দীপাৱলীৰ পূৰ্বে গোলাঘাট জিলাৰ বৰপথাৰত অবৈধ ভাবে প্ৰায় কোটি টকা মূল্যৰ ফটকাৰ পাইকাৰী ব্যৱসায় চলোৱা এগৰাকী ব্যৱসায়ীৰ গুদাম ছীল কৰে ধনশিৰি মহকুমা প্ৰশাসনে । ছীল কৰা গুদামত মজুত আছিল প্রায় কোটি টকাৰ মূল্যৰ আতচবাজি। দেৱালী উপলক্ষে প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ লগতে স্থানীয় প্ৰশাসনে আতচবাজি বিক্ৰী, মজুতকৰণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰভাৱে বহু নীতি নিৰ্দেশনা জাৰি কৰিছিল। সেই অনুসৰি বৰপথাৰ নগৰৰ একাংশ ব্যৱসায়ীক ফটকা বিক্ৰীৰ বাবে অনুজ্ঞাপত্র দিছিল ধনশিৰি মহকুমা প্ৰশাসনে। প্ৰশাসনৰ অনুজ্ঞাপত্র লাভ কৰা বৰপথাৰৰ একাংশ ব্যৱসায়ীয়ে প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ কঠোৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গ্ৰীণক্ৰেকাৰ পৰিপন্থী অতি উচ্চ প্ৰাবল্যৰ আতচবাজি বিক্ৰী কৰিছিল। ধনশিৰি মহকুমাৰ দণ্ডাধীশ প্ৰাঞ্জিল গগৈ, মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত পোহৰলৈ আহে ব্যৱসায়ী সকলৰ এই মিথ্যাচাৰ কথা। উল্লেখ্য যে নগৰ খনৰ অনুপ খেতান নামৰ ব্যৱসায়ী জনৰ দোকানত অভিযান চলাই পিছফালে থকা এটা গুদামৰ পৰা বে আইনী ভাবে মজুত ৰখা প্ৰায় কোটি টকা মূল্যৰ অতি উচ্চ প্ৰাবল্যৰ আতচবাজি জব্দ কৰে আৰু গুদামটো ছীল কৰি দিয়ে। লগতে মহকুমা প্ৰশাসনে অনুপ খেতান নামৰ ব্যৱসায়ী জনক আটছবাজি বিক্ৰী কৰিবৰ বাবে দিয়া অনুজ্ঞাপত্ৰও বাতিল কৰে। তাৰোপৰি প্ৰশাসনৰ দলটোৱে বৰপথাৰ নগৰৰ অমীৰ পাল , কমল পালৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই বহু পৰিমাণৰ উচ্চ প্ৰাবল্যৰ আতচবাজী জব্দ কৰিবলৈ সক্ষম হয় । আৰু অমীৰ পাল নামৰ ব্যৱসায়ী জনক আতচবাজি বিক্ৰীৰ দিয়া অনুজ্ঞাপত্ৰ নাকচ কৰে। উল্লেখ্য যে খুচুৰা ব্যৱসায়ীক ফটকাৰ যোগান ধৰা বৰপথাৰ নগৰৰ অনুপ খেটান নামৰ বিতৰ্কিত ব্যৱসায়ী জনে বহু বছৰৰ পৰা প্ৰশাসনৰ চকুত ধুলি দি চলাই আহিছিল ফটকাৰ অবৈধ ব্যৱসায়। এই ব্যৱসায়ী জনে ধনশিৰি মহকুমাৰ লগতে মহকুমাটোৰ বাহিৰৰ বিভিন্ন অঞ্চললৈ ফটকাৰ যোগান ধৰি আহিছিল।
‘দ্য ৰিভ’লুচনাৰী এডুকেশ্যনিষ্ট অৱ দ্য নৰ্থইষ্ট’ বঁটাৰে বিভূষিত ড° খচৰুল ইছলাম
নিষ্ঠা আৰু সততাৰে কাম কৰিলে তাৰ স্বীকৃতি আপোনা-আপুনি আহি থাকে৷ এই কথাকেই প্ৰমাণিত কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত হোজাইক শিক্ষা জগতৰ হাব ৰূপে গঢ়ি তোলাৰ খনিকৰ, আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম বিভূষিত হ’ল ‘দ্য ৰিভ’লুচনাৰী এডুকেশ্যনিষ্ট অৱ দ্য নৰ্থইষ্ট’ বঁটাৰে৷ হায়দাৰাবাদৰ বিখ্যাত ‘ইংলিছ হাউছ’ছে অসম সন্তানজনক প্ৰদান কৰিলে এই বঁটা৷ হায়দৰাবাদৰ ‘মেট্ৰপলিছ’ হোটেলত দুই নৱেম্বৰৰ দিনা ‘ইংলিছ হাউছ একাডেমি’য়ে আয়োজন কৰা এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত ড° খচৰুল ইছলামৰ হাতত বঁটাটো তুলি দিয়া অনুষ্ঠানত ইংলিছ হাউছৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন ট্ৰেইনাৰ মনোৱাৰ জামাই কয়, ‘উত্তৰ-পুৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক গুণগত শিক্ষাৰ বাবে অবিৰতভাৱে প্ৰেৰণা দিয়া