Breaking

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ভেকচিন প্ৰদান

0 2,018

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ৪অক্টোবৰ ২০২১তাৰিখলৈ ৭৬ দিন  ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে । আজিলৈ  প্ৰথম আৰু দ্বিতীয় পালি ধৰি সৰ্বমুঠ ৭১০৬ জন হিতাধীকাৰীক ভেকচিন প্ৰদান  সম্পূৰ্ণ । কিছুমান ব্যক্তি এতিয়াও প্রথম পালি ভেকচিন ভয়তে লোৱা  নাই আৰু কিছূমান ব্যক্তিয়ে জ্বৰ ,কাহ,দূর্বল,মধুমেহ , উচ্চ ৰক্তচাপ হৈ আছে এতিয়া ভেকচিন গ্ৰহণ নকৰো বুলি অজুহাত দেখুৱাই  ঘৰত বহি থকা সকলক আশাকৰ্মী সহায়ত MPW য়ে  তেওঁলোকৰ নাম আৰু ফোন নং সংগ্ৰহ কৰি ভেকচিন কেন্দ্রত মাতি আনি ক’ভিড পৰীক্ষা, থাৰ্মমিটাৰৰ সহায়ত শৰীৰৰ উষ্ণতা পৰীক্ষা , মধুমেহ ৰোগী সকলক ছুগাৰ পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰি আছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অঞ্চলৰ সকলো  জনসাধাৰনে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিব বুলি আশাবাদী। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ আপ্ৰান‌ চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। যি সকল ব্যক্তি পক্ষাঘাত হৈ আছে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত আহিব পৰা নাই সেই সকল ব্যক্তিক ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ ব্যবস্থা কৰা হৈছে।

Leave A Reply