Breaking

স্বেচ্ছাসেৱী সংগঠন জীৱনৰ উদ্যোগত বৃক্ষৰোপন কাৰ্যসূচী

0 26

বিহালী সমষ্টিৰ কমাৰ পুখুৰী গাৱত নতুনকৈ গঠন হোৱা “জীবন”নামৰ স্বেচ্ছাসেৱী সংগঠনটো বৃস্হপতি বাৰে  কমাৰ পুখুৰী গাৱত বয়জ্যেষ্ঠ লোকক  সকলক আদৰণি জনোৱাৰ লগতে বিদ্যালয় প্রাংগনত বৃক্ষৰোপন কৰা হয় । জ‌ীৱন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ  সভাপতি গোপাল ছেত্রীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে সম্পাদক প্রদীপ উপাধ্যায়ে ।
তাৰ পিছতেই প্রাক্তন জিলা পৰিষদৰ সদস্য গিৰীকান্ত ভুজেল,অৱসৰ প্রাপ্ত শিক্ষক ক্রমে কুমাৰ পোখ্রল,দিলীপ প্রধান,টংক উপাধ্যায়,ক্ষীৰোদ গোস্বামী,মুক্তি ভট্টৰায়,উমাকান্ত ভট্টৰায়,লক্ষীকান্ত উপাধ্যায়,অৱসৰ প্রাপ্ত বেংক বিষয়া ভীষ্ম ভট্টৰায়,প্রগতিশীল খেতিয়ক পুৰুষোত্তম শর্মা,জেষ্ঠ সাংবাদিক ভুবন লুইটেল আৰু খগেন মটকক ফুলাম গামোচাৰে  আদৰণি জনায়  স্বেচ্ছাসেৱী সংগঠন তৰফৰ পৰা । জীৱন”ৰ  এই প্রচেষ্টাত উপস্থিত  কেইবাজনে লোকে  প্রশংসা কৰে ।
তাৰ পিছতেই বিদ্যালয় সংগঠনটোৰ উদ্যোগত বিদ্যালয়  প্রাংগনত গছ পুলি ৰোপণ কৰি সংৰক্ষণ ব্যৱস্থা কৰে সদস্য সকলে।

Leave A Reply