Home Blog Page 277

Pahalgam Attack: চোৰাংচোৱাৰ নজৰত ১৫জনঃ কাশ্মীৰীৰ সহযোগতে পেহেলগামত আক্ৰমণ পাক জেহাদীৰ !

Pahalgam Attack: চোৰাংচোৱাৰ নজৰত ১৫জনঃ কাশ্মীৰীৰ সহযোগতে পেহেলগামত আক্ৰমণ পাক জেহাদীৰ !
Pahalgam Attack: চোৰাংচোৱাৰ নজৰত ১৫জনঃ কাশ্মীৰীৰ সহযোগতে পেহেলগামত আক্ৰমণ পাক জেহাদীৰ !

স্থানীয় একাংশ কাশ্মীৰীয়ে পেহেলগামত পাকিস্তানী(Pahalgam Attack)সন্ত্ৰাসবাদীক সহায় কৰিছিল৷ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে৷ এই ৰক্তাক্ত আক্ৰমণত কমেও ১৫জন ‘অভাৰগ্ৰাউণ্ড শ্ৰমিক’ জড়িত আছিল৷ তদন্তকাৰীয়ে তেওঁলোকক বিচাৰি আছে৷ ইতিমধ্যে প্ৰায় ২০০ সন্দেহযুক্ত লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ স্থানীয় একাংশ কাশ্মীৰীয়ে উগ্ৰপন্থীক সহায় কৰে৷

পাকিস্তানৰ বিভিন্ন প্ৰান্তৰ গোপন স্থানত ১৩০টা ক্ষেপণাস্ত্ৰ মজুত কৰি ৰখাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সেই ক্ষেপণাস্ত্ৰ ভাৰতলৈ নিক্ষেপ কৰাৰ বাবে সাজু কৰি ৰখা হৈছে৷ এই কথা কৈছে সেই দেশৰ মন্ত্ৰী হানিফ আব্বাচীয়ে৷ শেহতীয়াকৈ তেওঁ সংবাদ মেলত ভাৰতক প্ৰত্যক্ষ সতৰ্কবাণী প্ৰদান কৰিছিল৷ তেওঁ কয় যে ভাৰতে যদি পানী বন্ধ কৰে তেন্তে পাৰমাণৱিক যুদ্ধ হ’ব৷ তাৰ বাবে ভাৰত সাজু থাকিব লাগিব৷ পাকিস্তানৰ বিভিন্ন প্ৰান্তৰ গোপন শিবিৰত ক্ষেপণাস্ত্ৰ মজুত কৰি ৰখাৰ দাবী মন্ত্ৰীগৰাকীয়ে৷ ১৩০টা ক্ষেপণাস্ত্ৰ কেৱল ভাৰতৰ বাবে ৰখা হৈছে৷ তেওঁলোকৰ স্থানৰ বিষয়ে বহুতে নাজানে৷ যেতিয়া ভাৰতৰ বিষয়টো আহিল, তেতিয়া হানিফে কয়, ‘আমাৰ ঘাটিত বহুতো মিছাইল জমা হৈ আছে৷’ আমি সেইবোৰ কেৱল হিন্দুস্তানৰ বাবে ৰাখিছো৷ আমাৰ হাতত থকা ১৩০টা মিছাইল কেৱল মডেল হিচাপে ৰখা নহয়৷ পাকিস্তানত এই ক্ষেপণাস্ত্ৰসমূহ ক’ত অৱস্থিত সেই বিষয়ে আপোনাৰ কোনো ধাৰণা নাই৷’ পাকিস্তানৰ মজুত থকা ক্ষেপণাস্ত্ৰৰ বিষয়ে ভাৰতে জানে বুলি দাবী কৰে পাকিস্তানৰ মন্ত্ৰীয়ে৷ এই ক্ষেপণাস্ত্ৰৰ ভয়ৰ বাবেই ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব পৰা নাই বুলিও তেওঁ কয়৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীক সকীয়াই দিয়ে যে, ‘মই আকৌ কওঁ৷’

এই সকলোবোৰ ক্ষেপণাস্ত্ৰ আমি এটা শ্ব’কেছত ভৰাই থোৱা নাছিলো৷ আপোনাক লক্ষ্য কৰি লোৱা হৈছে৷ আন কাকো নহয়৷ ‘যদি আপুনি সিন্ধুৰ পানী বন্ধ কৰিবলৈ সাহস কৰে, তেন্তে পূৰ্ণাংগ যুদ্ধৰ বাবে সাজু থাকক৷’ হানিফে কয় যে ভাৰতে নিজৰ সংস্থা আৰু চোৰাংচোৱা সংস্থাৰ ব্যৰ্থতাক ঢাকি ৰাখিবলৈ এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰিছে৷ তেওঁলোকে প্ৰথমে নিজৰ নিজৰ দোষ বিচাৰি উলিয়াব লাগে৷ তেওঁৰ ভাষাত ‘প্ৰথমে নিজৰ কামৰ বাবে জবাবদিহি হওক৷’ আমাৰ ফালে আঙুলিয়াই দিয়াৰ আগতে নিজৰ ভুল স্বীকাৰ কৰক৷ দেশ আৰু সমগ্ৰ বিশ্বক ক’ব বিচাৰো যে তেওঁলোকে আমাক ভয় খুৱাইছে৷ ‘আমি প্ৰতিশোধ ল’লোঁ৷’ যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল৷ ইয়াত চ্ছজন লোকৰ মৃত্যু হয়৷ ইয়াৰে ২৫জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক৷ এই ঘটনাৰ পিছত ভাৰতে পাকিস্তানক দোষাৰোপ কৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে৷ স্থগিত ৰখা হৈছে সিন্ধু জল সন্ধি৷

