Panchayat Election: ব’হাগৰ বৰদৈচিলাই উৰুৱাই নিছে কংগ্ৰেছ আৰু বিৰোধীৰ কূট-কৌশল

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা(Panchayat Election) সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে দেওবাৰে মাৰাথন প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাইজৰ সঁহাৰি-সমৰ্থন কামনা কৰে৷ সোণোৱালে দেওবাৰে মাকুমৰ গেলাপুখুৰী অঞ্চলত আৰু তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলি বিহুতলীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই কয– ‘এনডিএ মানেই সৰ্বাংগীণ উন্নতি আৰু সমৃদ্ধি, সেই বাবে ৰাইজে আশীৰ্বাদ দিছে হিয়া উজাৰি৷ আজি এনডিএৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই নিৰ্বাচনী বতাহজাক এনডিএ-ৰ পক্ষত শক্তিশালীভাৱে অনুভৱ কৰিলোঁ৷ বিগত এটা দশকত হোৱা অভূতপূৰ্ব উন্নয়ন আৰু জীৱন ধাৰণৰ উন্নত মানে সৰ্বস্তৰৰ ৰাইজৰ আস্থা-বিশ্বাস এনডিএৰ পক্ষত গাঢ় কৰিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰে পঞ্চায়তসমূহে আকৌ এবাৰ দেশৰ বিকাশ যাত্ৰাৰ নতুন ইঞ্জিন হ’বলৈ সাজু হৈছে৷ গাঁও, চাহ বাগিচা চৌদিশে এতিয়া উন্নয়ন, সমৃদ্ধিৰ আনন্দ৷ পঞ্চায়তীৰাজ ব্যৱস্থাৰ শক্তিশালীকৰণেৰে তৃণমূল পৰ্যায়ৰ পৰাই আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি দূৰদৰ্শী সংকল্প, সেয়া সাৰোগত কৰি বিজেপি মিত্ৰজোঁটৰ সমৰ্থনত পাৰ ভাঙি ওলাই আহিছে সৰ্বস্তৰৰ ৰাইজ৷ ৰাইজলৈ মোৰ বিনম্ৰ আহ৩ান- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰোৱা মানেই বিকাশৰ নৱজাগৰণৰ সূচনা হোৱাৰ পথ প্ৰশস্ত৷’

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ভাষণ প্ৰসংগত কয়, ‘ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন বিকাশ আৰু উন্নয়নমূলক আঁচনিয়ে সৰ্বস্তৰৰ ৰাইজৰ কল্যাণ সাধন কৰিছে৷ তাৰ বিপৰীতে আমি কংগ্ৰেছক প্ৰশ্ন কৰা উচিত যে ৫৫ বছৰ শাসনাধিষ্ঠিত হৈ থকাৰ পিছতো তেওঁলোকে কিয় দেশৰ মৌলিক সমস্যাসমূহ দূৰ কৰাত কিয় বিফল হ’ল৷ ‘গৰিবী হাটাও’ শ্ল’গানেৰে বাৰম্বাৰ ৰাইজৰ পৰা ভোট বিচৰা কংগ্ৰেছৰ নেতা-পালিনেতাসকলে বিভিন্ন জনকল্যাণমুখী আঁচনিৰ নামত আবণ্টিত ৰাজভঁৰালৰ ধনেৰে নিজৰহে ভঁৰাল চহকী কৰা পৰিলক্ষিত হৈছিল৷ চাহ শ্ৰমিকৰ ভোটেৰে নিজৰ ৰাজনৈতিক উচ্ছাকাংক্ষা পূৰণ কৰা এই নেতাসকলে চাহ জনগোষ্ঠীৰ বাবে পকী ৰাস্তা, আদৰ্শ বিদ্যালয় স্থাপন, সুচিকিৎসাৰ ব্যৱস্থাৰ বাবেও চেষ্টা নকৰিলে৷ বিজুলী, ৰন্ধন গেছ আদিৰ দৰে মৌলিক সা-সুবিধাসমূহ দিবলৈও ব্যৰ্থ কংগ্ৰেছ চৰকাৰে এইসকল লোকৰ বেদনা বুজিব নোৱাৰিলে৷

তাৰ তুলনাত যোৱা ১১ বছৰত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে প্ৰতিটো জনগোষ্ঠীৰ বাবে লৈ অহা জনকল্যাণমূলক পদক্ষেপৰ মূল্যাংকন ৰাইজে নিমিষতে কৰিব পাৰে৷ বিভিন্ন আঁচনি তথা পদক্ষেপেৰে চাহ জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিসকলক যথাযোগ্য সন্মানো বৰ্তমানৰ চৰকাৰেই দিবলৈ সক্ষম হৈছে৷ দুখীয়াৰ চকুপানী মচিবলৈ ১১ বছৰত যিখিনি কাৰ্য এইখন চৰকাৰে কৰিলে, সেয়া কংগ্ৰেছে ৫৫ বছৰত ভাবিবও নোৱাৰিলে৷ সেয়েহে ব’হাগৰ বৰদৈচিলাই উৰুৱাই নিছে কংগ্ৰেছ আৰু বিৰোধীৰ কূট-কৌশল৷

সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন আৰু সম-মৰ্যাদা কেৱল সন্মিলিত বিজেপি চৰকাৰেহে দিবলৈ সক্ষম হৈছে, ৰাইজৰ ধন আত্মসাৎ কৰা কংগ্ৰেছে নহয়৷ সেয়েহে নিজৰ ভোটাধিকাৰৰ সঠিক প্ৰয়োগ কৰি ১০০ণ মতদানেৰে শক্তিশালী পঞ্চায়ত, সমৃদ্ধিশালী অসম গঢ়ি অসমক ভাৰতবৰ্ষৰ পাঁচখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হিচাপে গঢ়ি তুলিবলৈ প্ৰতিজন ব্যক্তিক মই আহ্ৱান জনালোঁ৷’ এই প্ৰচাৰ সভাসমূহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত আছিল তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া, অগপৰ জিলা সভাপতি প্ৰবীণ দত্ত, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তথা তিনিচুকীয়া জিলা বিজেপিৰ সহ-প্ৰভাৰী অসীম হাজৰিকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয় শিৱজী ডুবে আৰু শান্তনু দত্ত প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল৷

Related Articles