চনা কৰাৰ পাছত উৰণীয়া সেঁতুৰ তলত নিৰ্মাণ কৰা উদ্যানত শিৱলিংগটো স্থাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাণজিত্ তালুকদাৰ, বিশ্বজিৎ কলিতা আৰু বন্দনা শইকীয়া লগতে উৰণীয়া সেঁতু নিৰ্মাণ কার্যৰ লগত জড়িত কেবাজনো লোক উপস্থিত থাকে।
বিজেপিৰ ৰৌতা মণ্ডলৰ কাৰ্য্যনিৰ্বাহক সভা
১ নৱেম্বৰ তাৰিখৰ দিনা ৰাজ্যিক বিজেপিৰ নিদেশমৰ্মে ওদালগুৰি জিলাৰ আটাইকেইটা মণ্ডলত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টী ৰৌতা মণ্ডল সমিতিৰো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাপতিত্ব কৰে মণ্ডলৰ সভাপতি ৰবীন দৈমাৰীয়ে । সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি সুনীল বসুমতাৰী ৰাজ্যিক সদস্য জিতু কিষান , সাধাৰণ সম্পাদক বিৰদাও বাসুমতাৰী ,লগতে দলীয় সকলো মৰ্চাৰ সভাপতি,সম্পাদক,মণ্ডলৰ বিষয়ববীয়া আৰু দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকি উক্ত সভা খন সাফল্য মণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াই ।
বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যুত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ গভীৰ শোক প্ৰকাশ৷
বিশিষ্ট সাহিত্যিক,কথা শিল্পী,সমাজ সংগঠক,অভিনেতা তথা বিশিষ্ট শিক্ষাবিদ হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যুত ৰাজ্যৰ লগতে শোণিতপুৰ জিলাখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।বিশিষ্ট সাহিত্যিক গৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই৷কালৰূপী ক’ৰোনাত আক্ৰান্ত হৈ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি এই সংসাৰৰ পৰা চিৰ বিদায় মাগি পৰিয়াল বৰ্গৰ লগতে হেজাৰ হেজাৰ গুণমুগ্ধ,ছাত্ৰ-ছাত্ৰী আৰু শুভকাংশীক কন্দুই থৈ যায় বৰুৱাই। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গৰাকীৰ এই অকাল মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰাৰ সমান্তৰালকৈ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই গভীৰ শোক প্ৰকাশ কৰিছে৷বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই গভীৰ শোক প্ৰকাশ কৰি সংবাদ মাধ্যমত প্ৰেৰণ কৰা শোক বাৰ্তাৰ জৰিয়তে কয় বিশিষ্ট সাহিত্যিক অভিনেতা,নিখুঁত সমালোচক,সমাজৰ পথ প্ৰদৰ্শক,লেখক,কবি,কথা শিল্পী,সমাজ সংগঠক হেমন্ত কুমাৰ বৰুৱা ছাৰৰ অকাল মৃত্যুত আমি মৰ্মাহত হৈছো৷তেখেতৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি৷ আজি অসম তথা অসমীয়াই এজন দায়িত্বশীল অভিবাবক হেৰালে৷বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামণা কৰি শোকসস্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
বিজেপিত যোগদান কৰি পুনৰ বিধায়ক হিচাপে কপাল ফুলিল ফণী তালুকদাৰৰ!
বিজেপিত যোগদান কৰি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ফণী তালুকদাৰে এইবাৰ ২৫ হাজৰৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে। ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ মুঠ ভোট লাভ কৰে ৬৩, ৩৫৫ টা ভোট। বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ। তেতিয়া তেওঁ লাভ কৰিছিল ৫৫, ৯৭৫ টা ভোট আৰু তাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰিছিল ৫২,৭৪৮ টা ভোট। তেতিয়া ৩,২২৭ টা ভোটৰ ব্যৱধানত এ আই ইউ ডি এফৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ।
মেৰীজ পাব্লিক স্কুলত তদাৰকী সজাগতা সপ্তাহ- ২০২১ পালন
সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান মেৰীজ পাব্লিক স্কুলত ২৬ অক্টোবৰৰ পৰা ১ নভেম্বৰ লৈকে তদাৰকী সজাগতা সপ্তাহ- ২০২১ পালন কৰে । তাৎপৰ্যপূৰ্ণ এই তদাৰকী সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ শ্রী ধৃতাংশু মণ্ডল বিশ্বাসৰ অধ্যক্ষতাত কালি এক বিশেষ শপত গ্রহণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় । এই উপলক্ষে বিদ্যালয়ৰ প্ৰাংগনত সমবেত হৈ মেৰীজ পাব্লিক স্কুলৰ অধ্যক্ষ গৰাকীয়ে শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীক তদাৰকী সজাগতা সপ্তাহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোকে দুৰ্নীতিমুক্ত সমাজ গঢ়াত ছাত্ৰ – ছাত্ৰীসকলক আত্মনিৰ্ভশীল আৰু সক্রিয়ভাৱে অংশীদাৰ হবলৈ আহ্বান জনায় । লগতে সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ কৰ্তব্য পালন কৰি যাবলৈ আহ্বান কৰে ৷ কাৰ্যসূচীৰ অন্তত শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে শপত বাক্য পাঠ কৰি অংগীকাৰ কৰে ।
