বৰফেৰে ঢকা লাডাখাৰ শৃংগত জয় আই অসম লিখা গামোচা আৰু ত্ৰিৰংগা পতাকা উৰুৱাবলৈ সক্ষম হৈছে দক্ষিণ কামৰূপৰ গৌৰৱ ক্ৰীড়াবিদ অঞ্জলী দাসে। কামৰূপ জিলাৰ পলাশবাৰীআমৰাঙ্গাৰ পৰা সুদুৰ লাডাখলৈ যোৱা ১৩ আগষ্টৰ পুৱা যাত্ৰা কৰা দু:সাহসিক খেলুৱৈ অঞ্জলি দাসে ২৯ অক্টোবৰত যাত্ৰা সফল কৰিবলৈ সক্ষম হৈছিল। ২ নবেম্বৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল সংগঠন তথা আত্মীয় স্বজনে উষ্ম আদৰণী জনাইছিল। উল্লেখ্য যে বৰিহাট আমৰাঙ্গাৰ পৰা লাডাখলৈ ২৭৯৬ কি:মি তিনিমাহৰ অবিৰত পদ যাত্ৰাৰে ওলোৱাৰ সময়ত আছিল নেৰানেপেৰা বৰষুণ। ঠিক তেনেকৈ এই শেষ যাত্ৰাত দেখা দিছিল প্ৰচণ্ড শীত আৰু বৰফেৰে আৱৰি থকা ওখ পাহাৰৰ পথ। যি পথ আটাইতকৈ কঠিন আৰু ভয়ানক আছিল। অক্সিজেন অবিহনে যাত্ৰা কৰাটো সম্ভৱপৰ নাছিল। যাৰবাবে অঞ্জলিয়ে লগত অক্সিজেন নিছিল যদিও ব্যৱহাৰ কৰা নাছিল। ইয়াৰ শেষৰ এক কিলোমিটাৰত শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগতে বৰফৰ বাবে বহু কষ্ট কৰি পদযাত্ৰা কৰিবলগা হৈছিল। যাৰ বাবে অঞ্জলীয়ে তিনিটা কুকুৰ লাডাখলৈ যোৱা আধাবাটত সংগী হিচাপে ওপৰলৈ গৈছিল। “মিছন ফিট ইণ্ডিয়া” শীৰ্ষক লক্ষ্যৰে ভাৰতবৰ্ষৰ সকলো মানুহক সু-স্বাস্থ্যৰ অধিকাৰী হৈ ৰওক তাৰেই লক্ষ্য আগত ৰাখিছিল খেলুৱৈ দাসে। অসমৰ পৰা সুদুৰ লাডাখলৈ খোজকাঢ়ি যোৱা অসমৰ প্ৰথম গৰাকী মহিলা অঞ্জলী দাস হয়তো ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ব। এই উপলক্ষে ৩ নৱেম্বৰত বেচৰকাৰী সংস্থা ‘জনসাৰথি’ৰ হৈ উপ-সভাপতি হেমন্ত ঠাকুৰীয়া, সম্পাদক মিতুমনি দাস, প্ৰচাৰ সম্পাদক মণ্টু কলিতা, সাহিত্য সহযোগী সম্পাদিকা পল্লৱী দাস আৰু সদস্য কল্প কলিতা, দিগন্ত দাস, চিন্ময় বৰুৱা উপস্থিত থাকি অঞ্জলী দাসক গামোচা, জাপি আৰু মানপত্ৰৰে সম্ভাষণ জনাই উজ্বল ভৱিষ্যত কামনা কৰে।
অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশনৰ ব্যাপক প্ৰস্তুতি
অসম চৰ চাপৰি সাহিত্য মঞ্চৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্য অধিবেশন খনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নবীৰ হুছেইনক সভাপতি, তমেজ উদ্দিন আকন্দক কাৰ্যকৰী সভাপতি, সাবান আলী আহমেদক সম্পাদক আৰু আব্দুছ ছালামক সহকাৰী সম্পাদক হিচাপে লৈ মূল আদৰণি সমিতিৰ লগতে কেবাটা উপ-সমিতি গঠন কৰা হৈছে। তদুপৰি অসম চৰ চাপৰি সাহিত্য মঞ্চৰ খোলাবান্ধা অধিবেশন উপলক্ষে এখনি স্মৃতিগ্ৰন্থও প্ৰকাশৰ পূৰ্ণপ্ৰস্তুতি চলোৱা হৈছে। যোৱা ৩ নবেম্বৰত আদৰণি সমিতিৰ সভাপতি নবীৰ হুছেইনৰ সভাপতিত্বত উক্ত অধিবেশনৰ প্ৰস্তুতি এখনি সভা অনুষ্ঠিত