Breaking

পােহৰৰ উৎসৱ দিপাৱলীত ৰাজবাসীয়ে লাভ কৰিলে এক নতুন উপহাৰ।

0 13

পােহৰৰ উৎসৱ দিপাৱলীত ৰাজবাসীয়ে লাভ কৰিলে এক নতুন উপহাৰ। আজি অসম চৰকাৰে ৰাইজলৈ
উচৰ্গা কৰিলে গুৱাহাটীৰ চুপাৰ মাৰ্কেটৰ নৱনিৰ্মিত উৰনীয়া সেতু। মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমাই মাংগলিক
কাযসূচীৰে যাতায়তৰ বাবে মুকলি কৰিলে সেতুখন।ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নক এক অৰ্থপূৰ্ণ গতি প্রদান কৰি দিছপুৰ ছুপাৰ মাৰ্কেট এলেকাত নতুন উৰণ সেতুখন আজি ৰাইজৰ বাবে উৎসৰ্গিত কৰি অতিশয় আনন্দিত অনুভৱ কৰে মূখ্যমন্ত্ৰীয়ে। উৰণ সেতুখনে চহৰখনৰ মাজভাগত যান-জঁট যথেষ্ট হ্ৰাস কৰিব বুলি নিশ্চিত মূখ্যমন্ত্ৰী গৰাকী ।আটাইতকৈ ভাল লগা কথাটো হ’ল যে এই উৰণ সেতু নির্মাণ নির্ধাৰিত ৩৬ মাহৰ বিপৰীতে অভিলেখ সৃষ্টি কৰি ২২ মাহতে সম্পূৰ্ণ কৰা হৈছে।উল্লেখযোগ্য যে ২২ মাহৰ ভিতৰত বৃহৎ উৰনীয়া সেতুখন নিৰ্মান কৰি অভিলেষ সৃষ্টি কৰাৰ বাবে ঠিকাদাৰ অনিল দাসক ধনবাদ জ্ঞাপন কৰিছে লােক নিৰ্মান বিভাগৰ পথ সংমণ্ডল বিভাগে।আজিৰ এই বিশেষ মাংগলিক শুভাৰম্ভণীত মাননীয় বিধানসভাৰ অধ্যক্ষ শ্রীবিশ্বজিৎ দৈমাৰী, সতীর্থ মন্ত্রীবৃন্দ তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply