Home Blog Page 280

Zubeen Grag: জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বেলতলা ব’হাগী উৎসৱৰ বঁটা

Zubeen Grag: জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বেলতলা ব'হাগী উৎসৱৰ বঁটা
Zubeen Grag: জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বেলতলা ব'হাগী উৎসৱৰ বঁটা

জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বেলতলা ব’হাগী উৎসৱৰ বঁটা।(Zubeen Grag)

ড০ ভূপেন হাজৰিকা বঁটা প্রদান জুবিন গাৰ্গলৈ।

বঁটাত আছে শৰাই, মানপত্ৰ, গামোচা আৰু ২ লাখ টকাৰ এখন চেক।

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ ধনখিনি অৰ্পণৰ অনুৰোধ কমিটীক।

“সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah

“সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah
“সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah

নতুন দিল্লী, ২৫ এপ্ৰিল — Amit Shah । ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। তেওঁৰ নিৰ্দেশ অনুসৰি, অতি সোনকালে প্ৰতিটো ৰাজ্যত থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰি তেওঁলোকক বিতাড়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনোৱা হৈছে। সূত্ৰ অনুসৰি, গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ফোনযোগে সকলো মুখ্যমন্ত্ৰীৰে ব্যক্তিগতভাৱে এই বিষয়ে আলোচনা কৰিছে।

গৃহমন্ত্ৰীগৰাকীৰ মতে, নিজ নিজ ৰাজ্যৰ ভিতৰত অবৈধভাৱে থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰি, তেওঁলোকক তৎকালীনভাৱে পাকিস্তানলৈ বিতাড়নৰ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যাৱশ্যক। এই পদক্ষেপ ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে।

ইফালে, ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC) গৰিহণা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, এই আক্ৰমণত ২৬ গৰাকী নিৰীহ লোক নিহত হয় আৰু বহু লোক আহত হয়। পাকিস্তানস্থিত নিষিদ্ধ লস্কৰ-ই-তৈবা (LeT)-ৰ সমৰ্থিত গোষ্ঠী “The Resistance Front (TRF)”-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

NHRC-এ এই আক্ৰমণক মানৱ অধিকাৰৰ জঘন্য উলংঘা বুলি মন্তব্য কৰি, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। আয়োগে চৰকাৰক তদন্ত দ্রুত সম্পন্ন কৰি ন্যায় নিশ্চিত কৰাৰ লগতে আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা আৰু পৰিয়ালক অৰ্থিক সহায় প্ৰদানৰ আহ্বান জনাইছে।

ইপিনে, এই আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিকভাৱে কড়া পদক্ষেপ ঘোষণা কৰিছে। তাৰ অন্তৰ্গত পাকিস্তানী নাগৰিকৰ ভিজা বাতিল, পাকিস্তানী নাগৰিকক বিতাড়ন, লগতে সিদ্ধু জল চুক্তি অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভাৰতীয় সৰকাৰে স্পষ্টকৈ জানি দিছে যে, ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নাগৰিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোষ কৰা নহ’ব।

Pahalgam terror attack: কাশ্মীৰৰ ঘটনাক লৈ উত্তাল দেশ-বিদেশঃ ছত্তীশগড়ত যুদ্ধসদৃশ পৰিৱেশ

Pahalgam terror attack: কাশ্মীৰৰ ঘটনাক লৈ উত্তাল দেশ-বিদেশঃ ছত্তীশগড়ত যুদ্ধসদৃশ পৰিৱেশ
Pahalgam terror attack: কাশ্মীৰৰ ঘটনাক লৈ উত্তাল দেশ-বিদেশঃ ছত্তীশগড়ত যুদ্ধসদৃশ পৰিৱেশ

কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ উত্তাল হৈ আছে দেশ-বিদেশ৷(Pahalgam terror attack) এনে সময়তে দেশৰ ‘বৃহত্তম’ মাওবাদী দমন অভিযান চলিছে ছত্তীশগড়ত৷ ৰাজ্যখনত ২০ হাজাৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰিছে ১০০০ মাওবাদীক৷ স্থানীয় সূত্ৰৰ মতে, মাওবাদীৰ পলায়নৰ সকলো পথ অৱৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়-তেলেংগানা সীমান্তত অৱস্থিত কাৰেগুট্টা পাহাৰ ঘেৰাও কৰিছে৷ ঘন অৰণ্য আৰু পৰ্বতমালাৰে আগুৰি থকা এই অঞ্চলটো মাওবাদীৰ প্ৰথম বেটেলিয়নৰ মূল ঘাটি বুলি ধাৰণা কৰা হৈছে৷

