Home Blog Page 2794

কাঁহিকুছিৰ এছ আই পি আৰ ডিত উদ্যমি মহিলাৰ ২৫ দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি

অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমি মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে শেহতীয়াকৈ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছ. আই.পি.আৰ.ডি) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২১ ছেপ্টেম্বৰৰ পৰা তিনিটা পৰ্যায়ত  অনুষ্ঠিত  হোৱা  ১০ ৰ পৰা ২৫ দিনীয়া  দক্ষতা বিকাশ  প্ৰশিক্ষণ কাৰ্যসূচীৰ  শেহৰটোৰ  ১৫ অক্টোবৰত সফল সামৰণি পৰে । প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , নলবাৰী , গোৱালপাৰা , দৰং , ওদালগুৰি , দৰং , চৰাইদেউ , শিৱসাগৰ , বৰপেটা আৰু বাগছা জিলাৰ  প্ৰায় ৩৫০  জনী যুৱতী –  মহিলাই ভাগ লৈছিল  । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা আদিৰ প্ৰশিক্ষণ দিয়া হয়  ।  আনহাতে  ১৫ অক্টোবৰত বিয়লি অনুষ্ঠিত  সামৰণি  অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী , উপ সঞ্চালক অনুপম দত্ত , ফেকাল্টি সদস্য ক্ৰমে –  ডঃ ৰিদীপ বৰা , ফুলেশ্বৰ চহৰীয়া , গিতাশ্ৰী দাস  আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিষয়া ,  অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ  ( এ এছ আৰ এল এম )  কামৰূপ জিলাৰ ডি পি এম লক্ষ্মীনন্দন গোস্বামী , কাৰ্যসূচীৰ তদাৰকীৰ দায়িত্বত থকা গাণনিকদ্বয় হেমেন বৈশ্য আৰু মনজিৎ পাঠক উপস্থিত থাকি ২৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা শুৱালকুচিৰ ইনষ্টিটিউট অফ ফেছন টেকন’লজিৰ কেবাজনো কৰ্মকর্তা , নিৰুপম দাস , অনুকূল চন্দ্ৰ দাস , গোবিন্দ বাছফৰ , মানবেন্দ্ৰ দাস উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে । উল্লেখযোগ্য যে প্ৰশিক্ষণ কাৰ্যসূচী চলি থকাৰ সময়ত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দুদিন অহাৰ উপৰি   অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়ায়ো এছ আই পি আৰ ডি চৌহদলৈ আহি প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলৰ সৈতেও মত বিনিময় কৰে আৰু ই টি চি কৰ্তৃপক্ষৰ শলাগ লয় ।

পাঠশালাত ATM চোৰক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ।

পাঠশালা বিদ্যুৎ সংমণ্ডলৰ পৰা এগৰাকী ATM চোৰক ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়াত ঘটানস্থলীত পাঠশালা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকা উপস্থিত হয় ।আটক কৰা চোৰজন হাৰিয়ানাৰ , হিচাৰি জিলাৰ , বিজেন্দ্ৰ বুলি জানিব পৰা গৈছে । চোৰ টোৱে  নিজক নিৰ্বাচনী বিষয়া বুলি পৰিচয় দি আহিছিল আৰু বজালীত বিভিন্ন জনৰ পৰা ATM ৰ সহায়েৰে ধন সৰকাই আহিছিল ।ধৃত চোৰতোৰ পৰা এখন ATM , এটা স্মাৰ্ট Swip Machine , আৰু নগদ ১৫৮২০ টকা সহ এখন আধাৰ কাৰ্ড আৰু পৰিচয় পত্ৰ এখন আৰক্ষী জব্দ কৰে  । আনহাতে ঘটনা সদৰ্ভত আৰক্ষীয়ে চুৰ জনক সোধা পোছা অব্যাহত ৰাখিছে । আৰু পাঠশালা আৰক্ষী বিষয়া গৰাকীয়ে  জানিব দিয়া অনুসৰি এই চুৰৰ দলতোৰ লগত জড়িত  থকা সকলোকে পৰবৰ্তী সময়ত আটক কৰিব পাৰিব বুলি জানিব দিয়ে ।

