বসন্ত স্মৃতি সংস্থানৰ উদ্যোগত কবি বসন্ত নেপালৰ ২৩ সংখ্যক স্মৃতিচাৰণ সভা আজি বিশ্বনাথৰ বুঢ়ীগাং বালিপুখুৰীস্থিত বসন্ত স্মৃতি সংস্থানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সংস্থানৰ সম্পাদক নাৰায়ণ পৌৰেলে আঁত ধৰা এই অনুষ্ঠানত সভাপতিত্ব কৰে হৰি উপাধ্যায়ে। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ ভক্ত প্ৰসাদ গৌতমে উদেশ্যে ব্যাখ্যা কৰাৰ পিচত ডঃ সঞ্জীব উপাধ্যাযয়ে বসন্ত স্মৃতি সংস্থানৰ চমু পৰিচয় দাঙি ধৰি সংস্থানৰ লক্ষ আৰু উদেশ্যে বিষয়ে অৱগত কৰাৰ লগতে বিগত সময়ত সম্পাদন কৰা সাহিত্যিক কাৰ্য্যৰ বিষয়ে বিস্তৃতভাবে অৱগত কৰে। এই অনুষ্ঠানত বিশিষ্ট লেখক পৰশুৰাম ছেত্ৰীৰ “জনকবি হৰিভক্ত কটুৱাল অনন্য সাহিত্য যাত্ৰা” উন্মোচন কৰে ২০২০ চনৰ সাহিত্য অকাডেমি পুৰষ্কাৰ পাবলৈ সক্ষম প্ৰবন্ধকাৰ অঞ্জন বাচকোটাই। ইয়াৰ লগতে “পূৰ্বোদয়” পত্রিকার প্ৰস্তাৱনা সংখ্যা উন্মোচন কৰে প্ৰবীণ সাহিত্যিক, কবি টিকাদান উপাধ্যায় নিৰ্ভীকে আৰু বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ ক্ষেমানন্দ নেপাল বিৰচিত “শিলালিপিৰ পৰা ই-লিপিলৈ” গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই। এই অনুষ্ঠানত কণ্ঠশিল্পী মিলন অধিকাৰীয়ে গীত আৰু শিশু শিল্পী যশপাল পৌৰেলে নৃত্য,ডঃ তিলক শৰ্মা ই গীত, পৰিবেশন কৰাৰ উপৰিও ডঃ ভক্ত প্ৰসাদ গৌতমে কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আজিৰ এই অনুষ্ঠানত ডঃ নাৰায়ণ উপাধ্যায়, কুমাৰ পোখ্ৰেল, জ্যেষ্ঠ সাংবাদিক ভূবন লুইটেল, জ্ঞান পাণ্ডে, দেবী প্ৰসাদ উপাধ্যায়, সেৱক শৰ্মা, বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ নব নিৰ্বাচিত সভাপতি হেম কুমাৰ গৌতম, অধিবক্তা প্ৰাঞ্জল উপাধ্যায়, গোৰ্খা উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি লোকনাথ উপাধ্যায় প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পুর্বোদয় পৰিয়ালৰ সন্পাদকদ্বয় কুমাৰ পোখ্রল,লক্ষীকান্ত শৰ্মা,অতিথি সম্পাদক ড.সণ্জীৱ উপাধ্যায়,আইন উপদেষ্টা প্রাণ্জন উপাধ্যায়,বিজ্ঞাপন সচিব ভুবন লুইটেল,প্রচলন সচিব গোপাল চেত্রী,মুখ্যউপদেষ্টা ড.ক্ষেমৰাজ নেপাল,উপদেষ্টা হৰি লুইটেল উপস্হিত থাকে !
টিংখাঙৰ শাৰীৰিকভাৱে সক্ষম যুৱকৰ সন্ধানহীন।
ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত এক নং সাপকাঁইট গাঁৱৰ প্ৰয়াত আনন্দ গগৈৰ পুত্ৰ অজয় গগৈ(৩৫) নামৰ এজন যুৱক দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে।শাৰীৰিকভাৱে কিছু সক্ষম যুৱকজন মৰাণ নাহৰকটীয়া পথৰ পৰা সন্ধানহীন হোৱা বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত থকা আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও যুৱকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।যাৰ ফলত যুৱকজনৰ পৰিয়ালটোৰ মাজত হাহাকাৰময় পৰিবেশ সৃষ্টি হৈছে।বিশেষকৈ যুৱকজনৰ বৃদ্ধা মাতৃয়ে সন্ধানহীন পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে।পৰিয়ালৰ লোকে যুৱকজন সন্ধানহীন হোৱাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত অৱগত কৰিছে।তদুপৰি কোনোলোকে যুৱকজনৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী থানা অথবা 9954087473,9957362900,9954801668,7086225932 ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ কৰিছে।
লক্ষ্মী পুৰ্ণিমাৰ দিনাই আৰম্ভ হয় মাজুলীৰ অৰ্ধ শতাধিক ৰংগমঞ্চত ৰাসৰ নাট মেলা পৰ্ব
ক’ভিদ-১৯ ৰ সংক্ৰমণ কিছু সামকটাৰ আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ কিছু শিঠিলতা বাবে মাজুলীৰ শাৰদীয় উৎসৱ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত এক উলহ মালহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰাসমঞ্চৰ লগতে বিভিন্ন সত্ৰানুষ্ঠানত অহা ১৮ নবেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা। এই উদ্দেশ্য আজি মাজুলীৰ বিভিন্ন প্ৰান্তৰত থকা অৰ্ধশতাধিক ৰংগমঞ্চ আৰু বহু কেইখন সত্ৰই লক্ষ্মী পুৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত ৰাসলীলাৰ নাটমেলা কাৰ্য শুভাৰম্ভ কৰে । আজিৰে পৰা আৰম্ভ হ’ল এমাহজোৰা ৰাসলীলাৰ আখৰা। প্ৰায় সংখ্যক ৰংগমঞ্চত ধাৰাবাহিকভাবে তিনি দিনীয়াকৈ ৰাস অনুষ্ঠিত কৰাৰ বিপৰীতে বহু কেইটা ৰংগমঞ্চই তৃতীয় দিনাৰ পৰিবৰ্তে চতুৰ্থ দিনা ৰাসলীলা প্ৰদৰ্শন কৰে। পূৰ্বৰ দৰে এইবাৰো ৫ টাতকৈ অধিক ৰংগমঞ্চত মিচিং জনগোষ্ঠীৰ শিল্পী সকলে ৰাসলীলা অনুষ্ঠিত কৰাৰ লগতে বহু কেইটা মঞ্চত মিচিং ভাষাত লিখা ৰাসৰ নাটেৰে ৰাসলীলা উপস্থাপন কৰিব |
৬৪ বছৰত ভৰি দিয়া মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাসমঞ্চ ‘মাজুলী মিলন সংঘ-ই আজি লক্ষ্মী পূৰ্ণিমাত কৃষ্ণৰ ৰাসলীলাৰ নাটমেলা কাৰ্যসূচী সমাপন কৰে । পুৱা নাম প্ৰসংগৰ পিছত মালতী শইকীয়াৰ বৰগীতেৰে আৰম্ভ কৰা অনুষ্ঠানত গুৰুঘাট পৰিবেশন কৰি ৰাসলীলা নাটৰ এটি দৃশ্যৰ আখৰা আৰম্ভ কৰে। এই অনুষ্ঠানতে বৰবায়ন তৰুণ বৰুৱাই দ্বীজেন দত্তক আনুষ্ঠানিক ভাৱে বৰবায়নৰ নিৰ্মালি প্ৰদান কৰে। ইফালে মাজুলীৰ অন্যতম সাংস্কৃতিক মঞ্চ ‘সন্মিলিত শিল্পী সমাজ”ৰ লগতে উজনি মাজুলীৰ মূদৈবিল , ভকতিদুৱাৰ , ফুলনি , জেংৰাইমুখ , বনমালী , গায়ন গাঁও , বাঘৰ গাঁও , ৰতনপুৰ , পানীখাতী , নতুন বজাৰৰ লগতে সমগ্ৰ মাজুলীৰ আঢ়ৈকুৰিৰো অধিক ৰংগমঞ্চ আৰু বহু কেইখন সত্ৰই পৰম্পৰাগত পদ্ধতিৰে নাটমেলা পৰ্ব আৰম্ভ কৰে। আজিৰ পৰা এমাহ জোৰা আখৰাৰ অন্তত অহা ১৮, ১৯ আৰু ২০ নবেম্বৰত তিনিদিনীয়াকৈ ৰাসলীলা অনুষ্ঠিত কৰিব। মাজুলীৰ প্ৰতিটো ৰংগমঞ্চই সাধাৰণ সভাযোগে ৰাস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰি আগন্তুক পালনাম আৰু ৰাসলীলা উৎসৱৰ আগতে ফেৰী সেৱা সহজলভ্য কৰি তোলাৰ লগতে জেংৰাই – গড়মূৰ পথৰ নিৰ্মাণ কাৰ্য তৎকালীন ভাবে সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনায়।
কিয় মেৰামতিৰ কাম আৰম্ভ হোৱা নাই বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা?
কিয় আজিলৈকে মেৰামতিৰ কাম আৰম্ভ হোৱা নাই বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা? কেতিয়া মেৰামতি হব পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা? ৰাইজে বাৰাম্বাৰ দাবী জনোৱাৰ পিছতো মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কিয় গুৰুত্ব দিয়া নাই? কাৰ হেমাহিৰ বাবে ৰাইজে এই গুৰুত্বপূৰ্ণ মুল পথটোৰ মাজেৰে যাতায়ত কৰি ভূগিব লগা হৈছে দূৰ্ভোগ ? এইদৰে প্ৰশ্ন উত্থাপন কৰিছে বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ মাজেৰে অহা যোৱা লোকে। বিগত দুটা বছৰে পথটো অতি ভয়াবহ ৰূপ লৈছে। যাৰ ফলত পথটোৰ অংশছোৱাত দৈনিক ঘটি আছে ভয়াবহ দূৰ্ঘটনা। বৰপেটাৰ ভেল্লাৰ দ্বৰ্গাহপুৰৰ মাজেৰে বিগত দুই বছৰে ভয়াবহ অৱস্থাৰ মাজেৰে যাতায়ত কৰি ৰাইজে যমৰ যাতনা ভূগি কৰিব লগা হৈছে । মুল পথটোৰ এই শোচনীয় অৱস্থাৰ বাবে ইতিমধ্যে বহুত লোক দূৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পথটোৰ ওপৰত অতি দ’ খালৰ সৃষ্টি হৈছে। দৈনিক গুৱাহাটী-বৰপেটালৈ হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰে পথটোৰ এই জৰাজীৰ্ণ অৱস্থাৰ মাজেৰে। এজাক বৰষুণতে একাঁঠুলৈকে পানী জমা হয় এই জৰাজীৰ্ণ অংশছোৱাত। ফলত গাত চিনি নোপোৱা হয় ৰাইজে। যাৰ বাবে ৰাইজে অতি ভয় আৰু শংকাৰ মাজেৰে যাতায়ত কৰিব লগা হয়। সকলো পক্ষই দেখে কিন্তু কোনোৱে কামটো মেৰামতি নতুবা নিৰ্মাণ কৰাৰ বাবে নিদিয়ে গুৰুত্ব। ৰাইজে বাৰাম্বাৰ দাবী জনাইছে যদিও ৰাইজৰ দাবীক সহাৰি নিদিয়ে বিভাগে। অতি শীঘ্ৰেই মেৰামতিৰ কাম কৰাৰ বাবে দাবী জনাইছে ৰাইজে।অন্যথা ৰাজপথত আন্দোলন কৰিব বুলি সকিয়াই দিছে।
২০২২ চনৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা
আজি ইংৰাজী ২০ অক্টোবৰ ২০২১ তাৰিখে হোজাই জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰী অনুপম চৌধুৰীৰ অধ্যক্ষতাত হোজাই জিলাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতত ২০২২ চনৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত উপায়ুক্তই হোজাই জিলাৰ অধীনস্থ ৯০ নং যমুনামুখ, ৯১ নং হোজাই আৰু ৯২ নং লামডিং বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম অহা ইংৰাজী ০১/১১/২০২১ তাৰিখৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰে। যি সকল নাগৰিকে অহা ইংৰাজী ০১/০১/২০২২ তাৰিখে ১৮ বছৰ বয়স সম্পূৰ্ণ কৰিব তেওঁলোকক অহা ইংৰাজী ০১/১১/২০২১ তাৰিখৰ পৰা ৩০/১১/২০২১ তাৰিখৰ ভিতৰত তেওঁলোকে বসবাস কৰা অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া (BLO)ৰ পৰা ৬ নং প্ৰ-পত্ৰ সংগ্ৰহ কৰি শুদ্ধ ভাবে প্ৰ-পত্ৰ পূৰণ কৰি সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (BLO) বা সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া (AERO) অথবা স্থানীয় চক্ৰ বিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিব পাৰিব, লগতে যদি কোনো ভোটাৰৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলগীয়া থাকে তেন্তে ৭ নং প্ৰ-পত্ৰ, নাম স্থানান্তৰ কৰিবৰ বাবে ৮(ক) নং প্ৰ-পত্ৰ আৰু নাম, বয়স, সমন্ধ, ফটো আদি শুধৰণি কৰিবলগীয়া থাকিলে তেন্তে ৮ নং প্ৰ-পত্ৰ পূৰণ কৰি বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত জমা দিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে সভাত অৱগত কৰে। উক্ত সভাত উপায়ুক্তগৰাকীয়ে প্ৰবাসী ভাৰতীয় সকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৬(ক) নং প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব অথবা তেওঁলোকে Online www.nvsp.in যোগে বা Voter Helpline Mobile এপৰ যোগেদিও আবেদন পত্ৰ দাখিল কৰিব পাৰিব বুলি জনায়।সভাত উপায়ুক্তগৰাকীয়ে উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক সমাজৰ হিতৰ বাবে এই পৰ্যন্ত ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোক সকলৰ মাজত সজাগতা বৃদ্ধি কৰি ওচৰৰ প্ৰতিষেধক কেন্দ্ৰলৈ গৈ প্ৰতিষেধক গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ আহ্বান জনায়।
এ আই ইউ ডি এফ – বিজেপিৰ বি টীম কোৱাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ : বিধায়ক ৰফিকূল ইছলাম
কংগ্ৰেছ আৰু বিজেপি একাকাৰ হৈ গৈছে ৷কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা সকলেই বিজেপিত গৈ ডাঙৰ ডাঙৰ নেতা হৈ মন্ত্ৰীত্ব লৈছে ৷কংগ্ৰেছ দলেই বিজেপি দলক একাকাৰ কৰিছে ৷তেনেক্ষেত্ৰত ইউ ডি এফ দলক বিজেপিৰ বি টীম কোৱাৰ নৈতিক অধিকাৰ নাই ৷বিজেপি দলৰ স্বেচ্ছাচাৰীতা ,সম্প্ৰদায়িকতাৰ বিৰুদ্ধে ইউ ডি এফ দলে বিৰোধীতা কৰি আহিছে ৷ভৱিষ্যতও কৰি যাব বুলিও স্পষ্ট ভাৱে মতপোষণ কৰে ইউ ডি এফ দলৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকূল ইছলামে ৷আজি ২৮ নং গোসাইগাঁও সমষ্টিৰ ইউ ডি এফ দলৰ প্ৰাৰ্থী খাৰুল আনাম খন্দকাৰৰ হৈ প্ৰচাৰ চলাব আহি সমষ্টিটোৰ হাৰাপুটাত সংবাদ মাধ্যমৰ আগত আৰু কয় যে উপ নিৰ্বাচনত ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিত ইউ ডি এফ দলৰ স্হিতি ভাল ৷গোসাইগাঁও সমষ্টিত ইউ ডি এফ দলৰ প্ৰাৰ্থী মাৰ্জিন ভোটত জিকিব বুলি সদৰী কৰে বিধায়ক গৰাকীয়ে ৷
বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে ওদালগুৰিত প্ৰাক্তন এন ডি এফ বিৰ প্ৰতিবাদ
এন ডি এফ বিয়ে চাৰি লাখৰ বাবে সংগ্ৰাম কৰা বুলি কালি তামোলপুৰ বিধানসভাৰ উপ নিৰ্বাচনী সভাত প্ৰচাৰ চলাবলৈ আহি বিটিচি ৰ উপমুখ্য কাৰ্যবাহী তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কৰা বিৰূপ মন্তব্যৰ প্ৰতিবাদত ওদালগুৰিৰ দুৰ্গাপূজা মণ্ডপ প্ৰাঙ্গনত আজি দিনৰ ১১ বজাত প্ৰাক্তন এন বি এফ বিৰ শতাধিক সদস্যই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁৰ পূত্ৰলিকা দাহ কৰে।এনডিএফৰিৰ প্ৰাক্তন নেতৃবৃন্দই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়- এন ডি এফ বি সকলে কেতিয়াও মাথো চাৰিলাখ টকাৰ বাবে আন্দোলন কৰা নাছিল।সংগঠনৰ কেডাৰ সকলে ২০২০ৰ ২৭ জানুৱাৰীত চুক্তি হোৱাৰ পিছত আত্মসমৰ্পনকাৰী কেডাৰ সকলৰ পুনৰ সংস্থাপনৰ বাবে দিয়া চাৰিলাখ টকাৰ বেংকতহে জমা হৈ আছে।এই ধন এতিয়াও কেডাৰ সকলে পোৱা নাই।তেনে ক্ষেত্ৰত গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কি যুক্তিত চাৰিলাখ টকাৰ দিয়াৰ কথা ক’লে।টকা নোপোৱাকৈ সৎকামত ব্যৱহাৰ কৰা নাই বুলি কোৱাৰ অৰ্থ কি? একালৰ নিজৰ সতীৰ্থ সকলকে এই তীৰ্য্যক মন্তব্য কৰা বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে পদত্যাগ কৰা উচিত বুলি আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীত উল্লেখ কৰে প্ৰাক্তন নেতৃবৃন্দই।স্বাধীনতা বড়োলেণ্ডৰ সপোন দেখুৱা প্ৰাক্তন সংগ্ৰামী নেতা বসুমতাৰীয়ে নিজৰ সতীৰ্থ সকলক লৈ কৰা এই মন্তব্যত জাঙুৰ খাই উঠিছে প্ৰাক্তন এন বি এফ বি সকল।তেওঁলোক ইমানেই ক্ষোভিত আৰু খঙাল হৈ পৰিছিল যে, পূত্তলিকা জ্বলোৱাৰ পূৰ্বে পূত্তলিকাৰ ওপৰত লাঠি,গোৰ,চৰ আদি সোধোৱা দেখা গৈছিল।এনডিএফবিৰ সংবিধান ৰচনা কৰা নেতা বসুমতাৰীৰ মুখত এনে মন্তব্য দুৰ্ভাগ্যজনক। এনডিএফবিৰ কেদাৰ সকলৰ সংস্থাপন, আদালতত চলি থকা কেচৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰ খনে কোনো গুৰুত্ব দিয়া নাই বুলিও অভিযোগ তোলে।অচিৰে গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে এনে আপত্তি জনক মন্তব্য উঠাই নললে তেওঁৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী চলি থাকিব বুলি লগতে উল্লেখ কৰে।বিটিচি ৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ বিৰুদ্ধে সোচ্ছাৰ প্ৰাক্তন এন ডি এফ বিৰ নেতৃবৃন্দই আৰু কেদাৰ সকলে ওদালগুৰিৰ চুদেমপুৰীত নিৰ্মান কৰি থকা তিনিখলপীয়া বিল্ডিং কেনেকৈ বনাব পাৰো বুলি প্ৰশ্ন তোলে।কেডাৰ সকলে গোবিন্দ বুঢ়া মূৰ্দাবাদ, বিটিচি চৰকাৰ হায়,হায়, উপমুখ্য কাৰ্যবাহী আৰু বিধায়ক পদ খাৰিজ কৰক,ডেপুটি চীফ মূৰ্দাবাদ, গোবিন্দ বসুমতাৰী গো বেক’ আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে ওদালগুৰি নগৰ।
অসমীয়া ভাষা বিৰোধীৰ বিৰুদ্ধে মাজবাট আৰক্ষী থানাত ছাত্ৰ সন্থাৰ এজাহাৰ দাখিল
শিলচৰ ৰেল ষ্টেচনত ১৭ আৰু ১৮ অক্টোবৰত বৰাকৰ একাংশ বাঙালী সম্প্ৰদায়ৰ দষ্কৃতিকাৰীয়ে অসমীয়াৰ স্বাভিমানত গুৰুতৰভাৱে আঘাত হানিছে । অসমতে অসমীয়াৰ ভাষা ধ্বংস কৰাৰ বাবে একাংশলোকৰ চলি আছে ব্যাপক গতিত ষড়যন্ত্ৰ । কাৰণ বৰাকত মুকলিকৈ অসমীয়া ভাষাৰ ওপৰত চলা আক্ৰমণেই তাৰ প্ৰমাণ । অসমক কোনো কাৰণতেই ত্ৰিপুৰা বা কাশ্মীৰ হ’বলৈ দিয়া নহ’ব । ৰাজ্যখনত ৰাজ্য ভাষা আইনমতে অসমীয়া । তেনেস্হলত শিলচৰ ৰেল ষ্টেচনত এখন জল জীৱন মিছনৰ চৰকাৰী ভাষাৰ ফলকত ক’লা ৰং সানি ‘ বাংলা লিখুন ‘ বুলি একাংশ দুস্কৃতিকাৰীয়ে অসমীয়া ভাষাক অপমান কৰি অসমীয়া আৰু বাঙালী সম্প্ৰদায় লোকৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবহে বিচাৰিছে । গতিকে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাব বিচৰা অথবা ভাতৃত্বভাৱে থকা দুয়োটা সম্প্ৰদায়ক সমাজত বিভাজনৰ সৃষ্টি ৰাজনীতি কৰিব বিচৰা এনে লোকৰ বিৰুদ্ধে শীঘ্ৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলি সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ এলেকাস্হ মাজবাট আঞ্চলিক ছাত্ৰ সন্থাই আজি মাজবাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আজি মাজবাট থানাত এই এজাহাৰ দাখিল কৰাৰ সময়ত মাজবাট শাখা সাহিত্য সভা আৰু মাজবাট আঞ্চলিক জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছিল বুলি মাজবাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু কলিতাই আজি এক প্ৰেছ বিবৃতি যোগে জনোৱাৰ লগতে ৰাজ্যখনত দুয়োটা সম্প্ৰদায়ৰ লোককে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।
শতকা গৰকা ঘগ্ৰাপাৰৰ -বিলপাৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসূদেৱ গোঁসাই ঘৰত দুদিনীয়াকৈ ধনৰ অধিষ্ঠাত শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰম্ভণি
