Home Blog Page 2750

NCB কাৰ্যলয়ত হাজিৰ হল আৰিয়ান খান

বলিউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান শুকুৰবাৰে উপস্থিত হয় মুম্বাইস্থিত NCB কাৰ্যলয়ত । ক্ৰুজ ড্ৰাগছ গোচৰত ২ অক্টোবৰত NCB য়ে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানক । চেচন কোৰ্টে আৰ্যানৰ জামিন নাকচ কৰিছিল যদিও বুম্বাই উচ্চ ন্যায়লয়ে চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ কৰিছিল আৰিয়ানৰ ।
NCB ক অৱগত নকৰাকৈ মুম্বাই এৰিব নোৱাৰিব আৰিয়ানে । NDPS কোৰ্টত পাচপোৰ্ট জমা কৰিব লাগিব । ন্যায়লয়ৰ অনুমতি অবিহনে দেশ ত্যাগ কৰিব নোৱাৰিব আৰিয়ানে । প্ৰতি শুকুৰবাৰে দিনৰ ১১ ৰ পৰা ২ বজাৰ ভিতৰত মুম্বাইৰ NCB কাৰ্যলয় হাজিৰ দিব লাগিব আৰিয়ানে ।
আদালতৰ নিৰ্দেশ অনুসৰিয়ে শুকুৰবাৰে NCB কাৰ্যলয়ত উপস্থিত হয় শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ।

সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ শ্ৰদ্ধাৰে সোঁ‌ৱৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়ত শুকুৰবাৰে সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ ১০ম মৃত্যু তিথিত শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁ‌ৱৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমাণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাৰত ৰত্ন , বৰেণ্য শিল্পী গৰাকীৰ ফটোত পুষ্পাৰ্ঘ অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানটোত উপস্থিত থাকে বিজেপি দলৰ বহু কেইজন কৰ্মকৰ্তা ।

দৰং জিলাৰ গড়কাপ্তানি বিভাগৰ অৱসৰী শাখা সহায়ক আফজল হুছেইনৰ মৃত্যু

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুছলিমঘোপা গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি গড়কাপ্তানি বিভাগৰ অৱসৰী শাখা সহায়ক আফজল হুছেইন (৭১)ৰ আজি পুৱা ৫-১৫ বজাত মৃত্যু হয়৷ তেখেত যোৱা কেইবাদিন ধৰি অসুস্থ অৱস্থাত আছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নী সহিতে দুজন পুত্ৰ, এগৰাকী বিবাহিত জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ তেখেতৰ জানাজা নামাজ আজি বিয়লি ২-০০ বজাত সম্পন্ন কৰা হয়৷ জানাজা নামাজত ইমামতি কৰে মৌলানা আলহাজ ইক্ৰামূল মজিদে৷ জানাজাৰ পিছত দোৱা সম্পন্ন কৰে আলা হজৰত একাডেমি, মঙলদৈৰ প্ৰধানশিক্ষক মৌলানা আব্দুল হক ৰেজৱীয়ে৷ জানাজাত মঙলদৈ সাহিত্যনগৰ জামে মছজিদৰ পেচ ইমাম মৌলানা আব্দুচ চাত্তাৰ নূৰী, নগৰবাহী কৰিমীয়া দাৰুল উলুমৰ শিক্ষক মুফতী তাজনুৰ আলী ক্বাদিৰী, বিশিষ্ট লেখক, কবি, সামাজিক বিশ্লেষক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী উপস্থিত থাকে৷ তেখেতৰ মৃত্যুত ৰাজা ফাউণ্ডেশ্যন, অসম, মুছলিমঘোপা বৰ মছজিদ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