ঘগ্ৰাপাৰত-ধুৰকুছিত বহুমুখী সমবায়ৰ অধীনস্থ ৭১খন সুলভ মুল‍্যৰ দোকানত একেদিনাই বিনামূলীয়া মোনা আৰু চাউল বিতৰন কাৰ্যসূচী

সমগ্র ৰাজ‍্যৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ অধীনস্থ ৩৭ খন আৰু বড়িগোগ বনভাগ ধূৰকুছি বহুমুখী সমাবায়ৰ অধীনস্থ  সুলভ মুল‍্যৰ দোকানত আজি একেদিনাই প্ৰধান মন্ত্ৰী গৰীৱ কল‍্যাণ অন্ন যোজনা আঁচনিৰ জৰিয়তে সুলভ মুল‍্যৰ দোকানত বিনামূলীয়া একোখন মোনা আৰু ৫ কেজিকৈ চাউল প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। বনভাগ বহুমুখী সমবায় সমিতিৰ সচিব ধীৰেশ্বৰ তালুকদাৰে আৰু ধুৰকুছি বহুমুখী সমবায়ৰ সচিব বসন্ত বেজবৰুৱাই তেওঁলোকৰ বহুমুখী সমবায় সমিতিৰ এলেকাত আজি এই আঁচনি ৰূপায়ণ কৰা বুলি  জানিব দিয়ে।এই কাৰ্য্যসূচী অনুসৰি আজি বহুমুখীখনৰ অন্তৰ্গত  বাঘমাৰা নগেন কলিতা আৰু কটকীয়াৰ নৰপতী তালুকদাৰৰ দোকানৰ সমান্তৰালভাৱে ধূৰকুছি বহুমুখী সমবায়ৰ অধীনস্থ  বড়িগাঁৱৰ সুলভ মুল‍্যৰ দোকান খাইৰুল হুছেইনেও এই আঁচনিৰ জৰিয়তে সুলভ মুল‍্যৰ গ্ৰাহকসকলৰ মাজত মোনা আৰু চাউল বিতৰণ কৰা পৰিলক্ষিত হৈছে। সুলভমুল‍্যৰ গ্ৰাহকসকলে এই আঁচনি লাভ কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।উল্লেখ‍্য যে আজিৰ এই কাৰ্য্যসূচীত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক মৃগেন শৰ্মা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালীসহ কাৰ্যকৰ্তাসকলে সহায়োগ কৰা দেখা যায়।ইফালে বনভাগ বহুমুখীৰ সম্পাদক ধীৰেশ্বৰ তালুকদাৰ আৰু বড়িগোগ বনভাগ ধুৰকুছি সমবায় সমিতিৰ সচিব বসন্ত বেজবৰুৱাই সংবাদ মাধ্যমৰ আগত ইয়াকো কয় যে চৰকাৰে যাতায়ত-পৰিবহন খৰছৰ ধন আজি ১৮ মাহ পৰ্যন্ত ব‍্যয় বহন নকৰাত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে।আনহাতে উক্ত বহুমুখী দুয়োখনৰ অধীনস্থ সুলভ মুল‍্যৰ দোকানীসকলে ওঠৰ মাহৰ কমিচন নোপোৱাত ভীষণ সমস্যাত পৰিছে বুলি জানিব দিয়ে।

গোর্খা সমাজে দুৰ্গা পূজাৰ দশমীৰ দিনৰ পৰাই ধুমধামেৰে পালন কৰে ভগৱান ৰামৰ বিজয় উৎসৱ ।

