Breaking

নগৰবেৰাৰ টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ ছাফাই অভিযান

0 19

কামৰূপৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত সোমবাৰে নিশা ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে চোৰে অফিচ ৰূমৰ খিৰিকি ভাঙি ভিতৰত প্ৰবেশ কৰি চাবি চাবি লৈ কম্পিউটাৰ ৰূমৰ দুৱাৰৰ তলা খুলি চোৰে নাটকীয় ভাবে নিৰাপদে সৰকালে ছটাকৈ ছোলাৰৰ বেটাৰী সহ এটা কম্পিউটাৰ ছেট। ৰাতিপুৱা বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিদ্যালয় খোলাৰ পিছত সকলো ঘটনা পোহৰলৈ আহে আৰু চাঞ্চল্যৰ সৃষ্টি হয়। বিদ্যালয়ৰ কতৃপক্ষই টুপামাৰী আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে যদিও চোৰৰ কোনো সন্ধান উলিয়াব পৰা নাই। ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা চুৰিকাণ্ডই  অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave A Reply