নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৪ অক্টোবৰৰ নিশা সামৰনি পৰা এল কে ঈগলচ একাডেমিৰ দ্বিতীয় বাৰ্ষিক উত্তৰ পূৱ ভাৰত (মুকলি) টাইকোৱানডো চেম্পিয়নশ্বীপ কায়ৰ’জি আৰু প’মছে ২০২১ নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি নগাঁৱৰ কণমানি ৰাজনন্দিনী বৰাই চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজনন্দিনীয়ে ৮ বছৰৰ তলৰ কায়ৰ’জি শাখাত (২৬ কেজি) আৰু প’মছে ছোৱালীৰ চাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰিছে ৷ ৰাজনন্দিনীয়ে নগাঁও টাইকোৱানডো একাডেমিৰ ব্লেক বেল্ট চতুৰ্থ দান ৰাষ্ট্ৰীয় ৰেফাৰী জয়প্ৰকাশ শৰ্মাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ৰাজনন্দিনীয়ে ৰিভাৰডেল স্কুল নগাঁৱৰ কে জি ওৱানৰ ছাত্ৰী ৷ ৰাজনন্দিনী নগাঁৱৰ কামপুৰৰ ৰাজীৱ বৰা আৰু জ্যোতিৰ্ময়ী গগৈৰ কন্যা ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাত নগাঁও টাইকোৱানডো একাডেমিয়ে বাৰটা সোনৰ,আঠটা ৰূপৰ আৰু দহটা ব্ৰঞ্জৰ পদক লাভ কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষ্যম হৈছে ৷
বকোৰ গামেৰীমুৰাত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন।
সুদীৰ্ঘ দিন ধৰি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলে অনুসুচীত জনজাতিৰ মৰ্য্যদা লাভ কৰা আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ কৰাৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখি আহিছে। এই ক্ষেত্ৰত সংকতাপূৰ্ণ অৱস্থাৰ পৰা জাতিক ৰক্ষা কৰিবলৈ কোচ ৰাজবংশী জাতীয় সংগঠনৰ অন্যতম ভাতৃ সংগঠন কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত জাতীয় সংগ্ৰাম অব্যাহত আছে। উল্লেখ্য যে ; সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলাৰ গুৱাহাটী জিলা সমিতিৰ অন্তৰ্গত বকো আঞ্চলিক সমিতিৰ এখন বিশেষ কাৰ্য্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিষ্ণু ৰাম দাসৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভা খনৰ আত ধৰে সম্পাদক বিপুল তালুকদাৰে। কোচ ৰাজবংশী জনবসতি অঞ্চল গামেৰীমুৰাৰ জাকুৱাপাৰা প্ৰাথমিক গোটৰ আমন্ত্ৰণক্ৰমে আয়োজন কৰা সভা খন অনুষ্ঠিত হয় জাকুৱাপাৰা – কাউলীপাৰা – কোচপাৰা পুথিভঁৰালৰ সভাকক্ষত। সভাত গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক দীপক কুমাৰ ৰয় ; পংকজ বীৰ দাস ; পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি মলিন দাস আৰু সম্পাদক ৰাজকুমাৰ দাস ; যুৱ ছাত্ৰ সন্মিলনীৰ গাওঁ শাখা সমিতিৰ সভাপতি বীৰেণ দাস ; সম্পাদক সত্যজিৎ দাস ; যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাস ; উপদেষ্টা নগেন দাস ; কাৰ্য্যকৰী সভাপতি ব্ৰজেন দাস ; উপ সভাপতি অনাদী পাটোৱাৰী ; অশ্বিনী লহকৰ আৰু দ্বীপেন দাসৰ উপৰিও মহিলা সন্মিলনীৰ বকো আঞ্চলিক সমিতিৰ সভানেত্ৰী ৰীণা ডেকা আৰু সম্পাদিকা মঞ্জুলা দাসে অংশগ্ৰহণ কৰে। সভাত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে আৰু অসম চৰকাৰক অতিশীঘ্ৰে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে আজিৰ সভাৰ জৰিয়তে যদি চৰকাৰে কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰে তেন্তে অনাগত দিনত কোচ ৰাজবংশী জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পদ আৰু পদবী এৰি দিব লাগে বুলি কোচ ৰাজবংশী জনতাক আহ্বান জনায় সভাপতি বিষ্ণু ৰাম দাসে। ইফালে সভাত ভাষণ প্ৰসংগত সংগঠনটোৰ সম্পাদক বিপুল তালুকদাৰে কোচ ৰাজবংশী সকলৰ জনজাতিৰ মৰ্য্যদা জন্মস্বত্ব অধিকাৰ। গতিকে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে কোচ ৰাজবংশী সকলক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে। আজিৰ সভাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কোচ ৰাজবংশী সকলক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায় আৰু জনজাতিৰ স্বীকৃতি দিবলৈ আহ্বান জনায়।
আলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আটক এজন
চছিয়েল নেটৱৰ্কিং চাইট ফেচবুকত সক্ৰিয় হৈ পৰিছে নেকি আলফা (স্বাধীন)ৰ সদস্য ? এই প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। কাৰণ শেহতীয়াকৈ ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা কেইবাগৰাকীও যুৱক আটক হৈছে সোণাৰিত। চৰাইদেউ জিলাৰ সদৰ সোণাৰি তথা অসম নগালেণ্ড সীমান্তৰ নামতোলা হৈ আলফা স্বাধীনৰ শিবিৰলৈ বাট লোৱা কেইবাগৰাকীও যুৱক ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ জালত পৰিছে। আটকাধীন যুৱককেইজনে জানিবলৈ দিয়া অনুসৰি ফেচবুকত চিনাকি হৈ নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ হেঁচা দিছিল বহু যুৱকক। শেহতীয়াকৈ আজি পুৱা ফেচবুকত চিনাকি হৈ আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ সোণাৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক । আটকাধীন যুৱকজনৰ নাম দ্বীপজ্যোতি শইকীয়া। সেনাবাহিনীৰ পৰা লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অভিযান চলাই আজি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰপৰাই আটক কৰিলে যুৱকজনক। আটকাধীন যুৱকজনৰ ঘৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপপথাৰ গাঁওত বুলি জানিব পৰা গৈছে। আলফা (স্বা)ৰ সদস্যৰ ফেচবুক যোগে যোগাযোগ কৰি নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ আহিছিল যুৱকজন।আটকাধীন যুৱকজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত 206/2021 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/121/121A R W 10/13/18 B uA (p)Act ৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে কেইটামান দিনৰ পূৰ্বেও ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা সাতজনকৈ যুৱকক আচাম ৰাইফলছৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছিল চৰাইদেউ আৰক্ষী। ইয়াৰ পৰিপ্ৰেক্ষিতত আছলতে আলফা স্বাধীনৰ সদস্য ফেচবুকত সক্ৰিয় হৈ থকাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।