ছত্তীশগড়ৰ বিজাপুৰত তিনিখন ৰাজ্যৰ ২০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ১০০০ মাওবাদীক নিঃশেষ কৰিবলৈ সক্ষম হয়৷ সূত্ৰ অনুসৰি ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ পৰা অহা নিৰাপত্তা বাহিনীয়ে চলোৱা এই যৌথ অভিযান সম্ভৱতঃ দেশৰ ভিতৰতে সৰ্ববৃহৎ মাওবাদী বিৰোধী অভিযান৷ ইতিমধ্যে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত প্ত মাওবাদী নিহত হৈছে৷ বিজাপুৰৰ এক বিশাল অঞ্চলত অব্যাহত আছে এই অভিযান৷ ৪৮ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই অভিযান গোপনীয় সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰম্ভ কৰা হৈছে৷ নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিজাপুৰৰ বনাঞ্চলত আত্মগোপন কৰি থকা ‘মষ্ট ৱাণ্টেড’ মাওবাদী কমাণ্ডাৰ হিদমা, বেটেলিয়নৰ মুৰব্বী দেবাকে ধৰি শীৰ্ষ মাওবাদী নেতাসকল৷ ইয়াৰ পিছত সমগ্ৰ অঞ্চলটো জিলা ৰিজাৰ্ভ গাৰ্ড [ডি আৰ জি], বাষ্টাৰ ফাইটাৰ, স্পেচিয়েল টাস্ক ফ’ৰ্চ [এছ টি এফ], আৰু তিনিখন ৰাজ্যৰ আৰক্ষীৰ একাধিক দলে ঘেৰি ধৰে৷

ইয়াৰ উপৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী [চি আৰ পি এফ] আৰু চি আৰ পি এফৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন [কোব্ৰা]কে ধৰি বিভিন্ন ইউনিটৰ নিৰাপত্তাৰক্ষীও এই অভিযানত জড়িত হৈ আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশখনক মাওবাদীমুক্ত কৰাৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চলৈ সময় দিছে৷ তাৰ পিছৰে পৰা চত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যৰ চৰকাৰে মাওবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ সমগ্ৰ দেশতে আৰম্ভ হৈছে এক বৃহৎ অভিযান৷ কেৱল ছত্তীশগড়তে চলিত বৰ্ষত কমেও ১৫০জন মাওবাদী নিহত হৈছে৷ একেদৰে ঝাৰখণ্ডতো মাওবাদীক দমন কৰিবলৈ কেন্দ্ৰই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ যোৱা সপ্তাহত ঝাৰখণ্ডৰ বোকাৰো জিলাত চি আৰ পি এফ কোব্ৰা কমাণ্ডোৰ সৈতে হোৱা মুখামুখি হৈ এজন শীৰ্ষ নেতাকে ধৰি জ্জ্বজন মাওবাদী নিহত হৈছিল

Pahalgam terror attack:পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক যুদ্ধ, বন্ধ কৰিলে পানী-সীমান্ত; পাক নাগৰিকৰ ভিছা

Pahalgam terror attack:পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক যুদ্ধ
Pahalgam terror attack:পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক যুদ্ধ

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সম্প্ৰতি সামৰিক শক্তিৰে যুদ্ধ নকৰি কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছে৷(Pahalgam terror attack)শেহতীয়াকৈ পেহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত চ্ছজন লোকৰ প্ৰাণহানি হোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে৷ ভাৰতে পাকিস্তানী নাগৰিকৰ বাবে ভিছা সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, যিটো তৎক্ষণাৎ কাৰ্যকৰী হ’ব৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত কয়- ‘পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে লোৱা সিদ্ধান্তৰ ধাৰাবাহিকতাৰে ভাৰত চৰকাৰে পাকিস্তানী নাগৰিকৰ ভিছা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷’ বিবৃতিটোত লগতে কোৱা হৈছে- ‘ভাৰতে পাকিস্তানী নাগৰিকক প্ৰদান কৰা বৰ্তমানৰ সকলো বৈধ ভিছা ২০২৫ চনৰ ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে৷

