Home Blog Page 2756

৩০ দিনৰ বাবে দৈনিক ৫ হাজৰ লিটাৰকৈ বিশুদ্ধ খোৱা পানী বিতৰণ

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ওৰাংৰ  যুৱক কিশোৰ শৰ্মাই লৈছে এক  উল্লেখনীয় প্ৰশংসনীয় পদক্ষেপ । মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজক বিশুদ্ধ খোৱাপানীৰ প্ৰতি সচেতনতা অনাৰ বাবে ওৰাঙৰ উদ্যমী যুৱক কিশোৰ শৰ্মাই  ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ তাৰিখলৈ বিতৰণ কৰিব বিনামূলীয়া কৈ  দৈনিক পাঁচ হাজাৰ লিটাৰ কৈ বিশুদ্ধ খোৱাপানী । এমাহ জোৰা কাৰ্যসূচীত মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানীৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ লক্ষ উদ্দেশ্য আগত ৰাখি বিনামূলীয়া কৈ বিতৰণ কৰিছে বিশুদ্ধ খোৱা পানী ।এই  উদ্যমী যুৱক কিশোৰ শৰ্মায়ে নিজ সমষ্টি বাসী ৰাইজক এমাহ দৈনিক ৫০০০ লিটাৰ কৈ বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী  প্ৰদান  কৰাৰ সিদ্ধান্ত লোৱা বুলি যুৱ নেতা কিশোৰ শৰ্মায়ে জানিব দিয়ে । ওৰাঙত অৱস্থিত TINA INTERNATIONAL ৰ উদ্যগত আৰু ওৰাং সাংবাদিক সংস্থাৰ সহযোগত ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ দৈনিক ৫০০০ হাজাৰ লিটাৰকৈ বিনামূলীয়া বিশুদ্ধ খোৱা পানী বিৰণৰ কাৰ্যসূচী ১ নৱেম্বৰ সোমবাৰে শুভ উদ্বোধন  কৰে ওদালগুৰি জিলাৰ ওদালগুৰি ৰ অসমীয়া প্ৰতিদিনৰ জিলা প্ৰতিনিধি,ডি ওৱাই ৩৬৫ ৰ ব্যু’ৰো গুনজি দাসে ৷ TINA INTERNATIONAL ৰ উক্ত বিনামূলীয়া পানী বিতৰণ কাৰ্যসূচীত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিযাংকুৰ হাজৰিকা ,ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য  কেন্দ্ৰৰ  বিপিএম পঙ্কজ সভাপণ্ডিত সমাজ সেৱক ,ভানু শাহুকে আদি কৰি কেইবাজানো বিশিষ্ট নাগৰিক উপস্থিত থাকে । ওৰাঙত অৱস্থিত যুৱ নেতা কিশোৰ শৰ্মাৰ TINA INTERNATIOAL নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৱে মানুহৰ ঘৰত দেখা দিয়া দৈনিক ব্যৱহাৰ কৰা পানীত আইৰণৰ লগতে নানান ধৰণৰ অলাগতিয়াল দ্ৰব্য শোধন কৰা মেচিন পোৱাৰ উপৰিও , পানী ফেক্টৰী খুলিবলৈ ব্যৱহাৰ হোৱা সকলো ধৰণৰ মেচিন যেনে R.O PLANT , বটল বনোৱা মেচিন ,মিনাৰেল ৱাটাৰ ভৰ্তি কৰা মেচিন , লেবৰেটৰি ইকোপমেণ্ট আদিও উপলব্ধ হৈ  আছে । তাৰোপৰি উদ্যমী যুৱক কিশোৰ শৰ্মায়ে কেন্দ্ৰীয় চৰকাৰৰ JJM জল জীৱন মিছন আঁচনিত ব্যৱহাৰ হোৱা সকলো ধৰণৰ আইৰণ REMOVE ফিল্টাৰ যোগান ধৰি আহিছে । পানী সংক্ৰান্ত যিকোনো সমস্যা সেৱা সমুহ  বিনামূলীয়াকৈ  কৰাৰ বাবে 8474082221 , 8638809373 এই নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰিবলৈ উদ্যমী যুৱক সফল ব্যৱসায়ী তথা যুৱ নেতা কিশোৰ শৰ্মাই জনসাধাৰণৰ আহ্বান জনায় ।

উপ-নিৰ্বাচনৰ ৫ সমষ্টিতে উৰিল গেৰুৱা পতাকা! কোন প্ৰাৰ্থীয়ে পালে কিমান ভোট?

