Home Blog Page 2755

মাজুলীত পঞ্জীয়নভূক্ত শ্ৰমিকৰ দুমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ

মাজুলী জিলাৰ কমলাবাৰীত আজি অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগ আৰু অসম গৃহ আৰু অন্যান্য শ্ৰমিক কল্যাণ পৰিষদৰ যৌথ উদ্যোগত দুমহীয়া দক্ষতা বিকাশ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয়। সেই উপলক্ষে আজি বিয়লি ২ বজাত কমলাবাৰীস্থিত পেঞ্চনাৰ ভৱনত আয়োজন কৰা উদ্বোধনী অনুস্থানত বিভাগৰ মাজুলী শ্ৰম পৰিদৰ্শক কাৰ্য্যালয়ৰ শ্ৰম পৰিদৰ্শক ৰিষান কুমাৰ দাস আৰু সহকাৰী গাননিক বিষয়া বিজিত কুমাৰ মহন্ত উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৰে NRDS-NEDC প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়া লীলা গগৈয়ে। সভাত মাজুলি জিলাৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উক্ত কেন্দ্ৰটিত প্ৰথম পৰ্যায়ত ১০০ জন আৰু দ্বিতীয় পৰ্যায়ত ১৫০ জন প্ৰশিক্ষাৰ্থীৰে নৱেম্বৰ মাহৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ’ব বুলি আমাক জানিব দিয়ে।

মৰিগাঁৱৰ দীঘলবড়ী গাঁৱৰ উদ্ধৱ দেউৰীয়ে সাজি উলিয়ালে বায়ুবেল

মৰিগাঁৱৰ  দীঘলবড়ী গাঁৱৰ উদ্ধৱ দেউৰীয়ে সাজি উলিয়ালে বায়ুবেল। উদ্ধৱ দেউৰী পেচাত এজন কৃষক।নিজৰ খেতি পথাৰ চৰাই চিৰিকতিৰ পৰা বচাই ৰাখিবলৈ এটা অটক ধুনিয়া ব্যয় বহুল যন্ত্ৰ। অটক ধুনিয়া যন্ত্ৰ বতাহত ঘূৰিব পৰাকৈ দুখন পাংখা যুক্ত কৰা হৈছে এখন থাল লগতে থাল আঘাট কৰিবলৈ সৰু লোহাৰ বল এটা আছে।কেতিয়াবা কেতিয়াবা বতাহৰ পৰিমাণ কম হ’লেও যন্ত্ৰ সংযুক্ত সৌৰশক্তি প্লেট চাৰ্জিঙৰ পৰা ও বায়ুবেল বাজি থাকে।বায়ুবেলৰ বাবে ধাননি পথাৰ চৰাই চিৰিকতিৰ পৰা বচাই ৰাখিব পৰা হৈছে ।