পাকিস্তানী নাগৰিকক প্ৰদান কৰা মেডিকেল ভিছা ২০২৫ চনৰ ২৯ এপ্ৰিললৈকেহে বৈধ হ’ব৷’ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকে ভিছাৰ ম্যাদ উকলি যোৱাৰ আগতেই ভাৰত এৰিব লাগিব, যিটো এতিয়া সংশোধন কৰা হৈছে৷ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰতীয় নাগৰিকসকলক পৰাপক্ষত পাকিস্তান ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে৷ বৰ্তমান পাকিস্তানত থকা ভাৰতীয় নাগৰিকসকলকো অতি সোনকালে ভাৰতলৈ উভতি আহিবলৈ পৰামৰ্শ দিছে মন্ত্ৰণালয়ে৷ মঙলবাৰে পেহেলগামৰ বৈছাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই ২৫গৰাকী ভাৰতীয় আৰু এজন নেপালী নাগৰিকক হত্যা কৰে৷ এই আক্ৰমণত আন কেইবাজনো লোক আহত হয়৷ ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত উপত্যকাটোত সংঘটিত হোৱা অন্যতম ভয়াৱহ এই আক্ৰমণ৷

পুলৱামাৰ আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪০গৰাকীকৈ চি আৰ পি এফৰ জোৱান৷ এই আক্ৰমণৰ পিছতে ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত চি চি এছৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হয় ৱাঘা-আটাৰী সীমান্তৰ দুৱাৰ৷ ভাৰতে পাকিস্তানী উচ্ছায়ুক্তৰ বিষয়াসকলকো ‘পাৰ্চোনা নন গ্ৰাটা’ বুলি ঘোষণা কৰি এসপ্তাহৰ ভিতৰত ভাৰত এৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰে৷ তদুপৰি দেশখনে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত প্ৰদান কৰা যিকোনো ভিছা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে৷

Pahalgam Attack: এজন এজনকৈ ঢলি পৰিছিল পৰ্যটক, ওচৰৰ পৰাই মৃত্যু দেখিছিলোঃ পেহেলগামৰ পৰা উভতি অহা পৰ্যটকৰ লোমহৰ্ষক বিৱৰণ

Pahalgam Attack: এজন এজনকৈ ঢলি পৰিছিল পৰ্যটক
Pahalgam Attack: এজন এজনকৈ ঢলি পৰিছিল পৰ্যটক

মৃত্যুক নিচেই ওচৰৰ পৰা দেখাৰ অভিজ্ঞতা বৰ্ণনা কৰি কঁপি(Pahalgam Attack)উঠিছিল কোমল ছোনীৰ হৃদয়৷ দুমাহমান আগতে মিহিৰ ছোনীৰ লগত তেওঁৰ বিয়া হৈছিল ৷ নৱবিবাহিত দম্পতীয়ে বিয়াৰ পিছত হনিমুনৰ বাবে পছন্দৰ তালিকাৰ শীৰ্ষত পেহলগামক স্থান দিছিল ৷ কিন্তু সেয়া তেওঁলোকৰ বাবে হৈ পৰিল অভিশপ্ত অভিজ্ঞতা ৷ কোমলে কয় যে ভয়াৱহ দৃশ্যটো এতিয়াও তেওঁৰ চকুৰ সন্মুখত ভাহি আছে ৷ চিঞৰ-বাখৰ, বন্দুকৰ গুলী, তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ৷

