Breaking

ধুবুৰীৰ সাতশীয়া হাই স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ।

0 33

ধুবুৰী জিলাৰ সাতশিয়া জনকল্যান হাইস্কুলৰ অসৎ প্ৰধান শিক্ষকৰ শাস্তিৰ দাবীত বিদ্যালয়খনৰ ছাত্র ছাত্ৰীৰ লগতে অবিভাবক সকলৰ উত্তাল প্ৰতিবাদ । ধুবুৰীত অৱস্থিত বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত হৈ  প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডল গো বেক,লম্পট শিক্ষকক আমি নামানো আদি শ্ল’গানেৰে ছাত্ৰ ছাত্ৰী সকলে কাৰ্যালয়ৰ চৌহদ উত্তল কৰি তোলে।উল্লেখ্য যে এইজন প্ৰধান শিক্ষক জালাল উদ্দিনে  যোৱা প্ৰায় চাৰি মাহমান পূৰ্বে বিদ্যালয় খনৰ এগৰাকী নৱম শ্ৰেণীৰ  ছাত্ৰীক অশ্লীলতাহানিৰ অভিযোগ উত্থাপন কৰে স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে , তাৰ পিছত প্ৰধান শিক্ষক জালাল উদ্দিনৰ বিৰুদ্ধে ফকীৰ গঞ্জ আৰক্ষী চকীত ছাত্ৰী গৰাকীৰ অভিৱাবক আদম আলীয়ে এখন  গোচৰ ৰুজু কৰিছিল , অৱশ্যে লম্পট প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক শিক্ষা বিভাগে এইজন লম্পট প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক চাকৰিৰ নিলম্বন কৰিছিল। কিন্তু নিলম্বন হোৱাৰ  ৪  মাহ নহোওতেই আজি পুনৰ এইজন লম্পট শিক্ষক জালাল উদ্দিনে যোগদান কৰিবলৈ আহিছিল  বিদ্যালয়খনত , যাৰ বাবে আজি পুনৰ  ধুবুৰী অৱস্থিত বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে ৰূপায়ণ কৰিলে এক দৰ্ণা প্ৰতিবাদী কাৰ্যসূচী । ছাত্ৰ ছাত্ৰীৰ অভিযোগ লম্পট শিক্ষকক আমি বিদ্যালয়ত সোমাবলৈ নিদিও। শিক্ষা বিভাগে লম্পট  শিক্ষকক পুনৰ বহিস্কাৰ নকৰিলে আমি সেই বিদ্যালয়ত অধ্যায়ন নকৰোঁ , এইদৰে  প্ৰতিবাদ সাব্যস্ত কৰিলে বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰী সকলে ।

Leave A Reply