পাণ্ডোৰা পেপাৰচ কি ?এই তালিকাত কোনভাৰতীয় সকল আছে?
শচীন তেণ্ডুলকাৰ, পপ গায়িকা শাকিৰা আৰু প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰকে ধৰি সমগ্ৰ বিশ্বৰ শ শ চেলিব্ৰিটিক বেনামি বিনিয়োগ বুলি দাবী কৰা হৈছে। অনুসন্ধানকাৰী সাংবাদিকৰ এটা আন্তৰ্জাতিক সংস্থাই ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান প্ৰতিবেদন প্ৰকাশ কৰিছে।ই 64 লাখ নথিপত্ৰ, 10 লাখতকৈও অধিক ইমেইল, 30 লাখতকৈ অধিক ফটোগ্ৰাফ আৰু প্ৰায় 5 লাখ স্প্ৰেডশ্বীট লিক কৰিছে। তেওঁলোকে দাবী কৰে যে এই চেলিব্ৰিটিসকলে কৰ বচাবলৈ আৰু কিছুমান ক্ষেত্ৰত ধন ৰপ্তানিৰ বাবে এনে ধৰণৰ বেনামি বিনিয়োগ কৰিছে। ইণ্টাৰনেচনেল কনচৰ্টিয়াম অফ ইনভেষ্টিগেটিভ জাৰ্নালিষ্টৰ (আইচিআইজে) প্ৰতিবেদনবোৰক ‘পাণ্ডোৰা পেপাৰছ’ নাম দিয়া হৈছে।পাণ্ডোৰা পেপাৰচ ১৪ গ্লোবেল কৰ্পোৰেট ফাৰ্মৰ ১১.৯ নিযুত লিক ফাইল আছে। লিকটোক পাণ্ডোৰা পেপাৰছ হিচাপে নামাকৰণ কৰা হৈছে। এই প্ৰতিষ্ঠানবোৰে প্ৰায় 29,000 অফ-দ্য-শ্বেল্ফ কোম্পানী আৰু ব্যক্তিগত ট্ৰাষ্ট গঠন কৰিছিল। এইবোৰ কৰ ৰাহি কৰিবলৈ প্ৰস্তুত কৰা হৈছিল। ছিংগাপুৰ, নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশবোৰো ৰেকৰ্ড লুকুৱাবলৈ কৰ আশ্ৰয়স্থল দেশবোৰৰ সৈতে ব্যৱহাৰ কৰা হৈছিল। প্ৰতিবেদনখন ৱাশ্বিংটনৰ ইণ্টাৰনেচনেল কনচৰ্টিয়াম অৱ ইনভেষ্টিগেটিভ জাৰ্নালিষ্ট (আইচিআইজে)ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।লিকটোৱে ৯০ খন দেশৰ ৩৩০ জন লোকৰ নাম দিছে। তেওঁলোকৰ ভিতৰত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, জৰ্ডানৰ ৰজা, আজাৰবাইজানৰ ৰক্ষণশীল পৰিয়াল, চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু লগতে প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ।শচীন তেণ্ডুলকাৰ লিকটোত নাম থকা ভাৰতীয়সকলৰ ভিতৰত আটাইতকৈ ডাঙৰ নাম। শচীনৰ সৈতে তেওঁৰ পত্নী অঞ্জলি, শহুৰেক আনন্দ মেহতা, ব্যৱসায়ী অনিল আম্বানী আৰু কিছুনেতা আছে। নীৰৱ মোডী, তেওঁৰ ভগ্নী কিৰণ মজুমদাৰ শ্ব’ৰ দৰে ব্যৱসায়িক ব্যক্তিও তালিকাত আছে। অভিনেতা জেকি শ্ৰফ, গান্ধী পৰিয়ালৰ সতীশ শৰ্মা আৰু কৰ্পোৰেট লবিষ্ট নীৰা ৰাডিয়াও ইয়াৰ অংশ।পাণ্ডোৰা পেপাৰছত ভাৰতীয়সকলৰ নাম প্ৰকাশ হোৱাৰ পিছত, ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে বিষয়টোৰ তদন্ত কৰা হ’ব। অনুসন্ধানটো সংস্থাৰ এটা গোটৰ দ্বাৰা পৰিচালনা কৰা হ’ব। ইয়াৰ অধ্যক্ষতা কৰিব কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ (চিবিডিটি) অধ্যক্ষৰ দ্বাৰা। গোটটোত চিবিডিটি, প্ৰৱৰ্তন সঞ্চালকালয় (ইডি), ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) আৰু বিত্তীয় চোৰাংচোৱা গোটৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত থাকিব ।
