Breaking

লামডিঙত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

0 2,022

সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বাংলাদেশৰ প্ৰধান মন্ত্ৰী স্বেখ হাচিনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ৷ আজি হোজাই জিলাৰ অন্তৰ্গত লামডিঙত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এই  প্ৰতিবাদ সাব্যষ্ট কৰে হিন্দু জাগৰণ মঞ্চৰ লামডিঙ প্ৰখন্ডৰ লগতে  ৰাষ্ট্ৰীয় বজৰংগ দল আৰ কেইবাটাও হিন্দুত্ববাদ সংগঠনে।বাংলাদেশত হিম্দু নাগৰিকৰ ওপৰত দূৰ্গা পুজাৰ সময়ত চলা অমানৱীয় আক্ৰমনৰ তীব্ৰ প্ৰতিবাদ কৰি উত্তাল কৰি তোলে লামডিঙ চহৰ। বাংলাদেশত হিন্দু হত্যা বন্ধ কৰক,বাংলাদেশৰ প্ৰধানমন্ত্ৰী স্বেখ হাচিনা মূৰ্দাবাদ,হিন্দু নাগৰিকৰ ওপৰত নিৰ্যাতন নচলিব,আদি প্ৰতিবাদী শ্লোগানত উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল। লগতে লামডিঙৰ  চিলড্ৰেন পাৰ্কত  বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে।

Leave A Reply