নগৰবেৰাৰ দুই ছাত্ৰৰ সাফল্যত উৎসৱ মুখৰ পৰিবেশ

 কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিক্ৰম ছাৰাভাই চাইন্স একাডেমীৰ ২০১৯-২০ বৰ্যৰদুই ছাত্ৰ ক্ৰমে হিতুল ৰয় আৰু জয়দেৱ পালে সদ্য ঘোষিত সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ বাছনি পৰীক্ষা(নীট)ত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। শিমলীতোলা দোমনাপাৰা  আৰু নগৰবেৰাৰবিদ্যানগৰৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান ক্ৰমে হিতুল ৰয় আৰু জয়দেৱ পালেবিক্ৰম ছাৰাভাই চাইন্স একাডেমীত অধ্যয়ন কৰা সময়ত বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াইছিল। কঠোৰ অধ্যৱসায়, প্ৰবল ইচ্ছা,ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে আজি নীট পৰীক্ষাত ছাত্ৰ দুগৰাকী উজলি উঠিবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলটোৰ লগতে ছাত্ৰ দুগৰাকীৰ পৰিয়াল আৰু তেওলোকে অধ্যয়ন কৰা বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে। আজি নীট’ত উত্তীৰ্ণ ছাত্ৰ হিতুল ৰয় আৰু জয়দেৱ পালে অধ্যয়ন কৰি যোৱা বিদ্যালয় বিক্ৰম ছাৰাভাই চাইন্স একাডেমীত উপস্থিত হোৱাৰ লগে লগে  বিদ্যালয়খনত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। পিছত ছাত্ৰ দুগৰাকীক বিদ্যালয়খনৰ অধ্যক্ষ নিৰ্মল কলিতা আৰু পৰিচালন সঞ্চালক আব্দুল জলিলে গামোচা, শৰাই আদিৰে উষ্ম আদৰণি জনায়। 

বিহালীত সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠৰ দশম সংখ্যক মৃত্যু দিৱস পালন

আজি সমগ্ৰ দেশৰ  লগতে  বিহালীতো পালন কৰা হয় সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু দিবস ।  দক্ষিন বিহালী শাখা সাহিত্য সভাৰ  উদ্যোগত আৰু স্থানীয় মহিলা “যুৱকৰ সহযোগিতাত পুৱা সম্পাদক খগেন মটকে আতঁ ধৰা সভাত  সভাপতি গোপাল উপাধ্যায়ে পতকা উত্তোলন কৰে !ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে অবসৰ প্ৰাপ্ত শিক্ষক তথা পুব বিহাালী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰজনী সিংহয় ।ইয়াৰ পিছত দেবকান্ত শৰ্মা”দিলীপ বৰা : জয়ন্ত হাজৰিকাক আৰু মহেন্দ্ৰ উপাধ্যায়   এই চাৰি গৰাকি সাহিত্যপ্ৰেমীক নতুনকৈ  আজীৱন সদস্য হিচাপে অন্ত ভুক্ত কৰি আদৰণি জনায়। ইয়াৰ পিছতে ভৃপেন হাজৰিকাৰ ওপৰত বক্তব্য প্ৰদান কৰে ক্ৰমে ৰজনী সিংহ, দিলীপ বৰা “নন্দ কৰেল ” সদস্য নিৰঞ্জন দাস “জিলাৰ সদস্য “গজেন শৰ্মা” মহিলা সমিতিৰ হৈ উত্তৰা দেবী নাট্যকাৰ দেবশকান্ত শৰ্মা  আদিয়ে । অন্যহাতে সন্ধীয়া শিশু সকলৰ মাজত ভূপেন্দ্ৰ সংগীত আৰু নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও স্থানীয় শিল্পী সকলৰ দ্বাৰা সংগীতানুষ্ঠান নুষ্ঠিত কৰা হব বুলি সভাপতি/ সম্পাদকে জানিবলৈ দিছে । ।

মানকাচৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভূৱা লাট মণ্ডলক গ্ৰেপ্তাৰ

অসম চৰকাৰৰ সুনাম ধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাজ্য খনত মাটিৰ দালাল ৰাজ বন্ধ কৰাৰ বাবে ৰাজ্যৰ সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনক দালালক গ্ৰেপ্তাৰ কৰাৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰাত ইতিমধ্যে ৬০০ ৰ অধিক দালাল ৰাজ্য খনৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। মানকাচৰ থানাৰ অন্তৰ্গত কুকুৰমাৰা গাওঁৰ ভুৱা লাট মণ্ডল আব্দুল হকৰ বিৰুদ্ধে যোৱা ২১ ছেপ্টেম্বৰত জিলা উপায়ুক্ত মহোদয়ে ভুৱা লাট মণ্ডলৰ বিৰুদ্ধে গোচৰ তৰে। উক্ত গোচৰৰ কথা গম পোৱাত ইমান দিনে পলাতক আছিল আব্দুল হকে। মানকাচৰ আৰক্ষীৰ এছ আই দিপালী বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটি যুদ্ধ কালীন ভাবে অভিযান চলাই চলিত মাহৰ তিনি তাৰিখে গ্ৰেপ্তাৰ কৰে ।ইপিনে ভুৱা নাট মণ্ডল আব্দুল হকৰ বিৰুদ্ধে মানকাচৰ থানাত ৯৩৮/২০২১ নং গোচৰ পঞ্চাীয়ন কৰি ধাৰা ৪১৭/৪১৯/৪২০/৪৬৭/৪৬৮ ipc মৰ্মে তদন্ত অব্যাহত ৰাখিছে। যোৱা কালি ভুৱা লাট মণ্ডল জনক হাটশিঙিমাৰীৰ মুন্সিফ আদালতত হাজিৰ কৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ১০ দিনৰ বাবে পুলিচৰ জিম্মাত বিছৰাত মহামান্য আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। কোন এই ভুৱা লাট মণ্ডল আব্দুল হক। জানিব পৰা মতে আব্দুল হকে আজি প্ৰায় ২০ বছৰ ধৰি মানকাচৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত দুজন লাট মণ্ডল লগত জড়িত হৈ মাটি নামজাৰি, মাটি বেচা কিনা, লেণ্ড হল্ডিং ছাৰ্টিফাইড কপি, দলিলৰ কলা ব্যৱসায়ী আদি লালালি কৰি লুণ্ঠন চলাই আহিছে। দুজন লাট মণ্ডলৰ আশীৰ্বাদ আব্দুল হকে মানকাচৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চৰকাৰী লাট মণ্ডল লগত একে লগে চেয়াৰত বহি বহু গুৰুত্বপূৰ্ণ ফাইল, নামজাৰিৰ লেজাৰ বুকত আব্দুল হকে নিজৰ হাতৰে চৰকাৰী নথি পত্ৰত লিখা মেলা আৰম্ভ কৰে সেই কথা বহু মানুহে জানে। সেই ভাবে চৰকাৰী কাৰ্যালয়ত নিয়মিত ভাবে কাম কাজ কৰি থকাত জিলা খনৰ বহু মানুহে আব্দুল হকক চৰকাৰী লাট মণ্ডল বুলি বহুতে ভাবিছিল। কিন্তু প্ৰকৃততে আব্দুল হাই এজন ভুৱা লাট মণ্ডল আৰু মাটি খুকুৱা কুখ্যাত দালাল । উক্ত ভুৱা লাট মণ্ডল জনে ৰাজহ চক্ৰৰ অন্তৰ্গত বহু মানুহৰ মাটি অৱৈধ ভাবে বেলেগ মানুহৰ নামত দি লাখ লাখ টকা লুন্ঠন কৰিছে। উক্ত ভুৱা লাট মণ্ডল জনক গ্ৰেপ্তাৰ কৰাৰ বাবে সচেতন মহল আৰু বহু মাটি হেৰুৱা ভুক্তভোগীয়ে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।

লাহৰীঘাটত সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি আঞ্চলিক কেন্দ্ৰীয় পুথিভঁৰাল আৰু কুশতলি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত হয় বিশ্ব বৰেণ্য শিল্পী গৰাকী মৃত্যু দিৱসটি।কুশতলিত থকা ড° ভূপেন হাজৰিকাৰ মঞ্চত উদযাপিত হোৱা এই অনুষ্ঠানৰ উপলক্ষে পুৱা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে লাহৰীঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মণিকা দাস ৰাংহাঙে।অংশগ্ৰহণ কৰে কুশতলি গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন সেনাপতি,আঞ্চলিক সদস্যা মমী পাতৰ,শিল্পী তপন শৰাই,কুশতলি মণ্ডল বিজেপিৰ সভাপতি জিলু পাতৰকে ধৰি কুশতলি আঞ্চলিক কেন্দ্ৰীয় পুথিভঁৰালৰ সভাপতি, সম্পাদক,কুশতলি আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া আৰু কৰ্মী সকলে।ইয়াৰ পিছত আন আন কাৰ্যসূচী সমূহ অনুষ্ঠিত হোৱাৰ উপৰিও সন্ধিয়া বৰেণ্য শিল্পী গৰাকীৰ স্মৃতিত এহেজাৰ গছি বন্তি আৰু এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হব বুলি কুশতলি আঞ্চলিক কেন্দ্ৰীয় পুথিভঁৰালৰ সম্পাদক সত্যকাম বৰদলৈয়ে কয়। 