সমগ্ৰ বিশ্বৰ হিন্দু সমাজে  দুৰ্গোৎসৱ পালন কৰে যদিও বিভিন্ন প্ৰান্তত থকা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ও দুৰ্গাপূজাত “দশৈ” উৎসৱ হিচাপে পালন কৰি আহিছে । হিন্দুত্ব ৰক্ষাৰ ক্ষেত্ৰত অতীজৰে পৰা গোর্খা সমাজৰ আছে এক অভূতপূৰ্ব অৱদান ।  অতীজৰে পৰা হিন্দু সমাজে পালন কৰি অহা দুৰ্গা পূজা  ভাৰতীয়  গোৰ্খা কৃষ্টি সংস্কৃতিত দুৰ্গা পূজা অৰ্থাৎ ‘দশৈ’এটা পৱিত্ৰ উৎসৱ হিচাপে পৰিচিত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গোর্খা সকলে এই উৎসৱ পালন কৰাৰ সমান্তৰালকৈ ধনশ্ৰীঘাট ওৰাং ,ৰৌতা ,মাজবাট  আদি অঞ্চলত বসবাস কৰা গোর্খা সকলেও এই উৎসৱ পালন কৰে ।  এই উৎসৱৰ আৰম্ভণি হয় মহালয়াৰ পূৰ্ণিমাৰ পৰা । এই ১৬দিন নিজৰ পৰিয়ালৰ লোক সকলৰ স্বৰ্গগামী হোৱা সকলৰ বাবে মহালয়া তিথি পালন কৰে। তাৰ পিছত আৰম্ভ হয় “দশৈ”, প্ৰতিপদ তিথিৰ পৰা পূৰ্ণিমা তিথিলৈ এই উৎসৱ পালন কৰা হয়। আঁউসীৰ দিনা ঘৰৰ ভিতৰত এটা চুকত মাটিৰ বেদী বনাই যৱ নাইবা গোমধানৰ গুটি সিচাঁ হয় । সেয়েহে এই আঁউসীক “যমাৰে আঁউসী” বোলা হয় । ঘৰৰ ভিতৰত ৰ’দ বৰষুণ নোপোৱা ঠাইত ৰখা হয় বাবে ই বগা ফুলৰ দৰে ২/৩ ইঞ্চি ওখ হ’য় ।         আঁউসীৰ পিছদিনা অৰ্থাৎ প্ৰতিপদৰ দিনা ঘট স্থাপন কৰি  নৱমীলৈ ভগৱতী  দেবীৰ পূজা কৰে। ইয়াক “নৌৰথা” বোলা হয়। ”  ভাগৱতীক উপাসনা কৰা দিন এৰিলেও দূৰ্গাৰ নামত “নৌৰথা” আৰম্ভ হোৱাৰ পিছত নৌলাৰ পূজা কৰা বিশেষকৈ সপ্তমী অষ্টমীত হাঁহ পাৰ ,কুকুৰা, ছাগলী,মহ ,কুমুৰা আদি বলি দিয়া এটা পৰম্পৰা চলি আহিছে যদিও আজিকালি বলি দিয়া পৰম্পৰা কম দেখা যায়।  বহুতে “নৌৰথা”ত ঘৰতে ঘট স্থাপন কৰি নৱমীলৈকে ব্ৰতত থাকি নৱৰাত্ৰিত চণ্ডীপাঠ কৰা বাবে বলি বিধান কৰা দেখা নাযায়।      দশমী তিথিত “বিজয়া দশমী” পালন কৰা হয় । গোৰ্খা কৃষ্টি সংস্কৃতিত বিজয়া দশমী এটা পৱিত্ৰ উৎসৱ এই উৎসৱৰ দিনা ঘৰৰ সপৰিয়ালে ৰাতিপুৱা গা-পা ধুই নতুন নতুন কাপোৰ কানি পিন্ধি লয় । এই উৎসৱ  আনন্দৰ উৎসৱ যিমানেই দুখীয়া হ’লেও পিতৃ মাতৃয়ে সন্তানক ” দশৈত” নতুন কাপোৰ দিয়ে । এই উৎসৱত ঘৰৰ জেষ্ঠ জনে “দৈ” চাউল ৰঙা ৰং মিশ্ৰণ কৰি এবিধ “অক্ষতা” তৈয়াৰ কৰে আৰু ঘৰৰ মূল দুৱাৰ নাইবা মূল খুঁটাটোত গোবৰৰ এটা ফুট লগাই তাত দুৱৰী বন আৰু গোটা খিকি (গোটা টকা) অক্ষতাত লগাই কুৱেৰ ৰজাক বুলি প্ৰথমে টিকা লগাই দিয়া হয় তাৰ পিছত ঘৰৰ জেষ্ঠ জনে পৰিয়ালৰ সকলোকে টিকা লগাই আশীৰ্বাদ প্ৰদান কৰে । এইদৰে পৰিয়ালৰ লোক সকলৰ ওচৰতবা মান্যজনৰ ওচৰত বিজয়া দশমীৰ পৰা পূৰ্ণিমা লৈ টিকা লগাবলৈ যায় । পৰাপক্ষত বিজয়া দশমীৰ দিনাই পৰিয়ালৰ মান্যজনৰ ওচৰত যায় । পূৰ্ণিমাৰ দিনা ঘৰৰ মান্যজনৰ ওচৰত পূৱৰ ফোঁট লৈ আশীৰ্বাদ লয় ইয়াক আকৌ ” বিদায়কৌ টিকৌ” বোলা হয়। বিশ্বৰ যিকোনো ঠাইতে গোৰ্খা(নেপালী) জনগোষ্ঠীয়ে বাস নকৰক কিয় “দশৈ”ত নিজৰ মান্যজনৰ ওচৰত চাউলৰ টিকা লগাই আশীৰ্বাদ লোৱা পৰম্পৰা আজি ও অব্যাহত আছে ।বিজয়া দশমীৰ পৰা পূৰ্ণিমা তিথিলৈকে এই মহা মন্ত্ৰৰে টিকা লগোৱা হয় ”  পুৰুষ সকলক লগাওতে – এটা মন্ত্ৰ আৰুমহিলা সকলক টিকা লগাওতে অইন মন্ত্ৰ গাই টিকা লগোৱা প্ৰথা আছে ।  “দশৈ”ৰ টিকাই এটা দিব্য আৰু সুন্দৰ জীৱন শৈলীৰ প্ৰেৰণা দিয়া ।  পূৰ্বপুৰুষৰ দিনৰ পৰাই পালন কৰি অহা ই এটা গোৰ্খা সংস্কৃতিৰ পৱিত্ৰ উৎসৱ বুলি জনাজাত । 

