Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন ।

0 2,041

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩  সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় ৰঙিয়া মহাবিদ্যালয়ত ৷কাৰ্যসূচী অনুসৰি গুৰু আসন প্ৰতিষ্ঠা, নামপ্ৰসংগ, বৰপেটা সত্ৰৰ দ্বাৰা পৰিচালিত থিয় নাম পৰিবেশনৰ লগতে প্ৰসাদ আৰু লঘু আহাৰ বিতৰণ কৰা হয়। ডঃ উজ্জ্বল ডেকাৰ নেতৃত্বত আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ  ডঃ ব্ৰজেন শইকীয়া, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰ সংঘৰ উপদেষ্টা ভবেন্দ্ৰনাথ ডেকাকে আদি কৰি ছাত্ৰ-ছাত্ৰীৰ আৰু বিশিষ্ট ব্যক্তিসকল।

Leave A Reply