বিশ্বনাথত সদৌ অসম চাওৰা সমাজৰ ৪২ তম প্ৰতিষ্ঠা দিৱস পালন

বিশ্বনাথ জিলাৰ অন্তৰ্গত ইটাখোলা ৰ নিকটৱৰ্তী তেজালপটি চাহ বাগিছাত সদৌ অসম চাওৰা সমাজৰ ৪২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। যোৱা ৩ নবেম্বৰ দিনা তেজালপট্টী চাহ বাগিচাত অনুষ্ঠিত চাহ জনগোষ্ঠী আদিবাসী সকলৰ অন্যতম জাতি চাওৰা সকলৰ সমাজৰ প্ৰতিষ্ঠা দিৱৰ পতাকা উত্তোলন কৰাৰ পাছত ছহীদ তৰ্পণ কাৰ্যসুচী সমাপণ হ্য় ,চাওৰা সমাজৰ জনজাতীয় গীত পৰিৱেশনৰ পাছত সদৌ অসম  চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়া কাতি ৰাম চাওৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষ্মীকান্ত বৰা,কেন্দ্ৰীয় আটছাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ,প্ৰাক্তন আটছা নেতা তথা শিক্ষক অমৃত তচাৰ লগতে তেজালপটি চাহ বাগিছাৰ পৰিচালক  মনোজ কৌশিক,ৰূপজ্যোতি মহন্ত,নদুৱাৰ শাখা আটছাৰ অন্যতম কাৰ্য নিৰ্বাহক অৰুন গোৱালাৰ উপৰিও চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়াই অংশ গ্ৰহণ কৰে। উক্ত মুকলি সভাত চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়াই ভাষন প্ৰসংগত কয় যে  অতিকৈ পিছপৰা এই জনজাতিৰ লোকসকলে ভুগি অহা বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে সম্পৰ্কে বক্তব্য দাঙি ধৰে। বিশেষ ভাৱে (অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি) জনজাতিকৰণ বিষয়ে দিঘলীয়া সময় ধৰি কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ বিষয়ে টোপ দি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰোপৰি  শিক্ষা দীক্ষাকে ধৰি বিভিন্ন দিশত পিছপৰা এই জনজাতিৰ উত্তৰণৰ বাবে  চাওৰা সমাজে যোৱা প্ৰায় চাৰি দশকৰ পৰাই প্ৰচেষ্টা চলাই থাকি অহা বুলি উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে কণ কণ ল’ৰা ছোৱালী ৰ মাজত খেল ধেমালিৰ লগতে গীত নৃত্য প্ৰদৰ্শন কৰা হয় আৰু সন্দ্ধ্যালৈ বিশেষ ভাবে আমন্ত্ৰণ জনাই অনা অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁ‌টা প্ৰাপ্ত তথা কন্ঠ শিল্পী সুজিৎ তচা আৰু বালিপাৰাস্থিত বামগাঁও চাহ বাগিচাৰ জনপ্ৰিয় কন্ঠ শিল্পী উমেশ তাঁ‌তীৰ দ্বাৰা ঝুমুইৰ নৃত্য-গীতৰ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