লাহৰীঘাটৰ জীয়ৰী নেহা ডেকা ৰজাৰ বলিউড চিনেমাত পদাৰ্পণ

আমি ইমান দিনে লাহৰীঘাট অঞ্চলৰ বিভিন্ন শিতানত বিভিন্ন ধৰণৰ বাতৰি আপোনালোকৰ মাজত পৰিবেশন কৰি আহিছো। কিন্তু আজি আমি এক সম্পূর্ণ ব্যতিক্রম ধৰ্মী বাতৰি লৈ আহিছো তাকো বলিউড জগতত ভৰি দি চিনেমা জগতৰ প্ৰথম খোঁজতেই দৰ্শকৰ মন জয় কৰা এগৰাকী মোহময়ী এথলেটিক অভিনেত্রী নেহা ডেকা ৰজাৰ কথা কৈ আছো। এতিয়া আহো মূল কাহিনীলৈ, যোৱা কালি অৰ্থাৎ ১৫ অক্টোবৰত  মুক্তি পোৱা বলিউডৰ হিন্দি  ” ৰশ্মি ৰকেট ” নামৰ চিনেমা খনত জনপ্রিয় অভিনেত্রী টাপচি পান্নাৰ  সৈতে মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ কুশতলি গাঁৱৰ  অৱসৰপ্ৰাপ্ত শিক্ষক তথা পিতৃ গোবিন্দ্ৰ ডেকা ৰজা আৰু মাতৃ সুন্তি ৰাণী ডেকা ৰজাৰ  জীয়েক নেহা ডেকা ৰজাই এথলেটিক হিচাপে সহ অভিনেত্রীৰ চৰিত্ৰত অভিনয় কৰি বলিউড জগতত পদাৰ্পণ কৰি অসমৰ লগতে মৰিগাঁও জিলা বাসীলৈ আনন্দৰ বতৰাৰ ওপৰিও লাহৰীঘাটৰ গৌৰৱ কঢ়িয়াই আনিছে। ৰশ্মি ৰকেট বোলছবিত নেহা ডেকা ৰজাই Chinese Athletic ” Zhang Yeoh “নামে সহ অভিনেত্রীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বাঃ বাঃ বুলিবলৈ সক্ষম হৈছে। ১৯৯৮ চনত জন্ম লাভ কৰা নেহা ডেকা ৰজাই কুশতলি প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি  মৰিগাঁও নবোদয়ৰ পৰা ২০১৫ চনত  HSLC আৰু ২০১৭ চনত  HS পৰীক্ষাত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হৈ বৰ্তমান গুৱাহাটীৰ লক্ষ্মীবাঈ নেশনেল ইনষ্টিটিউট অফ ফিজিক্যাল এডুকেশন চমুকৈ  B P Education  ত অধ্যয়নৰত ছাত্রী বুলি জানিব পৰা গৈছে। যিয়েই নহওক কিয় নেহা ডেকা ৰজাই লাহৰীঘাট গৰাখহনীয়া অঞ্চলৰপৰা সিধা বলিউডত এন্ট্রি মাৰি প্ৰথম খুঁজতে ছিক্সাৰ মৰাত আমি মৰিগাঁও বাসী গৌৰাৱান্বিত। ইয়াকে কয় বোকাত পদুম ফুলে। অৱশ্যে ৰশ্মি ৰকেট বোলছবিত মূখ্য অভিনেত্রীৰ ভূমিকাত ভাৰতৰ হৈ টাপচি পান্নাই অভিনয় কৰিছে। চিনেমা খনৰ অধিকাংশ শ্বুটিং ৰাঁচীত হোৱা বুলিও নেহা ডেকা ৰজাই সাংবাদিকক জনাইছে। 