দীপান্বিতাৰ সময়তহে গুৰুত্ব লাভ কৰে মৃৎ শিল্পীয়ে

বৃহস্পতি বাৰে অনুষ্ঠিত হবলগীয়া পোহৰৰ উৎসৱ দীপাৱলীত সমগ্ৰ ৰাজ্য পোহৰাবৰ বাবে সাজু হৈছে অসমৰ মৃৎ শিল্পী সমাজ। ইতিমধ্যে দীপাৱলীক সম্পূৰ্ণ নতুন আৰু আকৰ্ষনীয় কৰিবলৈ দেশী বিদেশী সকলো কোম্পানী তথা ব্যাৱসায় প্ৰতিষ্ঠান সমুহ তৎপৰ হৈ পৰিছে। ইয়াৰ মাজতে নলবাৰী আৰু কামৰূপ জিলাৰ সীমামূৰীয়া বৰলীয়া নদীৰ পশ্চিম পাৰত পূৰ্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী সকলেও পিছ পৰি ৰোৱা নাই বিভিন্ন সৰু ডাঙৰ মাটিৰ চাকি তৈয়াৰ কৰি ৰাইজৰ পদুলি পোহৰাবলৈ। গাওঁ খনৰ প্ৰায় ৪৬ ঘৰ মানুহে কম বেছি পৰিমাণে প্ৰায় দুই লক্ষাধিক মাটিৰ চাকি তৈয়াৰ কৰি  দীপান্বিতাত বিক্ৰী কৰি কৰিবলৈ সক্ষম হৈছে।পূৰ্ব পুৰুষৰ পৰা পৰাম্পৰাগত ভাবে চলি অহা এই শিল্প টোক অশেষ কষ্টৰে জীয়াই ৰাখিছে।আনহাতে ৰাজ্য চৰকাৰৰ অবহেলাৰ বাবেই কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকে জীয়াই ৰখা মৃৎশিল্পী সকলে মৃত্যু ৰ সৈতে যুঁজ দিবলগীয়া হৈছে। সম্প্ৰতি অসমৰ সকলো ঠাইৰ হীৰা সম্প্ৰদায়ৰ লোকসকলৰ অৱস্হা বৰ দুখজনক হোৱাৰ কাৰণটো হৈছে অত্যাধুনিক প্লাষ্টিকৰ সামগ্ৰী বজাৰত উভৈনদী হোৱাত। যাৰ বাবে আজিৰ সমাজে মাটিৰ চাকি বাচন-বৰ্তন ব্যৱহাৰ কৰিবলৈ অপৰাগ। চৰকাৰী অবহেলা , বিভিন্ন দ’ল সংগঠনৰ অবহেলা, জন প্ৰতিনিধি সকলৰ চৰম প্ৰৱঞ্চনাৰে বছৰ ধৰি অৱহেলিত হৈ থকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৃৎশিল্পী সকলৰ লগতে পূৰ্ণখুমদুম হীৰাপাৰাৰ ৪৬ ঘৰ মৃৎশিল্পীৰ জীৱন নিৰ্বাহ কৰাটো তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে।গাওঁ খনৰ জেষ্ঠ কনিষ্ঠ  মৃৎশিল্পী ক্ৰমে লোহিত চন্দ্ৰ হীৰা, সুৰেন হীৰা, শৰৎ হীৰা, নিৰদা হীৰা , ৰামেশ্বৰ হীৰা,ভূৱনেশ্বৰ হীৰা, নিৰদা হীৰা, খৰ্গেশ্বৰ হীৰা,  হৰকান্ত হীৰা, অমূল্য হীৰা, হৰেন হীৰা, কৈলাস হীৰা, থানেশ্বৰ হীৰা, বেলো হীৰা, মহাদেৱ হীৰা, ৰাজিন হীৰা, লক্ষ্মী হীৰা, মালতী হীৰা আদিয়ে চৰকাৰী আঁচনিৰ পৰা আজিও বঞ্চিত হৈ আহিছে। অতি কষ্টসাধ্য হৈ পৰিছে তেওঁ লোকৰ জীৱন যাপন। বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে বিগত দুই বছৰ ধৰি অতি কষ্টৰে তৈয়াৰ কৰা মাটিৰ বাচন বৰ্তন নিজৰ ঘৰতে পৰি আছে। তেওঁলোকৰ হাতৰ পৰশত সৃষ্টি হোৱা মাটিৰ কলহ , চৰু, টেকেলি, মুটকি, চাকি, কুমাৰ আৰু, ঘট, মাটিৰ বেংক ইত্যাদি অনেক সামগ্ৰী আজি অনাদৃত অৱহেলিত। তথাপিও বহুত কষ্টৰে তৈয়াৰ কৰা এই মনোমোহা সামগ্ৰী সমুহ তেওঁলোকে ভাৰ বান্ধি কান্ধত তুলি ঘগ্ৰাপাৰ, বৰাজোল খাতিকুছি,  দিহজাৰী ,আল্লিয়া, ৰঙিয়া, দ্বাৰকুছি, বালিসত্ৰ, সত্ৰ পাণ্ডুলা ইত্যাদি বজাৰত বিক্ৰী কৰি এই ক্ষুদ্ৰ ব্যাৱসায় তথা জীবিকাৰ আহিলাটো জীয়াই ৰাখিছে। বৰলীয়া নদী আৰু বৰভাগৰ বাঢ়নী পানীয়ে গাওঁ খনৰ সৰু সৰু জুপুৰী সমুহ ধ্বংস কৰাৰ উপৰিও মাটিৰ বাচন বৰ্তন সমুহো ধ্বংস কৰি আহিছে। তথাপিও চৰকাৰ তথা জন প্ৰতিনিধি সকলে তেওঁ লোকৰ সমস্যা সমুহৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইপিনে প্লাষ্টিকৰ সামগ্ৰী ৰাজ্যৰ চুকে কোনে ভৰি পৰাত এতিয়া মাটিৰ বাচন বৰ্তন সমুহো অনাদৃত অৱহেলিত হৈ পৰিছে।পূৰ্বৰ দৰে ধৰ্মীয় কাম-কাজত মাটিৰ বাচন বৰ্তন ব্যাৱহাৰৰ পৰিবৰ্তে প্লাষ্টিকৰ সামগ্ৰী ব্যাৱহাৰ কৰিবলৈ ধৰাত মৃৎশিল্পী সকলৰ বাবে অভিশাপ স্বৰূপ নৌ  হৈ পৰিছে। ইমানৰ পিছতো গাওঁ বাসীক কোনো ধৰণৰ সহায় সাহায্য কৰিবলৈ কোনো জনপ্ৰতিনিধি আগবাঢ়ি নহাত আক্ষেপ প্ৰকাশ কৰিছে বয়োজেষ্ঠ মৃৎশিল্পী সকলে। বিগত ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত এই সকল মৃৎশিল্পীক গুৰুত্ব প্ৰদান নকৰা বুলি আক্ষেপ প্ৰকাশ কৰাৰ পিছতো ৰাজ্যৰ বিজেপিৰ মিত্ৰশক্তিৰ চৰকাৰ খনেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে গাওঁ খনৰ পূব ফালটো হাজো সমষ্টি, পশ্চিম ফালে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত হোৱা বাবে কোনো জনপ্ৰতিনিধিয়ে সেই সকল হীৰা সম্প্ৰদায়ৰ লোক সকলক গুৰুত্ব নিদিয়াৰ অভিযোগ গাওঁ বাসীৰ। এতিয়াও গাওঁ খনৰ বহুত পৰিয়াল প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰাও বঞ্চিত হৈ আছে। নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। এতিয়াও বহুত পৰিয়াল ভঙা ঘৰ, ভঙা চালিৰ তলত থাকিব লগীয়া হৈছে। তথাপিও তেওঁলোকে নিজৰ পূৰ্ব পুৰুষৰ কৰ্ম মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰি গ্ৰাহকৰ অপেক্ষাত আছে।

যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদ গঠন

জাতিৰ অস্তিত্ব ৰক্ষাৰে অসম আৰু অসমীয়াৰ মৰ্যাদাত অৱদান যোগাবলৈ আগবাঢ়ি আহিছে চাউদাঙৰ একাংশ নৱ প্ৰজন্ম। এই উদ্দেশ্যে দক্ষিণ যোৰহাটৰ কুঁৱৰী পুখুৰী আক্কেল একাডেমীত বৃহৎ ৰাজহুৱা সভা যোৱা ৩১ অক্টোবৰত অনুষ্ঠিত হৈ যায়। চাউদাং জাতীয় পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ঘনকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ছায়াপ্ৰকাশ শেনচোৱাই অৱগত কৰে। কেন্দ্ৰীয় সমিতিৰ অনুমোদনভিত্তিত পৰিস্থিতি সচেতক মলেন কুমাৰ গগৈ আৰু লাটু গগৈৰ বিশেষ প্ৰচেষ্টাত ছায়াপ্ৰকাশ শেনচোৱাক সভাপতি, জ্যোতিৰ্ময় বৰাক কাৰ্যকৰী সভাপতি, জিতেন গগৈক সাধাৰণ সম্পাদক, শেৱালী শইকীয়া বৰা, নৱজ্যোতি গগৈক সহকাৰী সম্পাদক, ৰূপক গগৈক সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণেৰে যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদ গঠন হয়। নৰেন গগৈ, দেৱজিৎ গগৈসহ ভিন্ন প্ৰান্তৰ প্ৰতিনিধিক লৈ ২৭জনীয়া সমিতি গঠন কৰিছে। সভাত চাউদাং জাতীয় পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিমল চন্দ্ৰ শইকীয়া, কাৰ্যকৰী সভাপতি অমিয় কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক সুৰজিৎ গগৈ, তত্বাৱধানত দিলীপ দৰৱধৰা, জিতুল গগৈ, যোৰহাট জিলা সভাপতি ৰণজিৎ শইকীয়া, তিতাবৰ মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি শৰৎ গগৈ, সম্পাদক গুণেন গগৈকে ধৰি বহু বিষয়ববীয়া উপস্থিত থাকে। মহকুমা সমিতিখনৰ পৰা ৰাইজে নৱ উত্থান আশা কৰিছে।