হৈ যায়। সভাত সংগঠনটোৰ জিলা সভাপতি মজনুৰ ৰহমান, সম্পাদক ফজলুৰ ৰহমান, খোলাবান্ধা হাই স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হাছেন আলী, লুইতপৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা আবু আয়ুব আহমেদ, খোলাবান্ধা হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল কাদেৰ, মগ্ৰব আলী, আকন্দ স্বাহজাহান আলী, ছাইফুল ইছলাম আদিৰ লগতে অঞ্চলটোৰ একাংশ গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
পােহৰৰ উৎসৱ দিপাৱলীত ৰাজবাসীয়ে লাভ কৰিলে এক নতুন উপহাৰ।
পােহৰৰ উৎসৱ দিপাৱলীত ৰাজবাসীয়ে লাভ কৰিলে এক নতুন উপহাৰ। আজি অসম চৰকাৰে ৰাইজলৈ
উচৰ্গা কৰিলে গুৱাহাটীৰ চুপাৰ মাৰ্কেটৰ নৱনিৰ্মিত উৰনীয়া সেতু। মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমাই মাংগলিক
কাযসূচীৰে যাতায়তৰ বাবে মুকলি কৰিলে সেতুখন।ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নক এক অৰ্থপূৰ্ণ গতি প্রদান কৰি দিছপুৰ ছুপাৰ মাৰ্কেট এলেকাত নতুন উৰণ সেতুখন আজি ৰাইজৰ বাবে উৎসৰ্গিত কৰি অতিশয় আনন্দিত অনুভৱ কৰে মূখ্যমন্ত্ৰীয়ে। উৰণ সেতুখনে চহৰখনৰ মাজভাগত যান-জঁট যথেষ্ট হ্ৰাস কৰিব বুলি নিশ্চিত মূখ্যমন্ত্ৰী গৰাকী ।আটাইতকৈ ভাল লগা কথাটো হ’ল যে এই উৰণ সেতু নির্মাণ নির্ধাৰিত ৩৬ মাহৰ বিপৰীতে অভিলেখ সৃষ্টি কৰি ২২ মাহতে সম্পূৰ্ণ কৰা হৈছে।উল্লেখযোগ্য যে ২২ মাহৰ ভিতৰত বৃহৎ উৰনীয়া সেতুখন নিৰ্মান কৰি অভিলেষ সৃষ্টি কৰাৰ বাবে ঠিকাদাৰ অনিল দাসক ধনবাদ জ্ঞাপন কৰিছে লােক নিৰ্মান বিভাগৰ পথ সংমণ্ডল বিভাগে।আজিৰ এই বিশেষ মাংগলিক শুভাৰম্ভণীত মাননীয় বিধানসভাৰ অধ্যক্ষ শ্রীবিশ্বজিৎ দৈমাৰী, সতীর্থ মন্ত্রীবৃন্দ তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
ভাৰতবৰ্ষৰ লগতে অসমৰ চৌপাশে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ জয়জয় – ময়ময় হৈ থকাৰ সময়তে এখন চৰকাৰী মহাবিদ্যালয়ে শৈক্ষিক দিশৰ লগতে সকলো ক্ষেত্ৰতে এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিবলৈ সক্ষম হৈছে।সেই মহাবিদ্যালয়খন হৈছে বৰপেটাস্থিত মাধৱ চৌধুৰী মহাবিদ্যালয়।এয়া সম্বৱ হৈ উঠিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ মান্যবৰ ডক্টৰ প্ৰকাশ শৰ্মা ছাৰৰ কৰ্মস্পৃহাৰ বাবে।তেওঁৰ হাতৰ পৰশত মহাবিদ্যালয়খনে উচ্চ শিখৰত গতি কৰিবলৈ সক্ষম হৈছে।মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভবিষ্যৎ জীৱনত সৰ্বভাৰতীয় সকলো পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰে তাৰ মানসৰে মহাবিদ্যালয় প্ৰাঙ্গণত এটি “Merit Scholarship Test” অনুষ্ঠিত হৈ যায়।