*২৮ নং গোসাইগাওঁ সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ জয়লাভ।

* সৰ্বমুঠ ভোট লাভ কৰিছে ৫৬,৬৭৩ টা ।

* জিৰন বসুমতাৰীয়ে মুঠ ২৮,৯৩৬ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে ।

* ভৱানীপুৰ সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে।

* ফণী তালুকদাৰে ২৫,২৫২ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

* তেওঁ মুঠ ভোট লাভ কৰিছে ৬৩, ৩৫৫ টা ।

* ১০১ নং মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ বৃহত্ বিজয়।

* ৰূপজ্যোতিয়ে ৪০,১৬৮ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

* ১০৭ নং থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে বিজয় সাব্যস্ত কৰিছে।

* ২৯,৯৩১ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। সুশান্তই মুঠ ভোট লাভ কৰিছে ৫৩,২৮০ টা ভোট।

* ৫৮ নং তামুলপুৰ তামুলপুৰ সমষ্টিৰত ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জয় লাভ

* ৫৩,৯১৬তা ভোটৰ ব্যৱধানত জয় লাভ।

বিহালী বৰগাংত মণ্ডল বিজেপি কাৰ্য্যালয় আধাৰশিলা স্থাপন

বিহালী বৰগাংত মণ্ডল বিজেপি কাৰ্যালয় আধাৰশিলা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়ক ৰঞ্জিত দত্তই।
বিহালী মণ্ডল সমিতিৰ নিৰ্মাণ হ’বলগীয়া কাৰ্য্যালয়টিৰ প্ৰথমে পকী সীমা বেৰৰ কাম আৰম্ভ কৰে বিধায়ক ৰঞ্জিত দত্তই ।আধাৰশিলা স্থাপনৰ সময়ত   উপস্থিত থাকে  ভাৰতীয় জনতা পাৰ্টি,বিশ্বনাথ জিলাৰ সভাপতি  পংকজ বৰা,বিহালী মণ্ডলৰ সভাপতি  লাচিত বৰা,বাঘমৰা মণ্ডলৰ সভাপতি  দধিৰাম শৰ্মাকে ধৰি  বিজেপি কৰ্মী সকলক উপস্থিত থাকে।

দেৱালীত নেখেলিব জুৱা ! নহ’লে শাস্তি হ’ব পাৰে আপোনাৰো…

পোহৰৰ উৎসৱ দেৱালীলৈ মাজত মাত্ৰ দুটা দিন। বজাৰ ভৰিছে ভিন্নৰঙী আলোক সজ্জাৰ পৰা মাটিৰ চাকি, আতচবাজীৰে। কিন্তু দিপাৱলীক লৈ অধিক সতৰ্ক হৈ পৰিছে অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং। কিয়নো দিপাৱলীৰ সময়ত ৰাজ্যৰ বিভিন্ন স্থানত দিপান্বীতাৰ নামত চলে জুৱা ।এই বিষয়ত এইবাৰ অধিক কঠোৰ হোৱা দেখা যাব অসম পুলিচক। শেহতীয়াকৈ অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰ যোগে জনায় এই কথা।

পূৰৱ শৰ্মালৈ শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰৰ সন্মান

ইষ্টানবুল আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত চুটি ছবি  ‘অনীহা’ৰ বাবে পূৰৱ শৰ্মাই শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ পুৰস্কাৰ লাভ কৰে। পূৰৱ যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। যোৰহাটৰ এন্ জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি “অনীহা”ই ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। অহা ৬, ৭ আৰু ৮  নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অনীহাই ইতিমধ্যে মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছে আৰু ইয়াৰ  মূল এৱাৰ্ড অনুষ্ঠান অহা ৭ নবেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্ৰযোজকে বিশেষ  নিমন্ত্ৰণ লাভ কৰিছে আৰু উপস্থিত থাকিব।যোৱা ৫ জুনত পৰিৱেশ দিৱসৰ দিনা মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা পূৰৱ শৰ্মা আৰু মৃগাংক মাইনা, চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনত অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা,চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা।