পাকিস্তানে প্ৰতি-বিবৃতি জাৰি কৰি কয় যে সিন্ধুৰ পানী বন্ধ কৰাটো ‘যুদ্ধ’ৰ কাম হিচাপে গণ্য কৰা হ’ব৷ ইয়াৰ পিছত ভাৰতৰ সৈতে বাণিজ্য বন্ধ কৰাৰ লগতে ভাৰতীয় বিমানৰ আকাশমাৰ্গ বন্ধ কৰাৰ কথাও ঘোষণা কৰে৷ পাকিস্তানৰ সতৰ্কবাণীয়ে বিশেষ একো কাম নকৰিলে৷ নতুন দিল্লীয়ে আনুষ্ঠানিকভাৱে পত্ৰযোগে অৱগত কৰিছে যে সিন্ধু সন্ধি স্থগিত ৰখা হৈছে৷ ইয়াৰ পিছত পাকিস্তানৰ পৰা এটাৰ পিছত এটাকৈ সতৰ্কবাণী আহিল৷ দেশৰ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ পাকিস্তান পিপলছ পাৰ্টী [পিপিপি]ৰ নেতা বিলোৱাল ভুট্টো জৰ্দাৰীয়ে পূৰ্বৰ দিনটোতে কৈছিল- সিন্ধ আমাৰ৷ ‘হয়তো আমি প্ৰাপ্য পানী সিন্ধু নদীৰ মাজেৰে আহিব, নহয় তেওঁলোকৰ [ভাৰতীয়] তেজ সিন্ধু নদীৰ মাজেৰে বৈ যাব৷’ এইবাৰ দেশৰ মন্ত্ৰীগৰাকীয়ে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সকীয়াই দিয়ে৷ পাকিস্তান আৰু ভাৰত দুয়োখন দেশ পাৰমাণৱিক অস্ত্ৰধাৰী দেশ৷ পেহেলগাম কাণ্ডৰ উত্তাপত দুয়োখন দেশৰ সম্পৰ্ক নিম্ন বিন্দুত উপনীত হৈছে৷ এনে সতৰ্কবাণীৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে বুলি কূটনীতিবিদসকলে আশংকা কৰিছে৷

Jadav Goswami jatiya vidyalaya: যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফল সমাপ্তি

Jadav Goswami jatiya vidyalaya: যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফল সমাপ্তি
Jadav Goswami jatiya vidyalaya: যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফল সমাপ্তি

ঐতিহ্যমণ্ডিত বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ছহীদ নগৰী বৰঙাবাৰীস্থিত(Jadav Goswami jatiya vidyalaya) জাতীয় শিক্ষাৰ অন্যতম ধ্বজাবাহী যাদৱ গোস্বামী জাতীয় বিদ্যালয়ে গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে। বিগত ১৮,১৯ আৰু ২০ এপ্ৰিল তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানৰ প্ৰথমদিনাৰ পুৱা উদযাপন সমিতিৰ সভাপতি অধ্যাপক খগেন গোস্বামীৰ লগতে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন আগশাৰীৰ লোকৰ উপস্থিতিত ২৫ খন পতাকা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ প্ৰয়াত প্ৰতিষ্ঠাপক সদস্য আৰু জাতীয় জীৱনৰ সকলো সদস্য়লৈ শ্ৰদ্ধাঞ্জলী জনোৱা হয়। ইপিনে ৰূপালী জয়ন্তী উপলক্ষে ওলোৱা সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ কেইবাখনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ ন-পুৰণিসকলো শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়বস্তু উপস্থাপন কৰে। এই শোভাযাত্ৰাৰ শুভ উন্মোচন কৰে বিশিষ্ট অভিনেতা জ্যোতি ভূঞাই।

দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনত বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই থকা প্ৰাক্তন শিক্ষাৰ্থীসকলে নিজৰ অনুভৱ উপস্থিত ৰাইজৰ আগত আগবঢ়ায়। নিশালৈ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

অন্তিম দিনা মূল সভাৰ আঁত ধৰে বিদ্যালয়খনৰ শিক্ষক ৰীপাঙ্কৰ শইকীয়া আৰু প্ৰাক্তন ছাত্ৰী সুভাশ্ৰি বাৰিকে। মূল সভাত উপস্থিত থাকে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব নাৰায়ন শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, ভাৰত চৰকাৰৰ অৱসৰ প্ৰাপ্ত কৰ আয়ুক্ত হেমন্ত বিজয় মহন্ত, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতৰ লগতে বহু গণ্যমান্য ব্যক্তি। এই সমাৰোহৰ মুখ্য আকৰ্ষণ ‘ৰূপালী আভা’ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰে অধ্যাপক তথা সুসাহিত্যিক দিগন্ত গোহাইয়ে। ইপিনে সাংস্কৃতিক কাৰ্যসূচীৰ গোৱালপৰীয়া লোকগীতৰ সাধক বেবী ভূঞাই উন্মোচন কৰে। অনুষ্ঠানত বেবী ভূঞাৰ লগতে পাহাৰী শইকীয়া আৰু মণ্টুমনি শইকীয়াই গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।

272 Pakistan nationals left India: ২ দিনত ২৭২ পাকিস্তানীয়ে এৰিলে ভাৰত, প্ৰস্থানৰ সময়সীমা শেষঃ সৰ্বাধিক হ্ৰস্বম্যাদী ভিছা থকা পাকিস্তানী আছে মহাৰাষ্ট্ৰত