দৌলাশালত সুধাকণ্ঠক স্মৰণ বিৰিণা গোষ্ঠী আৰু ভাস্কৰ সামূহিক কেন্দ্ৰৰ ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰী জিলাৰ দৌলাশালতো আজি দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক পৃথকে পৃথকে স্মৰণ কৰে বিৰিণা গোষ্ঠী, অসম আৰু দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰই । বিৰিণা গোষ্ঠী অসমৰ দৌলাশালস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সুধাকণ্ঠৰ দশম বাৰ্ষিক স্মৃতিচাৰণ অনুষ্ঠান । বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে ৷ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোষ্ঠীটোৰ বিজ্ঞাপন সচিব চেলিম মালিকে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সহযোগী সম্পাদক ৰমণী নাথে । স্মৃতিচাৰণ অনুষ্ঠানত গোষ্ঠীটোৰ বিশেষ প্ৰতিনিধি বাবুল বণিক্য‌‌‌, সহযোগী সম্পাদক সুৰজিৎ পাঠক, সদস্য জয়ন্ত ডেকা, খঞ্জনজ্যোতি পাঠক, নৱ কুমাৰ কলিতা, জেহেৰুল ইছলাম, হেমন্ত বৰ্মনকে আদি কৰি নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে দৌলাশালৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰই অইন বেলিৰ দৰে এইবেলিও ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিত যাযাবাৰী শিল্পী গৰাকীক স্মৰণ কৰে ৷ ক’ৰোনা সৃষ্ট পৰিৱেশৰ বাবে  জাকজমকতা পৰিহাৰ কৰি অনুষ্ঠিত কৰা সুধাকন্ঠ ভূপেন হাজৰিকাদেৱৰ দশম মৃত্যু তিথিৰ কাৰ্যসূচী অনুসৰি পুৱা ভাস্কৰ সামূহিক কেন্দ্ৰৰ পতাকা উত্তোলন কৰে  কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে । বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি তথা স্থানীয় সাংবাদিক লীলাধৰ পাঠকে । হাজৰিকাৰ প্ৰতিচ্ছবিত  মাল্যাৰ্পণ কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক কিশোৰ কুমাৰ নাথে আৰু সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট অভিনেতা বাবুল বণিক্যই । ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত কেইবাগৰাকীও বিশিষ্ট লোকে হাজৰিকাৰ জীৱন দৰ্শন আৰু তেখেতৰ কালজয়ী গীত সম্পৰ্কত বক্তব্য প্ৰদান কৰে। কেন্দ্ৰৰ সম্পাদক নিকুঞ্জ নাথ , সহ: সম্পাদক প্ৰণৱ দাস আৰু দীপু ঠাকুৰীয়াই  আঁত ধৰা অনুষ্ঠাটোত গছপুলি ৰোপণ কৰে সাংবাদিক তফিকুৰ ৰহমান আৰু  শিক্ষক কনক ঠাকুৰীয়াই । অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে কেন্দ্ৰৰ কেইবাগৰাকী সদস্যই সুঠাকণ্ঠৰ  “মানুহে মানুহৰ বাবে” কালজয়ী গীতটো সমূহীয়া ভাৱে পৰিৱেশন কৰে । কেন্দ্ৰৰ শিল্পী অৰূপ নাথ আৰু সহদেৱ নাথে হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য কৰি তোলে । তাৰ পিছতে অৱসৰী প্ৰধান শিক্ষক হৰিদাস বৈশ্যই ভাগৱত পাঠ কৰে । সন্ধিয়া যাযাবৰী শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত সমূহীয়া বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰে ৷

শুভ জন্মদিন বিৰাট কোহলী।

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে স্কটলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ ২০২১ ৰ সংঘৰ্ষৰ দিনা শুক্ৰবাৰে (৫ নৱেম্বৰ) ৩৩ বছৰীয়া হয়। ২০০৮ চনত আত্মপ্ৰকাশ কৰাৰ পিছত, কোহলীয়ে ৰাষ্ট্ৰীয় দলৰ হৈ ২৫৪ খন এদিনীয়া, ৯৬ খন টেষ্ট আৰু ৯২ খন টি-২০ খেলিছে। তেওঁৰ সকলো ফৰ্মেটত কেইবাটাও ৰেকৰ্ড আছে আৰু একে সময়তে খেলৰ তিনিওটা ফৰ্মেটত 50-তকৈ অধিক গড় থকা একমাত্ৰ বেটাৰ। টি-২০ বিশ্বকাপ ২০২১ত স্কটলেণ্ডৰ বিৰুদ্ধে সংঘৰ্ষৰ দিনা ৫ নৱেম্বৰত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ বয়স ৩৩ বছৰ হ’ল। তেওঁ এটা কেলেণ্ডাৰ বৰ্ষত তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ আছে – 2818 (2017 বৰ্ষত) ৰাণ। তেওঁ কেৱল শ্ৰীলংকাৰ মহান কুমাৰ চাংগাকাৰা (২৮৬৮ ৰাণ) আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিং ৰ পিছত আছে।