একতা দিৱস উপলক্ষে সম্বৰ্দ্ধনা জ্ঞাপন

ৰঙিয়াৰ মহখলীস্থিত দক্ষিণ পশ্চিম ৰঙিয়া কৃষ্টি বিকাশ কেন্দ্ৰত চৰ্দাৰ বল্লভ ভাই  পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি একতা দিৱস ৰূপে পালন কৰা হয় ।গুৱাহাটী মালিগাও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত পুঠিমাৰী সমৃদ্ধি বেচৰকাৰী সংস্থা ৰ সহযোগ ত অনুষ্ঠিত কাৰ্যসূচী ত  অংশগ্ৰহণ কৰা নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া ৰূপনাথ দাস ,স্বেচ্ছাসেৱক ৰঞ্জন হাজৰিকা ,প্ৰশিক্ষক হীতেন্দ্ৰ শৰ্মা ,ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী অমূল্য বৈশ্য,ৰঙিয়া মহাবিদ্যালয়ৰ কৰ্মচাৰী অংকুৰ বড়োক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।আনহাতে অনুষ্ঠানত কৃতি ছাত্ৰ পদ্মনাথ দাসেও বক্তব্য ৰাখে ।উল্লেখযোগ্য যে সংস্থা টোৰ উদ্যোগত ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ লৈ বিভিন্ন স্থানত স্বচ্ছ অভিযান কাৰ্যসূচী ও ৰূপায়ন কৰা হয় ।

ব্যতিক্ৰমী কাহিনীৰে আহি আছে এখন নতুন অসমীয়া চলচ্চিত্ৰ

অসমবাসীক গৌৰৱ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ ৷ এই কাজিৰঙা তথা তাৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষা দিয়াটো একো একোখন সমাজৰ প্ৰতিনিধি হিচাপে সকলোৰে কাম্য৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল প্ৰকৃততে কাজিৰঙাখন সুৰক্ষিত হয়নে?, তাত থকা বন্যপ্ৰাণীসমূহে   আজি সংকটৰ গৰাহত ৷ চোৰাংচিকাৰীৰ কবলত পৰি খৰ্গ কাটি গঁড় হত্যা কৰাৰ বাতৰিয়ে আজিও বাতৰিৰ শিৰোনাম দখল কৰি আছে৷ দিন ৰাতি কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মীসকলৰ যি ত্যাগ সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ৷ গতিকে, এজন সাংস্কৃতিক কৰ্মী হিচাপে এইসমূহক জনসাধাৰণৰ ওচৰত তুলি ধৰাৰ এক প্ৰয়াসেৰে তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে  এক পৰিকল্পনা হাতত লৈ নিৰ্মৰণ কৰা এখন পূৰ্ণদৈৰ্ঘৰ কথাছবি নিৰ্মান কৰি উলিয়াইছে৷ বোলছবিখনে চেঞ্চৰ লাভ কৰিবলৈও সক্ষম হ’ল৷ ১ নৱেম্বৰত কাজিৰঙাৰ সুৰক্ষাৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এই কথা ছবিখনৰ প্ৰ’ম’ মুকলি কৰা হয় ৷ শিৱসাগৰ জিলাৰ শিমলুগুৰি আছুৰ কাৰ্যালয় ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মুকলি কৰে। উক্ত ছবিখনত অভিনয় কৰিছে কেইবাজনো  নবীন প্ৰবীন অভিনেতা – অভিনেত্ৰীয়ে। ছবিখন পৰিচালনা কৰিছে ৰমেন গগৈয়ে ৷ সংগীত দেৱজিৎ বহ্ম, প্ৰযোজনা ৰমেন গগৈ । কেমেৰা আৰু সম্পদনা নাচিৰুল হুচেইনৰ | এতিয়া চলচিত্ৰ প্ৰেমীসকলে অপেক্ষা কৰি আছে ছবিখনৰ মুক্তি হোৱালৈ।