উত্তৰ প্ৰদেশৰ লখিমপুৰ হিংসা: মৃতকৰ পৰিয়ালক প্ৰতিটো ৪৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়
ৰাষ্ট্ৰীয় ডেস্কঃ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত ডিএম ড০ অৰবিন্দ কুমাৰ চৌৰাছিয়া মঙলবাৰে সন্ধিয়া তহচিল নিঘাচানৰ মৃত কৃষকজনৰ ঘৰত চৌক্ৰা ফাৰ্মত উপস্থিত হয় আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে। তেওঁ চৰকাৰে ঘোষণা কৰা ৪৫ লাখ টকাৰ চেক তেওঁৰ দেউতাকক প্ৰদান কৰিছিল। মুখ্য উন্নয়ন বিষয়া অনিল কুমাৰ সিং আৰু অতিৰিক্ত জিলা উপায়ুক্ত (বিত্ত আৰু ৰাজহ) সঞ্জয় কুমাৰ সিঙে তহচিল ধোৰহাৰাৰ আমেঠি গাঁৱৰ নামদাৰপুৰৱাৰ মৃত কৃষকজনৰ ঘৰলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু ৪৫ লাখ টকাৰ চেক প্ৰদান কৰে। ডিএমে কৈছিল যে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভুক্তভোগী পৰিয়ালবোৰক আৰ্থিক সাহায্য প্ৰদান কৰিছে।দেওবাৰে আবেলি লখিমপুৰ খেৰীত সংঘটিত ঘটনাত চাৰিজন কৃষকসহ আঠজন লোকে প্ৰাণ হেৰুৱায়। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষৰ গাড়ীখন কৃষকসকলৰ ওপৰত ভৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। বিৰোধী দলৰ নেতাসকলে লখিমপুৰ খেৰী পাবলৈ চেষ্টা কৰিছিল কিন্তু সফল হ’ব নোৱাৰিলে।কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাক সীতাপুৰত জিম্মাত লোৱা হৈছিল। ইয়াৰ উপৰিও, এছপিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱ, বিএছপি নেতা সতীশ চন্দ্ৰ মিশ্ৰ আৰু অন্যান্য নেতাসকলকো লখিমপুৰ খেৰীলৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল। কৃষকসকলে গোচৰটোত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউন্টাৰ।
উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউন্টাৰ। হত্যা, অপহৰণ, ডকাইতি আৰু চুৰিকাণ্ডৰ দৰে অপৰাধত জড়িত বিমানক তিনিচুকীয়া সমীপৰ কাজিখোৱাত এনকাউন্টাৰ ডিব্ৰুগড় আৰক্ষীৰ। এখন গাড়ী চুৰি কৰিবলৈ যোৱাৰ সময়ত কুখ্যাত অপৰাধী বিমানক গ্ৰেপ্তাৰ কৰিবলৈ লোৱাৰ অৱস্থাত পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত বাওভৰিত আঘাতপ্ৰাপ্ত হয়। আৰক্ষীৰ মতে, গোলাঘাটৰ পৰা পলায়ন কৰি যোৰহাটৰ পেট্ৰল পাম্পত বিমানে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় এ এম চিত আত্মীয়ৰ চিকিৎসা কৰি নাহৰকটীয়াৰ পৰা এখন গাড়ী চুৰি কৰি অৰুণাচললৈ গৈছিল। ইফালে কাজিখোৱাত এখন গাড়ী চুৰি কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ কুখ্যাত অপৰাধী বিমান। এ এম চিত চিকিৎসাধীন হৈ থকা বিমানৰ পৰা পিষ্টলসহ এডাল তাৰ জব্দ কৰিছে।
পশ্চিম দৰঙৰ সৰাবাৰীৰ ৰাইজ জল জীৱন মিচন আচনিৰ পৰা বঞ্চিত