আৰু তেওঁলোকৰ নিজ নিজ কেৰিয়াৰত বিস্ময়কৰভাৱে কাম কৰিবলৈ উৎসাহিত কৰাৰ বাবে ড° খচৰুল ইছলামক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে৷ ইয়াৰ বাহিৰেও দক্ষতা বিকাশ, মহিলা সবলীকৰণ, স্বাস্থ্য সেৱা, সাহায্য আৰু পুনৰ্সংস্থাপন, অনাথ শিশুক ৰক্ষণাবেক্ষণ , আজীৱিকা উদ্যোগৰ ক্ষেত্ৰত ড° ইছলামৰ অনবদ্য সেৱা উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ থাকিব৷’ ড° খচৰুল ইছলামৰ হাতত এই সন্মানীয় বঁটাটো তুলি দিয়ে বিশিষ্ট মানৱতাবাদী চিকিৎসক ডা: মহম্মদ আব্দুৰ ৰফিক চাহাবে৷উল্লেখযোগ্য যে, বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ মুল্লাগঞ্জ নামৰ এখন সৰু গাঁৱৰ বাসিন্দা ড° খচৰুল ইছলামে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা হোজাইৰ আজমল ফাউণ্ডেচনৰ সঞ্চালক হিচাপে সেৱা আগবঢ়াই আছে। শেহতীয়া বছৰকেইটাত আজমল ফাউণ্ডেচনৰ অধীনৰ বিভিন্ন কলেজ আৰু শিক্ষানুষ্ঠানবোৰে যি ইৰ্ষণীয় সফলতা লাভ কৰি ৰাজ্যজুৰি চৰ্চিত হৈছে তাৰ মূল খনিকৰ ৰূপে সঞ্চালক ড° খচৰুল ইছলামক গণ্য কৰা হয়৷ তেওঁৰ নিষ্ঠা, সততা আৰু সফল নেতৃত্বৰ বাবেই আজমল ফাউণ্ডেচন আজি উত্তৰ পুৰ্বাঞ্চলৰ এক জাকত জিলিকা সংস্থা৷ কিন্তু কৃতকাৰ্যকাৰ এই বাট ড° খচৰুল ইছলামৰ বাবে সহজ নাছিল৷ আৰ্থিক অনাটনৰ বাবে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ এদিন খেতিপথাৰত নমা ড° ইছলামে নিজৰ একাগ্ৰতা, ধৈৰ্য আৰু কৰ্মোদ্যমৰ বলত আজিৰ অৱস্থা পাইছেহি৷ ছাত্ৰ-ছাত্ৰীক অনবৰত প্ৰেৰণা যোগাই থকা ব্যক্তিজনৰ ব্যক্তিগত জীৱন অনুপ্ৰেৰণাৰ এক জীৱন্ত দস্তাৱেজ৷ আজমল কোম্পানীৰ ব্যৱসায় বিভাগত এজন কৰ্মীৰূপে যোগদান কৰা খচৰুল ইছলামৰ অনন্য দক্ষতাক মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলে চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ জৰিয়তে শিক্ষা জগতত সেৱা ল’বলৈ মুম্বাইৰ পৰা হোজাইলৈ পঠিয়াই দিছিল৷ বিগত একুৰি বছৰে সেই বিশ্বাসৰ সঠিক মূল্য দি গৈছে ড° ইছলামে৷ আজমল ফাউণ্ডেচনৰ অধীনত আইন মহাবিদ্যালয়, বি এড কলেজ, ডিগ্ৰী মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়কে ধৰি কুৰি খনতকৈও অধিক প্ৰতিষ্ঠান আছে, যিকেইখন স্থাপনত অগ্ৰণী ভূমিকা পালন কৰিছে খচৰুল ইছলামে৷ আজমল চুপাৰ ৪০ আৰু আজমল IAS প্ৰশিক্ষণ কাৰ্যসূচীৰ সফলতাৰ আঁৰৰ চালিকাও শক্তি ড° ইছলাম। এইবোৰ কাৰণতে হায়দাৰাবাদৰ পৰা সন্মানিত হৈ ঘূৰি অহা ড° খচৰুল ইছলামক চাৰি নবেম্বৰৰ দিনা হোজাইত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় মৌলানা বদৰুদ্দিন আজমলে৷
সামান্থা ৰুথ প্ৰভুৰ বিবাহ বিচ্ছেদৰ পিছত দেৱালী উদযাপন
দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে দেৱালীত চিকমিকীয়া ৰঙা লেহেঙ্গা পিন্ধি নিজৰ গ্লেমাৰাছ ফটো আৰু তেওঁৰ আকৰ্ষণীয় পুচ্ছৰ সৈতে আন এখন ফটো শ্বেয়াৰ কৰিছে। অনুৰাগীসকলে তাইৰ আকৰ্ষণীয় দেৱালী উদযাপনৰ ফটোবোৰ অতিক্ৰম কৰিব নোৱাৰে।দ্য ফেমিলি মেন ২’ তাৰকা সামান্থা ৰুথ প্ৰভুৱে তাইৰ আকৰ্ষণীয় কুকুৰৰ সৈতে দেৱালী উদযাপন কৰিছিল আৰু তাইৰ সামাজিক মাধ্যমত ইয়াৰ ফটো শ্বেয়াৰ কৰিছে।