গোসাইগাঁৱত দেবী দূৰ্গাৰ বিসৰ্জনক লৈ সৃষ্টি হোৱ উত্তেজনা অব্যাহত আছে

গোসাইগাঁৱত শুক্ৰবাৰে মা দূৰ্গাৰ প্ৰতিমা বিসৰ্জনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি আজিও অব্যাহত আছে ৷ উল্লেখ্য যে ক’ভিডৰ গইনা লৈ গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তা আৰু মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাই বিসৰ্জনকৰ অধিক কোঠৰ নিয়ম বান্ধি দিয়ে আৰু সমিতিৰ অকল পাচজন সদস্যক বিসৰ্জনক অনুমতি দিয়ে আৰু মহকুমা আৰক্ষী বিষয়া নিজে জোতা পিন্ধি মূৰ্তিক বিসৰ্জনত অংশগ্ৰহন কৰা বুলি ৰাইজে অভিযোগ কৰে ৷ ইয়াৰ পিছতে কালি পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ ৰাইজে থানা ঘেৰাও কৰি বিভিন্ন প্ৰতাবাদী ধ্বনী দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷কালিৰ ঘটনাক আজিও পৰিস্থিতি উত্তপ্ত হৈ আছে ৷ ৰাইজে স্বতস্ফুৰ্ত ভাবে বজাৰ ঘাট বন্ধ কৰি গোসাইগাৱঁৰ মূল পথ বন্ধ কৰি দিয়ে ৷ ৰাইজে মহকুমা আৰক্ষী বিষয়াৰ নিলম্ব দাবী কৰে ৷ অন্যথা আন্দোলন অব্যাহত ৰখাৰ হুংকাক দিয়ে ৰাইজে ৷

ধিঙৰ চৰাঞ্চলত দেৱানী-মাতাব্বৰৰ গুণ্ডাৰাজ ।

ধিঙৰ দাঁতিকাষৰীয়া একাংশ চৰাঞ্চলৰ দেৱানী-মাতাব্বৰৰ কৰ্ম কাণ্ডই বাৰে বাৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহাটো কোনো নতুন কথা নহয় । এইবাৰ পুনৰ একেই ঘটনা সংঘটিত হৈছে ধিঙৰ দাঁতিকাষৰীয়া পাংৰী চৰত । ধিঙৰ পৰা মাত্ৰ সাত কিলোমিটাৰ দূৰত্বত থকা এই পাংৰী চৰত বিগত বছৰ বছৰ ধৰি চলি আহিছে দেৱানী-মাতাব্বৰৰ ৰাজত্ব । চৰকাৰ কিম্বা প্ৰশাসন থকা স্বত্বেও এইখন চৰত চলে দেৱানী-মাতাব্বৰ তথা ভূ-মাফিয়াৰ ৰাজত্ব । হৰমূজ আলী, নুৰুল ইছলাম ,ফকৰ উদ্দিন নামৰ এই ডকাইত ৰূপী দেৱানী-মাতাব্বৰৰ তথা ভূ-মাফিয়াৰ এই দলটোৱে বছৰ বছৰ ধৰি চৰাঞ্চলৰ এইসকল দৰিদ্ৰ কৃষকক ব্যাপক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উটিছে । ভূমি বেদখল, গুণ্ডাটেক্স, মাৰ-ধৰ, মিছা গোচৰেৰে বহুকেইটা পৰিয়ালক দীৰ্ঘদিনে হাৰাশাস্তি কৰাৰো আছে অভিযোগ । অকল এয়াই নহয়, দৰিদ্ৰ কৃষকক দাবী কৰা চান্দাৰ ধন নাপালেই আক্ৰমণ কৰি ভাঙি দিয়ে হাত-ভৰি, লৈ যায় গৰু-মঁহ, জ্বলাই দিয়ে ঘৰ-বাৰি, বিভিন্ন থানাত দাখিল কৰে বিভিন্ন ধৰণৰ মিছা গোচৰ । এই দেৱানী-মাতাব্বৰৰ দলটোৱে ইতিমধ্যে নিৰিহ আহাম্মদ আলী নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে থানাত মিছা অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে চৰাঞ্চলৰ ৰাইজ । উপায়ন্তৰ হৈ অৱশেষত এইসকল দেৱানী-মাতাব্বৰৰ বিৰুদ্ধে উলাই আহিল চৰাঞ্চলৰ শতাধিক ভুক্তভোগী লোকসকল । সাব্যস্ত কৰিলে এইসকল দেৱানী-মাতাব্বৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । অতি শীঘ্রেই এইসকল দেৱানী-মাতাব্বৰক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে চৰকাৰ-প্ৰশাসনক । চৰাঞ্চলত এইসকল দেৱানী-মাতাব্বৰৰ কৰ্মকাণ্ডৰ এয়া কেইটামান উদাহৰণ হে মাথোঁ ।

মানিকপুৰত শোকাবহ পথ দূৰ্ঘটনা

মানিকপুৰত শোকাবহ পথ দূৰ্ঘটনা ।টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত এজন বাইক আৰোহী।
শুক্ৰবাৰে বিজয়ী দশমীৰ দিনটোতে মানিকপুৰৰ ২নং পাটকাটাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।বাইক আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত সৰভোগৰ বাসু ঘোষ নামৰ বাইক আৰোহী জন থিতাতে নিহত হয় ।আশীষ চক্ৰৱৰ্তী নামৰ আন জন বাইক আৰোহী গুৰুতৰ ভাৱে আহত হয়।জানিব পৰা মতে এখন বাইকত তিনি জনকৈ আহি থকাৰ সময়তে টাটা মেজিকৰ লগত মুখামুখি সংঘৰ্ষ হয়। বাইক আৰোহী এজন পলায়ন কৰে। তিনিও সৰভোগৰ লোকনাথ সংঘৰ সদস্য বুলি জানিব পৰা গৈছে। আহত এজনক প্ৰথমে মানিকপুৰ পিছত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও প্ৰেৰণ কৰা হয়।