ৰাজ্যত প্ৰযোজ্য হৈ থকা সকলো দমনমুলক আইন বাতিলৰ দাবী

 গো সুৰক্ষা আইনৰ নামত বৰ্তমানৰ বিজেপি চৰকাৰে খৰ্ব কৰিব বিচাৰিছে মানুহৰ জীৱন -জীৱিকাৰ অধিকাৰ। একেদৰে চলিছে এতিয়া ৰাজনৈতিক কু-অভিসন্ধিত অসমীয়াৰ মুখৰ ভাষা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ ৷ এই মন্তব্য মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা বুবুমণি গোস্বামীৰ ৷ উল্লেখ্য যে বঙাইগাঁও জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত মঙলবাৰে বঙাইগাঁৱৰ টেঙাইগাঁওস্থিত লাইব্ৰেৰিয়ান ক্লাবত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা সংগঠনটোৰ ৩১ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই মাছৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টাগৰাকীয়ে এইদৰে কয় ৷ নিজৰ ভাষণত  অলফাকে ধৰি বিভিন্ন বিদ্ৰোহী সংগঠন সমূহে আলোচনাৰ বাবে আগবাঢ়ি অহাৰ পিছত সম্প্ৰতি মানৱ অধিকাৰ উলংঘনৰ ঘটনা কিছু হ্ৰাস পাইছে যদিও বৰ্তমানো থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত বিভিন্ন ৰূপত ৰাষ্ট্ৰৰ নিৰ্যাতন অব্যাহত আছে বুলি উল্লেখ কৰি মাছৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৰাজনৈতিক অভীপ্সা সিদ্ধিৰ বাবে চৰকাৰী ভাৱেই পুনৰ অসমক অশান্ত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলিও অভিযোগ কৰে। নব্বৈৰ দশকৰ ৰাষ্ট্ৰ সন্ত্ৰাস, শিহৰণকাৰী গুপ্তহত্যাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে খিলঞ্জীয়া অসমবাসীৰ অধিকাৰ ৰক্ষাৰ বাবে নীলিম আকাশত মাছৰ পতাকাখন উজ্জীৱিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। মাছৰ কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰ্ষীয়ান আইনবিদ বিজয় চৌধুৰীয়ে মাছৰ জন্মৰ পটভূমি বিশ্লেষণ কৰি বৰ্তমান সময়তো সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ সাব্যস্তৰ বাবে মাছৰ  প্ৰয়োজনীয়তা উপলদ্ধি কৰি মাছক অধিক গতিশীল আৰু শক্তিশালী কৰাৰ সপক্ষে মত ব্যক্ত কৰে। টেঙাইগাঁও হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত সৰকাৰে উদ্বোধন কৰা মুকলি সভাত বিশিষ্ট অতিথিৰ ভাষণত বিশিষ্ট আইনবিদ ভূপতি ৰঞ্জন গোস্বামীয়ে ন্যায়ালয় সমূহত বিচাৰৰ ৰায় আঞ্চলিক ভাষাত প্ৰদান কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দিয়া মন্তব্যৰ উদ্ধৃতিৰে মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাসংগিকতা উপলব্ধিৰে মাছক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়। মাছৰ কেন্দ্রীয় সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্রধান লক্ষীপ্রসাদ ডেকাই আঁত ধৰা মুকলি সভাত বিশিষ্ট আইনবিদ তপন দাস আৰু অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক সুজিত কুমাৰ ৰায়েও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে ৷ যোগেশ নাথৰ ৰচনা, জ্যোতিন্দ্ৰ নাথ অধিকাৰীৰ সুৰ আৰু পৰিচালনাৰে “মানৱ অধিকাৰ” শীৰ্ষক মাছৰ শীৰ্ষ সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাত মাছৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সচিব প্ৰশান্ত কুমাৰ মোদক, বিত্ত সচিব বুধেন বৰা, কেন্দ্ৰীয় সদস্য প্ৰফুল্ল কুমাৰ দাস,  গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হাচিবুল ইছলাম , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ব্ৰজেন বৰুৱা, বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা মাখন ৰাভা আদি সন্মানীয় অতিথি আৰু আন বিভিন্নজন নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷ উল্লেখ্য যে মঙলবাৰৰ প্ৰতিষ্ঠা দিৱসতে আফছাকে ধৰি ৰাজ্যত প্ৰযোজ্য হৈ থকা সকলো দমনমুলক আইনৰ প্ৰতিবাদ জনাই সকলো ক’লা আইন বাতিলৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে মনোৰঞ্জন বৰ্মনে। ইপিনে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মাছৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই আৰু ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে শ্বহীদ পৰিয়ালৰ সদস্য ভাৰত ৰায়ে। বন্তি প্ৰজ্জ্বলন কৰে শ্বহীদ পৰিয়ালৰ সদস্য বেণী মাধৱ সিংহই। পুৱা ১০ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে মাছৰ বঙাইগাঁও জিলা সমিতিৰ অধ্যক্ষ বিজয় নাৰায়ণ বৰুৱাই। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও জিলা মাছৰ সচিব বিকাশ কৰ্মকাৰে ৷ 