272 Pakistan nationals left India: ২ দিনত ২৭২ পাকিস্তানীয়ে এৰিলে ভাৰত
272 Pakistan nationals left India: ২ দিনত ২৭২ পাকিস্তানীয়ে এৰিলে ভাৰত

পেহলগাম ঘটনাৰ পিছতে বিগত দুদিনত(272 Pakistan nationals left India)আটাৰী-ৱাঘা সীমান্ত পইণ্টেৰে প্ৰায় ২৭২জন পাকিস্তানী নাগৰিকে ভাৰত এৰি নিজৰ দেশলৈ গৈছে৷ চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷ ১৩ জন কূটনীতিবিদ আৰু বিষয়াকে ধৰি ৬২৯ জন ভাৰতীয় পঞ্জাবত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ক্ৰছিঙৰ জৰিয়তে পাকিস্তানৰ পৰা উভতি আহিছে৷ যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তান সম্পৰ্কীয় সন্ত্ৰাসবাদীয়ে চ্ছজন লোকক হত্যা কৰাৰ পিছতে পাকিস্তানী নাগৰিকক ‘ভাৰত এৰি যোৱাৰ’ জাননী জাৰি কৰিছে চৰকাৰে৷ ছাৰ্ক ভিছা থকাসকলৰ বাবে ভাৰতৰ পৰা ওলাই অহাৰ অন্তিম তাৰিখ আছিল চ্ছ এপ্ৰিল৷

মেডিকেল ভিছা লৈ যোৱাসকলৰ বাবে ২৯ এপ্ৰিল৷ ভাৰত এৰিবলগীয়া হোৱা ১২টা শিতানৰ ভিছা হ’ল— আগমনৰ সময়ত ভিছা, ব্যৱসায়, চলচ্ছিত্ৰ, সাংবাদিক, ট্ৰেনজিট, সন্মিলন, পৰ্বতাৰোহণ, ছাত্ৰ, দৰ্শনাৰ্থী, টুৰিষ্ট, তীৰ্থযাত্ৰী আৰু গ্ৰnপ তীৰ্থযাত্ৰী৷ কিন্তু দীৰ্ঘম্যাদী আৰু কূটনৈতিক বা চৰকাৰী ভিছা থকাসকলক ‘ভাৰত এৰি যোৱা’ আদেশৰ পৰা ৰেহাই দিয়া হৈছিল৷ বিষয়াসকলৰ মতে, ২৫ এপ্ৰিলত আটাৰী-ৱাঘা সীমান্তৰ মাজেৰে ১৯১জন পাকিস্তানী নাগৰিকে ভাৰত এৰি যোৱা আৰু চ্ছ এপ্ৰিলত আৰু ৮১জন নাগৰিকে ভাৰতৰ পৰা ওলাই যায়৷ ২৫ এপ্ৰিলত পাকিস্তানৰ পৰা ২৮৭জন ভাৰতীয়ই ভাৰত পাৰ হৈ গৈছিল আৰু চ্ছ এপ্ৰিলত ১৩জন কূটনীতিবিদ আৰু বিষয়াকে ধৰি মুঠ ৩৪২জন ভাৰতীয়ই আটাৰী-ৱাঘা সীমান্তৰে পাকিস্তানৰ পৰা উভতি আহিছিল বুলি বিষয়াসকলে জনায়৷ বিষয়াই জনোৱা মতে, সৰ্বাধিক হ্ৰস্বম্যাদী ভিছা থকা পাকিস্তানী মহাৰাষ্ট্ৰত থাকে৷

তেওঁলোকৰ সংখ্যা প্ৰায় ১০০০ বুলি ধৰা হৈছিল বুলি তেওঁলোকে কয়৷ ৰাজ্যৰ মন্ত্ৰী যোগেশ কদমে শনিবাৰে কয় যে হ্ৰস্বম্যাদী ভিছা থকা ১০০০ পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈ কোৱা হৈছে৷ প্ৰায় ৫০৫০জন পাকিস্তানী নাগৰিকে মহাৰাষ্ট্ৰত বাস কৰি আহিছে আৰু ইয়াৰে অধিকাংশই দীৰ্ঘম্যাদী ভিছাত আছে৷ ইয়াৰে প্ৰায় ২৪৫০জন নাগপুৰত, ১১০০ জন থানেত, ৩৯০ জন জলগাঁৱত, ২৯০ জন নৱী মুম্বাইত, ২৯০ জন পিম্পৰী চিঞ্চৱাডত, ১২০ জন আমৰাৱতীত আৰু ১৫জন মুম্বাইত বুলি বিষয়াসকলে জানিবলৈ দিয়ে৷ আমোদজনকভাৱে মহাৰাষ্ট্ৰত থকা ১০৭জন পাকিস্তানী নাগৰিকৰ সন্ধান পোৱা নগ’ল বুলি বিষয়াসকলে জনায়৷ দক্ষিণৰ তেলেংগানা ৰাজ্যত আৰক্ষী অধীক্ষক জিতেন্দৰে চৰকাৰী অভিলেখৰ উদ্ধৃতি দি কয় যে ৰাজ্যখনত ২০৮জন পাকিস্তানী নাগৰিক থাকিবলগীয়া হৈছে, বেছি ভাগেই হায়দৰাবাদত৷ ইয়াৰে ১৫৬জনৰ দীৰ্ঘম্যাদী ভিছা, ১৩জনৰ হ্ৰস্বম্যাদী ভিছা আৰু ৩৯জনৰ চিকিৎসা আৰু ব্যৱসায়িক উদ্দেশ্যত ভ্ৰমণ নথিৰ সৈতে আছিল৷