উচ্চস্তৰৰ এই পৰীক্ষাটোত পাঁচশজন ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও নিয়মানুসাৰে ওঠৰজন মেধাসম্পন্ন ছাত্ৰ – ছাত্ৰীহে সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়।উক্ত ছাত্ৰ – ছাত্ৰীসকলক বিশিষ্ট সমাজকৰ্মী , লেখিকা শ্ৰদ্ধাৰ নঞ্জু দত্ত বাইদেউৰ উপস্থিতিত ইং ৩ নৱেম্বৰ তাৰিখে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানটোৰ আত ধৰে ত্ৰিদীব বৰুৱা আৰু অৰ্জুন অধিকাৰীয়ে। সম্বৰ্ধনা অনুষ্ঠানটোত ছাত্ৰ – ছাত্ৰীসকলক মানপত্ৰ দিয়াৰ লগতে ফুলাম গামোচা আৰু নগদ ধন আগবঢ়োৱা হয়।উক্ত অনুষ্ঠানটোত উপস্থিত থকা শ্ৰদ্ধাৰ নঞ্জু দত্ত বাইদেউৰ অনুপ্ৰেৰণামূলক ভাষণে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰি তোলে।বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ আদৰ্শৰে অসমৰ বাকী মহাবিদ্যালয়সমূহেও এনেধৰণৰ পৰীক্ষাৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক ভবিষ্যৎ জীৱনত সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হবলৈ উৎসাহ যোগাব পাৰে।
আই এ এছ এছ টি , গুৱাহাটীৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
মহানগৰীৰ পশ্চিম বৰাগাওঁস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অধীনৰ স্বতন্ত্ৰীয় অনুষ্ঠান “ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন চায়েন্স এণ্ড টেকন’লজি”ৰ চমুকৈ আই এ এছ এছ টিৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৩ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে । অধ্যাপক মূৰ্খাজীয়ে আদৰনি ভাষণত কয় যে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত অনুষ্ঠানটোৰ গৱেষক সকলে গৱেষণাৰ জৰিয়তে বিভিন্ন সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কলকতাস্থিত “চিষ্টাৰ নিৱেদিতা বিশ্ববিদ্যালয়”ৰ উপাচাৰ্য অধ্যাপক ধ্ৰৱজ্যোতি চট্টাপধ্যায়, সন্মানীয় অতিথি যোৰহাটস্থিত নৰ্থইষ্ট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজিৰ সঞ্চালক ড°গণপতি নৰহৰি শাস্ত্ৰী উপস্থিত থাকে । আনহাতে কাৰ্যসূচীত আই এ এছ এছ টিৰ সমূহ বিষয়া-কৰ্মচাৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰীত অথিথি সকলে কভিড’১৯ বিধি মানি উপস্নিত থাকে । ইয়াৰ উপৰিও কাৰ্যসূচীত আই এ এছ এছ টিৰ ২০২০-২০২১ বৰ্ষত ডক্টৰেট ডিগ্ৰী লাভ কৰা গৱেষক ছাত্ৰ-ছাত্ৰী, আই এ এছ এছ টি কভিড’-১৯ নমুনা পৰীক্ষা কেন্দ্ৰৰ কৰ্মচাৰী আৰু দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগীতাৰ পাৰদৰ্শী সকলোক অনুষ্ঠানটোৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে বঁটা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে । বিয়লি প্ৰতিষ্ঠানখনৰ গৱেষক , কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ শিশু সকলে নৃত্য , গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ বিক্ৰী কেন্দ্ৰ উদ্বোধন
বুধবাৰে মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কপিলী উন্নয়ন খণ্ডৰ চৌহদত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰীৰ এখনি বিক্ৰী কেন্দ্ৰ বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে | গ্ৰামীণ জীবিকা অভিযানৰ কপিলী উন্নয়ন খণ্ডৰ ৪ টা মণ্ডল পৰ্যায়ৰ সংগঠনে পৰিচালনা কৰিবলগীয়া উক্ত বিক্ৰী কেন্দ্ৰটোৰ দ্বাৰ উন্মোচন কৰে মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই | বিধায়ক ৰমাকান্ত দেউৰীয়ে বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত কয় যে নাৰী শক্তিয়েই সমাজ আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব | আত্মসহায়ক গোটৰ জৰিয়তে এই কাম সম্ভৱ হব | জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ পেগু, অতিৰিক্ত উপায়ুক্ত ৰিংখাং মোচাহাৰি, খণ্ড উন্নয়ন বিষয়া ছিমা দেবী ইয়েন, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু আত্মসহায়ক গোটৰ সদস্যা সকল উপস্থিত থকা উক্ত সভাত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ মৰিগাঁও জিলা প্ৰকল্প প্ৰবন্ধক মোশ্বাৰফ হোচেইন চৌধুৰীয়ে আৰম্ভণিতে কয় যে আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰী বিক্ৰী তৰান্বিত কৰি গ্ৰাম্য অৰ্থনীতিক বুনিয়াদ অধিক টনকিয়াল কৰিবলৈ আত্মসহায়ক গোটৰ সদস্যা সকলে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব |
পৰিবহন বিভাগৰ অতিৰিক্ত আয়ুক্তৰ দ্বাৰা পঞ্জীয়কক শাৰীৰিকভাৱে অপদস্থ
অসম চৰকাৰৰ পৰিবহন বিভাগৰ দিছপুৰৰ আয়ুক্ত কাৰ্যালয়ত অতিৰিক্ত আয়ুক্ত ডাঃ সাদনেক সিঙই তেওঁৰ কাৰ্যালয়ৰ পঞ্জীয়ক পদত কৰ্মত কৰ্মচাৰী প্ৰদীপ সেনাপতিক কাৰ্যালয় কক্ষত শাৰীৰিকভাৱে অপদষ্ট কৰা কাৰ্যৰ প্ৰতিবাদ জনাই বুধবাৰে বঙাইগাঁৱত জিলা পৰিবহন বিষয়াৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে ৷ সদৌ অসম চৰকাৰী জিলা পৰিবহন কৰ্মচাৰী সন্থাৰ আহ্বানত বঙাইগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কৰ্মবিৰতিৰে পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম আমোলা সন্থাৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্য নাৰায়ণ ৰায়কে ধৰি কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলেও উপস্থিত থাকি সহযোগ কৰে ৷ ইপিনে অতিৰিক্ত আয়ুক্তগৰাকীয়য়ে পঞ্জীয়ক প্ৰদীপ সেনাপতিক কাৰ্যালয় কক্ষতে নানা অকথ্য বাক্যৰে গালি গালাজ কৰাতে ক্ষান্ত নাথাকি শাৰীৰিকভাবে অপদস্থ কৰা কাৰ্যক সদৌ অসম আমোলা সন্থাৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্যনাৰায়ণ ৰায়ে গৰিহণা দিছে ৷ লগতে বিষয়াৰ দ্বাৰা তলতীয়া কৰ্মচাৰীৰ ওপৰত হোৱা নিৰ্যাতনক তীব্ৰ বিৰোধিতা কৰে আৰু সকলো বিষয়াকে সংযতভাৱে তেওঁলোকৰ তলতীয়া কৰ্মচাৰীসকলক সৎ ব্যৱহাৰৰ জৰিয়তে কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা দৃঢ় আৰু বৃদ্ধি কৰাৰ বাবে সকলোকে অনুৰোধ জনায় ৷ তেওঁ লগতে ৰাজ্যখনৰ সকলো বিষয়ালৈ অনুৰোধ জনাই কয় যে কৰ্মচাৰী নিগৃত হোৱা ঘটনাটোৱে যাতে শেষ ঘটনা হয় তাৰ বাবেও সকলোকে অনুৰোধ জনায় ৷ সভাপতিগৰাকীয়ে এজন বিষয়াৰ মইমতালীৰ বাবে এটা দিনত অসম চৰকাৰে বহু ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হ’বলগীয়া হয় বুলি কৈ বিভিন্ন কামৰ বাবে পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ অহা ৰাইজৰ কাম কৰ্মবিৰতিৰ কাৰ্যসূচীৰ বাবে কৰিব নোৱাৰাত যি অসুবিধা ভোগ কৰিবলগীয়া হয় তাৰ বাবে দুখ প্ৰকাশ কৰে ৷ আনাহাতে জিলা পৰিবহন কৰ্মচাৰী সন্থা তথা জিলা কৰ্মচাৰী পৰিষদৰো সাংগঠনিক সম্পাদক সুভাষ দৈমাৰীয়েও অতিৰিক্ত আয়ুক্তগৰাকীয়ে পঞ্জীয়কক অপস্থ কৰা ঘটনাক গৰিহণা দি বিষয়াসকলৰক তলতীয়া কৰ্মচাৰীসকলৰ প্ৰতি ব্যৱহাৰ সংযত কৰাৰ বাবে চৰকাৰক নিৰ্দ্শনা জাৰি কৰিবলৈ অনুৰোধ জনায় ৷ লগতে আগলৈ যাতে এনে ঘটনা সংঘটিত নকৰে তাৰবাবে সকীয়নি প্ৰদান কৰে ৷
বৃদ্ধাৰ কামনাৰ বলিৰ পৰা ৰক্ষা ১৬ বছৰীয়া নাবালিকা
ওদালগুৰি জিলাৰ মাজবাটৰ নাহৰঝাৰ চেন্টাৰত যোৱা কালি সন্ধিয়া এখন কাপোৰৰ দোকানত কৰ্মৰত এগৰাকী ১৬ বছৰীয়া নাবালিকা ছোৱালীক দোকানখনৰ স্বত্বাধিকাৰী লম্পদ ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীয়ে (৬২) দোকানৰ দৰ্জা বন্ধ কৰি ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। ঘটনাৰ বিৱৰণী অনুসৰি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ ১নং ওৱাৰ্ডৰ নিবাসী ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীয়ে আজি তিনি-চাৰি বছৰ আগতে ওদালগুৰি জিলাৰ মাজবাটৰ নাহৰঝাৰ চেন্টাৰত এখন কাপোৰৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰিছিল। উক্ত দোকানখনতে আজি কিছুদিনৰ পৰা এগৰাকী ১৬ বছৰীয়া নাবালিকা ছোৱালীক অতি ক’ম ধনৰ বিনিময়ত সামগ্ৰী বিক্ৰেতা হিছাপে ৰাখিছিল। কিন্তু ছোৱালী গৰাকীয়ে ঘৰৰ পৰা সদায় যেতিয়া ৰাতিপুৱা দোকানত গৈ উপস্থিত হয় তেতিয়াৰ পৰা অশালীন ইংগিত দিয়ে।