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱস্থিত প্ৰায় ১০০ বছৰ গৰকা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ গোঁসাই ঘৰত অতীতৰ পৰা একাদিক্ৰমে উদ্ যাপন কৰি অহা শ্ৰীশ্ৰী লক্ষ্মীখনি এইবেলিও বাসুদেৱ গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ বৰ্ণিল কাৰ্য্যসূচীৰে আৰম্ভ হয়।এই অনুসৰি প্ৰথমদিনা অৰ্থাৎ ২০ অক্টোবৰৰ ৰাতিপুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰৰ বন্তি প্ৰজ্বলনে কাৰ্য্যসূচী পাতনি মেলে দেউৰী দ্বীপেন ডেকাই।ইয়াৰ পিছতে –ধৰ্মীয় পতাকা উত্তোলন কৰে- গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰতাপ দত্ত চৌধুৰীয়ে।ৰাতিপুৱা ৭-৩০ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পণ কৰিব ১৮/৩ নং ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই।ৰাতিপুৱা ৮ বজাত স্মৃতি সৌধত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পণ কৰে –পূৱ-বনভাগ মৌজাৰ মৌজাদাৰ প্ৰশান্ত দত্ত চৌধুৰীয়ে। ৰাতিপুৱা ৮:৩০ বজাত বৃক্ষৰোপন কৰে ক্ৰমে– বিশিষ্ট ব্যৱসায়ী প্ৰাণশক্তি ডেকা,সাংবাদিক দ্বীজেন ডেকা,ফাইজুল হক চৌধুৰী,বিলপাৰ গাঁওৰ গাঁও সভাৰ সদস্য মনোৰঞ্জন ডেকা আদিয়ে।ইয়াৰ পিছতে স্থানীয় মহিলা আইতীসকলে নাম কীৰ্ত্তন পৰিৱেশন কৰে।সন্ধিয়া ভাগত মুল মন্দিৰৰ বন্তি প্ৰজ্বলন,মুখ্য দ্বাৰ উন্মোচন,প্ৰতিমা স্থাপন কৰিব ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই। পূজা মণ্ডপত বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে।সন্ধিয়া পুনৰ স্থানীয় আয়তীৰ নাম পৰিৱেশন।সন্ধিয়া ৬-৩০ বজাত পূজা আৰম্ভ।নিশা ন বজাত মহাভোগ বিতৰণ।দ্বিতীয় দিনা অৰ্থাৎ ২১ অক্টোবৰৰ ৰাতিপুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰত বন্তি প্ৰজ্বলন,সমুহীয়া চাফাই অভিযান।সন্ধিয়া গাঁৱৰ জ্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।সন্ধিয়া ৫ বজাত মহিলা দলৰ নাম পৰিৱেশনেৰে অনুষ্ঠান সামৰণি পৰিব।
এই সাতখন দুৱাৰে আপোনাক পোনপটীয়াকৈ নৰকলৈ লৈ যায়!!
বহুতে দাবী কৰে যে তেওঁলোকে নৰকৰ দুৱাৰ আৱিষ্কাৰ কৰিছে। এই ঠাইবোৰ বিশ্বজুৰি যথেষ্ট বিখ্যাত। স্বৰ্গ আৰু নৰক (নৰক)ৰ ধাৰণাটো অতি বহল। এনে বহুতো আছে যিয়ে এই পৃথিৱীৰ বাহিৰে পৃথিৱীৰ দৰে বস্তুত বিশ্বাস কৰে। কিছুমান লোকে ইয়াক ধৰ্ম আৰু আধ্যাত্মিকতাৰ সৈতে সম্পৰ্কিত কৰে। গতিকে কিছুমান লোকে বিশ্বাস কৰে যে আন এখন পৃথিৱীৰ পথ, অৰ্থাৎ নৰক, এই পৃথিৱীৰ মাজেৰে পাৰ হৈ যায়।নৰকৰ দুৱাৰ বিচাৰি উলিওৱাৰ দাবীবহুলোকে নৰকৰ দুৱাৰ আৱিষ্কাৰ কৰা বুলি দাবী কৰে। নৰকৰ দুৱাৰ বুলি কোৱা কিছুমান ঠাইৰ বিষয়ে এইয়া কৈছে
1/গিনিৰ দুৱাৰসমূহ:
আমেৰিকাৰ জনসাধাৰণৰ ধৰ্মীয় পৌৰাণিক কাহিনীত কোৱা হয় যে মৃত্যুৰ পিছত আত্মাবোৰ বিশুদ্ধ কৰিবলৈ গিনিৰ দুৱাৰলৈ আহে। স্কানু অৰলিন্সৰ মানুহে কয় যে চহৰখনৰ ফৰাচী চতুৰ্থাংশৰ ওচৰত কেৱল আত্মাইহে এই দুৱাৰপাৰ হ’ব পাৰে।
2/নেপ্পাছ গুহা:
ইটালীৰ নাইপ্লাছৰ এই গুহাটো শ শ বছৰ আগতে লিখা এটা কবিতাত উল্লেখ কৰা হৈছে। ১৯৩২ চনত পুৰাতত্ত্ববিদ আমেদো মৌৰীয়ে প্ৰথমে ইয়াক নৰকৰ প্ৰৱেশদ্বাৰ বুলি ঘোষণা কৰে। বাস্তৱতা যিয়েই নহওঁক কিয়, এতিয়ালৈকে কোনেও এই দুৱাৰৰ ভিতৰলৈ যাবলৈ সাহস কৰা নাই।
3/বেলিজ গুহা:
মধ্য আমেৰিকাৰ এই বেলিজ গুহাটোৱে আন এখন পৃথিৱীৰ দুৱাৰ মুকলি কৰিব বুলি কোৱা হয়। মানুহে কয় যে মৃত্যুৰ দেৱতাসকলে ইয়াত আক্তুন টিউনিচিল মুকনাল কাভৰ সৈতে বাস কৰে। শেহতীয়াকৈ ইয়াৰ পৰা এগৰাকী 18 বছৰীয়া কিশোৰীৰ কংকাল পোৱা গৈছিল। কোৱা হয় যে এই ছোৱালীজনীক এহেজাৰ বছৰ আগতে বলি দিয়া হৈছিল
4/আয়াৰলেণ্ডৰ অৱস্থান:
আয়াৰলেণ্ডৰ ছেইণ্ট পেট্ৰিক চৰ্চাৰ অধীনত, আয়াৰলেণ্ডৰ ছেইণ্ট পেট্ৰিক গীৰ্জাতলতনৰক নৰক বুলি দাবী কৰা হয়। এই গীৰ্জাটো আয়াৰলেণ্ডৰ সৰু দ্বীপত নিৰ্মাণ কৰা হৈছে। কোৱা হয় যে যেতিয়া ছেইণ্ট পেট্ৰিক এই দ্বীপলৈ আহিছিল, যীচুৱে তেওঁক এই ঠাইলৈ পঠিয়াইছিল। পিছত এই নৰকৰ দুৱাৰ বন্ধ কৰিবলৈ ইয়াত গীৰ্জাটো নিৰ্মাণ কৰা হৈছিল।
5/তুৰ্কীৰ প্লুটো গেট:
তুৰস্কৰ (তুৰস্কৰ ডেনিজলি প্ৰদেশৰ প্লুটো গেটৰ ওচৰত এটা পুৰণি মন্দিৰ) প্ৰত্নতাত্ত্বিকসকলৰ এটা দলে খনন কৰিছিল। তেওঁ দাবী কৰে যে এই দুৱাৰৰ ওপৰেৰে সুৰংগৰ পৰা বিষাক্ত গেছ লিক হয়। গ্ৰীক দাৰ্শনিক ষ্ট্ৰেবোৱে ও দাবী কৰিছিল যে যিকোনো ব্যক্তিয়ে গেট পাৰ হ’বলৈ চেষ্টা কৰিলে মৃত্যু হ’ব।
6/ইটালীৰ লাকাছ কাৰ্টিছ:
ইটালীৰ লাকাছ কাৰ্টিছৰ এটা কুঁৱাক স্থানীয় লোকে নৰকৰ দুৱাৰ বুলিও কয়। অঞ্চলটোত প্ৰচলিত কিছুমান কাহিনী অনুসৰি, যেতিয়া ৰোমৰ ৰজাক কোৱা হৈছিল যে চহৰখন বচাবলৈ তেওঁ এটা কুঁৱাত জঁপিয়াই পৰিব লাগিব, তেতিয়া তেওঁ ঘোঁৰাটোৰ সৈতে ইয়াত জঁপিয়াই পৰিছিল। এই মুহূৰ্তত, এই নৰকৰ দুৱাৰখন চিমেণ্টৰ চাদৰে ঢাকি দিয়া হৈছে। বহু সংখ্যক পৰ্যটক ইয়াক চাবলৈ আহে।
7/জাপানৰ হট স্প্ৰিং:
জাপানৰ বেপ্পু চহৰত চিনোইক গিগোকু নামৰ এটা গৰম স্প্ৰিং আছে। এই পুখুৰীত থকা আইৰণ অক্সাইডৰ ৰঙা ৰং আছে। মানুহে ইয়াক শয়তানশক্তিৰ বাবে দায়ী কৰিছে। কোৱা হয় যে এই পুখুৰীটো চয়তানে সুৰক্ষিত কৰে। এই পুখুৰীৰ পানী ৭৮ ডিগ্ৰী চেলচিয়াছত উতলা।