নাগা চৈতন্যৰ পৰা বিবাহ বিচ্ছেদৰ পিছত এইটো সামান্থাৰ প্ৰথম দেৱালী আছিল যাক তাই ২০১৭ চনত বিয়া কৰাইছিল। দুয়োজনে ২ অক্টোবৰত তেওঁলোকৰ নিজ নিজ সামাজিক মাধ্যমৰ হেণ্ডেলত পৃথক হোৱাৰ কথা ঘোষণা কৰি এটা আনুষ্ঠানিক বিবৃতি শ্বেয়াৰ কৰিছিল।শেহতীয়াকৈ, চেমে ডুবাই ভ্ৰমণ কৰিছিল আৰু তাইৰ আন্তৰ্জাতিক ভ্ৰমণৰ পৰা তাইৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইয়াৰ আগতে তেওঁ চাৰ ধাম যাত্ৰালৈগৈছিল আৰু চাৰিওটা তীৰ্থস্থান- যমুনোত্ৰী, গঙ্গোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ পৰিদৰ্শন কৰিছিল।কৰ্মক্ষেত্ৰত, তেওঁ মনোজ বাজপেয়ী অভিনীত ‘দ্য ফেমিলি মেন চিজন 2’ৰ জৰিয়তে ডিজিটেল আত্মপ্ৰকাশ কৰে যিয়ে তেওঁক অপৰিসীম মৰম আৰু প্ৰশংসা অৰ্জন কৰে। আনকি তেওঁ ২০২১ চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ফেমিলি মেন চিজন ২ ত ৰাজীৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ (শৃংখলা) বঁটা লাভ কৰিছিল।
বিবাহ বিচ্ছেদৰ পিছত সামান্থা ৰুথ প্ৰভুৱৰ দেৱালী উদযাপন
দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে দেৱালীত চিকমিকীয়া ৰঙা লেহেঙ্গা পিন্ধি নিজৰ গ্লেমাৰাছ ফটো আৰু তেওঁৰ আকৰ্ষণীয় পুচ্ছৰ সৈতে আন এখন ফটো শ্বেয়াৰ কৰিছে। অনুৰাগীসকলে তাইৰ আকৰ্ষণীয় দেৱালী উদযাপনৰ ফটোবোৰ চাই আপ্লুত হৈ পৰিছে।সামান্থাক ফুলৰ ব্লাউজ আৰু ৰঙা লেহেঙ্গাত এটা বিবৃতি ৰঙা লিপষ্টিকৰ সৈতে আকৰ্ষণীয় লাগিছে।ছবিখনত, কুকুৰবোৰক সাৱটি ধৰি ফটো উঠা দেখা গৈছে।শেহতীয়াকৈ, চেমে ডুবাই ভ্ৰমণ কৰিছিল আৰু তাইৰ আন্তৰ্জাতিক ভ্ৰমণৰ পৰা তাইৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইয়াৰ আগতে তেওঁ চাৰ ধাম যাত্ৰালৈগৈছিল আৰু চাৰিওটা তীৰ্থস্থান- যমুনোত্ৰী, গঙ্গোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ পৰিদৰ্শন কৰিছিল।কৰ্মক্ষেত্ৰত, তেওঁ মনোজ বাজপেয়ী অভিনীত ‘দ্য ফেমিলি মেন চিজন 2’ৰ জৰিয়তে ডিজিটেল আত্মপ্ৰকাশ কৰে যিয়ে তেওঁক অপৰিসীম মৰম আৰু প্ৰশংসা অৰ্জন কৰে। আনকি তেওঁ ২০২১ চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ফেমিলি মেন চিজন ২ ত ৰাজীৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ (শৃংখলা) বঁটা লাভ কৰিছিল।
দেৰগাঁৱৰ সমাজকৰ্মী, লেখক প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্তৰ পৰলোক
দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ নিবাসী সমাজকৰ্মী, প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্ত (৭৫) ৰ আজি পুৱা ৫-৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। সুদীৰ্ঘ দিন বৃহত্তৰ জেলেহুৱা গাঁও পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব ভাৰ সুচাৰুৰূপে পৰিচালনা কৰি অহাৰ লগতে অঞ্চলটোৰ জোনাকী মইনা পাৰিজাত, অগ্ৰগামী যুৱ সমাজ, জেলেহুৱা গাঁও পুথিভঁৰাল আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সক্ৰিয় ভাৱে কাম কৰি ৰাইজৰ প্ৰিয়ভাজন হোৱা ব্যক্তি জনৰ অকাল মৃত্যুত ম্ৰীয়মান হৈ পৰিছে গাঁওবাসী। প্ৰাপ্ত বয়স্ক শিক্ষাৰ প্ৰকল্প বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰি সমাজৰ কাম কাজত ব্যস্ত হৈ পৰা সৰহবৰহী ব্যক্তি জনৰ নশ্বৰ দেহ পুৱা বাসগৃহৰ পৰা জেলেহুৱা নামঘৰৰ প্ৰাংগণলৈ লৈ গৈ অনেক শুভাকাংক্ষীৰ উপস্থিতিত ৰাজহুৱা ভাৱে এক শোকাকুল পৰিবেশত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।