পেহলগাম আক্ৰমণৰ পৰা ৰক্ষা পোৱা দম্পতীহালে কল্পনাও কৰিব পৰা নাছিল যে তেওঁলোকৰ হনিমুন ইমান ভয়ংকৰ হৈ পৰিব৷ উদাহৰণস্বৰূপে হাৰিয়ানাৰ বাসিন্দা নৌসেনাৰ বিষয়া বিনয় নৰৱাল আৰু তেওঁৰ পত্নী হিমাংশীয়ে নোৱাৰিলে৷ যদিও সোণী দম্পতী জীৱিত অৱস্থাত ঘূৰি আহিছিল৷ তথাপি হিমাংশীৰ ভাগ্য নাছিল যে স্বামীক জীৱিত অৱস্থাত ঘূৰাই আনিবললৈ৷ ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হোৱা কোমলে কয়, ‘মিহিৰ আৰু মই সেই সময়ত মেগী খাই আছিলো৷ ছেল্‌ফি এখন তুলি লৈ আছিলো৷ ঠিক তেতিয়াই নিস্তব্ধতা ভাঙি গ’ল আৰু বন্দুকৰ গুলীৰ শব্দ শুনিলোঁ৷ প্ৰথমে কি হৈছে বুজি পোৱা নাছিলো৷ তাৰ পিছত আকৌ বন্দুকৰ গুলীৰ শব্দ৷ একেৰাহে এটা, দুটা, বহুত৷ তাৰ পিছত পৰ্যটক এজন এজনকৈ পৰি যোৱা দেখিলোঁ৷’ কোমলে লগতে কয়, ‘মই আগলৈ চাই দেখিলোঁ যে কেইজনমান মানুহে বন্দুক লৈ আহি গুলী চলাই আছে৷ এক মুহূৰ্তৰ সংকোচ নকৰাকৈয়ে মিহিৰৰ হাতখন ধৰি দৌৰিবলৈ ধৰিলোঁ৷’ উগ্ৰপন্থীয়ে তেওঁলোকৰ ওচৰ পোৱাৰ পূৰ্বেই কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় সোণী দম্পতীহাল৷ স্থানীয় ৰাইজে তেওঁলোকক আশ্ৰয় দিয়ে ৷

কোমলে কয়– ‘দৌৰি থাকোঁতে মোৰ শ্বাসৰুদ্ধ হৈ পৰিছিল৷ কিন্তু মই দৌৰা বন্ধ কৰা নাছিলো৷ আমাৰ ভাগ্য ভাল৷ কিন্তু একে সময়তে আমাৰ সতীৰ্থ পৰ্যটকৰ মৃত্যুৱেও আমাক ব্যথিত কৰি তুলিছিল৷’ কোমালে লগতে কয় যে তেওঁলোকে আৰু কেতিয়াও কাশ্মীৰলৈ নাযায়৷ পহলগামৰ বৈছাৰণ উপত্যকাত যোৱা মঙলবাৰে উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল এক হত্যাকাণ্ড৷ সেই আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হয়৷

Egg Mayonnaise নিষিদ্ধঃ কিয় নিষিদ্ধ কৰা হ’ল?

Egg Mayonnaise নিষিদ্ধঃ কিয় নিষিদ্ধ কৰা হ’ল?
Egg Mayonnaise নিষিদ্ধঃ কিয় নিষিদ্ধ কৰা হ’ল?

বৰ্তমান Mayonnaise বিশ্বব্যাপী ফাষ্ট ফুড ৰেচিপিৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে। কিন্তু কেঁচা কণীৰ পৰা তৈয়াৰ কৰা Mayonnaise ও স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে।(Egg Mayonnaise)

জনস্বাস্থ্যৰ বিপদৰ কথা উল্লেখ কৰি তামিলনাডু চৰকাৰে কেঁচা কণীৰ পৰা তৈয়াৰী Mayonnaiseৰ উৎপাদন, সংৰক্ষণ, বিতৰণ আৰু বিক্ৰীত এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। যদিও ইয়াৰ প্ৰস্তুতি ইউৰোপত আৰম্ভ হৈছিল, মেয়নেজ এতিয়া বিশ্ব পৰ্যায়ত ফাষ্ট ফুডৰ এক গুৰুত্বপূৰ্ণ উপাদানত পৰিণত হৈছে।

তামিলনাডু চৰকাৰে কণীৰ Mayonnaise নিষিদ্ধ কৰিছে কাৰণ ইয়াত ৰোগ সৃষ্টিকাৰী জীৱাণু থকাৰ সম্ভাৱনা বেছি, যিবোৰ সাধাৰণতে ৰন্ধা প্ৰক্ৰিয়াৰ সময়ত মৃত্যুমুখত পৰে। চৰকাৰী অধিসূচনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কেঁচা কণীৰ মেয়নেজ খাদ্য বিষক্ৰিয়াৰ আশংকাৰ বাবে “উচ্চ বিপদজনক খাদ্য”। ভাৰতৰ উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুত এই বিপদ আৰু অধিক ভয়াৱহ হৈ পৰে, যাৰ ফলত বিশেষকৈ ছালমনেলা আৰু ই.কলাইৰ পৰা অণুজীৱৰ দূষণৰ আশংকা বৃদ্ধি পাব পাৰে।

