অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত দিছপুৰ ছুপাৰ মাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন । অহা ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰিব। ইতিমধ্যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে ৩১ অক্টোবৰত সেঁতুখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ কৰি লোক নিৰ্মাণ বিভাগক চমজাই দিছে। ইফালে উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰাৰ সময়ত কাৰিকৰী কাৰণত অস্থায়ীভাবে স্থানান্তৰ কৰিব লগীয়া হোৱা দিছপুৰ ছুপাৰ মাৰ্কেটৰ ট্ৰেফিক পইণ্টৰ সমীপৰ পুৰণি শিৱলিংগটো পুনৰ যথাস্থানত এটা সৰুকৈ মন্দিৰ আকৃতিৰ গৃহ নিৰ্মাণ কৰি স্থাপন কৰা হৈছে । উৰণীয়া সেঁতুৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে যাবতীয় পূজা অৰ্চনা কৰাৰ পাছত উৰণীয়া সেঁতুৰ তলত নিৰ্মাণ কৰা উদ্যানত শিৱলিংগটো স্থাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাণজিত্ তালুকদাৰ, বিশ্বজিৎ কলিতা আৰু বন্দনা শইকীয়া লগতে উৰণীয়া সেঁতু নিৰ্মাণ কার্যৰ লগত জড়িত কেবাজনো লোক উপস্থিত থাকে।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মালিকৰ মুখৰ পৰা পিজ্জা কাঢ়ি খোৱা এটা কুকুৰ। আপুনি কাহানিও নেদেখা এক বিৰল দৃশ্য
- ঘাই পথ অৱৰোধেৰে শিৱসাগৰ কপাঁলে আছুৱে-ঘাইপথ প্ৰাধীকৰণৰ শীৰ্ষ বিষয়াৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ
- শ্বাহিদ আচৰিত হৈছিল যেতিয়া মীৰা ৰাজপুতে তেওঁৰ যৌন জীৱনৰ বিষয়ে প্ৰকাশ কৰিছিল
- শাকিৰাৰ ‘ৱাকা ৱাকা’ গানত কঁকাল ভাঙি ভাঙি নৃত্য কৰিলে এগৰাকী বৃদ্ধই।কিন্তু কিয়? ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হ’ল ভিডিঅ’
- কিহৰ বাবে খং কৰিছে পোহনীয়া ভাটৌ চৰাইটিয়ে? এটা এটাকৈ সকলো ঘৰৰ বাচন-বৰ্তন দলিয়াবলৈ আৰম্ভ কৰিলে
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক