মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি “ৰাম বিজয়” অংকীয়া নাটখন সমগ্ৰ ৰাজ্য কিম্বা দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো পৰিবেশন হৈ আহিছে যদিও শেহতীয়া ভাবে মহাপুৰুষ জনাৰ “ৰাম বিজয়” অংকীয়া নাটখন এক ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শিত হয় গুৱাহাটী মহানগৰীৰ খানামুখ ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মঞ্চত । উল্লেখনীয় যে মহানগৰীৰ খানামুখ ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰাম বিজয়” অঙ্কীয়া নাটখন পৰিবেশন কৰে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহাসিক ছমৰীয়া সত্ৰৰ এটা শিল্পী গোষ্ঠীয়ে । নাটখন মঞ্চস্থ কৰাৰ ব্যতিক্ৰম এই কাৰণেই যে অংকীয়া নাটখন মঞ্চস্থ কৰা আটাইয়েই আছিল মহিলা শিল্পী । তাৎপৰ্যপূৰ্ণ এই যে মহিলাৰ দ্বাৰা সম্পূৰ্ণ অভিনীত অংকীয়া নাট নামনি অসমত এয়াই প্রথম । অংকীয়া নাটখনৰ পৰিচালনা ৰাতুল ভৰালী , কৰ্ণ মহন্ত , কমল ভৰালী আৰু লক্ষ্মীনাথ বায়নৰ । সূত্ৰধাৰ দিবাকৰ কলিতা । সংগীত ব্যৱস্থাপনা আছিল ৰাজীৱ দাস আৰু যুথিকা কলিতাৰ । উল্লেখ্য যে “ৰাম বিজয়” অংকীয়া নাটখন মঞ্চস্থ কৰা মহিলা শিল্পী সকল আছিল ক্ৰমে ময়ূৰাক্ষী ভৰালী , জুমি দাইনাপালি , চুমি দাইনাপালি , দীপান্বিতা কলিতা , ছিয়াস্মিতা কলিতা , বৰষা দাস , বিষ্ণুপ্ৰিয়া বৈশ্য আৰু মূৰ্ছনা মহন্তৰ লগতে আন কেবাগৰাকী মহিলা শিল্পী । লক্ষণীয় যে মহিলা শিল্পী সকলে মঞ্চস্থ কৰা “ৰাম বিজয়” অংকীয়া নাটখন উপভোগ কৰি দৰ্শক-ৰাইজ আপ্লুত হৈ পৰে ।
মাজুলীৰ কৃতী শিক্ষক, সমাজকৰ্মী অৰুণ বৰাৰ স্মৃতি চাৰণ অনুষ্ঠান
মাজুলীৰ বিশিষ্ট সমাজ কৰ্মী, আজীৱন শিক্ষাব্ৰতী, কৃতী শিক্ষক ,অৰুণ বৰাৰ স্মৃতিত আজি এখন স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ।যোৱা ২৮ এপ্ৰিলত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে নামনি মাজুলীৰ বহু প্ৰজন্মৰ শিক্ষা গুৰু অৰুণ বৰাৰ মৃত্যু হৈছিল। আজি দুপৰীয়া নামনি মাজুলীৰ বিৰিণাবাৰীৰ অৰুণ বৰাৰ নিজা বাসগৃহত উক্ত স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয় । অৰুণ বৰাৰ ছয় মহীয়া আদ্য শ্ৰাদ্ব উপলক্ষে অনুষ্ঠিত উক্ত স্মৃতি চাৰণ সভাখন পৰিচালনা কৰে সাংবাদিক যদু কলিতাই । অনুষ্ঠানত অৰুণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তৃতা দিয়ে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ টাহুয়ে । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি পৰমানন্দ নাথে । উক্ত, স্মৃতি চাৰণ সভাত বিশিষ্ট অতিথি হিচাপে মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজকৰ্মী উমাকান্ত ৰাজখোৱা, বালিচাপৰি প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি আনন্দ বৰঠাকুৰে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে । উক্ত স্মৃতি চাৰণ সভাতে অৰুণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত যুগুত কৰা, ৰাজীৱ দত্ত ভূঞা সম্পাদিত সোঁৱৰণী গ্ৰন্থ ” কল্পতৰু” উন্মোচন কৰে মাজুলীৰ অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জগন্নাথ দুৱৰীয়াই । সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়াজনে তেওঁৰ কাৰ্য কালত কৃতী শিক্ষক অৰুণ বৰাৰ সান্নিধ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত স্মৃতি চাৰণ সভাত “কল্পতৰু” ৰ প্ৰকাশক মুনীন বৰাই শলাগ জ্ঞাপন কৰে । অৰুণ বৰাৰ পত্নী মাকন বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।স্মৃতি চাৰণ অনুষ্ঠানৰ পাছত দহখন গাঁৱৰ ৰাইজে নাম কীৰ্তন পৰিৱেশন কৰে ।
