Home Blog Page 2781

জম্মু-কাশ্মীৰৰ উচ্চ উচ্চতা অঞ্চলত তুষাৰপাত আৰম্ভ, সমভূমিত ধাৰাসাৰ বৰষুণ

জম্মু-কাশ্মীৰত শনিবাৰে উচ্চ উচ্চতাত নতুনকৈ তুষাৰপাত হয় আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমভূমিত ধাৰাসাৰ বৰষুণ হয়।
বতৰ বিভাগৰ এজন বিষয়াই কৈছিল যে সমভূমিত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছিল আনহাতে সোণামাৰ্গ, পহেলগাম আৰু গুলমাৰ্গউচ্চতাৰ অন্যান্য স্থানত বৰফ পৰিছে।সমভূমিত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হৈছিল, বিষয়াজনে কৈছিল। পৰৱৰ্তী ২৪ ঘণ্টাত বতৰৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।দক্ষিণ কাশ্মীৰত, শ্বপিয়ান চহৰত ৰাতিপুৱা চাৰিৰ পৰা পাঁচ ইঞ্চি তুষাৰপাত নথিভুক্ত কৰা হৈছিল।ৰামবান অঞ্চলত ভূমিস্খলনৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ যান-বাহনৰ বাবে বন্ধ আছিল।উপত্যকাটোৰ নিম্নতম তাপমাত্ৰাও হ্ৰাস পাইছে।শ্ৰীনগৰত সৰ্বনিম্ন তাপমাত্ৰা 7.3 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে, আনহাতে পহেলগাম গুলমাৰ্গত ক্ৰমান্বয়ে 0.1 ডিগ্ৰী চেলচিয়াছ বিয়োগ 1.3 ডিগ্ৰী চেলচিয়াছতকৈ কম।জম্মু চহৰত নিম্নতম নিশাৰ তাপমাত্ৰা ১৫.৪ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।লাডাখ অঞ্চলত, কাৰ্গিলে শনিবাৰে ঋতুটোৰ প্ৰথমটো তুষাৰপাত নথিভুক্ত কৰিছিল, আনহাতে ড্ৰাছ চহৰত 5 ইঞ্চি তুষাৰপাত নথিভুক্ত কৰা হৈছিল।

নদলাত নতুন শিক্ষানীতি সন্দৰ্ভত শিক্ষক প্ৰশিক্ষণ সম্পন্ন

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নদলাৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত নতুন শিক্ষানীতি সন্দৰ্ভত কালি  শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ৰাতিপুৱা ১০:৩০ বজাত অনুষ্ঠিত উক্ত শিক্ষক প্ৰশিক্ষণ শিবিৰটোত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ ৩৫ নং পশ্চিম ধৰ্মপুৰ আৰু ৩৭ নং পশ্চিম ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত শতাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ৷ উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত কুমাৰ ভাগৱতীৰ সঞ্চালনাত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই মুখ্য অতিতি হিচাপে উপস্থিত থাকি বৰ্তমান শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে অৱগত কৰে ৷ সমগ্ৰ শিক্ষা, নলবাৰীৰ জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) আবেদুৰ ৰহমানে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি নতুন শিক্ষানীতিয়ে আনিবলগীয়া যুগান্তকাৰী পৰিবৰ্তনৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰে ৷ তদুপৰি তেওঁ নেচনেল এচিভমেণ্ট চাৰ্ভে সন্দৰ্ভতো বক্তব্য আগবঢ়ায় ৷ ২৫ নং ৰূপীয়াবাথান মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জোন কুমাৰ হালৈয়ে নতুন শিক্ষানীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক ভাষা আৰু সাংখ্যিক ধাৰণাৰ ফলপ্ৰসূ শিক্ষা প্ৰদানৰ উদ্দেশ্যে ভাৰত চৰকাৰে নতুনকৈ গঠন কৰা “নিপূণ ভাৰত মিচন” সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আব্দুল দিল আহমেদে বৰ্তমান শিক্ষা বিভাগে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অনলাইন পদ্ধতিৰে গ্ৰহণ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিবলৈ লোৱা “ৰিম্‌চ” এপৰ বিষয়ে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ ৩৫ নং পশ্চিম ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰাজীৱ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা শিক্ষক প্ৰশিক্ষণ শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়ায় শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক বিপুল বৰ্মনে ৷