ধুবুৰীৰ সাতশীয়া হাই স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ।
ধুবুৰী জিলাৰ সাতশিয়া জনকল্যান হাইস্কুলৰ অসৎ প্ৰধান শিক্ষকৰ শাস্তিৰ দাবীত বিদ্যালয়খনৰ ছাত্র ছাত্ৰীৰ লগতে অবিভাবক সকলৰ উত্তাল প্ৰতিবাদ । ধুবুৰীত অৱস্থিত বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত হৈ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডল গো বেক,লম্পট শিক্ষকক আমি নামানো আদি শ্ল’গানেৰে ছাত্ৰ ছাত্ৰী সকলে কাৰ্যালয়ৰ চৌহদ উত্তল কৰি তোলে।উল্লেখ্য যে এইজন প্ৰধান শিক্ষক জালাল উদ্দিনে যোৱা প্ৰায় চাৰি মাহমান পূৰ্বে বিদ্যালয় খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক অশ্লীলতাহানিৰ অভিযোগ উত্থাপন কৰে স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে , তাৰ পিছত প্ৰধান শিক্ষক জালাল উদ্দিনৰ বিৰুদ্ধে ফকীৰ গঞ্জ আৰক্ষী চকীত ছাত্ৰী গৰাকীৰ অভিৱাবক আদম আলীয়ে এখন গোচৰ ৰুজু কৰিছিল , অৱশ্যে লম্পট প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক শিক্ষা বিভাগে এইজন লম্পট প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক চাকৰিৰ নিলম্বন কৰিছিল। কিন্তু নিলম্বন হোৱাৰ ৪ মাহ নহোওতেই আজি পুনৰ এইজন লম্পট শিক্ষক জালাল উদ্দিনে যোগদান কৰিবলৈ আহিছিল বিদ্যালয়খনত , যাৰ বাবে আজি পুনৰ ধুবুৰী অৱস্থিত বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে ৰূপায়ণ কৰিলে এক দৰ্ণা প্ৰতিবাদী কাৰ্যসূচী । ছাত্ৰ ছাত্ৰীৰ অভিযোগ লম্পট শিক্ষকক আমি বিদ্যালয়ত সোমাবলৈ নিদিও। শিক্ষা বিভাগে লম্পট শিক্ষকক পুনৰ বহিস্কাৰ নকৰিলে আমি সেই বিদ্যালয়ত অধ্যায়ন নকৰোঁ , এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰী সকলে ।
নগৰবেৰাৰ টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ ছাফাই অভিযান
কামৰূপৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত সোমবাৰে নিশা ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে চোৰে অফিচ ৰূমৰ খিৰিকি ভাঙি ভিতৰত প্ৰবেশ কৰি চাবি চাবি লৈ কম্পিউটাৰ ৰূমৰ দুৱাৰৰ তলা খুলি চোৰে নাটকীয় ভাবে নিৰাপদে সৰকালে ছটাকৈ ছোলাৰৰ বেটাৰী সহ এটা কম্পিউটাৰ ছেট। ৰাতিপুৱা বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিদ্যালয় খোলাৰ পিছত সকলো ঘটনা পোহৰলৈ আহে আৰু চাঞ্চল্যৰ সৃষ্টি হয়। বিদ্যালয়ৰ কতৃপক্ষই টুপামাৰী আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে যদিও চোৰৰ কোনো সন্ধান উলিয়াব পৰা নাই। ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
চামতাত কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন
পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত তথা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সহযোগত কালি চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে, ৰাতিপুৱা প্ৰায় ৯ বজাত পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তপন কুমাৰ শৰ্মাই পৰিষদৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ক্ৰমে শ্বহীদ পত্নী মঞ্জু বৰ্মন, প্ৰাক্তন ছাত্ৰনেতা এম হাছান আলী আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে । সন্ধিয়া কৰ্মচাৰী শ্বহীদ সকলৰ পৱিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰ নাথ বৰ্মন, আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়া, নলবাৰী জিলা মাধ্যমিক শিক্ষক সন্থাৰ সহ: সম্পাদক সুভাষ কলিতা, পশ্চিম নলবাৰী আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা তপন কুমাৰ শৰ্মা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে । উল্লেখ্য, সন্ধিয়া প্ৰায় ৬-৩০ বজাত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ উপ-সভাপতি দ্বীপেন মেনাৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মচাৰী শ্বহীদ স্মৃতিচাৰণ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক পৱিত্ৰ কুমাৰ বৰ্মনে । এই অনুষ্ঠানত শিক্ষাবিদ বিৰেন্দ্ৰ নাথ বৰ্মন, প্ৰাক্তন ছাত্ৰনেতা, অৱসৰী শিক্ষক এম হাছান আলী, আছু নেতা প্ৰাণজিৎ ঠাকুৰীয়া, প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তপন কুমাৰ শৰ্মাই স্মৃতিচাৰণ বক্তব্য আগবঢ়াই কৰ্মচাৰী শ্বহীদ সকলক গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।











