নতুন দিল্লী, ২৫ এপ্ৰিল — Amit Shah । ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। তেওঁৰ নিৰ্দেশ অনুসৰি, অতি সোনকালে প্ৰতিটো ৰাজ্যত থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰি তেওঁলোকক বিতাড়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনোৱা হৈছে। সূত্ৰ অনুসৰি, গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ফোনযোগে সকলো মুখ্যমন্ত্ৰীৰে ব্যক্তিগতভাৱে এই বিষয়ে আলোচনা কৰিছে।
গৃহমন্ত্ৰীগৰাকীৰ মতে, নিজ নিজ ৰাজ্যৰ ভিতৰত অবৈধভাৱে থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰি, তেওঁলোকক তৎকালীনভাৱে পাকিস্তানলৈ বিতাড়নৰ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যাৱশ্যক। এই পদক্ষেপ ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে।
ইফালে, ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC) গৰিহণা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, এই আক্ৰমণত ২৬ গৰাকী নিৰীহ লোক নিহত হয় আৰু বহু লোক আহত হয়। পাকিস্তানস্থিত নিষিদ্ধ লস্কৰ-ই-তৈবা (LeT)-ৰ সমৰ্থিত গোষ্ঠী “The Resistance Front (TRF)”-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।
NHRC-এ এই আক্ৰমণক মানৱ অধিকাৰৰ জঘন্য উলংঘা বুলি মন্তব্য কৰি, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। আয়োগে চৰকাৰক তদন্ত দ্রুত সম্পন্ন কৰি ন্যায় নিশ্চিত কৰাৰ লগতে আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা আৰু পৰিয়ালক অৰ্থিক সহায় প্ৰদানৰ আহ্বান জনাইছে।
ইপিনে, এই আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিকভাৱে কড়া পদক্ষেপ ঘোষণা কৰিছে। তাৰ অন্তৰ্গত পাকিস্তানী নাগৰিকৰ ভিজা বাতিল, পাকিস্তানী নাগৰিকক বিতাড়ন, লগতে সিদ্ধু জল চুক্তি অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ভাৰতীয় সৰকাৰে স্পষ্টকৈ জানি দিছে যে, ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নাগৰিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোষ কৰা নহ’ব।