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধনেৰে সকাহ দিয়াৰ চেষ্টা যুৱ নেতা দিলীপ শইকীয়াৰ

ওদালগুৰি জিলাৰ ৰৌতা ঝাৰগাঁৱৰ বাসিন্দা মেধাবী ছাত্ৰ জিন্টু মনি ডেকা’ৰ  “ব্ৰেইন টিউমাৰৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা দুৰ্ভাগ্যজনক ভাবে দুয়োখন চকুৰ দৃষ্টি শক্তি হেৰুৱাব লগা হোৱাত দুৰ্ভগীয়া পৰিয়াল আৰ্থিক ভাৱে দুৰ্বল হোৱাৰ লগতে নানান ধৰণৰ অসুবিধাৰ কথা মঙলদৈৰ  যুৱ সাংসদ দিলীপ শইকীয়াই মুখ্যমন্ত্রী সাহাৰ্য্য পুঁজিৰ ধনৰ পৰা #জিন্টু_মনি_ডেকাৰ কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়ায় । সাংসদ শইকীয়াই প্ৰদান কৰা চেক ২২অক্টোৰত ৰৌতা মণ্ডল বিজেপি দলীয় কাৰ্য্যকর্তা ক্ৰমে মণ্ডল সভাপতি ৰবীন দৈমাৰী , জিলা যুৱ মৰ্চা সভাপতি কষ্ট বাগলাৰী , সা: সম্পাদক সমৰ হাজৰিকা , লগতে কেইবাজনো  দলীয় কাৰ্য্যকৰ্তা জিন্টু ডেকাৰ বাসগৃহত গৈ উপস্থিত হৈ উক্ত চেক আগবঢ়ায় আৰু লগতে জিন্টু ডেকাৰ সুস্বাস্থ্য কামনা কৰিছে । দুৰ্ভাগ্য বসত ভাবে বহু কষ্টৰ মাজত দিন অতিবাহিত কৰি অহা মেধাবী ছাত্ৰ জিন্টু মণি ডেকা অতি সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মায়েও ।