বঙালী ভাষাত মোনা ছপা কৰাক লৈ তীব্র প্রতিক্রিয়া কুশতলি আঞ্চলিক ছাত্র সন্থাৰ
বৰাক ভেলীত চৰকাৰী ফলকত অসমীয়া ভাষা ছপা বিৰ্তকৰ প্ৰতিক্ৰিয়া মাৰনৌযাওতেই এইবাৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ মোনা ছপা বঙালী ভাষা ছপা কৰি বিতৰণ কৰা দেখা অসম চকাৰক । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফটো সম্বলিত মোনাটোত ছপা আছে বঙালী ভাষা । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সদৌ অসম ছাত্ৰ সন্হাৰ কুশতলি আঞ্চলিক সমিতিৰ কৰ্ম কৰ্তাই মৰিগাঁও জিলা লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত বিতৰণ কৰা মোনাত বঙালী ভাষাত ছপা প্ৰত্যক্ষ কৰে আৰু মোনাবোৰ বিতৰণ বাধা দি জব্দ কৰে । এনদৰে প্ৰধান মন্ত্ৰী গৰীব অন্ন যোজনাৰ মোনাত অসমীয়া ভাষাৰ সলনি বঙালী বৰ্ণ ছপা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে অসম চৰকাৰক সমালোচনা কৰে ।
ৰঙাপৰা প্ৰেছ ক্লাৱৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়
১৯৯৩ চনত স্থাপিত হোৱা ৰঙাপৰা প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সমিতিখনৰ বৃহস্পতি বাৰে প্ৰথমখন কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। সন্ধিয়া ৬ বজাত ৰঙাপৰাৰ মহাত্মা গান্ধী পথত থকা অস্থায়ী কাৰ্যালয়ত সভাপতি পংকজ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক শশী ভুষণ শৰ্মাই। সভাত উপস্থিত থকা উপদেষ্টা বলেন চক্ৰৱৰ্তী, আব্দুল ৰহিম, ৰাজেশ পাটোদিয়া আৰু বিমান মণ্ডলে ৰঙাপৰা প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক উদ্দেশ্য কৰি কয় যে অঞ্চলটোৰ সমস্যা সমূহৰ বাতৰি প্ৰেৰণ কৰাৰ লগতে এখন সুষ্ঠ সমাজ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। কাৰণ ৰঙাপৰাত অন্য সংস্কৃতিয়ে গা কৰি উঠিছে। যি সমাজখনৰ বাবে অতি ক্ষতিকাৰক। ৰঙাপৰা প্ৰেছ ক্লাৱৰ নতুন সমিতিখনৰ দায়িত্ব ক্ৰমান্বয়ে বাঢ়িছে। ৰঙাপৰাত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুখনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে প্ৰেছ ক্লাৱৰ দখলত থকা মাটিখিনিত নতুন ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ উপদেষ্টাসকলে পৰামৰ্শ আগবঢ়াই। লগতে মহামাৰী ক’ভিডে বিধি-পঠালি নিদিলে ৰঙাপৰা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষটি ২০২২ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্টপীয়াকৈ হলেও উদযাপন কৰিবলৈ সভাত তেখেতসকলে পৰামৰ্শ দিয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সৈতে জড়িত ৰঙাপৰাৰ সাংবাদিকসকলে গৰিমা অটুট ৰাখি আগবাঢ়ি যাবলৈ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা সুনিল ম’ৰে পৰামৰ্শ দিয়ে। ৰঙাপৰা প্ৰেছ ক্লাৱৰ উপ সভাপতি চাহিনে আহমেদে সাংগঠনিক দিশত গঠনমূলক মন্তব্য দাঙি ধৰে। সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইফালে শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনত জিলাখনত অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰি অহাত ৰঙাপৰাৰ জ্যেষ্ঠ সাংবাদিক তথা ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ নাথক শোণিতপুৰ জিলা সাংবাদিক সন্থাই ‘সাংবাদিক নিৰ্মল দাস সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা’ৰে সন্মানিত কৰাত ৰঙাপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত তেখেতক উক্ত সভাতে ৰঙাপৰা প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি সুনীল ম’ৰে এটা গছৰ পুলি আৰু ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জনায়। সভাত পংকজ নাথে সকলো সদস্যৰ সহায়-সহযোগিতা কামনা কৰি অনুসন্ধানমূলক বাতৰিত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই।সভাত ৰঙাপৰা প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক ছাজাহান ছেলিম কুৰেছী,সাংগঠনিক সম্পাদক জয়কিশোৰ ঝা,সাংবাদিক ৰাজীৱ নাথে অংশগ্ৰহণ কৰে।
জাগুনত অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন স্থাপনৰ দাবী।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে জাগুনত এটা অগ্নি নিৰ্বাপক বাহিনীৰ ষ্টেচন স্থাপন কৰাৰ দাবীত মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে তিনিচুকীয়া জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।উক্ত স্মাৰক পত্ৰৰ প্ৰতিলিপি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱকো বিধায়ক কাৰ্যালয়ত প্ৰদান কৰে সংগঠনটোৰ নেতৃত্বই। উল্লেখ যে বৃহত্তৰ জাগুন অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনীৰ কোনো ব্যবস্থা নথকাৰ ফলত বিভিন্ন সময়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত সময় মতে অগ্নি নিৰ্বাপন কৰিব নোৱাৰাত ক্ষয়ক্ষতিৰ পৰিমাণ অধীক হোৱাত ভুক্তভোগীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। এইক্ষেত্ৰত জাগুন অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ এটা ষ্টেচন তাৎক্ষণিক ভাৱে স্থাপন কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে।
গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত বিক্ষোভ প্ৰতিবাদ।
ৰাজ্য জুৰি অব্যাহত আছে কৰ’ণাৰ ঢৌৰ জুৰুলা পৰিবেশ।এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাব ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে বৰ্তমান চৰকাৰ খনে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিয়ে সাতটা দাবীৰ সন্মিলিত গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ ছামাত সৰকাৰ, জিলা তত্বাৱধায়ক হুকুম চান্দ আলী বক্সিৰ লগতে জিলা কংগ্ৰেছ কমিটিৰ তিনি সহস্ৰাধিক বিভিন্ন স্তৰৰ বিষয়ববীয়া সকলে, প্ৰতিবাদ স্থলীত বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে গোৱালপাৰা জিলা উপায়ুক্তৰ চৌহদ |বৰ্তমান বি জে পি চৰকাৰ দিনত যিদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈ আছে তাৰ উপৰত পৰৰ্বতী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হব লক্ষণীয় |