এই স্থানতে অঞ্চলটোৰ বহু কেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও দেৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইন, আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী ৰশ্মি ৰেখা বৰা, গাঁও প্ৰধান সূৰ্যমোহন হাজৰিকা,জেলেহুৱা গাঁও পৰিচালনা সমিতিৰ সভাপতি গোপাল বৰা, আপকু দেৰগাঁও মহকুমা সমিতিৰ সম্পাদক কুমুদ বৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমাজৰ বিভিন্ন কাম কাজৰ মাজতে কবিতা, প্ৰবন্ধ আদি সাহিত্য চৰ্চা মাধ্যমেৰেও সমাজলৈ অৱদান আগবঢ়োৱা ব্যক্তি জন এজন সু-বক্তা আৰু অভিনেতা হিচাপেও ৰাইজৰ মাজত পৰিচিত।বহুমুখী প্ৰতিভাৰ গৰাকী দত্তই মৃত্যুৰ সময়ত পত্নী, পুত্ৰ আৰু এগৰাকী জীয়াৰী লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।
নগৰবেৰাত শোকৰ ছাঁ
কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ দোকুছি গাঁওৰ বাসিন্দা তথা পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ মৃগেন্দ্ৰ পাঠকৰ যোৱা মংগলবাৰে মৃত্যু হয়। জানিব পৰা মতে ডাঃ মৃগেন্দ্ৰ পাঠকে কোলাইটিছ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ ছাৰ গংগাৰাম হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত মংগলবাৰে ৰাতিপুৱা ৭-৫০ বজাত মৃত্যু হয়। কালি তেওঁৰ মৃতদেহ নগৰবেৰাৰ দোকুছি গাওৰ নিজ গৃহলৈ অনাৰ পিছত বহু সংখ্যক গুণমুগ্ধ লোকৰ উপস্থিত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ৬৭ বছৰ বয়সত মৃত্যু হোৱা ডাঃ মৃগেন্দ্ৰ পাঠকে মৃত্যুৰ সময়ত এজন ল’ৰা আৰু দুজনী ছোৱালীসহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায় ।এগৰাকী সৎ আৰু অমায়িক স্বভাৱৰ লোক হিচাপে পৰিচিত ডাঃ মৃগেন্দ্ৰ পাঠকৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।
ডুমডুমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীৰ শুভাৰম্ভ
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ডুমডুমা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ডুমডুমা হাইস্কুল বিদ্যাপীঠ খন শেহতীয়াকৈ চৰকাৰী ভাৱে উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত কালি আনুষ্ঠানিক ভাৱে শ্ৰেণী আৰম্ভ কৰা হয়৷সেই উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি প্ৰণৱ হালৈৰ উপস্থিতিত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখাত অধ্যক্ষা সোনমনি দেৱীয়ে কয় যে,সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা অঞ্চলটোৰ ঐতিহ্যমণ্ডিত ডুমডুমা হাইস্কুল বিদ্যাপীঠ খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত অঞ্চলটোৰ শৈক্ষিক দিশৰ ডাঙৰ সমস্যা এটা সমাধান হ’ল৷ইয়াৰ বাবে তেওঁ অসম চৰকাৰৰ শিক্ষা বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷সভাত শোণিতপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তৰুণ চন্দ্ৰ বৰাই বক্তব্য ৰাখে৷ উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা এই বিদ্যালয় খনে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷ সভাখনত উপস্থিত থকা বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুয়েও ভাষন ৰাখে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে ,বৰ্তমানৰ চৰকাৰ খনে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক আৰু অধিক আগবঢ়াই নিয়াত গুৰুত্ব দিছে৷ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি তেওঁ আৰু কয়,ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ অভ্যাস ৰাখিব লাগে৷মাহত এখনকৈ হ’লেও অন্যান্য বিষয়ৰ কিতাপ পঢ়িব লাগে৷কিতাপ পঢ়া এটা আনন্দৰ বিষয় হিচাপে গ্ৰহণ কৰিব লাগে৷কিতাপ পঢ়িলে নেতৃত্বৰ গুণ আয়ত্ত কৰিব পাৰি৷শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলে সমাজৰ কোনো দিশৰ বিকাশ সম্ভৱ নহয় বুলি মন্তব্য কৰি তেওঁ আৰু কয়,আদৰ্শ সমাজ গঠনৰ বাবে নতুন প্ৰজন্মই এতিয়াৰ পৰাই কাম কৰিব লাগিব ৷তেজপুৰ জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক তৰুণ চন্দ্ৰ নাথে সভাত অতিথি হিচাপে অংশ গ্ৰহণ কৰি তেওঁৰ বক্তব্য প্ৰসংগত কয়,অতি পুৰণি এই বিদ্যালয় খন দোপতদোপে আগবাঢ়ি গৈছে৷শেহতীয়াকৈ অসম চৰকাৰৰ আঁচনি অনুসৰি উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত ৰাইজ উপকৃত হ’ব বুলি তেওঁ কয়৷বৰ্তমানেও ৰাজ্য খনৰ বহু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি থকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ প্ৰাদেশীকৰণৰ পৰা এতিয়াও বাদ পৰি যোৱা ভেঞ্চাৰ বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷বৰছলা সমষ্টিত প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ থকা গড়মাৰা উচ্চ ইংৰাজী বিদ্যালয় আৰু অৰিয়াণ্টলি উচ্চ ইংৰাজী বিদ্যালয় দুখনকে ধৰি সকলো ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ ব্যৱস্থা ল’বলৈ তেওঁ সভাত উপস্থিত থকা শাসকীয় দলৰ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুক আহ্বান জনায়৷সভাৰ মাজতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা এগৰাকী ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথিৰ টোপোলা প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক তৰুণ চন্দ্ৰ বৰাই৷বাণী নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়,শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয় আৰু অৰিয়াণ্টলি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক যথাক্ৰমে দেৱৰাজ উপাধ্যায়,গোলোক বৰা আৰু বিশ্বজিত পালকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাৰ শেষত বিধায়ক গণেশ কুমাৰ লিম্বুৱে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণী কোঠা এটি শুভ উদ্বোধন কৰে৷
খোৱাঙত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড
ডিব্ৰগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খোৱাংঘাটত আজি পুৱতি নিশা দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত দুয়োখন ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় । ঘটনাৰ বিবৰণ অনুসৰি, খোৱাং ঘাটত অৱস্থিত সুব্ৰত দত্তৰ ষ্টেচনাৰী দোকান আৰু বাদল বেনাজীৰ গেলামাল দোকানত পোহৰৰ উৎসৱ দেৱালী আৰু কালীপূজা দিনাই অথাৎ আজি পুৱতি নিশা প্ৰায় ২.৩০ বজাত এক অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত মৰাণ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে দুয়োখন ব্যৱসায়ী প্ৰতিষ্ঠানত থকা সকলো সামগ্ৰী জুইত জাহ যায় । অগ্নিকাণ্ডৰ ফলত দুয়োখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি ব্যৱসায়ী প্ৰতিষ্ঠান দুখনৰ স্বতাধিকাৰীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকীয়ে কোনো দুৰ্বৃত্তই প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
স্বেচ্ছাসেৱী সংগঠন জীৱনৰ উদ্যোগত বৃক্ষৰোপন কাৰ্যসূচী
বিহালী সমষ্টিৰ কমাৰ পুখুৰী গাৱত নতুনকৈ গঠন হোৱা “জীবন”নামৰ স্বেচ্ছাসেৱী সংগঠনটো বৃস্হপতি বাৰে কমাৰ পুখুৰী গাৱত বয়জ্যেষ্ঠ লোকক সকলক আদৰণি জনোৱাৰ লগতে বিদ্যালয় প্রাংগনত বৃক্ষৰোপন কৰা হয় । জীৱন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি গোপাল ছেত্রীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে সম্পাদক প্রদীপ উপাধ্যায়ে ।
তাৰ পিছতেই প্রাক্তন জিলা পৰিষদৰ সদস্য গিৰীকান্ত ভুজেল,অৱসৰ প্রাপ্ত শিক্ষক ক্রমে কুমাৰ পোখ্রল,দিলীপ প্রধান,টংক উপাধ্যায়,ক্ষীৰোদ গোস্বামী,মুক্তি ভট্টৰায়,উমাকান্ত ভট্টৰায়,লক্ষীকান্ত উপাধ্যায়,অৱসৰ প্রাপ্ত বেংক বিষয়া ভীষ্ম ভট্টৰায়,প্রগতিশীল খেতিয়ক পুৰুষোত্তম শর্মা,জেষ্ঠ সাংবাদিক ভুবন লুইটেল আৰু খগেন মটকক ফুলাম গামোচাৰে আদৰণি জনায় স্বেচ্ছাসেৱী সংগঠন তৰফৰ পৰা । জীৱন”ৰ এই প্রচেষ্টাত উপস্থিত কেইবাজনে লোকে প্রশংসা কৰে ।
তাৰ পিছতেই বিদ্যালয় সংগঠনটোৰ উদ্যোগত বিদ্যালয় প্রাংগনত গছ পুলি ৰোপণ কৰি সংৰক্ষণ ব্যৱস্থা কৰে সদস্য সকলে।
পানেৰী প্ৰেছ ক্লাবৰ সৌজনত মিনি মাৰাথন দৌৰ।
আগন্তুক ইং ১৪ নৱেম্বৰ ২০২১ তাৰিখে শিশু দিৱস উপলক্ষে ওদালগুৰি জিলাৰ অন্তৰ্গত পানেৰী প্ৰেছ ক্লাৱৰ উদ্যোগত ল’ৰা তথা যুৱকৰ মিনি মাৰাথন দৌৰৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত খেলখন পানেৰী আৰক্ষী থানাৰ সন্মুখৰ পৰা দেউলগুৰি চাৰিআলিলৈ গৈ পুনৰ দেউলগুৰি চাৰিআলিৰ পৰা পানেৰী চকলৈ প্ৰায় ১৮ কিলোমিটাৰৰ দৌৰ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হ’ব। সকলো বয়সৰ লোকে খেলখনত অংশগ্ৰহণ কৰিবৰ পাৰিব লগতে নামভৰ্তি মাচুল ১০০ টকা বুলি উদ্যোগতাই জনায়। আনহাতে নামভৰ্তিৰ সময়সীমা ১২ তাৰিখৰ আগত কৰিবলৈ দৌৰবিদসকলক অনুৰোধ জনোৱা হয়। উক্ত প্ৰতিযোগীতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক ক্ৰমে নগদ ছয় হাজাৰ এক(৬০০১) টকা, চাৰি হাজাৰ এক(৪০০১) টকা আৰু দুই হাজাৰ (২০০১) টকা সহ একোখন কৈ মানপত্ৰ প্ৰদান কৰা হ’ব। উক্ত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগী সকলক পানেৰী প্ৰেছ ক্লাব তথা ফোন নং ৭০০২৪৪৫৭৭১/ ৮৮২২৩৮০৪৮৪ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।