এই বিষয়ে আজি নাবালিকা ছোৱালী গৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। যোৱা কালি সন্ধিয়া ৭ মান বজাত যেতিয়া ছোৱালী গৰাকীয়ে দোকানৰ পৰা ঘৰলৈ আহিবলৈ বিচাৰে তেতিয়াই দোকানৰ স্বত্বাধিকাৰী লম্পদ ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীয়ে কিবা অজুহাত দেখুৱাই ছোৱালী গৰাকীক দোকানৰ পিছফালে থকা কোঠালৈ মাতি নি ধৰ্ষণৰ চেষ্টা চলাই। পিছত ছোৱালী গৰাকীয়ে চিঞঁৰ-বাখৰ লগোৱাত স্থানীয় লোকে দোকানৰ ভিতৰলৈ গৈ ছোৱালী গৰাকীক উদ্ধাৰ কৰাৰ লগতে লম্পদ চৰিত্ৰৰ ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীক উত্তম-মাধ্যম দি মাজবাট আৰক্ষীক খবৰ দিয়ে। পিছত মাজবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীক আটক কৰি থানালৈ লৈ আহে। আজি পুৱা ছোৱালী গৰাকীৰ পৰিয়ালৰ লোকে মাজবাট থানাত ৰাজেন্দ্ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাত মাজবাট আৰক্ষীয়ে লম্পদ ৰাজেন্দ্ৰৰ বিৰুদ্ধে ১১৬/২০২১ এটা কেচ নম্বৰ ৰুজু কৰি আবেলি আদালতত হাজিৰ কৰোঁৱাত আদালতে ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীক জেল হাজোতলৈ প্ৰেৰণ কৰে।
ওদালগুৰি মহাবিদ্যালয়ত জিলা পৰ্যায়ৰ পৰামৰ্শ মূলক সভা
৩নবেম্বৰত ওদালগুৰি মহাবিদ্যালয়ত বিটিআৰ’ৰ শিক্ষা নীতি সম্পৰ্কীয় অংশীদাৰ সকলৰ জিলা পৰ্যায়ৰ পৰামৰ্শ মূলক সভা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লুক দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিটিচিৰ উপ-মুখ্য কাৰ্যকৰী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয়-বড়ো, অসমীয়া অথবা নিজ মাতৃভাষাত শিক্ষা গ্ৰহন কৰিলে ভাল শিক্ষা নাপায় বুলি এক ভুল ধাৰণা কৰে অভিভাৱক সকলে। ।মাতৃভাষাৰ জৰিয়তে শিক্ষা গ্ৰহন কৰি নিজৰ জাতীয় ভাষাক জীয়াই ৰখাটো দায়িত্ব। শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে।সেয়ে-ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী মাধ্যমৰ সলনি নিজ মাতৃভাষাক অৱহেলা নকৰি নিজ মাতৃভাষাত শিক্ষাদান কৰা উচিত বুলি উল্লেখ কৰে।বিটিআৰ চৰকাৰে নতুন শিক্ষা নীতিৰে বিটিচিত শিক্ষাৰ পৰিবৰ্তনৰ উদ্যাগ গ্ৰহন কৰিছে।এনে শুভ কাৰ্যত অভিভাৱক,ৰাইজ,দল-সংগঠন সমূহে সহযোগ আগবঢ়াব লাগিব।তেতিয়াহে নতুন শিক্ষা ব্যৱস্থাৰ আঁচনিৰে উন্নয়ন কৰিব পৰা যাব।বসুমতাৰীয়ে লগতে উল্লেখ কৰি কয়- চৰকাৰী বিদ্যালয় সমূহৰ আন্তঃগাঠনি গ্ৰামাঞ্চলত যথেষ্ট উন্নত নহয়।