স্মৃতিগ্ৰন্থ ‘মৃত্যুঞ্জয়’ উন্মোচন

 যোৱা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত  গ্রাম্য ঔষধ ব্যৱসায়ীসকলৰ অতীত স্মৃতি ৰোমন্থনৰ  মানসেৰে দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ  সতী সাধনী কলা ক্ষেত্ৰত পঞ্চম বাৰ্ষিক অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে  পালন হয় । কাৰ্যসূচী অনুসৰি ৩১ অক্টোবৰৰ বিয়লি ৩-৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, ৪-৩০ বজাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু বিয়লি ৫-৩০ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।  আনহাতে ১ নৱেম্বৰৰ পুৱা ৯-০০ বজাত পতাকা উত্তোলন  কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাতুল শৰ্মা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি মিণ্টু বৰাই । তাৰ পাছতেই স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণ, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া ১১-০০ বজাৰ পৰা  অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বৰেণ্য ব্যক্তি ।  উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকে  অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ, কেন্দ্ৰীয় সমিতিৰ সভাপতি  ৰাতুল শৰ্মা, শিৱসাগৰ জিলাৰ সমীৰ দেউৰা, পুতুল কাকতি, খুমতাই সমষ্টিৰ বিধায়ক  মৃণাল শইকীয়া,  জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেন্দ্ৰ নাথ শৰ্মা, যোৰহাটৰ ঔষধ পৰিদৰ্শক  জাহ্নৱী কলিতা ।  আনহাতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্যামল মহনে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দিগন্ত শৰ্মা, শিৱসাগৰ জিলাৰ মদন দত্ত, ঋতু ৰাজখোৱা, কৃষ্ণ কোঁৱৰ, কৌশিক ফুকন, দ্বীপেন মহন, বসন্ত বৰা, ৰাজীৱ খাটনিয়াৰ, পৱন ৰাজবংশী, ৰজনীকান্ত পাংগিং, জিন্টু কাকতি, ,গোলাঘাট জিলাৰ মিণ্টু বৰা, জিটু গগৈ আৰু অসমৰ প্ৰতি জিলাৰ সদস্যসমূহ । অনুষ্ঠানত কেইবাজনো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ।