দক্ষিণ উপকূলীয় ৰাজ্য কেৰালাত ১০৪ জন পাকিস্তানী নাগৰিক আছিল, ইয়াৰে ৯৯ জন দীৰ্ঘম্যাদী ভিছাত আছিল৷ পৰ্যটক বা চিকিৎসা ভিছাত থকা বাকী পাঁচজনে দেশ এৰি গৈছে৷ মধ্য ভাৰতৰ মধ্যপ্ৰদেশত প্ৰায় ২২৮জন ভ্ৰমণকাৰী পাকিস্তানী নাগৰিক আছিল, ইয়াৰে বহুতেই ইতিমধ্যে দেশ এৰি গৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে৷ আনহাতে, ওড়িশাত প্ৰায় ১২জন পাকিস্তানীক চিনাক্ত কৰা হৈছে আৰু সকলোকে দেশ এৰি যোৱাৰ বাবে নিৰ্ধাৰিত সময়সীমা মানি চলিবলৈ কোৱা হৈছিল৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই কয় যে হ্ৰস্বম্যাদী ভিছা লৈ ৰাজ্যখনত থকা তিনিজন পাকিস্তানী নাগৰিকক যাবলৈ কোৱা হৈছে৷ হ্ৰস্বম্যাদী ভিছাত গুজৰাটত আছিল সাতজন পাকিস্তানী, আহমেদাবাদত পাঁচজন আৰু ভাৰুচ আৰু বদোদৰাত এজনকৈ৷ হয় তেওঁলোক ভাৰত এৰি গৈছে নহয় দেওবাৰৰ ভিতৰত যাত্ৰা কৰিবলৈ ওলাইছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে৷ ইয়াৰ উপৰি ৪৩৮ জন পাকিস্তানী নাগৰিক দীৰ্ঘম্যাদী ভিছাত পশ্চিম ৰাজ্যখনত আছে আৰু ইয়াৰ ভিতৰত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰা হিন্দুসকলো আছে৷

Panchayat Election: ব’হাগৰ বৰদৈচিলাই উৰুৱাই নিছে কংগ্ৰেছ আৰু বিৰোধীৰ কূট-কৌশল

Panchayat Election: ব’হাগৰ বৰদৈচিলাই উৰুৱাই নিছে কংগ্ৰেছ আৰু বিৰোধীৰ কূট-কৌশল
Panchayat Election: ব’হাগৰ বৰদৈচিলাই উৰুৱাই নিছে কংগ্ৰেছ আৰু বিৰোধীৰ কূট-কৌশল

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা(Panchayat Election) সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে দেওবাৰে মাৰাথন প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাইজৰ সঁহাৰি-সমৰ্থন কামনা কৰে৷ সোণোৱালে দেওবাৰে মাকুমৰ গেলাপুখুৰী অঞ্চলত আৰু তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলি বিহুতলীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই কয– ‘এনডিএ মানেই সৰ্বাংগীণ উন্নতি আৰু সমৃদ্ধি, সেই বাবে ৰাইজে আশীৰ্বাদ দিছে হিয়া উজাৰি৷ আজি এনডিএৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই নিৰ্বাচনী বতাহজাক এনডিএ-ৰ পক্ষত শক্তিশালীভাৱে অনুভৱ কৰিলোঁ৷ বিগত এটা দশকত হোৱা অভূতপূৰ্ব উন্নয়ন আৰু জীৱন ধাৰণৰ উন্নত মানে সৰ্বস্তৰৰ ৰাইজৰ আস্থা-বিশ্বাস এনডিএৰ পক্ষত গাঢ় কৰিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰে পঞ্চায়তসমূহে আকৌ এবাৰ দেশৰ বিকাশ যাত্ৰাৰ নতুন ইঞ্জিন হ’বলৈ সাজু হৈছে৷ গাঁও, চাহ বাগিচা চৌদিশে এতিয়া উন্নয়ন, সমৃদ্ধিৰ আনন্দ৷ পঞ্চায়তীৰাজ ব্যৱস্থাৰ শক্তিশালীকৰণেৰে তৃণমূল পৰ্যায়ৰ পৰাই আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি দূৰদৰ্শী সংকল্প, সেয়া সাৰোগত কৰি বিজেপি মিত্ৰজোঁটৰ সমৰ্থনত পাৰ ভাঙি ওলাই আহিছে সৰ্বস্তৰৰ ৰাইজ৷ ৰাইজলৈ মোৰ বিনম্ৰ আহ৩ান- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰোৱা মানেই বিকাশৰ নৱজাগৰণৰ সূচনা হোৱাৰ পথ প্ৰশস্ত৷’

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ভাষণ প্ৰসংগত কয়, ‘ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন বিকাশ আৰু উন্নয়নমূলক আঁচনিয়ে সৰ্বস্তৰৰ ৰাইজৰ কল্যাণ সাধন কৰিছে৷ তাৰ বিপৰীতে আমি কংগ্ৰেছক প্ৰশ্ন কৰা উচিত যে ৫৫ বছৰ শাসনাধিষ্ঠিত হৈ থকাৰ পিছতো তেওঁলোকে কিয় দেশৰ মৌলিক সমস্যাসমূহ দূৰ কৰাত কিয় বিফল হ’ল৷ ‘গৰিবী হাটাও’ শ্ল’গানেৰে বাৰম্বাৰ ৰাইজৰ পৰা ভোট বিচৰা কংগ্ৰেছৰ নেতা-পালিনেতাসকলে বিভিন্ন জনকল্যাণমুখী আঁচনিৰ নামত আবণ্টিত ৰাজভঁৰালৰ ধনেৰে নিজৰহে ভঁৰাল চহকী কৰা পৰিলক্ষিত হৈছিল৷ চাহ শ্ৰমিকৰ ভোটেৰে নিজৰ ৰাজনৈতিক উচ্ছাকাংক্ষা পূৰণ কৰা এই নেতাসকলে চাহ জনগোষ্ঠীৰ বাবে পকী ৰাস্তা, আদৰ্শ বিদ্যালয় স্থাপন, সুচিকিৎসাৰ ব্যৱস্থাৰ বাবেও চেষ্টা নকৰিলে৷ বিজুলী, ৰন্ধন গেছ আদিৰ দৰে মৌলিক সা-সুবিধাসমূহ দিবলৈও ব্যৰ্থ কংগ্ৰেছ চৰকাৰে এইসকল লোকৰ বেদনা বুজিব নোৱাৰিলে৷