গাওঁ পঞ্চায়তৰ সভানেত্ৰী কণিকা হাজৰিকাক স্থিতি স্পষ্টিকৰণৰ বাবে লেছীৰ হুংকাৰ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ  অৰুণাচল সীমান্তত অৱস্থিত বৰডুমচাস্থিত মাধৱপুৰ বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰখনৰ  গৰু ছাগলী বজাৰত স্থানীয় পুৰণি পুখুৰী পঞ্চায়তৰ যোগে অতিৰিক্তভাৱে অবৈধ কৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ তুলিছে বজাৰখনৰ লেছীয়ে। তিনিচুকীয়া জিলা পৰিষদৰ যোগেদি নিবিদা প্ৰদান হোৱা বজাৰখনৰ  গৰু ছাগলী ক্ৰয় বিক্ৰয় বজাৰত বিগত কেইবা বছৰ ধৰি বজাৰৰ লেছীয়ে কৰ সংগ্ৰহ কৰাৰ উপৰিও পঞ্চায়তৰ দ্বাৰাও প্ৰতিটো গৰুৰ বিপৰিতে ৩০ টকা আৰু প্ৰতিটো ছাগলীৰ পৰা ১০ টকাকৈ অতিৰিক্তভাৱে কৰ সংগ্ৰহ কৰি অহা বুলি বজাৰখনৰ লেছীয়ে ( মহলদাৰ) গুৰুত্বৰ অভিযোগ আনিছে । উক্ত বজাৰখনৰ পৰা সংগ্ৰহিত  কৰৰ ৪০ শতাংশ ধন যিহেতু পুনৰ পঞ্চায়তে লাভ কৰেই তৎস্বত্বেও পঞ্চায়তখনৰ সভানেত্ৰী গৰাকীৰ দ্বাৰা পঞ্চায়ত কতৃপক্ষই অতিৰিক্ত ৩০ শতাংশ কৰ সংগ্ৰহ কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাপ্তাহিক বজাৰখনৰ বৰ্তমানৰ লেছী গোটে বিগত তিনি বৰ্ষ জোৰা  অতিৰিক্ত ভাৱে সংগ্ৰহিত ধন কাৰ পকেটত সোমাল ক’ত ব্যয় কৰিছে তাৰ খতিয়ানৰ উপৰিও কি পৰিস্থিতিত পঞ্চায়তৰ দ্বাৰা কৰ সংগ্ৰহ প্ৰক্ৰিয়া চলাই আহিছে তাৰ তথ্য পঞ্চায়ত কতৃপক্ষই  দিব লাগিব বুলি দাবী জনাইছে ।জিলা পৰিষদৰ নিবিদা যোগে আৱণ্টন লাভ কৰা বজাৰখনৰ বৰ্তমানৰ লেছী গোটলৈ পঞ্চায়ত কতৃপক্ষই এক বৈঠকৰ যোগেদি মহলদাৰলৈ কৰ সংগ্ৰহৰ অনুমতি বিছাৰি পত্ৰ প্ৰেৰণ কৰা কাৰ্যক ধিক্কাৰ প্ৰদান কৰি দুৰ্নীতিৰ শূণ্য সহণশীল চৰকাৰখনৰ শাসকীয় বি জে পিৰে প্ৰতিনিধিত্ব পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে কাৰ ক্ষমতাত বলীয়ান হৈ এনে কাৰ্যত লিপ্ত হৈছে বুলিও প্ৰশ্ন উঠিছে ।বজাৰখনত অতিৰিক্ত অবৈধ কৰ সংগ্ৰহ প্ৰক্ৰিয়া বন্ধ হোৱাৰোপৰি অতি সোনকালে বিষয়টো বিভাগীয় কতৃপক্ষই নিষ্পত্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বজাৰখনত অতিৰিক্ত কৰ সংগ্ৰহ কৰাক লৈ সভানেত্ৰী গৰাকীৰ বিৰোদ্ধে আইনি ব্যৱস্থাৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰিছে মহলদাৰ গোটে ।

লামডিঙত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বাংলাদেশৰ প্ৰধান মন্ত্ৰী স্বেখ হাচিনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ৷ আজি হোজাই জিলাৰ অন্তৰ্গত লামডিঙত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এই  প্ৰতিবাদ সাব্যষ্ট কৰে হিন্দু জাগৰণ মঞ্চৰ লামডিঙ প্ৰখন্ডৰ লগতে  ৰাষ্ট্ৰীয় বজৰংগ দল আৰ কেইবাটাও হিন্দুত্ববাদ সংগঠনে।বাংলাদেশত হিম্দু নাগৰিকৰ ওপৰত দূৰ্গা পুজাৰ সময়ত চলা অমানৱীয় আক্ৰমনৰ তীব্ৰ প্ৰতিবাদ কৰি উত্তাল কৰি তোলে লামডিঙ চহৰ। বাংলাদেশত হিন্দু হত্যা বন্ধ কৰক,বাংলাদেশৰ প্ৰধানমন্ত্ৰী স্বেখ হাচিনা মূৰ্দাবাদ,হিন্দু নাগৰিকৰ ওপৰত নিৰ্যাতন নচলিব,আদি প্ৰতিবাদী শ্লোগানত উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল। লগতে লামডিঙৰ  চিলড্ৰেন পাৰ্কত  বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে।

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ড° চন্দ্ৰ কটকী স্মাৰক বক্তৃতা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক ড° চন্দ্ৰ কটকীৰ   স্মাৰক বক্তৃতা অসমীয়া বিভাগৰ উদ্যোগত আৰু পৰিয়াল বৰ্গৰ সহযোগত সমাপন হৈ যায়। ‘পাশ্চাত্য দাৰ্শনিক মতবাদৰ আলোকত অসমীয়া সাহিত্য’ শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক ড° গিৰীশ বৰুৱাই কয়- ” কোনো এজন অসমীয়া সাহিত্যিকেই পাশ্চাত্য দৰ্শনৰ কোনো এটা মতবাদকে সম্পূৰ্ণৰূপে আয়ত্ত কৰা নাই। তেওঁলোকৰ সাহিত্যত সেইবোৰৰ আংশিক প্ৰভাবহে পৰিছে- কাৰোবাৰ ক্ষেত্ৰত প্ৰত্যক্ষভাবে আৰু কাৰোবাৰ ক্ষেত্ৰত পৰোক্ষভাবে। দুখৰ বিষয় যে অসমীয়া সাহিত্যত নিজৰ ববীয়াকৈ কোনো স্বতন্ত্ৰ মতবাদ গঢ়ি নুঠিল।” ড° বৰুৱাই লিখক সকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় যে তেওঁলোকে যেন এটা মতবাদক সম্পূৰ্ণৰূপে আয়ত্ত কৰি তাৰ ভিত্তিত সাহিত্য ৰচনা কৰে।
উক্ত বক্তৃতানুষ্ঠানতে ড° বৰুৱাৰ ‘সংস্কৃত নাটক আৰু নাট্যকাৰ’ আৰু ড° চন্দ্ৰ কটকীৰ ‘চন্দ্ৰ কটকীৰ কবিতা’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা  দীপা গোস্বামী আৰু যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ বৰাই।

খানামুখৰ লক্ষ্মী পূজাত মহিলা শিল্পীৰ দ্বাৰা অংকীয়া নাট “ৰাম বিজয়” মঞ্চস্থ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি “ৰাম বিজয়” অংকীয়া নাটখন সমগ্ৰ ৰাজ্য কিম্বা দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো পৰিবেশন হৈ আহিছে যদিও শেহতীয়া ভাবে মহাপুৰুষ জনাৰ “ৰাম বিজয়” অংকীয়া নাটখন এক ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শিত হয় গুৱাহাটী মহানগৰীৰ খানামুখ ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মঞ্চত । উল্লেখনীয় যে মহানগৰীৰ খানামুখ ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰাম বিজয়” অঙ্কীয়া নাটখন পৰিবেশন কৰে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহাসিক ছমৰীয়া সত্ৰৰ এটা শিল্পী গোষ্ঠীয়ে । নাটখন মঞ্চস্থ কৰাৰ ব্যতিক্ৰম এই কাৰণেই যে অংকীয়া নাটখন মঞ্চস্থ কৰা আটাইয়েই আছিল মহিলা শিল্পী । তাৎপৰ্যপূৰ্ণ এই যে মহিলাৰ দ্বাৰা সম্পূৰ্ণ অভিনীত অংকীয়া নাট নামনি অসমত এয়াই প্রথম । অংকীয়া নাটখনৰ পৰিচালনা ৰাতুল ভৰালী , কৰ্ণ মহন্ত , কমল ভৰালী আৰু লক্ষ্মীনাথ বায়নৰ । সূত্ৰধাৰ দিবাকৰ কলিতা । সংগীত ব্যৱস্থাপনা আছিল ৰাজীৱ দাস আৰু যুথিকা কলিতাৰ । উল্লেখ্য যে “ৰাম বিজয়” অংকীয়া নাটখন মঞ্চস্থ কৰা মহিলা শিল্পী সকল আছিল ক্ৰমে ময়ূৰাক্ষী ভৰালী , জুমি দাইনাপালি , চুমি দাইনাপালি , দীপান্বিতা কলিতা , ছিয়াস্মিতা কলিতা , বৰষা দাস , বিষ্ণুপ্ৰিয়া বৈশ্য আৰু মূৰ্ছনা মহন্তৰ লগতে আন কেবাগৰাকী মহিলা শিল্পী । লক্ষণীয় যে মহিলা শিল্পী সকলে মঞ্চস্থ কৰা “ৰাম বিজয়” অংকীয়া নাটখন উপভোগ কৰি দৰ্শক-ৰাইজ আপ্লুত হৈ পৰে ।  