মাৰ্ঘেৰিটা মহকুমা নামঘৰ সমূহৰ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ উদযাপন।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ১ নং কেনিয়া গাওঁ নামঘৰ আজি হৰি নামৰ ধ্বনিৰে মুখৰিত। মাৰ্ঘেৰিটা মহকুমাৰ নামঘৰ সমূহৰ সৌজন্যত ষষ্ঠ বিংশতিতম বাৰ্ষিক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ ভাগি দুদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। উদয়পুৰৰ ১ নং কেনিয়াগাঁৱত মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন নামঘৰৰ অগণন ভক্তৰ উপস্থিতিত সকলো কাৰ্য্যসূচী সুচাৰুভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম হয় অভ্যৰ্থনা সমিতিয়ে। ১৫ আৰু ১৬ অক্টোবৰত গ্ৰহণ কৰা দুদিনীয়া কাৰ্য্যসূচীৰ দুয়োটা দিনতেই সকলো ভকত বৈষ্ণৱৰ উপস্থিতিত একপ্ৰকাৰ অঞ্চলটোৰ সমগ্র আকাশ বতাহ কঁপাই তোলে হৰি নামৰ ধ্বনিয়ে।প্ৰথম দিনৰ কাৰ্য্যসূচী অনুসৰি মাৰ্ঘেৰিটা মহকুমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতিৰ অন্তৰ্গত সকলো নামঘৰতে নিজাববীয়া কাৰ্য্যসূচী পালন কৰাৰ লগতে সন্ধিয়া প্ৰতি গৃহ ও নামঘৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়। দ্বিতীয় দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৫:০০ বজাৰ পৰা ক্ৰমে উষা কীৰ্ত্তন, পোৱাৰ প্ৰসঙ্গ, ধৰ্ম ধ্বজা উত্তোলন, স্মৃতি তৰ্পণ,ভাগৱত ভ্ৰমণ, বৃক্ষ ৰোপন, মূল নাম প্ৰসঙ্গৰ লগতে শৰাই অৰ্চনী,নাম লগোৱা, কথাগুৰু চৰিত পাঠ, প্ৰসাদ বিতৰণ আৰু আহাৰ গ্ৰহণ কৰা হয়।বিয়লি ৩:০০বজাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বিধায়ক ভাস্কৰ শৰ্মা।সন্ধিয়া ৫:০০ বজাৰ পৰা সামূহিক বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা সম্বৰণ আৰু স্থানীয় শিল্পী সকলৰ দ্বাৰা ধৰ্মীয় সাংস্কৃতিক কলা কৃষ্টি প্ৰদৰ্শন কৰা হব বুলি অভ্যৰ্থনা সমিতিৰ বিষয় ববীয়াই জানিবলৈ দিয়ে।

দেৰগাঁৱৰ কমাৰগাঁও সাৰ্বজনীন পূজা মন্দিৰৰ ব্যতিক্ৰমী পদক্ষেপ, পূজাস্থলীত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন

দেৰগাঁৱৰ সোণালী জয়ন্তী বৰ্ষ গৰকা কমাৰ গাঁও সাৰ্বজনীন পূজা মন্দিৰৰ পূজাস্থলীত গত বৰ্ষৰ দৰেই এইবাৰো চলিত বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ, স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী লাভ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।এই উদ্দেশ্যেই পূজা পৰিচালনা সমিতিৰ সভাপতি তথা শিক্ষাবিদ বিনোদ শৰ্মাৰ সভাপতিত্বত শিৱকান্ত পুজাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি সভা।সভাৰ আৰম্ভণিতে শিৱকান্ত পুজাৰী প্ৰেক্ষাগৃহৰ জয়া পূজাৰী প্ৰকাশ শৰ্মা পাঠক সোঁৱৰণী ৰংগমঞ্চটি এগছি বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে শিক্ষাবিদ অৰুন শৰ্মাই। দেৰগাঁও উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা বিশিষ্ট ব্যক্তি হিছাপে উপস্থিত থকা সভাখনিৰ আঁত ধৰে ড০ পৰশমণি ঠাকুৰ আৰু ভৱেন বৰপূজাৰীৰে।কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক “গনেশ শৰ্মা সোঁৱৰণী শৈক্ষিক ন্যাস বটাঁ, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক” মণি পূজাৰী শৈক্ষিক ন্যাস বটাঁ” আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক” সূৰ্য শৰ্মা সোঁৱৰণী শৈক্ষিক ন্যাস বটাঁ”ৰে তিনিটা পৰ্য্যায়ত মুঠ ৩২ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয় ।চ’ৰাৰ সম্পাদক প্ৰনৱজ্যোতি বৰপূজাৰীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত সাংবাদিক ইন্দুভূষণ মহন্ত আৰু কুমুদ বৰাৰ লগতে দাতা পৰিয়ালৰ অৰিন্দম গোস্বামী, কমলা দেৱী, অনিল পূজাৰী আৰু তৰুণ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।