বিটিআৰত ভুৱা নথি-পত্ৰৰে চাকৰি লৈ কেবাগৰাকীও টেট শিক্ষক গ্ৰেপ্তাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ বাক্সা জিলাৰ মুছলপুৰত চলি থকা অসম আৰক্ষীৰ সাক্ষাৎকাৰত শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদৰ্শণ কৰি আৰক্ষীৰ জালত পৰে পৰীক্ষাৰ্থীসহ তিনি গৰাকী লোক ৷ জানিব পৰামতে কালি জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰবৰীৰ আৰক্ষী চাউনীত চলি থকা অসম আৰক্ষীৰ সাক্ষাৎকাৰত উৎসৱ দাস নামৰ এজন যুৱকে তেওঁ প্ৰদৰ্শণ কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নথি-পত্ৰ সমুহৰ ওপৰত সন্দেহ ওপজে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ ডকুমেন্ট চে’লৰ দায়িত্বত থকা বিষয়াই যুৱকজনৰ শিক্ষাগত অৰ্হতাৰ নথি-পত্ৰ সমুহ তন্ন তন্নকৈ পৰীক্ষা কৰাত ভুৱা বুলি প্ৰমাণ হয় আৰু জালিয়াতিৰ এই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ যুৱকজনক এই বিষয়ে অধিক সোধ-পোচ কৰাত নথি-পত্ৰ সমুহ ভুৱা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে আৰু পাঁচ হাজাৰ টকাৰ বিনিময়ত সংগ্ৰহ কৰা বুলি উল্লেখ কৰে ৷ পিচত উৎসৱ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত এই জালিয়াতি চক্ৰৰ লগত জড়িত থকা অনুপম দাস আৰু শৈলেন বৰ্মণ নামৰ আন দুগৰাকী লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ মুছলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোণোৱালে জানিবলৈ দিয়া মতে এই ভুৱা নথি-পত্ৰ যোগান ধৰাৰ অন্তৰালত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে কিছু তথ্য সদৰি কৰাৰ পৰা বিৰত থাকে । সম্প্ৰতি তিনিওগৰাকী অভিযুক্তকে আৰক্ষীয়ে মুছলপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে উৎসৱ দাস আৰু অনুপম দাসৰ ঘৰ মুছলপুৰৰ সমীপৱৰ্তী বেলগুৰি পথাৰত আৰু শৈলেন বৰ্মণৰ ঘৰ বজালী জিলাৰ নিত্যানন্দত বুলি জানিব পৰা গৈছে ।
৫ নবেম্বৰত কেদাৰনাথলৈ যাব প্ৰধানমন্ত্ৰী
*৫ নবেম্বৰত কেদাৰনাথলৈ যাব প্ৰধানমন্ত্ৰী
- *5 নবেম্বৰত বাবাকেদাৰ নাথ মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
- *বহু কেইখন আচঁনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ।
- *আদি শংকৰাচাৰ্যৰ প্ৰতিমা উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

এজন জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিক ভাৱে অপদস্থ
যি সময়ত চৰকাৰে কৰ্মচাৰী সকলৰ জীবন আৰু নিৰাপত্তাক লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে গুৱাহাটীস্থ পৰিবহণ আয়ুক্ত কাৰ্যালয়ত এজন জ্যেষ্ঠ কৰ্মচাৰীক শাৰীৰিক আৰু মানসিক ভাৱে অপদস্থ কৰাক লৈ সৰ্বত্ত প্ৰতিবাদৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে গুৱাহাটীস্থ পৰিবহণ আয়ুক্ত কাৰ্যালয়ত আয়ুক্ত গৰকীয়ে গুৱাহাটী পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিক শাৰিৰীক আৰু মানসিক ভাৱে অপদস্থ কৰাক সদৌ অসম চৰকাৰী পৰিবহণ কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা মৰিগাঁও জিলা পৰিবহণ কাৰ্যালয় এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