সংবিজিত ইংতি কাথাৰ আৰু কংকাত টেৰণক দেউছটালত সম্বৰ্ধনা

কাৰ্বি আংলং আৰু অসমৰ  ভৈয়াম অঞ্চলত বাস কৰা কাৰ্বি সম্প্ৰদায়ৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰকাৰী দুই নেতা ক্ৰমে –  পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি চমুকৈ পি ডি চি কেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰ , প্ৰাক্তন উপাধ্যক্ষ কংকাত টেৰণক আজি গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটাল খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অঞ্চলটোৰ কাৰ্বি সমাজে শান্তি স্থাপনত আগভাগ লোৱা বাবে ৰাজহুৱাভাবে সম্বৰ্ধনা জনায় । এই উপলক্ষে সমাজকর্মী কেষ্টৰাম ৰংপীয়ে সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে প্ৰমোদ ৰংপীয়ে । সভাত বলেশ্বৰ ৰংপী , নৃপেন ইংতি , দ্বীপেন ৰংপীকে ধৰি কেবাজনেও ভাষণত দুই শান্তিচুক্তি স্বাক্ষৰকাৰী নেতাক শান্তি স্থাপনত আগভাগ লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে  তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰে । সভাত দুয়োজনকে কাৰ্বি পৰম্পৰাৰে আদৰণি জনোৱা হয় । তেনেদৰে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত দুয়োজন নেতাই  পৰিৱৰ্তিত পৰিস্থিতিত চৰকাৰৰ  উন্নয়নৰ  যাত্ৰাত অংশীদাৰ হবলৈ হলে  কাৰ্বি আংলংসহ  ৰাজ্যত শান্তি স্থাপনৰ বিকল্প নাই বুলি সদৰি কৰে ।

ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সভা

ছিপাঝাৰ কলেজ আছু গোট গঠনৰ উদ্দেশ্যে কালি ছিপাঝাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত ছিপাঝাৰ মহাবিদ্যালয় আছু গোট গঠন কৰা হয়।ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি লক্ষীনন্দন বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত  সভাৰ আত ধৰে সাধাৰণ সম্পাদক চুমন বৰদলৈয়ে। উক্ত সভাত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্র সন্থাৰ বিত্ত সম্পাদক হৃদয় বৰুৱা, মঙলদৈ মহকুমা ছাত্র সন্থাৰ সভাপতি শুচিব্ৰত শইকীয়াৰ লগতে ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ সদস্য সকল ।উক্ত সভাই সীমান্ত কলিতাক সভাপতি, পীয়ুষ কান্তিক সাধাৰণ সম্পাদক, লভিতা কলিতাক উপসভানেত্ৰী, হীৰক জ্যোতি নাথক সহকাৰী সাধাৰণ সম্পাদক, ৰঞ্জন নাথক বিত্ত সম্পাদক, অনন্যা বৰুৱাক সাংস্কৃতিক সম্পাদিকা, শশাংক নাথক ক্ৰীড়া সম্পাদক,জ্যোতিষ্মান নাথক প্ৰচাৰ সম্পাদক, সুৰজিত বৰুৱাক তথ্য সম্পাদক, মোজাহিদুল ইছলামক সাহিত্য সম্পাদক, চিৰঞ্জীৱ চহৰীয়াক কাৰ্যালয় সম্পাদক, ৰাতুল চহৰীয়াক শিক্ষা সম্পাদক,ইজাজ আহমেদ আৰু প্ৰণৱজ্যোতি শৰ্মাক সাংগঠনিক সম্পাদক হিচাপে নৱনির্বাচিত কৰে।