বহু বিদ্যালয়ত খোৱাপানী, শিক্ষক পৰ্যাপ্ত নহয়,চাৰিসীমা নথকা আদিকে ধৰি বিভিন্ন সমস্যাৰ এতিয়াও সমাধান হোৱা নাই।দেখা যায় ব্যক্তিগত বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ অৱস্থা উন্নত নহয়।এনে আসোঁৱাহ সমূহ দূৰীকৰণৰ বিটিচি চৰকাৰে আঁচনি গ্ৰহনৰ পৰিকল্পনা হাতত লৈছে বুলিও বসুমতাৰীয়ে লগতে কয়।সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ নতুন শিক্ষা নীতিৰ চেয়াৰমেন তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লাইচৰাম লাড্ডুসিঙে বক্তব্য ৰাখি কয়- আমাৰ অসমৰ অঞ্চলবোৰৰ সমস্যাবোৰ সুকীয়া! সেইকাৰনে সুকীয়া দৃষ্টিকোনৰ প্ৰয়োজন আছে।বিটিআৰ ৰ শিক্ষানীতিৰ খচৰাটো সকলোৰে লগত আলোচনা আৰু পৰামৰ্শৰ জৰিয়তে প্ৰস্তুত কৰা হব। উঠি অহা লৰা ছোৱালী বিলাকক সঠিক পথৰ সন্ধান দিয়াৰ বাবে বহুতো কৰণীয় আছে।বিটিআৰত নতুন শিক্ষা নীতিৰে এক আমূল পৰিবৰ্তন পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা হৈছে। বিভিন্ন দল সংগঠন,বুদ্ধিজীৱী, শিক্ষা বিদ সকলে আগবঢ়োৱা পৰামৰ্শ সমূহ বিবেচনাৰ বাবে সমিতিয়ে চেষ্টা কৰিব বুলি লগতৈ উল্লেখ কৰে। আলোচনাৰ পূৰ্বে বিটিচি নতুন শিক্ষা নীতিৰ দক্ষতা সম্পন্ন সমিতিৰ সভাপতি তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লাইচৰাম লাড্ডুসিং,এবচুৰ কেন্দ্ৰীয় উপ-সভাপতি কৌৰামদাও ওৱাৰী,সদস্য ৰঞ্জন কুমাৰ বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম,বড়ো সাহিত্য সভাৰ উপ-সভাপতি নীলকান্ত গয়াৰী,সদস্য সতীশ চন্দ্ৰ বসুমতাৰী,ভূমিধৰ বড়োৰ নেতৃত্বত ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,পুৰণি গৰৈবাৰী প্ৰাথমিক বিদ্যালয় আৰু কাজিয়ামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শক কৰি শৈক্ষিক দিশৰ বুজ লয়।আজিৰ এই শিক্ষা সম্পৰ্কীয় সভাত ওদালগুৰি জিলা বড়ো সাহিত্য সভা,জিলা নেপালী সাহিত্য,জিলা বড়ো ছাত্ৰ সন্থা,জিলা আগছু,আছাৰ ওদালগুৰি সমিতি,ৰাভা জিলা সাহিত্য সভা,আবৌফৰ জিলা সমিতি,চাওতাল ছাত্ৰ সন্থা,জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থা,ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী,আমছুৰ জিলা সমিতি, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা,একডেমিক কাউন্সিল, এম এই আৰু এছ ডি, আস্থা, হাইস্কুল শিক্ষক সন্থাৰ সভাপতি, সম্পাদক সকলৰ লগতে ডিমাকুছি কলেজৰ অধ্যক্ষ, বিশিষ্ট নাগৰিক নবীনমল্ল বড়ো, ওদালগুৰি কলেজৰ উপাধ্যক্ষ টংকেশ্বৰ ছেত্ৰী,অধ্যাপক ড° নৰেশ্বৰ নাৰ্জাৰী,সুনন নাৰ্জাৰীকে ধৰি ভালে কেইগৰাকী,শিক্ষাবিদে বক্তব্য ৰাখে।