তাৰ তুলনাত যোৱা ১১ বছৰত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে প্ৰতিটো জনগোষ্ঠীৰ বাবে লৈ অহা জনকল্যাণমূলক পদক্ষেপৰ মূল্যাংকন ৰাইজে নিমিষতে কৰিব পাৰে৷ বিভিন্ন আঁচনি তথা পদক্ষেপেৰে চাহ জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিসকলক যথাযোগ্য সন্মানো বৰ্তমানৰ চৰকাৰেই দিবলৈ সক্ষম হৈছে৷ দুখীয়াৰ চকুপানী মচিবলৈ ১১ বছৰত যিখিনি কাৰ্য এইখন চৰকাৰে কৰিলে, সেয়া কংগ্ৰেছে ৫৫ বছৰত ভাবিবও নোৱাৰিলে৷ সেয়েহে ব’হাগৰ বৰদৈচিলাই উৰুৱাই নিছে কংগ্ৰেছ আৰু বিৰোধীৰ কূট-কৌশল৷

সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন আৰু সম-মৰ্যাদা কেৱল সন্মিলিত বিজেপি চৰকাৰেহে দিবলৈ সক্ষম হৈছে, ৰাইজৰ ধন আত্মসাৎ কৰা কংগ্ৰেছে নহয়৷ সেয়েহে নিজৰ ভোটাধিকাৰৰ সঠিক প্ৰয়োগ কৰি ১০০ণ মতদানেৰে শক্তিশালী পঞ্চায়ত, সমৃদ্ধিশালী অসম গঢ়ি অসমক ভাৰতবৰ্ষৰ পাঁচখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হিচাপে গঢ়ি তুলিবলৈ প্ৰতিজন ব্যক্তিক মই আহ্ৱান জনালোঁ৷’ এই প্ৰচাৰ সভাসমূহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত আছিল তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া, অগপৰ জিলা সভাপতি প্ৰবীণ দত্ত, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তথা তিনিচুকীয়া জিলা বিজেপিৰ সহ-প্ৰভাৰী অসীম হাজৰিকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয় শিৱজী ডুবে আৰু শান্তনু দত্ত প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল৷

Biswajit Daimary: পাকিস্তানক পাৰমেনেণ্ট শিক্ষা দিয়া উচিতঃ বিশ্বজিৎ দৈমাৰী

Biswajit Daimary: পাকিস্তানক পাৰমেনেণ্ট শিক্ষা দিয়া উচিতঃ বিশ্বজিৎ দৈমাৰী
Biswajit Daimary: পাকিস্তানক পাৰমেনেণ্ট শিক্ষা দিয়া উচিতঃ বিশ্বজিৎ দৈমাৰী

জম্মু কাশ্মীৰৰ এনে জঘন্য হত্যাকাণ্ডক আমি গৰিহণা দিছোঁ৷(Biswajit Daimary) এই ঘটনাৰ আঁৰত পাকিস্তান আছে ৷ পাকিস্তানে সদায়ে এনে ঘটনাবোৰ কৰি আহিছে৷ তেওঁলোকে নিজেও শান্তিত নাথাকে আনকো শান্তিত থাকিব নিদিয়ে৷ সেয়েহে ইয়াৰ আঁৰত যিসকলৰ হাত আছে তেওঁলোকক এটা স্থায়ী শিক্ষা দিব লাগে৷ এইদৰে কয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ মঙলদৈত এক বিহু সন্মিলনত অংশগ্ৰহণ কৰি দৈমাৰীয়ে কয় যে সেইসকলে আগলৈ যাতে এনে নাৰকীয় কাম কৰিব নোৱাৰে তাৰ বাবে এক উচিত শিক্ষা দিয়াটো সময়ৰ আহ্ৱান৷

তেওঁ কয় যোৱা ২২ এপ্ৰিলৰ পেহেলগাম ঘটনাৰ পিছতে ভাৰত চৰকাৰে তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে উচিত কামেই কৰিছে বুলি কৈ আমি সদায় শান্তি বিচৰাৰ পৰিৱৰ্তে একাংশই অশান্তি বিচাৰে৷ পাকিস্তানৰ এনে কাৰ্যক সহ্য কৰা নহ’ব বুলিও কয়৷

ভাৰতৰ ভূস্বৰ্গখ্যাত কাশ্মীৰলৈ বহু লোক ফুৰিবলৈ যায বুলি কৈ ঘটনাৰ পিছত বহুতে ছ’চিয়েল মিডিয়াত ফটো দিয়া দেখা গৈছে৷ কিন্তু কাশ্মীৰলৈ আমাৰ লোক যাব লাগিবই বুলিও কয়৷ আনহাতে, এআইএইউডিএফৰ বিধায়ক আমিনুল ইছলাম গ্ৰেপ্তাৰ সম্পৰ্কেও সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই কয় যে সেয়া আইনৰ কথা৷ সাধাৰণতে বিধায়ক এগৰাকী গেপ্তাৰ কৰিলে আমাক পৰৱৰ্তী সময়ত কিয় গ্ৰেপ্তাৰ কৰিছে তাক জনাব লাগে৷ আন বিষয় আমাৰ সৈতে জড়িত নাই৷ কিন্তু বিধানসভা চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিব লগা হ’লে আমাৰ পৰা আগতীয়া অনুমতি ল’ব লাগে বুলি অধ্যক্ষ দৈমাৰীয়ে কয়৷