বৰপথাৰত অন্ন মহোৎসৱৰ শুভাৰম্ভণি
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত আজি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত “অন্ন মহোৎসৱ”ৰ শুভ উদ্বোধন কৰা হয়। মহকুমাটোৰ দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ প্ৰাংগণত আয়োজিত এক উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে অন্ন মহোৎসৱটিৰ শুভাৰম্ভণি কৰা হয়। এই অন্ন মহোৎসৱৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধীকাৰীসকলক 5 কিলো অতিৰিক্ত চাউলৰ সৈতে 10 কিলোকৈ চাউল প্ৰদান কৰা হব। আজিৰ এই অনুষ্ঠানতেই কেইবাজনো হিতাধীকাৰীক দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ছবি সম্বলিত এটি মোনাৰ সৈতে 10 কিলোকৈ চাউল প্ৰদান কৰা হয়। এই শুভাৰম্ভণি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কৃষাণ মৰ্চাৰ সদস্য সঞ্জীৱ বৰুৱা, দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ সভাপতি জগত বুঢ়াগোহাঁই, সমবায় সমিতিখনৰ সচিব ৰজত শৰ্মা আৰু সুলভ মূল্যৰ দোকানৰ এজেন্ট সমূহৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনি খনৰ ওপৰত আলোকপাত কৰা হয়।
চিকিৎসা নাপাই নাজিৰাত এটি দুবছৰীয়া শিশুৱে অকালতে হেৰুৱালে প্ৰাণ
ৰাজ্য জুৰি চিকিৎসকসকলে পালন কৰা ধৰ্মঘটৰ কৰুণ পৰিণতিৰ সাক্ষী হৈ ৰ’ল নাজিৰাত। শুকুৰবাৰে পূৱাৰ ভাগত নাজিৰা মেকিপুৰৰ মেমমাটিৰ আৰিয়ন চবৰ নামৰ এটি ২ বছৰীয়া শিশু মৃগী ৰোগত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত লিগিৰীপুখুৰীস্থ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া সোৱৰণী অসামৰিক চিকিৎসালয়লৈ পৰিয়ালৰ লোকে লৈ আনে যদিও চিকিৎসক সকলে অব্যাহত ৰখা ধৰ্মঘটৰ বাবে ৰোগীক চিকিৎসা নকৰাত কিছুসময়ৰ পিছত চিকিৎসালয়খনতে কৰুণভাৱে মৃত্যুক সাৱটি লয় শিশুটিয়ে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি উক্ত সময়ত চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে চিকিৎসকৰ প্ৰতিবাদৰ হেতু চিকিৎসালয়ত উক্ত সময়ত চিকিৎসক নাই বুলি ঘূৰাই পঠাই ৰোগগীয়া শিশুটি আৰু পৰিয়ালক।ইফালে পৰিয়ালৰ লোকৰ অভিযোগ খণ্ডন কৰিছে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে। চিকিৎসালয়ত উক্ত সময়ত শিশু বিশেষজ্ঞ নথকা বুলিয়ে তেখেতে জনায় বুলি জানিবলৈ দিয়ে।ইফালে লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত শিশু বিশেষজ্ঞ মঃ বক্তিয়াৰ হুছেইনৰ চৰকাৰী আৱাসগৃহলৈ গৈ পৰিয়ালৰ লোকে শিশুটিৰ চিকিৎসাৰ বাবে কাকুতি মিনতি কৰে যদিও চিকিৎসকজনে ধৰ্মঘটৰ দোহাই দি চিকিৎসা প্ৰদান নকৰিলে শিশুটিক। যাৰ পৰিণতিত বিনা চিকিৎসাৰে অকালতে মৃত্যুক সাৱতিলে ২ বছৰীয়া শিশুটিয়ে। এই ঘটনাই সমগ্ৰ নাজিৰাত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালক চৰকাৰে উচিত ক্ষতিপূৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পেট্ৰল জাতীয় সামগ্ৰী আদিকে কৰি মূল্য বৃদ্ধিৰ প্ৰতিবাদত ‘সত্যাগ্ৰহ’