তৰণীত স্বেচ্ছাসেৱী সংগঠন পৰমাৰ্থৰ উদ্যোগত বিশেষ সম্বৰ্দ্ধনা সভা
ৰঙিয়াৰ তৰণী কৃষ্ণগুৰু শাখা সেৱাশ্ৰম প্ৰাংগণত নৱগঠিত স্বেচ্ছাসেৱী সংগঠন পৰমাৰ্থৰ উদ্যোগত মংগলবাৰে বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । সংগঠনটোৰ সাধাৰণ সম্পাদক বিশ্বজিৎ কাকতীয়ে আত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে সভাপতি ভাস্কৰ কলিতাই ।সভাত ৰঙিয়াৰ কোঠৰা গাৱৰ পৰা গৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বিভিন্ন বটা-পুৰস্কাৰেৰে ৰঙিয়াক গৌৰৱান্বিত কৰা সংস্কৃতিৰ পূজাৰী পংকজ পল্লৱ শৰ্মাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । শেহতীয়াভাবে পাঞ্জাৱৰ পৰা পৰিচালনাৰ “ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড-২০২১” লাভ কৰা উপলক্ষে বেচৰকাৰী সংস্থাটোৱে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনায়। প্ৰসঙ্গক্ৰমে পঙ্কজ পল্লৱ শৰ্মাই পৰিচালনা কৰা “দিঠকত হেৰাল সপোন” নামৰ অসমীয়া কথাছবিখনে ইতিমধ্যে কেবাটাও আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ক’ভিদ ৰ সময়ত চুটিছবি নিৰ্মানৰে ৰঙিয়াত সাংস্কৃতিক ক্ষেত্ৰত এক নতুন পৰিবেশৰ সৃষ্টিকৰা পঙ্কজ পল্লৱ শৰ্মাই পৰিচালনা কৰা “অক্ট’পাছ” নামৰ চুটিছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। সাংস্কৃতিক ক্ষেত্ৰখনৰ যোগেদি বৰ্ণিল কৰ্মজীৱনৰ দক্ষতাৰ পৰিচয় হিচাবে সংগঠনটোৰ ফালৰ পৰা ফুলাম গামোচা মানপত্ৰ আদিৰে সম্বৰ্দ্ধনা জনোৱা হয় ।
শিৱসাগৰ জিলা আশিহাৰা কাৰাটেত কালুগাঁও শ্ৰেষ্ঠ
নাজিৰাৰ এম চি ক্লাৱত শিৱসাগৰ জিলা ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আশিহাৰা সমৰ-কলা (কাৰাটে) প্ৰতিযোগিতা অলপতে সফলতাৰে সামৰণি পৰে । আশিহাৰা কাৰাটে স্কুল কালুগাঁৱৰ অৰ্ণৱ জ্যোতি বৰঠাকুৰ ল’ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ আৰু নাজিৰা ড্ৰেগন ক্লাৱৰ গাৰ্গী কাশ্যপক ছোৱালীৰ শাখাত শ্ৰেষ্ঠ পুৰস্কাৰ প্ৰদান কৰা হয় । আনহাতে দলগতভাৱে আশিহাৰা কাৰাটে স্কুল কালুগাঁৱলৈ প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ আগবঢ়োৱা হয় । দলটোৱে ১৬টা সোণৰ, ৫টা চিলভাৰ, ১১ টা ব্ৰঞ্জৰ পদক জয় কৰে । শিৱসাগৰ টাইকোৱাণ্ডু চেণ্টাৰ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু আশিহাৰা কাৰাটে অনুষ্ঠান বকতাই তৃতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে । নাজিৰা কীডচ জ’নে শ্ৰেষ্ঠ অনুশাসন প্ৰদৰ্শনকাৰী দলৰূপে পুৰস্কাৰ লাভ কৰে । মুঠ দুশজন জুনিয়ৰ, চাব-জুনিয়ৰ, কেডেট আৰু চিনিয়ৰে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাত হেমন্ত বৰঠাকুৰ চীফ জুৰী হিচাপে উপস্থিত থকাৰ লগতে সুশান্ত দাস, দিব্যজ্যোতি বৰুৱা, কৃষ্ঞ দৰ্জী, কমল চেতিয়া, ৰাজীৱ দাস, পূজা শইকীয়া, শিখা দাস আদিয়ে ৰেফাৰী হিচাপে সহায় কৰে । ৩১ অক্টোবৰৰ নিশা অনুষ্ঠিত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত নাজিৰাৰ সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ গগৈ, সংবাদ কৰ্মী ভাস্কৰজ্যোতি বৰগোহাঁই উপস্থিত থাকি ক্ৰীড়া প্ৰতিযোগী সকলক উৎসাহ যোগায় । শিশু খেলুৱৈ সকলক উৎসাহ যোগাবলৈ নাজিৰাৰ আশিহাৰা কাৰাটে কীডচ জ’নে আয়োজন কৰা প্ৰতিযোগিতাৰ পৰিচালনাত সহায় কৰে আব্দুৰ ৰহমানে ।
গহপুৰত আদিৱাসী গীতৰ শুভমুক্তি
পোহৰৰ উৎসৱ দ্বীপাৱলীৰ প্ৰাক্ ক্ষণত গহপুৰৰ অতিকৈ পিছপৰা অঞ্চল হিচাপে পৰিচিত ককিলাঝাৰ অঞ্চলত এটি আদিৱাসী গীতৰ শুভমুক্তি দিয়া হয়। এই উপলক্ষে ককিলাঝাৰ অঞ্চলৰ ককিলাঝাৰ হৰিমন্দিৰ প্ৰাংগন ৰাজু ওৰাঙৰ সভাপতিত্বত অনুষ্ঠিত গীত উন্মোচনী সভাৰ আঁত ধৰে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিকৰ সভাপতি অমৃত মুণ্ডাই। উক্ত সভাখনতে গহপুৰৰ এগৰাকী স্থানীয় সংবাদদাতা ৰমেন বৰাই লিখা আৰু সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক তথা ককিলাঝাৰ অঞ্চলৰ যুৱক প্ৰবীণ ওৰাঙে কণ্ঠদান কৰা ‘কেউ বুলে আদিৱাসী, কেউ বুলে বাগানীয়া’ শীৰ্ষক গীতটো আনুষ্ঠানিক ভাবে মুকলি কৰে নাহৰণী প্ৰাক্তন চাহ মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক এচাও হাচাই। আদিৱাসী লোক সকলৰ জীৱন আৰু সংগ্ৰামৰ পটভূমিত সাংবাদিক ৰমেন বৰা লিখা, প্ৰবীণ ওৰাঙে কণ্ঠদান কৰা, প্ৰবীণ ওৰাং-ৰমেন বৰাই সুৰ কৰা গীতটোৰ সংগীত ব্যৱস্থাপনা নাৰায়ণপুৰ ২নং শিঙিয়াৰ উদীয়মান সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰাৰ। গীতটোৰ উন্মোচক এচাও হাচাই ‘কেউ বুলে আদিৱাসী, কেউ বুলে বাগানীয়া’ গীতটোত অদিৱাসী লোকসকল দুখ-দুৰ্দশাৰ বাস্তৱ প্ৰতিচ্ছবি খন প্ৰতিফলিত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। ইউটিউব চেনেল Asom Music Mixৰ জৰিয়তে গীতটোৰ অডিঅ’-ভিডিঅ’ মুক্তি দিয়া কণ্ঠশিল্পী প্ৰবীণ ওৰাঙে গীতটো শ্ৰোতা ৰাইজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে ককিলাঝাৰ অঞ্চলৰ দৰে অতিকৈ পিছপৰা অঞ্চলৰ পৰা অতি সীমিত সা-সুবিধাৰ মাজেৰে শ্ৰোতা ৰাইজৰ বাবে উলিওৱা আদিৱাসী গীতটো ভিডিঅ’ৰ চিত্ৰগ্ৰহণ আৰু সম্পাদনা কৰিছে ককিলা চাৰিআলিৰ ৰমেন বৰাই। গীত উন্মোচনী সভাত গীতিকাৰ ৰমেন বৰা, সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰা, যুৱ সাংবাদিক সমীৰণ বৰা, নাৰায়ণপুৰৰ গীতাৰ্থ ভূঞা, আছা কৰ্মী ৰঞ্জন ওৰাঙকে ধৰি কেইবাগৰাকী আছা কৰ্মীৰ লগতে ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
লাহৰীঘাটৰ ধূপগুৰিত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এগৰাকী ছাত্ৰৰ
আজি পুৱাতে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ধূপগুৰি গৰকাপ্তানী পথত পথ দুৰ্ঘটনাত এজন ছাত্রৰ থিতাতে মৃত্যু হয়।ছাত্র গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। জানিব পৰা মতে মৰিতলী গাঁৱৰ আইজুল হকৰ একমাত্র পুত্র তথা বড়িগাঁও বড়ো এম ই. স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্র আকিদুল ইছলাম(১৩) বিদ্যালয়লৈ চাইকেলৰে গৈ থকা অৱস্হাত পিছফালৰ পৰা অচিনাক্ত বাইকে খুন্দিয়াই ঘটনা স্হলীৰ পৰা পলায়ন কৰে।পিছত আহত ছাত্র গৰাকীক স্হানীয় প্ৰত্যক্ষদৰ্শীয়ে লাহৰীঘাট চিকিত্সালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ছাত্র গৰাকীক মৃত ঘোষণা কৰে। ঘটনা সন্দৰ্ভত খবৰ পাই লাহৰীঘাট আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ সোধ পোচ অব্যাহত ৰাখিছে।
লামডিঙত নেতাজী ক্লাবৰ নব-নিৰ্মিত কালী মন্দিৰ মুকলি কৰিলে বিধায়ক শিবু মিশ্ৰ।
বহু দিনৰ অপেক্ষাৰ অন্ত পৰিল ৷ লামডিং লোক কলোনী থকা নেতাজী ক্লাৱৰ উদ্যোগত নতুনকৈ তৈয়াৰ কৰা এই কালী মন্দিৰ। সেই মন্দিৰত উপস্থিত হৈ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ শুভ উদ্বোধন কৰে এই কালী মন্দিৰৰ ৷ এই কালী মন্দিৰক পশ্চিমবঙ্গৰ ৰানী ৰাসমনীৰ তৈৰী দক্ষিণেশ্বৰ কালি মন্দিৰৰ ৰুপ দিয়া হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলা লামডিংত ব্যাপক প্ৰস্তুতি চলিছে পোহৰৰ উৎসৱ দীপাৱলী মা কালি দেৱীক আদৰিবলৈ সকলোৱে সাজু ৷ এই কালি মন্দিৰত নীতি নিয়মৰ লগতে বৈদিক নীতিৰে মা কালিৰ বিধিপূৰ্বক চাৰি দিনৰ কাৰ্য্যসূচিৰে পূজা কৰা হব বুলি মন্দিৰ কমিটিৰ ফালৰ পৰা জনোৱা হয় ৷ লামডিংৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে মা কালিৰ মন্দিৰৰ উদ্বোধনৰ সময়ত আহি উপস্থিত হয় আৰু লগতে ঢাক , উৰুলি, শংখধ্বনি, ঘণ্টাৰ শব্দই গুঞ্জৰিত হৈছে মন্দিৰৰ চাৰিওপিনে । লামডিংৰ এই চমৎকাৰী মা কালি মন্দিৰৰ কাৰিকৰী কৌশল সমৃদ্ধ আলোকসজ্জা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লামডিং বাসী ৰাইজৰ । যাৰ বাবে এতিয়া আকৰ্ষিত কৰিছে সকলোকে আৰু লামডিংবাসী ৰাইজৰ লগতে অঞ্চলটিৰ সকলো লোকে অংশগ্ৰহণ কৰে এই কালি মন্দিৰ উদ্বোধন কার্যসূচিত ।লামডিংৰ বিধায়ক জনে কয় যে চৰকাৰে বান্ধি দিয়া সম্পূৰ্ণ ক’ভিড নীতি-নিয়মৰ মাজেৰে পূজা উদযাপনৰ বাবে পৰিচালনা সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে দীপাৱলীৰ সময়ত মা কালীৰ পূজা উপলক্ষে সকলো ৰাইজৰ সহায় সহযোগিতা কামণা কৰিছে লগতে এই শুভ উদ্বোধনত লামডিংৰ বিভিন্ন সংগঠণ, বিশিষ্টব্যক্তি সকলৰ লগত বিজেপিৰ কৰ্মকৰতা সকলো উপস্থিত থাকে।
দেশী জনগোষ্ঠীত দীপাৱলী।
পোহৰৰ উৎসৱ দীপাৱলীক দেশী জনগোষ্ঠীৰ লোক সকলে *চৰাটেৰ* ৰাইত বুলি কয়।অৰ্থাৎ খুব চৰা মানে স্পৰ্শ কাতৰ ৰাতি।দেশী সকলে এই দিনা বেলি মাৰ যোৱাৰ পিছত সৰু সৰু লেংটা লৰা ছোৱালীৰ দ্বাৰা কল গছৰ ঠাৰিৰে গছ বন্ধাইছিল বা পুৰণা চেণ্ডেল,জোতা আদি গছত বান্ধি দিয়াৰ উপৰি কঁঠাল বা নাৰিকল গছত হাতুৰীৰে লোৰ গজালো মাৰি দিছিল যাতে কাৰো কু-নজৰ নালাগে আৰু গছত অধিক ফল ধৰে। আমাৱশ্যৰ অন্ধকাৰ সেই ৰাতি চোৰৰ উৎপাত হয় সেয়ে চোৰৰ চুৰি কাৰ্য্য ৰোধ কৰিবৰ বাবে জপনা মুখত বগৰী কাঁইট পুতি থোৱা বা ভঙা টিনৰ বাল্টি বা খাৰৰ হাৰি থৈ দিছিল।বিশ্বাস মতে এনে কৰিলে চোৰৰ “শাইত্” (আৰম্ভণি) কুফা হয়। এই দেৱালীৰ ৰাতি জুহালৰ কালি লগা ভঙা মাটিৰ পাত্ৰ(পা’ইলে) আৰু জুহালৰ পোৰা ইটা পদুলিমুখত থৈ দিয়া হয়। চোৰ সোমাওঁতে ইয়াক দেখা পালে বা গচকিলে যাত্ৰা *(শাইত)* নষ্ট হয় বুলি প্ৰাচীন কালৰ পৰাই দেশী জনগোষ্ঠীৰ মাজত লোকবিশ্বাস যি আজিও প্ৰচলিত হৈ আছে।
আনহাতে ঘৰত কণ কণ সতে বিভিন্ন ৰঙৰ আতচ বাজি ,ফটকা আদি ফুটাই ফুৰ্তি কৰে অন্যহাতে গাঁওৰ ডেকা- বুঢ়াই সেই ৰাতি বিভিন্ন তাচৰ জুৱা যেনে ছপছপি, হাজাৰি, তিন পাত্তি আনকি ডাব্বু …খেল আদি খেলি ভাগ্য পৰীক্ষা কৰে।কোনো দিনেই লৰা বা ঘৰৰ লগুৱাক জুৱা খেলিবলৈ নিদিয়া অভিভাৱক বা গৃহস্থইও সেই ৰাতিত হলে কাকো বাধা প্ৰদান কৰা নকৰে আনকি গৃহস্থ,লাগুৱা-বনুৱা একেলগে জুৱা খেলে।মুঠৰ ওপৰত বছেৰেকত এটাই ৰাতি সেইটো হল চৰাটেৰ ৰাতি, যি ৰাতিত অবাধে, বিনা বাধাই সকলোৱে জুৱা খেলাৰ স্বাধীনতা পাইছিল।আকৌ কোনো কোনোৱে সেই ৰাতি বেলেগৰ ঘৰত জ্বলোৱা প্ৰথম দিয়াবাতি বা চাকিটো মনে মনে চুৰ কৰি তেল, শলিতা গছি পেলাই দি চাকিটো পকেটত ভৰাই নি জুৱাত বহিছিল। এনে খালি চাকি পকেটত থাকিলে জুৱাত হেনো লাভ হবই বুলি দেশীৰ মাজত বিশ্বাস।সিদিনা দেশী মানুহ সকলে ভেড়াৰ মাংসও খায়। লোক বিশ্বাস যে চৰাটেৰ ৰাতি ভেড়াৰ মাংস খালে গোটেই বছৰ ধৰি বাত বিষ বেমাৰ নহয়।
মুখ্যমন্ত্ৰীৰ নাম লৈ ভুৱা প্ৰচাৰ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত টুইটাৰত ভুৱা একাউন্ট খুলি অপ্ৰচাৰ । ১ নবেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীৰ নামেৰে খোলা ভুৱা একাউন্টৰ এটা টুইটে ৰাজ্যবাসীক ভীতসন্ত্ৰষ্ট কৰি তোলে । ৰাজ্যত কভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে বুলি টুইটৰে প্ৰকাশ কৰি ভুৱা একাউন্ট টোৰে প্ৰচাৰ চলাই যে , চৰকাৰ তথা শিক্ষা বিভাগে ২০ নবেম্বৰৰ পৰা সকলো শৈক্ষিক অনুষ্ঠান বন্ধ ৰাখিব ।
১ নবেম্বৰত প্ৰচাৰিত টুইট টোৱে দোমোজাত পেলাই অভিভাৱক , শিক্ষক তথা শিক্ষা প্ৰতিষ্ঠান সমুহক ।
অৱশেষত , উক্ত টুইটৰ সন্ধৰ্ভত নিজৰ স্থিতি ষ্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ভুৱা টুইটৰ বা অপ্ৰপ্ৰচাৰ বিৰুদ্ধে সজাগ থাকিবলৈ আহব্বান জনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় , ভুৱা টুইটত প্ৰকাশ কৰা শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰ ঘোষণা সম্পুৰ্ণ মিছা । এনে ধৰণৰ ভুৱা প্ৰচাৰত গুৰুত্ব নিদিবলৈ আহব্বান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।











