Breaking

তৰণীত স্বেচ্ছাসেৱী সংগঠন পৰমাৰ্থৰ উদ্যোগত বিশেষ সম্বৰ্দ্ধনা সভা

0 2,031

ৰঙিয়াৰ তৰণী কৃষ্ণগুৰু শাখা সেৱাশ্ৰম  প্ৰাংগণত নৱগঠিত স্বেচ্ছাসেৱী সংগঠন পৰমাৰ্থৰ উদ্যোগত মংগলবাৰে বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । সংগঠনটোৰ সাধাৰণ সম্পাদক বিশ্বজিৎ কাকতীয়ে আত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে সভাপতি ভাস্কৰ কলিতাই ।সভাত  ৰঙিয়াৰ কোঠৰা গাৱৰ পৰা গৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বিভিন্ন বটা-পুৰস্কাৰেৰে ৰঙিয়াক গৌৰৱান্বিত কৰা সংস্কৃতিৰ পূজাৰী পংকজ পল্লৱ শৰ্মাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । শেহতীয়াভাবে  পাঞ্জাৱৰ পৰা পৰিচালনাৰ “ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড-২০২১” লাভ কৰা উপলক্ষে  বেচৰকাৰী সংস্থাটোৱে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনায়। প্ৰসঙ্গক্ৰমে পঙ্কজ পল্লৱ শৰ্মাই পৰিচালনা কৰা “দিঠকত হেৰাল সপোন” নামৰ অসমীয়া কথাছবিখনে ইতিমধ্যে কেবাটাও আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ক’ভিদ ৰ সময়ত চুটিছবি নিৰ্মানৰে ৰঙিয়াত সাংস্কৃতিক ক্ষেত্ৰত এক নতুন পৰিবেশৰ সৃষ্টিকৰা পঙ্কজ পল্লৱ শৰ্মাই পৰিচালনা কৰা “অক্ট’পাছ” নামৰ চুটিছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। সাংস্কৃতিক ক্ষেত্ৰখনৰ যোগেদি   বৰ্ণিল কৰ্মজীৱনৰ দক্ষতাৰ পৰিচয় হিচাবে সংগঠনটোৰ ফালৰ পৰা ফুলাম গামোচা মানপত্ৰ আদিৰে  সম্বৰ্দ্ধনা জনোৱা হয় ।

Leave A Reply