Breaking

১৪নবেম্বৰত ওৰাঙত ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ আৰাম্ভনী অনুষ্ঠান

0 2,054

ওদালগুৰি জিলাৰ অগ্ৰণী ক্ৰীড়া সংঘ জেনিথ ক্লাবৰ উদ্যোগত অহা নবেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ৰ ষ্টেডিয়ামত T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি  ব্যাপক হাৰত আৰম্ভ কৰা হৈছে। ১৪নবেম্বৰৰ পৰা ওৰাং প্ৰিমিয়াৰ লীগ নামেৰে জেনিথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হব লগীয়া প্ৰতিযোগিতাখন এইবেলি ষষ্ঠ সংস্কৰণ হিচাপে  অসম ক্ৰিকেট সন্থাৰ অধিনত সম্পূৰ্ণভাৱে T20 ক্ৰিকেটৰ আৰ্হিত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হব। প্ৰতিযোগিতাখনত মুঠ আঠটা দলে অংশ গ্ৰহণ কৰিব ৷  স্থানীয় খেলুৱৈ সকলৰ সৈতে প্ৰতিটো দলত চাৰিজনকৈ অন্য স্থানৰ খেলুৱৈক সুযোগ দিয়া হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। আনহাতে  স্থানীয় খেলুৱৈ সকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে জেনিথ ক্লাবৰ জৰিয়তে আৰম্ভ কৰা হৈছে। অসম ক্ৰিকেট সন্থাৰ নিয়মাৱলী আৰু নিৰ্দেশনাৰ জৰিয়তে অনুষ্ঠিত হব লগীয়া প্ৰতিযোগিতাখনৰ বাবে মুঠ ৬০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে ।  প্ৰতিযোগিতাখনৰ প্ৰতিখন  খেলতে মেন অফ দ্য মেচ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাখনত মেন অফ দ্য চিৰিজ আৰু অন্যান্য পুৰস্কাৰ সমূহো প্ৰদান কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । আনহাতে ওৰাং প্ৰিমিয়াম ক্ৰিকেট  লীগ খনৰ অহা  ১৪ নবেম্বৰত বনাঢ়্য  কাৰ্যক্ৰমণিকাৰে  শুভাৰম্ভনী অনুষ্ঠান এটি আৰাম্ভ কৰা হব ৷ আৰু ১৯ ডিচেম্বৰত  মেগা ফাইনেল খেল আৰাম্ভ কৰা হব বুলি উদ্যোক্তা সকলে আহ্বান জনাইছে ৷প্ৰতিযোগিতাখনত সকলো প্ৰকাশৰ যোগাযোগ কৰাৰ  সম্পৰ্কত তথা সবিশেষ জানিবলৈ 9957376467, 7002633714, 9954065983,9954065983,7002963609,8876179743 নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে উদ্যোক্তা সমিতিৰ সভাপতি ডঃ ধৃতিমান বৰুৱা, কাৰ্যকৰী সভাপতি হেমন্ত বড়ো আৰু সম্পাদক প্ৰাঞ্জল ভদ্ৰই।

Leave A Reply