ছিপাঝাৰ সমষ্টিৰ সীমামূৰীয়া গাওঁ নিজ সৰাবাৰী পানী যোগান আচনিৰ অন্তৰ্গত নিজ সৰাবাৰী আৰু বুঢ়াখাট গাওঁৰ গ্ৰাহক সকল ভাৰত চৰকাৰৰ জল জীৱন আচনিৰপৰা বঞ্চিত ৷ 1990 চনতে এম এম ৰ’ডৰ সমিপত স্থাপন কৰা সৰাবাৰী পানী যোগান আছনিৰ জৰিয়তে স্থানীয় ৰাইজক আৰ্ছেনিক মুক্ত খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ যথেষ্ট পৰিকল্পনা হাতত লৈছিল আৰু গাওখনৰ প্ৰত্যেকটো চুবুৰি পাইপেৰে সংযোগ কৰিছিল ৷ আনহাতে সেই পানীৰ পাইপ সমুহ অতি নিম্ন মানৰ হোৱা হেতুকে আচনিটোৰ পৰা চৰকাৰ বা ৰাইজ উপকৃত হোৱা নাছিল ৷ সেইসময়ত বিভাগীয় কৰ্তিপক্ষৰ লোকসকলে ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে হয়তো আচনিখন ফলপ্ৰসূ ন’হল ৷ সেই সময়ত অসম চৰকাৰে সকলো পানী যোগান আচনিত অৱৈতনিক ভাৱে এজন কৰ্মচাৰী নিয়োগ কৰিবলৈ নিৰ্দেশনা দিছিল আৰু মঙলদৈ জনস্বাস্থ্য কাৰিকৰী কাৰ্যলয়ে নিজ সৰাবাৰী ৰাইজক আৱগত কৰিছিল ৷ তেনে নিৰ্দেশনা অনুসৰি নিজ সৰাবাৰী গাওঁৰ ৰাইজ একত্ৰিত হৈ এখন গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰে আৰু সমিতিৰ জৰিয়তে এজন স্থানীয় ব্যক্তিক অৱৈতনিক ভাৱে নিয়োগ কৰিবলৈ সমিতিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু লগে লগে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সমিতি খনক নিজ সৰাবাৰী গাওখনত ঘৰুৱা পানী সংযোগ দিয়াৰ বাবে পৰামৰ্শ দিছিল ৷ সমিতিয়ে পৰামৰ্শ গ্ৰহন কৰি পানী টেপ সংযোগ দিয়াৰ ব্যৱস্থা গ্ৰহন কৰে ৷ নিজ সৰাবাৰীৰ পানী যোগান আচনিত অন্তভূক্ত হোৱা স্বত্বেও এই সকল নিজ সৰাবাৰী দক্ষিণ চুবুৰিৰ প্ৰায় ১০০ পৰিয়াল জল জীৱন আচনিৰ পৰা বঞ্চিত ৷ আজিও দক্ষিন চুবুৰিৰ লোকসকল ঘৰুৱা পানীৰ টেপ সংযোগ পোৱাৰ বাবে অপেক্ষাত ৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ঘৰে ঘৰে পানীৰ ব্যৱস্থাই হৱ বি জে পি চৰকাৰৰ এক মূলমন্ত্ৰ ৷ প্ৰধান মন্ত্ৰী মোদীয়ে যাতে জল জীৱন আছনিৰ জৰিয়তে আৰ্ছেনিক মুক্ত পানী জনসাধাৰণক ঘৰে ঘৰে যোগান ধৰিৱ পাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে ৷ এতিয়া প্ৰশ্ন হ’ল পুৰনি আচনিত অন্তভূক্ত হৈ থকা বা ঘৰুৱা পানীৰ সংযোগ থকা স্বত্বেও নিজ সৰাবাৰীৰ দক্ষিণ চুবুৰিৰ ১০০টা পৰিয়াল জল জীৱন আছনিৰ পৰা কিয় বঞ্চিত হ’ল ? চুবুৰিটোৰ লোকসকল পদূলিত ঠিয় দি আজিকোপতি পানীৰ পাইপৰ অপেক্ষাত ৷ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীক বাৰম্বাৰ জনোৱাৰ পিচতো নাই কোনো সহাৰি ৷ ইয়াৰ বাবে দায়ী কোন ? চৰাকৰ নে বিভাগীয় কৰ্তিপক্ষ ?
টেঙাখাত জাতীয় বিদ্যালয়ৰ শিক্ষকে ছাত্ৰীক পলুৱাই নি ৰঙা ঘৰৰ আলহী।
শিক্ষক সমাজক সকলোৱে সন্মান কৰে, আগশাৰীত স্থান দিয়ে। যেতিয়া শিক্ষকেই নিজৰ কামনা পূৰণৰ বাবে কিছুমান অনৈতিক কামত লিপ্ত হয় তেতিয়া এক প্ৰশ্ন উত্থাপন হয়।তেনে এক ঘটনাই সংঘটিত হৈছে টেঙাখাতত।টেঙাখাত জাতীয় বিদ্যালয়ৰ হিন্দী বিষয়ৰ এজন শিক্ষক বৈকুণ্ঠ বৰুৱাই বিদ্যালয় খনতে দশম শ্ৰেণীত অধ্যয়ন ৰত এগৰাকী ছাত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি ঘৰৰ অজ্ঞাতে পলুৱাই ৰাখিছিল দুদিন পূৰ্বে,পিছত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে গম পাই টেঙাখাত আৰক্ষী থানাত শিক্ষকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।যাৰ পৰিণতিত আজি শিক্ষক বৈকুণ্ঠ বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি Tengakhat P. S. Case No 110/2021 U/S 366 IPC গোচৰত জেললৈ প্ৰেৰণ কৰিছে।
