৪নবেম্বৰত অসম ৰাজ্যিক ভাৰতীয় জনতা যুৱ মৰ্চাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ সকলো জিলাতেই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক যুৱমৰ্চাই থলুৱা সামগ্ৰীৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰাৰ লগতে মাটি চাকি বিতৰণ কৰি ৰাইজৰ মাজত সচেতনতা অনাৰ প্ৰয়াস কৰাৰ সমান্তৰালকৈ ওদালগুৰি জিলা যুৱ মৰ্চাৰ সহযোগীতাতো থলুৱা অৰ্থনীতি মজবুত কৰা আৰু থলুৱা শিল্পসমূহ জীয়াই ৰখাৰ উদ্দেশ্যেৰে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে । ৪নবেম্বৰত ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলা যুৱমৰ্চাৰ সহযোগত মাটিৰ চাকি-বাতি বিতৰন কৰা হয় । উক্ত কাৰ্য্যসূচীত ওদালগুৰি জিলা যুৱমৰ্চাৰ প্ৰভাৰী বিশ্বজিৎ হাজৰিকা, ৰাজ্যিক তথ্য আৰু প্ৰযুক্তি বিভাগৰ সহ আহবায়ক দিপজ্যোতি ডেকা ওদালগুৰি জিলা ওদালগুৰি পৌৰ সভাৰ উপাধক্ষ্য প্ৰাচুৰ্য্য দাস , ওদালগুৰি জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত সমৰ হাজৰিকা যুৱমৰ্চাৰ বিষয় ববীয়া অমৰ দাস,ৰোসন কুমাৰ সাহ,তোলেশ্বৰ বসুমতাৰী, গীতাঞ্জলী ছেত্ৰী, ডিগেন কোছ , সৰলা দাস,বিৰেঞ্চি চৌধুৰী, মণ্ডলৰ বিষববিয়া নিতুল মালিয়া,অনুপম শৰ্মা, ভক্ত গৌতম কে আদি কৰি বিজেপি দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে । যুৱমৰ্চাই লোৱা এই প্ৰসংসানীয় পদক্ষেপক ওদালগুৰি বাসী ৰাইজে শলাগিছে ।
দিপাৱলীত ব্যৱহৃত কলগছ পবিতৰা অভয়াৰণ্যত হাতীৰ বাবে যোগান
সহায় অসমৰ উদ্যোগত দিপাৱলীত ব্যৱহৃত কলগছ পবিতৰা অভয়াৰণ্যত হাতীৰ বাবে যোগান । সহায় অসমৰ উদ্যোগত দিপাৱলীত ব্যৱহৃত কলগছ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত হাতীৰ খাদ্যৰ বাবে যোগান ধৰে।বিগত ১২ বছৰ ধৰি সহায় অসমে দিপাৱলী পিছ দিনা দিপাৱলীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিতৰা হাতীৰ খাদ্য যোগান ধৰা কাৰ্য্য কৰি আহিছে।দিপাৱলীত ব্যৱহৃত কলগছ যাতে য’তে ত’তে পেলাই আৱৰ্জনা সৃষ্টি নহয় তাৰ বাবে সহায় অসমে বিগত ১২বছৰ ধৰি উক্ত পদক্ষেপ হাতত লৈ মৰিগাঁও টাউনৰ স্বচ্ছতা অটুত ৰাখি আহিছে।
সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ স্মৃতি দিৱস।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ সৌজন্যত ধেমাজি জিলা সমিতিৰ উদ্যোগত ড° ভূপেন হাজৰিকা স্মৃতি দিৱস।অসমৰ ভাষা সাহিত্য, সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনৰ এগৰাকী যুগনায়ক,বিশ্বমানৱৰ মুকুতিৰ বাবে ওৰেটো জীৱন কণ্ঠ শোণিত নিগৰোৱা সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী অনুষ্ঠানটি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিৰ সৌজন্যত ধেমাজি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে ধেমাজিত উদযাপন কৰিছে।এক বৰ্নিল কাৰ্য্যসূচীৰে ধেমাজি নগৰত আয়োজন কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা মৃত্যু দিৱসত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমচন্দ্ৰ গোস্বামী আৰু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা ডাঙৰীয়াই।