India bans Pakistani YouTube channels: পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰত চৰকাৰৰে

India bans Pakistani YouTube channels: পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰত চৰকাৰৰে
India bans Pakistani YouTube channels: পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰত চৰকাৰৰে

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ DIGITAL WAR।(India bans Pakistani YouTube channels) পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰত চৰকাৰৰে।পাকিস্তানৰ প্ৰাক্তন ক্রিকেটাৰ ছোয়েইব আখতাৰৰ ইউটিউব চেনেলসহ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে। চেনেলকেইটাত প্ৰচাৰ হৈছিল স্পৰ্শকাতৰ সাম্প্ৰদায়িক খবৰ। ১৬টা ইউটিউব চেনেলৰ ভিতৰত আছে বহু নিউজ চেনেল। Geo News, Dawn, Raftar, Bol News, ARY News নিষিদ্ধ, লগতে নিষিদ্ধ Samaa TV, Suno News। মিছা, বিভ্ৰান্তিকৰ খবৰ প্ৰচাৰ কৰিছিল চেনেলকেইটাত।

সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু, ভুৱা আৰু বিভ্ৰান্তিকৰ আখ্যান আৰু ভুল তথ্য প্ৰচাৰৰ বাবে পাকিস্তানী ইউটিউব চেনেল অনুসৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।সোমবাৰে ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পাকিস্তানৰ জনপ্ৰিয় নিউজ চেনেল ডন নিউজ, জিঅ’ নিউজ, বল নিউজ, এ আৰ ৱাই নিউজ, সামা টিভি আৰু ছুনো নিউজকে ধৰি নিষিদ্ধ কৰা চেনেলসমূহৰ তালিকা প্ৰকাশ কৰে এম এইচ এয়ে। ইয়াৰ উপৰিও পাকিস্তানী সাংবাদিকৰ কেইবাটাও চেনেলও ব্লক কৰা হৈছে। আন নিষিদ্ধ হেণ্ডেলসমূহৰ ভিতৰত আছে উজাইৰ ক্ৰিকেট, দ্য পাকিস্তান ৰেফাৰেন্স, ৰাজী নামা, আৰু সামা স্প’ৰ্টছ।

পহলগামৰ বৈছাৰন উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণৰ পিছতে সকলো প্লেটফৰ্মতে তীব্ৰতৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত ২৬ জন লোকৰ প্ৰাণহানি হৈছিল, অধিকাংশই পৰ্যটক। কেইবাজনো লোক আহত হৈ পৰে। জম্মু-কাশ্মীৰত বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে এই আক্ৰমণৰ পিছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Mars Zodiac Signs: তিনিটা ৰাশিৰ ওপৰত বিশেষ আশীৰ্বাদ আছে মংগলৰ, তেওঁলোকে অতি সোনকালে লাভ কৰে ধন, শক্তি আৰু সফলতা

Mars Zodiac Signs: তিনিটা ৰাশিৰ ওপৰত বিশেষ আশীৰ্বাদ আছে মংগলৰ, তেওঁলোকে অতি সোনকালে লাভ কৰে ধন, শক্তি আৰু সফলতা
Mars Zodiac Signs: তিনিটা ৰাশিৰ ওপৰত বিশেষ আশীৰ্বাদ আছে মংগলৰ, তেওঁলোকে অতি সোনকালে লাভ কৰে ধন, শক্তি আৰু সফলতা

নটা গ্ৰহৰ ভিতৰত মংগল গ্ৰহক গ্ৰহৰ সেনাপতি বুলি কোৱা হয়, যিয়ে ৰাশিফলত শক্তিশালী হৈ ব্যক্তিজনক বহু উপকাৰ কৰে। আহকচোন মংগল গ্ৰহৰ প্ৰিয় ৰাশিৰ কোনবোৰ জোনো। (Mars Zodiac Signs) ৰাশিফলত মংগল গ্ৰহৰ অৱস্থানেই নিৰ্ণয় কৰে এজন ব্যক্তিৰ ব্যক্তিত্ব কেনেকুৱা হ’ব। যদি মংগল গ্ৰহ শক্তিশালী হয় তেন্তে ইয়াৰ প্ৰভাৱ শুভ হ’ব আৰু যদি মংগল গ্ৰহ দুৰ্বল হয় তেন্তে ইয়াৰ প্ৰভাৱ ইতিবাচক হ’ব।

দুটা ৰাশিৰ মংগল গ্ৰহৰ, একেদৰে দুটা ৰাশি মংগল গ্ৰহৰ মালিকীস্বত্বৰ অধীনলৈ আহে। এটা মেষ আৰু আনটো বৃশ্চিক ৰাশি। মকৰ ৰাশিত মংগল গ্ৰহ উচ্চ। এনে পৰিস্থিতিত ক’ব পাৰি যে মেষ, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি মংগল গ্ৰহৰ প্ৰিয় ৰাশি।