বঙাইগাঁও জিলা বিজেপিৰ নটা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা

ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ন টা মণ্ডলৰ প্ৰত্যোকটোতে সোমবাৰে মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ইয়াৰে সৃজনগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰৰ শিক্ষা , ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা  শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকী সোমবাৰে বঙইগাঁও জিলাৰ টুলুঙীয়াস্থিতপণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ বিজ্ঞান শাখা শুভাৰম্ভৰ উদ্দেশ্যে জিলাখনত উপস্থিত হৈছিল ৷ মন্ত্ৰীগৰাকীয়ে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সৈতে সৃজনগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ দলীয় কৰ্মীসকলক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ৷ উল্লেখ্য যে মণ্ডলসমূহৰ কাৰ্যনিৰ্বাহক সভাত বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ লগতে জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাস , জিলাৰ সহ প্ৰভাৰী ৰঞ্জন বৰা , জিলা বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় শংকৰ বিশ্বাস আৰু জ্যোতিৰ্ময় সৰকাৰৰ উপৰিও মণ্ডল সভাপতিসকল , মণ্ডল প্ৰভাৰীসকল তথা মণ্ডল কাৰ্যনিৰ্বাহক সদস্য- সদস্যাসকল উপস্থিত থাকে ৷ 

১৪নবেম্বৰত ওৰাঙত ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ আৰাম্ভনী অনুষ্ঠান

ওদালগুৰি জিলাৰ অগ্ৰণী ক্ৰীড়া সংঘ জেনিথ ক্লাবৰ উদ্যোগত অহা নবেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ৰ ষ্টেডিয়ামত T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি  ব্যাপক হাৰত আৰম্ভ কৰা হৈছে। ১৪নবেম্বৰৰ পৰা ওৰাং প্ৰিমিয়াৰ লীগ নামেৰে জেনিথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হব লগীয়া প্ৰতিযোগিতাখন এইবেলি ষষ্ঠ সংস্কৰণ হিচাপে  অসম ক্ৰিকেট সন্থাৰ অধিনত সম্পূৰ্ণভাৱে T20 ক্ৰিকেটৰ আৰ্হিত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হব। প্ৰতিযোগিতাখনত মুঠ আঠটা দলে অংশ গ্ৰহণ কৰিব ৷  স্থানীয় খেলুৱৈ সকলৰ সৈতে প্ৰতিটো দলত চাৰিজনকৈ অন্য স্থানৰ খেলুৱৈক সুযোগ দিয়া হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। আনহাতে  স্থানীয় খেলুৱৈ সকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে জেনিথ ক্লাবৰ জৰিয়তে আৰম্ভ কৰা হৈছে। অসম ক্ৰিকেট সন্থাৰ নিয়মাৱলী আৰু নিৰ্দেশনাৰ জৰিয়তে অনুষ্ঠিত হব লগীয়া প্ৰতিযোগিতাখনৰ বাবে মুঠ ৬০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে ।  প্ৰতিযোগিতাখনৰ প্ৰতিখন  খেলতে মেন অফ দ্য মেচ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাখনত মেন অফ দ্য চিৰিজ আৰু অন্যান্য পুৰস্কাৰ সমূহো প্ৰদান কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । আনহাতে ওৰাং প্ৰিমিয়াম ক্ৰিকেট  লীগ খনৰ অহা  ১৪ নবেম্বৰত বনাঢ়্য  কাৰ্যক্ৰমণিকাৰে  শুভাৰম্ভনী অনুষ্ঠান এটি আৰাম্ভ কৰা হব ৷ আৰু ১৯ ডিচেম্বৰত  মেগা ফাইনেল খেল আৰাম্ভ কৰা হব বুলি উদ্যোক্তা সকলে আহ্বান জনাইছে ৷প্ৰতিযোগিতাখনত সকলো প্ৰকাশৰ যোগাযোগ কৰাৰ  সম্পৰ্কত তথা সবিশেষ জানিবলৈ 9957376467, 7002633714, 9954065983,9954065983,7002963609,8876179743 নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে উদ্যোক্তা সমিতিৰ সভাপতি ডঃ ধৃতিমান বৰুৱা, কাৰ্যকৰী সভাপতি হেমন্ত বড়ো আৰু সম্পাদক প্ৰাঞ্জল ভদ্ৰই।