মাজুলীৰ কৃতী শিক্ষক, সমাজকৰ্মী অৰুণ বৰাৰ স্মৃতি চাৰণ অনুষ্ঠান

মাজুলীৰ বিশিষ্ট সমাজ কৰ্মী, আজীৱন শিক্ষাব্ৰতী, কৃতী শিক্ষক ,অৰুণ বৰাৰ স্মৃতিত আজি এখন স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ।যোৱা ২৮ এপ্ৰিলত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে নামনি মাজুলীৰ  বহু প্ৰজন্মৰ শিক্ষা গুৰু অৰুণ বৰাৰ মৃত্যু হৈছিল। আজি  দুপৰীয়া নামনি মাজুলীৰ বিৰিণাবাৰীৰ অৰুণ বৰাৰ নিজা  বাসগৃহত   উক্ত স্মৃতি চাৰণ  অনুষ্ঠান অনুষ্ঠিত হয় । অৰুণ বৰাৰ ছয় মহীয়া আদ্য শ্ৰাদ্ব উপলক্ষে অনুষ্ঠিত উক্ত  স্মৃতি চাৰণ সভাখন  পৰিচালনা কৰে সাংবাদিক যদু কলিতাই । অনুষ্ঠানত  অৰুণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তৃতা দিয়ে উজনি  মাজুলী  খেৰকটীয়া  মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ  ফনীধৰ টাহুয়ে । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মাজুলী জিলা প্ৰাথমিক শিক্ষক  সন্মিলনীৰ  প্ৰাক্তন  সভাপতি পৰমানন্দ নাথে । উক্ত, স্মৃতি চাৰণ  সভাত বিশিষ্ট অতিথি হিচাপে  মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজকৰ্মী উমাকান্ত ৰাজখোৱা, বালিচাপৰি প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি আনন্দ বৰঠাকুৰে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে । উক্ত স্মৃতি চাৰণ সভাতে অৰুণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত যুগুত কৰা, ৰাজীৱ দত্ত ভূঞা সম্পাদিত  সোঁৱৰণী গ্ৰন্থ ” কল্পতৰু” উন্মোচন কৰে মাজুলীৰ অৱসৰপ্ৰাপ্ত  খণ্ড প্ৰাথমিক শিক্ষা বিষয়া  জগন্নাথ দুৱৰীয়াই । সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়াজনে  তেওঁৰ কাৰ্য কালত  কৃতী শিক্ষক অৰুণ বৰাৰ সান্নিধ্য সন্দৰ্ভত বক্তব্য  প্ৰদান কৰে । শতাধিক ৰাইজৰ উপস্থিতিত  অনুষ্ঠিত উক্ত স্মৃতি চাৰণ সভাত “কল্পতৰু” ৰ  প্ৰকাশক মুনীন বৰাই শলাগ জ্ঞাপন কৰে । অৰুণ বৰাৰ পত্নী মাকন বৰাই সকলোকে  কৃতজ্ঞতা জ্ঞাপন কৰে ।স্মৃতি চাৰণ অনুষ্ঠানৰ পাছত দহখন গাঁৱৰ ৰাইজে নাম কীৰ্তন পৰিৱেশন কৰে ।

বঙালী ভাষাত মোনা ছপা কৰাক লৈ তীব্র প্রতিক্রিয়া কুশতলি আঞ্চলিক ছাত্র সন্থাৰ

বৰাক ভেলীত চৰকাৰী ফলকত অসমীয়া  ভাষা ছপা  বিৰ্তকৰ প্ৰতিক্ৰিয়া মাৰনৌযাওতেই এইবাৰ  প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন  যোজনাৰ  মোনা ছপা বঙালী ভাষা ছপা কৰি বিতৰণ কৰা দেখা অসম চকাৰক । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফটো সম্বলিত মোনাটোত ছপা আছে বঙালী ভাষা । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সদৌ অসম ছাত্ৰ সন্হাৰ কুশতলি আঞ্চলিক সমিতিৰ কৰ্ম কৰ্তাই মৰিগাঁও জিলা লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত বিতৰণ কৰা মোনাত  বঙালী ভাষাত ছপা প্ৰত্যক্ষ কৰে আৰু মোনাবোৰ বিতৰণ বাধা দি জব্দ  কৰে । এনদৰে প্ৰধান মন্ত্ৰী  গৰীব অন্ন যোজনাৰ মোনাত অসমীয়া ভাষাৰ সলনি  বঙালী বৰ্ণ ছপা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে অসম চৰকাৰক সমালোচনা কৰে ।

ৰঙাপৰা প্ৰেছ ক্লাৱৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়

১৯৯৩ চনত স্থাপিত হোৱা ৰঙাপৰা প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সমিতিখনৰ বৃহস্পতি বাৰে প্ৰথমখন কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। সন্ধিয়া ৬ বজাত ৰঙাপৰাৰ মহাত্মা গান্ধী পথত থকা অস্থায়ী কাৰ্যালয়ত সভাপতি পংকজ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক শশী ভুষণ শৰ্মাই। সভাত উপস্থিত থকা উপদেষ্টা বলেন চক্ৰৱৰ্তী, আব্দুল ৰহিম, ৰাজেশ পাটোদিয়া আৰু বিমান মণ্ডলে ৰঙাপৰা প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক উদ্দেশ্য কৰি কয় যে অঞ্চলটোৰ সমস্যা সমূহৰ বাতৰি প্ৰেৰণ কৰাৰ লগতে এখন সুষ্ঠ সমাজ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। কাৰণ ৰঙাপৰাত অন্য সংস্কৃতিয়ে গা কৰি উঠিছে। যি সমাজখনৰ বাবে অতি ক্ষতিকাৰক। ৰঙাপৰা প্ৰেছ ক্লাৱৰ নতুন সমিতিখনৰ দায়িত্ব ক্ৰমান্বয়ে বাঢ়িছে। ৰঙাপৰাত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুখনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে প্ৰেছ ক্লাৱৰ দখলত থকা মাটিখিনিত নতুন ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ উপদেষ্টাসকলে পৰামৰ্শ আগবঢ়াই। লগতে মহামাৰী ক’ভিডে বিধি-পঠালি নিদিলে ৰঙাপৰা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষটি ২০২২ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্টপীয়াকৈ হলেও উদযাপন কৰিবলৈ সভাত তেখেতসকলে পৰামৰ্শ দিয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সৈতে জড়িত ৰঙাপৰাৰ সাংবাদিকসকলে গৰিমা অটুট ৰাখি আগবাঢ়ি যাবলৈ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা সুনিল ম’ৰে পৰামৰ্শ দিয়ে। ৰঙাপৰা প্ৰেছ ক্লাৱৰ উপ সভাপতি চাহিনে আহমেদে সাংগঠনিক দিশত গঠনমূলক মন্তব্য দাঙি ধৰে। সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইফালে শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনত জিলাখনত অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰি অহাত ৰঙাপৰাৰ জ্যেষ্ঠ সাংবাদিক তথা ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ নাথক শোণিতপুৰ জিলা সাংবাদিক সন্থাই ‘সাংবাদিক নিৰ্মল দাস সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা’ৰে সন্মানিত কৰাত ৰঙাপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত তেখেতক উক্ত সভাতে ৰঙাপৰা প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি সুনীল ম’ৰে এটা গছৰ পুলি আৰু ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জনায়। সভাত পংকজ নাথে সকলো সদস্যৰ সহায়-সহযোগিতা কামনা কৰি অনুসন্ধানমূলক বাতৰিত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই।সভাত ৰঙাপৰা প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক ছাজাহান ছেলিম কুৰেছী,সাংগঠনিক সম্পাদক জয়কিশোৰ ঝা,সাংবাদিক ৰাজীৱ নাথে অংশগ্ৰহণ কৰে।