নতুন দিল্লীত উদযাপন সতৰ্কতা সজাগতা সপ্তাহ

‘নিপকো কৰ্পোৰেট পৰিক্ৰমা’ই নতুন দিল্লী আৰু নিপকোৰ সকলো কাৰ্যালয়/স্থানত ‘সতৰ্কতা সজাগতা’ সপ্তাহ পালন কৰে। ২৬ অক্টোবৰৰ পৰা ১ নবেম্বৰ ২০২১ লৈ পালন কৰা হয় ‘সতৰ্কতা সজাগতা’ সপ্তাহ ।এই সপ্তাহটোত কিছুমান বিশেষ স্থানত ‘সতৰ্কতা সজাগতাৰ’ প্ৰতিশ্ৰুতিৰে বেনাৰ লগোৱা হৈছে। লগতে ‘সতৰ্কতা সজাগতা’  প্ৰচাৰৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল আৰু য’ত মূল থীম “স্বাধীন ভাৰতৰ ৭৫ সংখ্যক সততাৰ সৈতে আত্মনিৰ্ভৰশীলতা” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত আছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন ।

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩  সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় ৰঙিয়া মহাবিদ্যালয়ত ৷কাৰ্যসূচী অনুসৰি গুৰু আসন প্ৰতিষ্ঠা, নামপ্ৰসংগ, বৰপেটা সত্ৰৰ দ্বাৰা পৰিচালিত থিয় নাম পৰিবেশনৰ লগতে প্ৰসাদ আৰু লঘু আহাৰ বিতৰণ কৰা হয়। ডঃ উজ্জ্বল ডেকাৰ নেতৃত্বত আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ  ডঃ ব্ৰজেন শইকীয়া, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰ সংঘৰ উপদেষ্টা ভবেন্দ্ৰনাথ ডেকাকে আদি কৰি ছাত্ৰ-ছাত্ৰীৰ আৰু বিশিষ্ট ব্যক্তিসকল।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদা’ৰ ভিডিঅ এলবাম “চহৰাই পৰৱ ”ৰ শুভমুক্তি

 অসমৰ অন্যতম “চহৰাই” উৎসৱ নিচেই সমাগত ৷ আগন্তুক চহৰাই উৎসৱক কেন্দ্ৰ কৰি ৰাজ্যখনতে উখল মাখল পৰিবেশRelease of popular Assam vocalist LD Hasanda’s video album “Shahai Parv” ৷ চাওঁতালী ভাষী লোক সকলে এই উৎসৱক পালন  কৰিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই  আছে ৷ পিছ পৰি ৰোৱা নাই   কলা কুশলী সকলেও ৷ শিল্পী  বাসন্তী হাসদাই চহৰাইৰ উপলক্ষ্যত   প্ৰস্তুত  কৰি উলিয়াইছে  “চহৰাই পৰৱ’ নামৰ এটি  ভিডিঅ এলবাম ৷ জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদাই পৰিচালনা কৰা এলবামৰ গীতটিত সুৰ সংযোজনেৰে   কণ্ঠদান কৰিছে ৷ ইতিমধ্যে শুভমুক্তিও  লাভ কৰিছে  ভিডিঅ এলবামটি ৷ প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা “চহৰাই পৰৱ’ এলবামটিত মুখ্যত  চাওঁতাল সকলে  “চহৰাই পৰৱ” ক উদযাপন কৰাৰ সাংস্কৃতিক  দিশটোৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে ৷   এলবামটিৰ সংগীত পৰিচালনা কৰিছে আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিক্টৰ লাকড়াই ৷ ক্ৰমে ভৈৰাগুৰি পথাৰ চাইচম্পা চাওঁতালী দল আৰু কমাৰপথাৰ বীণাপাণি ঝুমইৰ দলে সুন্দৰভাবে  নৃত্য প্ৰদৰ্শন কৰিছে ৷ অসমৰ বৰবিল , কাৱৈমাৰী আৰু ভৈৰাগুৰিত দৃশ্যগ্ৰহন কৰা আৰু তপন চৰেণ’ৰ ব্যৱস্থাপনাত   ভিডিঅ এলবামটি  L.D Hasda নামৰ ইউটিউব চেনেলত উপলব্ধ হব ৷ সকলো সাংস্কৃতিকপ্ৰেমী ৰাইজক ইউটিউব চেনেলটি চাবক্ৰাইব কৰি লাইক কমেণ্ট দি আনকো উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছে কণ্ঠশিল্পী এল.ডি হাসদাই।