হোৱাটছএপ আৰু ফেচবুক হ্ৰাস হোৱাৰ পিছত এই এপ্পটোৱে 70 নিযুত ব্যৱহাৰকাৰী অধিগ্ৰহণ কৰিছে
হোৱাটছএপৰ লোকচান সদায় টেলিগ্ৰামৰ বাবে লাভজনক চুক্তি হৈ আহিছে। হোৱাটছএপে শেহতীয়াকৈ এক বৃহৎ বিশ্বব্যাপী বিভ্ৰাটৰ সন্মুখীন হৈছিল, যি ছয় ঘণ্টাতকৈও অধিক সময় ধৰি চলিছিল, কিন্তু হোৱাটছএপৰ ডাউনৰ সমগ্ৰ সময়ছোৱাত, টেলিগ্ৰামে 70 নিযুত ব্যৱহাৰকাৰী যোগ দিছিল। সোমবাৰে সন্ধিয়া হোৱাটছএপৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰাম প্ৰায় ছয় ঘণ্টা বন্ধ আছিল।ছ’চিয়েল মিডিয়া জায়াণ্টে বিশ্বব্যাপী ৩.৫ বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীক প্ৰভাৱিত কৰা বিভ্ৰাটৰ বাবে এটা ত্ৰুটিপূৰ্ণ বিন্যাস পৰিৱৰ্তনক দোষাৰোপ কৰিছে। যদিও ফেচবুকৰ বিভ্ৰাটে কোম্পানীটোক আঘাত কৰিব পাৰে, ইয়াৰ প্ৰতিদ্বন্দী টেলিগ্ৰাম আৰু চিগনেল নিশ্চিতভাৱে এটা লাভজনক দিন আছিল।টেলিগ্ৰামে শেহতীয়াকৈ ১ বিলিয়নতকৈও অধিক ডাউনলোড লাভ কৰিছে আৰু ইয়াৰ ৫০০ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী আছে। কেৱল টেলিগ্ৰামেই নহয় কিন্তু হোৱাটছএপ আৰু ফেচবুক ৰ পৰা সংকেত বোৰ লাভান্বিত হৈছিল। যেতিয়া হোৱাটছএপৰ নতুন গোপনীয়তা নীতি নিৰন্তৰ পৰীক্ষাৰ অধীনত আছিল তেতিয়া মেচেজিং এপটোৱে ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত এক বৃদ্ধি দেখিছিল। টেলিগ্ৰাম আৰু চিগনেলক হোৱাটছএপতকৈ সুৰক্ষিত বিকল্প বুলি গণ্য কৰা হৈছিল।সেৱাসমূহ ঘণ্টাৰ বাবে স্থগিত থকাৰ সৈতে, ৱেব ব্যৱহাৰকাৰীসকলে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিল যে এইবাৰ এইটো কিবা গুৰুতৰ বস্তু যি ফেচবুকক প্ৰভাৱিত কৰিছিল। বহুতে অনুমান কৰিছিল যে চাইবাৰ আক্ৰমণে ফেচবুকক অফলাইনত আঘাত কৰিছিল, বা সম্ভৱতঃ এজন ফেচবুক কৰ্মচাৰীয়ে কোম্পানীৰ চাৰ্ভাৰটো তছনছ কৰিছিল। অৱশ্যে, ইণ্টাৰনেটে কেনেদৰে কাম কৰে তাৰ সৈতে অধিক পৰিচিত লোকসকলে সঠিকভাৱে স্বীকাৰ কৰিছে যে সমস্যাটো ফেচবুকৰ ডিএনএছ চাৰ্ভাৰ আৰু বিজিপিৰ (ফেচবুক ব্যৱহাৰ কৰা স্থানীয় পিয়াৰিং নেটৱৰ্ক)ৰ সৈতে আছিল।সমস্যাটোৰ মুখ্য আকৰ্ষণ আছিল যে ই ফেচবুকৰ গ্ৰাহকসকলক প্লেটফৰ্ম আৰু ইণ্টাৰনেটৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰি তুলিছিল। এইটো ইমান বিপদজনক আছিল যে আনকি ফেচবুকেও ইয়াক দীৰ্ঘদিন ধৰি চিনাক্ত কৰিব নোৱাৰিলে। সকলো ইলেক্ট্ৰনিক দুৱাৰ আৰু লক স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গৈছিল। যাৰ বাবে ফেচবুকৰ কৰ্মচাৰীসকলে ছাণ্টা ক্লাৰাত তেওঁলোকৰ চাৰ্ভাৰ ৰুমত প্ৰৱেশ কৰিব লগা হৈছিল।
আজি মহালয়াৰ ধৰালৈ নামিল মা দুৰ্গা