সমগ্ৰ বিশ্বতে খাদ্যজনিত ৰোগৰ প্ৰধান কাৰণ ছালমোনেলা বেক্টেৰিয়া, উষ্ণ আৰু আৰ্দ্ৰ পৰিস্থিতিত ফুলি উঠে আৰু ডায়েৰিয়া, বমি আৰু পেটৰ ক্ৰেম্প আদি লক্ষণৰ সৃষ্টি কৰে। ই.কলাইৰ কিছুমান প্ৰজাতিয়েও গুৰুতৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ কম ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক, শিশু আৰু বৃদ্ধৰ বাবে এই বিপদসমূহ বিপজ্জনক। এই বিপদসমূহৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিষেধাজ্ঞাক আদৰণি জনাইছে চিকিৎসকসকলে।

Arijit singh: জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ আজি জন্মদিন, কেৰিয়াৰত ৩০০ৰো অধিক গীত গাইছে অৰিজিতে

Arijit singh: জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ আজি জন্মদিন
Arijit singh: জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ আজি জন্মদিন

আত্মাস্পৰ্শী কণ্ঠেৰে সকলোৰে হৃদয় জয় কৰা অৰিজিত সিঙে আজি ৩৯ সংখ্যক জন্মদিন (Arijit singh)উদযাপন কৰিছে। গীতৰ জৰিয়তে সকলোৰে হৃদয় জয় কৰে গায়কজনে। জন্মদিন উপলক্ষে তেখেতৰ কেইটামান শ্ৰেষ্ঠ গীত, এটা কনচাৰ্ট আৰু এটা গীতৰ বাবে তেওঁ কিমান টকা লয় জানো আহক-

আলিয়া ভাট আৰু অৰ্জুন কাপুৰৰ ছবি ‘২ ষ্টেটছ’ৰ আটাইকেইটা গীতে হিট। আনহাতে ‘মাষ্ট মগন’ মানুহৰ সৰ্বকালৰ প্ৰিয়। এই গীতটি হৃদয়স্পৰ্শী।

‘লাপাটা লেডিজ’ ছবিখনে কাহিনীৰে সকলোৰে হৃদয় জয় কৰিছিল। এই ছবিখনৰ ‘সজনি’ গীতটোৱে সকলোৰে হৃদয় চুই গৈছিল। কণ্ঠশিল্পী অৰিজিত সিঙৰ কণ্ঠই এই গীতটিৰ সৌন্দৰ্য বঢ়ালে।

২০১৬ চনত মুক্তি পোৱা অক্ষয় কুমাৰৰ ছবি ‘এয়াৰলিফ্ট’ই বক্স অফিচত ভাল ধন উপাৰ্জন কৰিছিল। ছবিখনৰ গীতবোৰো বৰ হিট হৈছিল। আজিও মানুহে অৰিজিৎ সিঙৰ গীত ‘সোচ না সাকে’ অতি মৰমেৰে শুনে।

ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ ছবি ‘য়েহ জৱানী হায় দীৱানী’ৰ কবিৰা গীতটো শুনি যিকোনো ব্যক্তিয়ে নষ্টালজিক হ’ব পাৰে।

আদিত্য ৰয় কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ‘আশিকী ২’ ছবিখন ব্লকবাষ্টাৰ ছবিৰ ভিতৰত গণ্য কৰা হয়। এই ছবিখনৰ গীতে বহু বছৰ ধৰি মানুহৰ হৃদয়ত স্থান লাভ কৰিছিল। আজিও মানুহে এই গীতবোৰ নিজৰ প্লেলিষ্টত ৰাখে। ছবিখনৰ টাইটেল ট্ৰেকটো আন কোনো গীতৰ লগত তুলনা কৰিব নোৱাৰি।

আপুনি জানি আচৰিত হ’ব যে অৰিজিত সিঙে এতিয়ালৈকে বহু ভাষাত ৩০০ৰো অধিক গীত গাইছে। বলীউডৰ সৰ্বাধিক মাচুল পোৱা গায়কসকলৰ ভিতৰত গণ্য কৰা হয় গায়কাগৰাকী। ডি এন এৰ শেহতীয়া প্ৰতিবেদন অনুসৰি অৰিজিত সিঙৰ বাৰ্ষিক আয় প্ৰায় ৭০ কোটি টকা। একে সময়তে তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪১৪ কোটি টকা। এটা কনচাৰ্টৰ বাবে তেওঁ ৫০ৰ পৰা ডেৰ কোটি টকা লয়।

Jatin Bora birthday: আজি অভিনেতা যতীন বৰাৰ জন্মদিন

Jatin Bora birthday: আজি অভিনেতা যতীন বৰাৰ জন্মদিন
Jatin Bora birthday: আজি অভিনেতা যতীন বৰাৰ জন্মদিন

আজি জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্মদিন। অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক যতীন বৰা ৫৫ বছৰীয়া হ’ল।১৯৭০ চনত আজিৰ দিনটোতে নগাঁও জিলাত জন্ম হৈছিল জনপ্ৰিয় অভিনেতাগৰাকীৰ।(Jatin Bora birthday)

“উত্তৰকাল” ছবিৰ জৰিয়তে যতীন বৰাই অভিনয় জীৱনৰ পাতনি মেলিছিল।যতীন বৰাৰ জন্মদিন উপলক্ষে আপোনালোকক জনাম যতীন বৰা অভিনীত ছবি সমূহৰ বিষয়ে। তেওঁ অভিনয় কৰা ছবি সমূহ হ’ল- উত্তৰকাল, আই কিল্‌ড হিম, ছাৰ, কালসন্ধ্যা (হিন্দী), হিয়া দিয়া নিয়া, অহংকাৰ, তুমি মোৰ মাথোঁ মোৰ, দাগ, শেষ উপহাৰ, অন্য এক যাত্ৰা, কইনা মোৰ ধুনীয়া, এই মৰম তোমাৰ বাবে, নায়ক, প্ৰেম আৰু প্ৰেম, জীৱন নদীৰ, দুটি পাৰ, কন্যাদান, প্ৰিয়া অ’ প্ৰিয়া, ত্যাগ, মিঠা মিঠা লগনত, সুশান্ত মজিন্দাৰ বৰুৱা, প্ৰেমগীত, অগ্নিসাক্ষী, প্ৰিয়া, মিলন, বিধাতা, এয়াই জোনাকবিহীন জীৱন, জুমন সুমন, উজনীৰ দুজনী গাভৰু, হেঁপাহ, মা তুমি অনন্যা, জুয়ে পোৰা, সোণ, হৃদয় কঁপোৱা গান, বাৰুদ, কাদম্বৰী, ৰং, দীনবন্ধু, চুৰেন চোৰৰ পুতেক, চেনাই মোৰ ঢুলীয়া, অঘৰী আত্মা, অধিনায়ক, দেউতা দিয়া বিদায়, ধুনীয়া তিৰোতাবোৰ, ৰামধেনু, জানমণি, বান্ধোন, হিয়া দিবা কাক, জিলমিল জোনাক, দূৰদৰ্শন…এটি যন্ত্ৰ, বহ্নিমান, নিজানৰ গান, ৰত্নাকৰ আৰু ৰাঘৱ।

Terrorist Asif Sheikh House blast: সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰত সেনাৰ বিস্ফোৰণ, উৰুৱাই দিলে ঘৰ

Terrorist Asif Sheikh House blast: সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰত সেনাৰ বিস্ফোৰণ, উৰুৱাই দিলে ঘৰ
Terrorist Asif Sheikh House blast: সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰত সেনাৰ বিস্ফোৰণ, উৰুৱাই দিলে ঘৰ

পেহেলগাম ঘটনাত জড়িত সন্ত্ৰাসবাদীৰ ঘৰ তচনছ।(Terrorist Asif Sheikh House blast)

ভাৰতীয় সেনাই উৰুৱাই দিলে আছিফ শ্বেখৰ ঘৰ।

দুধৰ্ষ আদিল টৌকৰৰ ঘৰতো ভাৰতীয় সেনাৰ হাল্লা বোল।

লস্কৰ-ই-তৈবাৰ সদস্য আছিফ শ্বেইখ।

পহলগামৰ ঘটনাত জড়িত আছিল আছিফ শ্বেইখ।

বিহাৰৰ মাটিৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে সন্ত্রাসবাদীয়ে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি পাব৷

এতিয়া ভাৰতীয় সেনাই পেহেলগামৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে।

সন্ত্ৰাসবাদী আছিফ শ্বেফৰ ঘৰ উৰুৱাই দিলে সেনাই।

Dr. Lakshahira Das: কটন বিশ্ববিদ্যালয়ত ড০ লক্ষহীৰা দাসৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শিত

Dr. Lakshahira Das: কটন বিশ্ববিদ্যালয়ত ড০ লক্ষহীৰা দাসৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শিত
Dr. Lakshahira Das: কটন বিশ্ববিদ্যালয়ত ড০ লক্ষহীৰা দাসৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শিত

কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ অডিটৰিয়ামত বিশিষ্ট লেখিকা,(Dr. Lakshahira Das) অনুবাদক, গায়ক আৰু শিক্ষাবিদ ড০ লক্ষহীৰা দাসৰ জীৱনৰ সম্পৰ্কত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ‘লক্ষহীৰা- ওমেন অফ চাবষ্টেন্স’’ ​​শীৰ্ষক ছবিখন বিশ্ববিদ্যালয়খনৰ আইকিউএচিৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰদৰ্শিত হয়।(Dr. Lakshahira Das)

ড০ দাসৰ প্ৰতিছবিৰ সন্মুখত পুষ্পাঞ্জলিৰে আৰম্ভ হোৱা কাৰ্যসূচীত উপস্থিত লোকসকলে শ্ৰদ্ধাঞ্জলি জনায়। আইকিউএচিৰ সঞ্চালক ড০ হীৰেন ডেকাই অসমৰ সাংস্কৃতিক আৰু শৈক্ষিক দৃশ্যপটত ড০ দাসৰ চিৰস্থায়ী অৱদানৰ ওপৰত আদৰণি ভাষণ প্ৰদান কৰে।

কটন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন অধ্যাপক ড০ দীপালী গোস্বামীয়ে ড০ দাসে তেওঁৰ জীৱনত পেলোৱা গভীৰ প্ৰভাৱৰ বিষয়ে আবেগিকভাৱে প্ৰকাশ কৰে। সংগীত, সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ কাম আন্তৰিকতা আৰু দায়বদ্ধতাৰে চিহ্নিত কৰা এগৰাকী অটল নিষ্ঠাৰ মহিলা বুলিও অভিহিত কৰে।

আজি এই অনুষ্ঠানত উপস্থিত থকা বিশেষ অতিথিসকলৰ ভিতৰত ড০ দাসৰ কনিষ্ঠ পুত্ৰ সুগায়ক অনিৰ্বান দাসে তেওঁৰ মাতৃৰ ৰচনা আৰু তেওঁৰ দ্বাৰা গোৱা গীতৰ কথাৰে এটা মিউজিক ভিডিঅ’ উপস্থাপন কৰে। ভিডিঅ’টোত প্ৰয়াত ড০ দাস আৰু অনিৰ্বান দুয়োৰে ভিজুৱেল সন্নিবিষ্ট কৰা হৈছিল।

তথ্যচিত্ৰখন প্ৰদৰ্শনৰ পিছতে চলচ্চিত্ৰ নিৰ্মাতা নম্ৰতা দত্তই ড০ দাসক লগ পোৱাৰ ব্যক্তিগত অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰি প্ৰকাশ কৰে যে প্ৰয়াত দাসে জীৱনকালত ছবিখনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। দত্তৰ তথ্যচিত্ৰখনে ড° দাসৰ সাহিত্য, শিক্ষা, অসমৰ সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অৱদানৰ এক হৃদয়স্পৰ্শী চিত্ৰায়ন আগবঢ়াইছে।

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গ, ছাত্ৰ কল্যাণ সঞ্চালক ড০ প্ৰশান্ত শৰ্মা, শৈক্ষিক পঞ্জীয়ক ড০ বেদান্ত বৰা, অধ্যাপক-অধ্যাপিকা আৰু ড০ দাসৰ গুণমুগ্ধসকল উপস্থিত আছিল। কটন বিশ্ববিদ্যালয়ৰ ড০ অকুণ্ঠিতা বৰঠাকুৰে আঁতধৰা অনুষ্ঠানটোত অধ্যাপিকা ড০ প্ৰতিষা মাধবী ডেকাই শলাগৰ শৰাই আগবঢ়ায়।