ৰাজ্যৰ ভিন্ন প্ৰান্ততৰ লগতে মৰিগাঁৱতো সুধাকণ্ঠক সোঁৱৰণ
ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ স্মৃতিত গঠন কৰা ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘই প্ৰতিষ্ঠা কালৰে পৰা ডঃ ভূপেন হাজৰিকা দেৱৰ লগত জড়িত প্ৰতিটো কাৰ্যসূচী পালন কৰি আহিছে। কৰ’না মহামাৰীয়ে জুৰুলা কৰা কভিড পৰিস্থিতিৰ সন্মুখীন হৈও দশম বাৰ্ষিক ডঃ ভূপেন হাজৰিকাদেৱৰ তিৰোভাৱ তিথিটো কভিড বিধি অনুযায়ী সমগ্ৰ ৰাজ্য জুৰি বিভিন্ন ধৰণেৰে পালন কৰা পৰিলক্ষিত হৈছে। আন বৰ্ষসমূহৰ দৰে মৰিগাঁও জিলাৰ মানিপুৰ আঞ্চলিক ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘ্ই বিভিন্ন কাৰ্যসূচীৰে দিনযোৰাকৈ পালন কৰিছে। বিশেষকৈ পুৱা শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পনৰ সমান্তৰালকৈ পতাকা উত্তোলন কৰে সংঘৰ মুখ্য উপদেষ্টা বুবুল বৰদলৈ, সভাপতি বুবুল পাটৰ, সম্পাদক বিশ্বজিৎ বছৰলৈকে প্ৰমুখ্যে কৰি সংঘৰ প্ৰতি গৰাকী শুভাকাংশী তথা সদস্য বৃন্দই। বিয়লি ২ বজাৰ পৰা মানিপুৰ আঞ্চলিক খেল পথাৰত এখনি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘৰ তৰফৰপৰা জানিবলৈ দিয়ে।
নাজিৰাত আৰক্ষীৰ তালিবানি কাৰ্য !
নিশা পথচাৰী ছাত্ৰক উঠাই আনি নিৰ্মম অত্যাচাৰ । গাওঁৰক্ষী বাহিনীৰ সম্পাদক সহ নিৰিহ ব্যক্তিক প্ৰহাৰ কৰাত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদত ৰাইজৰ পথ অৱৰোধ । দিলীপ হাজৰিকা : নাজিৰা : ৫ নৱেম্বৰ :- মূখ্যমন্ত্ৰীৰ স্মাৰ্ট পুলিচৰ কৰ্মকাণ্ডই নাজিৰাত চকু কপালত তুলিছে সচেতন মহলৰ। পোহৰৰ উৎসৱ দীপাৱলীৰ আলম লৈ নাজিৰাত অলিয়ে গলিয়ে গঢ় লৈ উঠিছে অবাধ জুৱা। মুকলিকৈ চলি থকা জুৱাৰ আড্ডা সমূহ বন্ধ কৰিব নোৱাৰা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত সহ উপ পৰিদৰ্শক মুক্তাৱ আলিৰ নেৰ্তৃত্বত এক আৰক্ষীৰ দল যোৱা নিশা প্ৰায় ৭ – ৩০ বজাত নাজিৰাৰ মেকিপুৰ অঞ্চলত আকস্মিকভাৱে উপস্থিত হয়গৈ জুৱাৰ আড্ডা বিচাৰি। পিছে আৰক্ষী অহাৰ উমান পাই জুৱাৰী পলাই পত্ৰং দিয়াত নিজৰ ব্যৰ্থতা ঢাকিবলৈ নাজিৰা আৰক্ষীয়ে অঞ্চলটোৰ পৰা গড়গাঁও মহাবিদ্যালয়ৰ তৃতীয় সন্মাষিকৰ হিমাংশু লোহাৰ নামৰ ছাত্ৰজনক উঠাই লৈ আহে থানালৈ। নিশাই নিৰপৰাধী ছাত্ৰ জনক থানাৰ পৰা মুকলি কৰি নিবলৈ বুলি অহা নাজিৰা চাহ মজদুৰ সংঘৰ সম্পাদক দেৱেন ৰবিদাস, মেকিপুৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক গণেশ চিক আৰু এজন স্থানীয় লোকৰ ওপৰত বীৰত্ব দেখুৱাই নাজিৰা আৰক্ষীয়ে। আৰক্ষীয়ে ছাত্র জনক ৰাতি মুকলি কৰি দিয়া নহ’ব বুলি কোৱাত উক্ত তিনিওজনৰ লগত অহা ৰাইজ উভতি গৈ গাড়ীৰ বাবে থানাৰ সন্মুখৰ পথৰ কাষত ৰৈ থকা অৱস্থাত সহ উপ পৰিদৰ্শক মুক্তাৱ আলীয়ে ৰাইজৰ ওপৰত লাঠি চালনা কৰাত কেইবাজনো আহত হোৱাৰ উপৰি আৰক্ষীৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগাত পৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক জন। আৰক্ষী বিষয়াজনৰ এনে তালিবানি কাৰ্যৰ বিৰুদ্ধে আজি নাজিৰাৰ মেকিপুৰত শ শ পুৰুষ – মহিলা , ছাত্র – ছাত্ৰী সহ ৰাইজে পথ অৱৰোধ কৰি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ সহকাৰী উপ পৰিদৰ্শক মুক্তাৱ আলীক শাস্তিমুলক বদলিৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নাজিৰা মহকুমা প্ৰশাসনৰ দণ্ডাধীশ প্ৰীতম গগৈ আৰু নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰৰ হস্তক্ষেপত নিৰপৰাধী ছাত্ৰজনক মুকলি কৰি দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইফালে ঘটনাৰ তদন্ত বিচাৰি নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে।
লাহৰীঘাটতো দেখা গল পোহৰৰ উৎসৱ দিপাৱলী
সমগ্র দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চল তথা আৰক্ষী থানা,বজাৰৰ ব্যৱসায়ী সকলেও নিজৰ নিজৰ দোকানৰ সন্মুখত মাটি চাকি, ৰঙীন মোমবাতি তথা আধুনিক ইলেক্ট্রনিক বাল্ব আদি জ্বলাই পোহৰৰ উৎসৱ দ্বীপাৱলী উদযাপন কৰা পৰিলক্ষিত হয়। আৰক্ষী প্ৰশাসনে মাইক যোগে আতজবাজি ফুটোৱাৰ ক্ষেত্ৰত বিশেষ নিয়মাবলীৰে ৰাইজক সতৰ্ক কৰি দিয়া পৰিলক্ষিত হয়।
খাৰুপেটীয়াত আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত NEET ত উত্তীৰ্ণ ছাত্ৰক সম্বৰ্ধনা
সদ্য ঘোষিত NEET ৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰঙৰ খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দুই প্ৰাক্তন ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন । এই সম্বৰ্ধনা জ্ঞাপন কৰে খাৰুপেটীয়াৰ আজমল কলেজ কৰ্তৃপক্ষই । উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জ্যোতি ডেকা আৰু ছিপাঝাৰৰ উচ্ছেদিত এলেকা গৰুখুটি গাঁৱৰ আহমেদ আলীয়ে ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈ আজমল চুপাৰ 40 ত স্থান লাভ কৰিছিল । আৰু সম্পূৰ্ণ বিনামূলীয়া ভাৱে আজমল চুপাৰ 40ত অধ্যয়ন কৰি অৱতীৰ্ণ হৈছিল NEET ত । ২০২১ বৰ্ষৰ NEET ৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ দুজনক খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দিলোৱাৰ হুছেইনৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে, দৰিদ্ৰ ছাত্ৰক এনেদৰে আজমল ফাউণ্ডেচনে লিখা পঢ়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ছাত্ৰ দুগৰাকীৰ লগতে শিক্ষক – শিক্ষয়িত্ৰী সকলে। উল্লেখ্য যে, আহমেদ আলীযে ৫৪৬ আৰু জ্যোতি ডেকাই ৫৭২ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে খাৰুপেটীয়াৰ ঘনশিমুলী গাঁৱৰ জাকিৰ হুছেইনৰ পুত্ৰ ছাহীল আখতাৰে ৫৯৩ আৰু খাৰুপেটীয়াৰ কামাৰপাৰা গাৱৰ অৱসৰী শিক্ষক মফিজুদ্দিন আহমেদৰ পুত্ৰ ছাহানুৰ আখতাৰে ৫৯৮ নম্বৰ লাভ কৰি খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ভেকচিন প্ৰদান
ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ৪অক্টোবৰ ২০২১তাৰিখলৈ ৭৬ দিন ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে । আজিলৈ প্ৰথম আৰু দ্বিতীয় পালি ধৰি সৰ্বমুঠ ৭১০৬ জন হিতাধীকাৰীক ভেকচিন প্ৰদান সম্পূৰ্ণ । কিছুমান ব্যক্তি এতিয়াও প্রথম পালি ভেকচিন ভয়তে লোৱা নাই আৰু কিছূমান ব্যক্তিয়ে জ্বৰ ,কাহ,দূর্বল,মধুমেহ , উচ্চ ৰক্তচাপ হৈ আছে এতিয়া ভেকচিন গ্ৰহণ নকৰো বুলি অজুহাত দেখুৱাই ঘৰত বহি থকা সকলক আশাকৰ্মী সহায়ত MPW য়ে তেওঁলোকৰ নাম আৰু ফোন নং সংগ্ৰহ কৰি ভেকচিন কেন্দ্রত মাতি আনি ক’ভিড পৰীক্ষা, থাৰ্মমিটাৰৰ সহায়ত শৰীৰৰ উষ্ণতা পৰীক্ষা , মধুমেহ ৰোগী সকলক ছুগাৰ পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰি আছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অঞ্চলৰ সকলো জনসাধাৰনে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিব বুলি আশাবাদী। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ আপ্ৰান চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। যি সকল ব্যক্তি পক্ষাঘাত হৈ আছে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত আহিব পৰা নাই সেই সকল ব্যক্তিক ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ ব্যবস্থা কৰা হৈছে।
দিপাৱলীৰ নিশাই ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড।
ৰঙিয়া নগৰৰ মাজমজিয়াত অৱস্থিত শিৱমন্দিৰৰ গাতে লাগি থকা এটা দুমহলীয়া অট্টালিকাৰ ওপৰভাগ জুইত সম্পূৰ্ণ জাহ যায়। প্ৰসন্ন বৈশ্য নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ ঘৰত সংঘটিত হয় এইঘটনা। জুইৰ লেলিহান শিখাই মূহুৰ্ততে আগুৰি ধৰে ভাড়াতীয় হিচাবে থকা ৰমেশ বাজাজ আৰু আত্মাৰাম বাজাজৰ কোঠালী। ঘটনাৰ তথ্য অনুসৰি দীপাৱলিৰ বাবে আনি সজোৱা বৈদ্যুতিক মালাৰ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এই বিদ্ধংসী অগ্নিকাণ্ড। অগ্নিশিখাই মুহূৰ্ততে আগুৰি ধৰাত একেলগে থকা কাপোৰৰ গুদামসহ কেবাটাও কোঠালী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কথমপি প্ৰাণ ৰক্ষা পৰে এটি শিশুসহ কেবাজন লোকৰ। এই ঘটনাৰ ফলত প্ৰায় পঞ্চাশ লাখৰো অধিক টকাৰ সা-সামগ্ৰী আৰু সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। জুইৰ প্ৰকোপ ইমানেই তীব্ৰ আছিল যে স্থানীয় শতাধিক যুৱক আৰু প্ৰায় ৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ দুঘন্টাযোৰা নেৰানেপেৰা চেষ্টাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহীনি আৰু আৰক্ষীৰ লোক আহি পোৱাত কিছু পলম হোৱা বাবে ৰাইজ উত্তেজিত হয়। আনহাতে খবৰপোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালসহ প্ৰশাসনৰ বিষয়ববীয়া সকল। উত্তেজিত ৰাইজৰ মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ লগত কিছু কথাৰ কটাকটি হয় আৰু ৰাইজে দুৰ্ব্যৱহাৰৰ অভিযোগ কৰে। ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ বিভাগেও সমগ্ৰ চহৰখনৰ বিদ্যুত সংযোগ কাটি দিয়ে,যাৰফলত দীপাৱলিৰ আনন্দ ৰঙিয়াত একপ্ৰকাৰ ম্লান হৈ পৰে।