এগৰাকী বিশেষভাৱে সক্ষম প্ৰতিভাশালী যুৱক।
ওদালগুৰিৰ মিচনৰোড নিবাসী সংগীত শিল্পী নিৰঞ্জন বায়ন আৰু মাতৃ বন্দনা বায়নৰ প্ৰথম পুত্ৰ গৌৰৱ বায়ন এগৰাকী বিশেষভাৱে সক্ষম প্ৰতিভাশালী যুৱক।শিক্ষাত মেধাবী সম্পন্ন যুৱক গৌৰৱে এইবাৰ সফলতাৰে স্নাতক উত্তীৰ্ণ হৈছে।সৰুৰে পৰা সাংস্কৃতিক পৰিবেশত ডাঙৰ হোৱা গৌৰৱে লোক সংগীত, সত্ৰীয়া সংগীতৰ এগৰাকী সফল প্ৰতিভাৰ অধিকাৰী। তেওঁ সৰুৰে পৰা খোল,তাল,ঢোল আন বাদ্য যন্ত্ৰত জড়িত হৈ বৰ্তমান বাঁহী বাদনৰ প্ৰতি আকৰ্ষিত হৈ পৰে।বাঁহীকে ধৰি সকলো বাদ্য যন্ত্ৰত পাৰ্গত গৌৰৱে বাঁহীৰ সুৰৰ মূৰ্চনাৰে আপ্লুত কৰি তুলিব পাৰে। খোল,তাল,ঢোল আদি বাদ্য যন্ত্ৰতটো দক্ষতা আছে।ওদালগুৰি জিলাৰ কলাই গাঁৱৰ সৰুৰাম দাসৰ তত্বাবধানত বাঁহীৰ প্ৰশিক্ষণ গ্ৰহন কৰি তেওঁক গুৰু হিচাপে মানিছে গৌৰৱে।দেউতাক নিৰঞ্জন বায়নৰ পৰা বাঁহীৰ চাৰে..গা..মা.পা শিকিছিল বুলি উল্লেখ কৰে। ।আৰ্য বিদ্যাপীঠেত পঢ়ি থকা সময়ত বাঁহী শিক্ষাৰ “ফেলক টানিক গ্ৰুপ” সফলতাৰ আঁৰত এক টাৰ্ণিং পইণ্ট আছিল বুলি গৌৰৱে উল্লেখ কৰে। সুমধুৰ কণ্ঠৰ গীতৰ অধিকাৰী গৌৰৱে থলুৱা বাদ্যযন্ত্ৰৰ প্ৰতি আগ্ৰহী। নৱ-প্ৰজন্মৰ শিল্পী গৌৰৱে সংগীত ৰ জৰিয়তেও সকলোৰে মন জয়ী কৰিবলৈ সক্ষম হোৱা দেখা গৈছে।এক কথাত কবলৈ গলে লোক সংগীত,সত্ৰীয়া সংগীতৰ এগৰাকী সফল বাদ্যযন্ত্ৰী গৌৰৱ বায়ন।এখন সাংস্কৃতিক পৰিবেশত ডাঙৰ দীঘল হোৱা গৌৰৱৰ পিতৃ নিৰঞ্জন বায়ন এগৰাকী সংগীত শিল্পী।তেওঁ কাঁচিয়লী সুৰ সংগম আৰু সত্ৰীয়া সংগীত বিদ্যালয়ৰ জৰিয়তে অসমৰ বিভিন্ন মঞ্চত সংগীত পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে।গৌৰৱৰ ককা বলোভদ্ৰ বায়ন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পী আৰু আইতাক পদ্মাৱতী বায়ন শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ মুখ্য পাঠকনী আছিল।পেহীয়েক দুগৰাকী ক্ৰমে নিৰু বায়ন আৰু হৈম্য বায়নো অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে।আন এগৰাকী পেহীয়েক ৰুণু বায়ন সত্ৰীয়া সংগীত বিদ্যালয়ৰ এগৰাকী প্ৰশিক্ষক হিচাপে বৰগীত,সত্ৰীয়া নৃত্য আদিৰ প্ৰশিক্ষণ দি আহিছে।এই কাচিয়লী সুৰ সঙ্গম অনুষ্ঠানটোৰ সভাপতি গগন লহকৰ আৰু পিতৃ নিৰঞ্জন বায়নে স্থানীয় আগ্ৰহী সকলক বৰগীত,খোল,তাল, সত্ৰীয়া নৃত্য আদিৰ প্ৰশিক্ষণ দি আহিছে যদিও চৰকাৰীভাবে এতিয়ালৈকে কোনো সাহায্য লাভ কৰা নাই। বিশেষভাবে সক্ষম তথা খৰ্বকায় যুৱক গৌৰৱৰ দৰে এনে প্ৰতিভাশালী শিল্পীক চৰকাৰে গুৰুত্ব দিব বুলি ৰাইজে আশা প্ৰকাশ কৰে।