মেষ ৰাশি- বৈদিক জ্যোতিষত মংগল গ্ৰহ মেষ ৰাশিৰ শাসক গ্ৰহ, সেয়েহে এই ৰাশিৰ লোকৰ ওপৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱ পৰে। মেষ ৰাশি লোকসকল শক্তিশালী, সাহসী আৰু নেতৃত্বৰ গুণেৰে ভৰপূৰ। কঠিন সময়ত ধৈৰ্য্য ধৰি থাকে আৰু মানুহক প্ৰেৰণা যোগাই। এজনে সেনা, প্ৰশাসনিক ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব পাৰে আৰু ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। মংগল গ্ৰহৰ মহাদশ আৰু অন্তৰ্দশৰ সময়ত ব্যক্তিজনে ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে।

বৃশ্চিক ৰাশি- মংগল গ্ৰহ বৃশ্চিক ৰাশিৰ শাসক গ্ৰহ, সেয়েহে মংগল গ্ৰহৰ এই ৰাশিৰ লোকৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে। এইসকল লোক অপৰিসীম শক্তি আৰু উৎসাহেৰে ভৰপূৰ। সম্পূৰ্ণ উৎসাহেৰে কাম কৰে। কঠিন পৰিস্থিতিতো আতংকিত নহয়। ব্যক্তিজনে আৰামত সফলতাৰ দিশে আগবাঢ়ি যায়। এই লোকসকল সাহসী আৰু মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে তেওঁলোকে শত্ৰুৰ পৰা প্ৰতিশোধ লয়।

মকৰ ৰাশি- মকৰ ৰাশিৰ লোকসকল মংগল গ্ৰহৰ আশীৰ্বাদৰ অধীনত থাকে। সকলো ৰাশিৰ ভিতৰত মকৰ ৰাশিয়ে হৈছে মংগল গ্ৰহক উচ্চ স্থান দিয়া ৰাশি। এনে পৰিস্থিতিত মংগল গ্ৰহৰ কৃপাৰ বাবে মকৰ ৰাশিৰ লোক ধৈৰ্য্যশীল আৰু অনুশাসিত আৰু শাৰীৰিক আৰু মানসিকভাৱে সবল। নিজৰ কেৰিয়াৰত দ্ৰুত অগ্ৰগতি লাভ কৰে। এনে ব্যক্তিয়ে সমাজত সন্মান পায়।

Artificial Floods: পুনৰ কৃত্ৰিম বানৰ সন্মুখীন মহানগৰবাসী

Artificial Floods: পুনৰ কৃত্ৰিম বানৰ সন্মুখীন মহানগৰবাসী
Artificial Floods: পুনৰ কৃত্ৰিম বানৰ সন্মুখীন মহানগৰবাসী

প্ৰচণ্ড বৰষুণৰ পিছতেই মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি।(Artificial Floods)

পুনৰ কৃত্ৰিম বানৰ বাবে বিপদত পৰিছে মহানগৰবাসী।

গুৱাহাটী মহানগৰীত পুৱাই বতাহ-বৰষুণৰ সৃষ্টি হয়।

পুৱা হঠাতে আন্ধাৰ হৈ পৰিছিল সমগ্ৰ মহানগৰী।

গুৱাহাটীৰ লগতে নামনি অসমৰো বিভিন্ন প্ৰান্তত হয় ধুমুহা-বৰষুণ।

এজাক বৰষুণতে চানমাৰি, অনিল নগল, নবীন নগৰ, বেলতলা, হাতীগাঁৱত কৃত্ৰিম বানৰ সৃষ্টি হয়।

Dibrugarh News: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত দুখন উৰণ সেতুৰ শুভ উদ্বোধন কৰে

Dibrugarh News: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত দুখন উৰণ সেতুৰ শুভ উদ্বোধন কৰে
Dibrugarh News: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত দুখন উৰণ সেতুৰ শুভ উদ্বোধন কৰে

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ভাষণ(Dibrugarh News) প্ৰসংগত কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ Transformation through Transportation অৰ্থাৎ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ দৃষ্টিভংগীক সাৰোগত কৰি ডিব্ৰুগড়ৰ পথ আন্তঃগাঁথনিক এক নতুন গতি প্ৰদানেৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চহৰখনত ড° লীলা গগৈ উৰণ সেতু আৰু বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতুৰ শুভ উদ্বোধন কৰি ৰাইজৰ প্ৰতি উৎসৰ্গা কৰোঁ। প্ৰায় মুঠ ১১৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত উৰণ সেতু দুখনে ৰাইজৰ বাবে সুচল যাতায়াত নিশ্চিত কৰি যান-জঁট হ্ৰাস কৰাত সহায় কৰিব আৰু ডিব্ৰুগড়ৰ সৌন্দৰ্যক এক নতুন ৰূপ দিব।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সদিচ্ছা, আন্তৰিকতা আৰু দূৰদৰ্শী দৃষ্টিভংগীৰ ফলশ্ৰুতিত বিগত এটা দশকত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ডিব্ৰুগড়ত সৰ্বাংগীণ উন্নয়ন আৰু সমৃদ্ধি তথা স্থায়ী শান্তিৰ পৰিৱেশৰ সূচনা হৈছে। বিগত এটা দশকত ডিব্ৰুগড়ত অভাৱনীয় উন্নয়ন সৃষ্টি হৈছে। আনহাতে বিগত মাহত আফস্পা ডিব্ৰুগড়ৰ পৰা প্ৰত্যাহাৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমলৈ প্ৰগতি আৰু সমৃদ্ধিৰ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিলে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ বাবে অসমেও পথ আন্তঃগাঁথনিমূলক কামত দোপতদোপে আগুৱাই গৈছে। বিগত এটা দশকত ডিব্ৰুগড়ত পথ আন্তঃগাঁথনিৰ দ্ৰুত ৰূপত হোৱা উত্তৰণ দেখি আনন্দিত হৈছোঁ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰাত উজনি অসমৰ কেইবাখনো জিলাৰ ৰাইজে কম সময়ৰ ভিতৰতে চৰকাৰী সেৱাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ এই প্ৰয়াসৰ প্ৰতি ধন্য হ’লোঁ। এই প্ৰয়াসে ৰাইজক নিৰৱচ্ছিন্ন সেৱা প্ৰদান কৰি প্ৰশাসন ব্যৱস্থাক শক্তিশালী কৰিব। তদুপৰি এই উৰণ সেতু দুখন অসমৰ ভাষা-সাহিত্য জগতৰ দুগৰাকী স্বনামধন্য ব্যক্তিৰ নামেৰে নামকৰণ কৰা হৈছে। এই পদক্ষেপৰ মই শলাগ ল’লোঁ। আমাৰ ভাষা-কলা-সংস্কৃতিক আগুৱাই লৈ যোৱা মহান মনীষীসকলক সন্মান জনাই তেওঁলোকৰ অৱদানক চিৰদিনৰ বাবে যুগমীয়া কৰি ৰখাৰ প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ উন্নয়নক অগ্ৰাধিকাৰ দি অঞ্চলটোলৈ লৈ অনা শান্তি-প্ৰগতিৰ বাৰ্তাৰে আমি উদ্বুদ্ধ হোৱা উচিত। আমি শান্তিপূৰ্ণ আৰু প্ৰগতিৰ সপোন দেখা উচিত। আহক, আমি সকলোৱে একতাৰ বাণীৰে অনুপ্ৰাণিত হৈ অসমৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাক সমৃদ্ধ কৰোঁ।”