:সমগ্র ৰাজ্যৰ লগতে বৰপেটা জিলা ছাত্র সন্থাৰ উদ্যোগত পেট্ৰল জাতীয় সামগ্ৰীকে আদি কৰি সকলো ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্রতিবাদত আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত বৰপেটা চহৰৰ মাজ মজিয়াত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত ছাত্র সংগঠনটোৱে হাতে হাতে প্লে কাৰ্ড লৈ বি জে পি চৰকাৰ হাই হাই, যোগান বিভাগ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যর্থ হৈছে আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন সোধাইছে। এটা সময়ত বিয়াগোম নেতাই গৰুৰ গাড়ীত উঠি আৰু পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমান সময়ত চৰকাৰ অহাৰ পিছত নিমাত হৈ থকা দেখা গৈছে।অনাগত দিনত চৰকাৰে যদি মূল্য বৃদ্ধি ৰোধ নকৰে আৰু অধিক গণতান্ত্ৰিক আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে।
বিচাগাওঁ-মধুপুৰ সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।
মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটা পথ। বিচাগাওঁ-মধুপুৰ সংযোগী উক্ত পথটোৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। উক্ত পথটো ব্যৱহাৰ কৰি আহিছে চাৰিখনকৈ গাওঁ ক্ৰমে বিচাগাওঁ, মধুপুৰ, অমৃত গাওঁ আৰু টকলং বাসী ৰাইজে। বৰ্তমানৰ এই কাতি মহীয়া এজাক বৰষুণতেই পথটোৰ যি দুৰৱস্থা ভৰ বাৰিষাত পথটোৱে কেনে ৰূপ ধাৰণ কৰে সেইয়া সহজেই অনুমেয়। চাৰিখনকৈ ৰাজহ গাঁৱৰ একমাত্ৰ যোগাযোগৰ মাধ্যম উক্ত পথটো স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী, বেমাৰী, গৰ্ভৱতী মহিলা চিকিৎসালয়লৈ অনা নিয়া, খেতিয়কৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়া ইত্যাদি সকলো ধৰণৰ কাম কাজত ব্যৱহৃত হৈ আহিছে। পথটোৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত ক্ষুণ্ণ হৈ পৰিছে চাৰিখনকৈ গাঁৱৰ ৰাইজ তথা দল সংগঠন। আজি পুৱাৰ ভাগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ নেতৃত্বত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু চাৰিখনকৈ গাঁৱৰ ৰাইজৰ সহযোগত উক্ত পথটো নিৰ্মাণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়। প্ৰতিবাদ কালত অভিনৱ ভাৱে বোকাময় পথটোৰ ওপৰত হাল গৰু,নাঙল লৈ ভূঁই ৰুই বিধায়ক ভাস্কৰ শৰ্মা হাই হাই, ভাস্কৰ শৰ্মা মূর্দাবাদ, অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদ স্থলীৰ পৰা আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জে জানিবলৈ দিয়া অনুসৰি বিগত ২০১১ চনৰ বিধান সভা নিৰ্বাচনৰ সময়তেই নিৰ্বাচনত জয়ী হলে ছমাহৰ ভিতৰত উক্ত পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাই।কিন্তু দুৰ্ভাগ্যজনক ছমাহ বাদেই দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো আজি পৰ্যন্ত উক্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে দল সংগঠন। প্ৰতিবাদ স্থলীৰ পৰাই বিধায়ক ভাস্কৰ শৰ্মাক মিছা প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰা বাদ দি গাঁৱৰ ৰাইজৰ সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰাৰ লগতে বিচাগাওঁ মধুপুৰ সংযোগী পথটো অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে অন্যথা অনাগত দিনত চাৰিখনকৈ গাঁৱৰ ৰাইজ আৰু দল সংগঠন লগ লাগি বিধায়ক জনৰ ঘৰ ঘেৰাও কৰাৰো হুংকাৰ প্ৰদান কৰে।











