Breaking

সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ স্মৃতি দিৱস।

0 2,057

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ সৌজন্যত ধেমাজি জিলা সমিতিৰ উদ্যোগত ড° ভূপেন হাজৰিকা স্মৃতি দিৱস।অসমৰ ভাষা সাহিত্য, সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনৰ এগৰাকী যুগনায়ক,বিশ্বমানৱৰ মুকুতিৰ বাবে ওৰেটো জীৱন কণ্ঠ শোণিত নিগৰোৱা সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী অনুষ্ঠানটি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিৰ সৌজন্যত ধেমাজি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে ধেমাজিত উদযাপন কৰিছে।এক বৰ্নিল কাৰ্য্যসূচীৰে ধেমাজি নগৰত আয়োজন কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা মৃত্যু দিৱসত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমচন্দ্ৰ গোস্বামী আৰু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা ডাঙৰীয়াই।

Leave A Reply