এই অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীসকল- শ্ৰী প্ৰশান্ত ফুকন আৰু শ্ৰী ৰূপেশ গোৱালা, ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰামেশ্বৰ তেলী, বিধায়কসকল- শ্ৰী পোনাকণ বৰুৱা, শ্ৰী বিনোদ হাজৰিকা, শ্ৰী তৰংগ গগৈ আৰু শ্ৰী চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শ্ৰী চৈকত পাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ সোণোৱাল প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

Ramakanto Deori: বনফুল প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভাত ৰমাকান্ত দেউৰীৰ দুখনকৈ গ্ৰন্থ উন্মোচন

Ramakanto Deori: বনফুল প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভাত ৰমাকান্ত দেউৰীৰ দুখনকৈ গ্ৰন্থ উন্মোচন
Ramakanto Deori: বনফুল প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভাত ৰমাকান্ত দেউৰীৰ দুখনকৈ গ্ৰন্থ উন্মোচন

অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী প্ৰেক্ষাগৃহত দিনৰ ১১বজাত(Ramakanto Deori) এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত লেখক তথা ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া ৰমাকান্ত দেউৰীয়ে লিখা ‘দেউৰী জনগোষ্ঠীৰ পাটৰগঞা খেলৰ ইতিহাস” শীৰ্ষক গ্ৰন্থখন বিশিষ্ট সাহিত্যিক, চিন্তাবিদ তথা দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰীয়ে উন্মোচন কৰে ৷ আনহাতে ৰমাকান্ত দেউৰীৰ আনখন গ্ৰন্থ “এটি হেৰুৱা ফৈদৰ সন্ধানত বাংলাদেশ ভ্ৰমণ” উন্মোচন কৰে ঔপন্যাসিক ,লেখক অসীম কুমাৰ বৰুৱাই৷

গ্ৰন্থদুখন প্ৰকাশ কৰিছে বনফুল প্ৰকাশনৰ হৈ বিনু দেউৰী বৰুৱাই৷ সভাৰ আৰম্ভণিতে কেইবাখনো গ্ৰন্থৰ প্ৰণেতা,সাহিত্যিক অনুপ কুমাৰ দেউৰীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ সভাত দুয়োগৰাকী উন্মোচকে নিজহাতে উন্মোচিত কৰা গ্ৰন্থদুখন সম্পৰ্কে একোটিকৈ মননশীল বক্তব্য আগবঢ়ায়৷ এই গ্ৰন্থ উন্মোচনী সভাত উদ্দেশ্য বাখ্যা আৰু আদৰণী ভাষণ প্ৰদান কৰে সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক যশস্বী অনুবাদক- সাহিত্যিক তথা বনফুল প্ৰকাশনৰ প্ৰকাশন উপদেষ্টা বিপুল দেউৰীয়ে৷

সভাখনত তিৱা সাহিত্য সভাৰ দুগৰাকী উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আৰু যোগেশ্বৰ বৰদলৈ
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুন্দৰ-মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে৷ সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত মৃত্যুবৰণ কৰা মৃতকসকলৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷

সভাত হেমচন্দ্ৰ দাস,অপৰ্ণা বৰুৱা,বলীন্দ্ৰ ডেকাৰজা,তুষাৰ কান্তি দাস,মিতালী দাস,তপন কটকী,চিনু কটকীক বনফুল প্ৰকাশনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানটিত দেউৰী জাতীয় মঞ্চৰ সভাপতি কবি ড° অতুল কুমাৰ দেউৰী ভৰালীয়ে লেখক ৰমাকান্ত দেউৰীক শুভেচ্ছা জ্ঞাপনৰে এটি কবিতা পাঠ কৰে৷

সভাখনত সাংস্কৃতিক সংগঠক নকুল চন্দ্ৰ দেউৰী,কবি সুবন্তি দেউৰীয়ে বক্তব্য আগবঢ়োৱাৰ লগতে ভালেসংখ্যক গ্ৰন্থপ্ৰেমী ৰাইজ উপস্থিত থাকি গ্ৰন্থ উন্মোচনী সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