চাওঁতে চাওঁতে হেঁপাহৰ শাৰদীয় দুর্গা পূজা আহি পদূলিত। শৰতৰ মনোমোহা পৰিৱেশৰ মাজত দেৱী দুর্গাৰ আৰাধনা আৰম্ভ হ’বলৈ মাজত আৰু মাত্র কেইটামান দিন বাকী আছে যদিও শাস্ত্ৰ সন্মত ভাবে আজিৰ পৰা আৰম্ভ এই প্ৰক্ৰিয়া। ভাৰতীয় দর্শনমতে জীৱৰ জীৱনৰ এক গতিচক্র থাকে৷ এই গতিচক্র অন্ত পৰে মৃত্যুৰ পাছত৷ কিছু আত্মা পুনৰ পৃথিৱীলৈ ঘূৰি আহে যদিও মহান আত্মাসকলক ভগৱানে নিজৰ কাষত ৰাখে৷ মহালয়াৰ দিনটোত ইতিমধ্যে মৃত্যু হোৱা এই মহান লোকসকলৰ আত্মা ধৰালৈ নামি আহে আৰু তেওঁলোকৰ প্রতি শ্রদ্ধা আৰু পূজা কৰিবৰ বাবে এই মহালয়াৰ পালন কৰা হয়৷ হিন্দু ধর্মৰ লোকসকলে এই মহালয়াক পবিত্ৰ ভাবে পালন কৰা দেখা যায়। মহালয়াৰ অৰ্থ হল ‘মহা’ মানে ‘পৰম’ আৰু ‘লয়’ মানে বিলীন হোৱা।অৰ্থাৎ পৰমাত্মাত বিলীন হোৱা। আচলতে হিন্দু ধৰ্মত বহু মতবাদ পোৱা যায় এই মতবাদ অনুসৰি ‘লয়’ মানে তৰংগ(wave) অৰ্থাৎ য’ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়। তাৎপৰ্যটো হ’ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য’ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম-গতি পায়। সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়। হিন্দু ধৰ্ম মতে এই মহালয়াত আৰম্ভ হয় দুৰ্গোৎসৱৰ লগ্ন। ঘোঁৰাত উঠি মৰ্ত্যলৈ আগমন ঘটিল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ। আজিৰ এই দিনটোৰ পৰাই দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য।আজিৰ পৰা আৰম্ভ হয় নৱৰাত্ৰি পূজা।এই নৱৰাত্ৰি পূজাত দূৰ্গা দেৱীৰ নটা ৰূপৰ উপাসনা কৰা হয়৷ মা দূৰ্গাৰ এই নটা ৰূপ হ’ল- ১) শৈলপুত্ৰী ২) ব্ৰহ্মচাৰিনী ৩) চন্দ্ৰ ঘন্টা ৪) কুষ্মাণ্ডা ৫) স্কন্ধমাতা ৬) কাত্যায়ণী ৭) কালৰাত্ৰি ৮) মহাগৌৰী ৯)সিদ্ধিদাত্ৰী৷ এনে কাৰণতেই আজিৰ পৰা দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰে ভক্তগণ।সমগ্ৰ হিন্দু ধর্মৰ লোকসকলৰ মাজত পৰিলক্ষিত হয় মহালয়াৰ ব্যস্ততা। ঢাকৰ শব্দই ৰজনজনাই চৌদিশ। এই বিশেষ দিনটোত নৈৰ পাৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰে উত্তৰ প্ৰজন্মই। হিন্দু ধর্মমতে, মহালয়াৰ দিনটোতে দেৱ-দেৱীকুলে দুর্গাপূজাৰ বাবে নিজকে জাগ্রত কৰে। আজিৰ দিনটোতে গংগাতীৰত প্রার্থনা কৰি ভক্তসকলে মৃত আত্মীয়-স্বজন আৰু পূর্বপুৰুষৰ আত্মাৰ মংগল কামনা কৰে। আজিৰ দিনটোত পুৱতিনিশাৰ পৰাই সমগ্ৰ দেশৰ স্থায়ী দুর্গা মণ্ডপসমূহত চণ্ডীপাঠ আৰু পূজা-অর্চনাৰে দুর্গা দেৱীক আবাহিন কৰা হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, মহালয়াৰ জৰিয়তে ধৰালৈ আগমন ঘটে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ। পুৰাণৰ মতে, অশুভ অসুৰ শক্তিৰ ওচৰত পৰাভূত দেৱতাসকলে স্বর্গলোকচ্যুত হোৱাৰ পিছত চাৰিওফালে আৰম্ভ হয় অশুভ শক্তিৰ প্রতাপ। এই অশুভ শক্তি বিনাশ কৰিবলৈ একত্রিত হয় দেৱতাগণ। তেতিয়াই দেৱতাৰ তেজৰশ্মিৰ পৰা আৱির্ভাৱ হয় অসুৰবিনাশিনী দেৱী দুর্গাৰ। মহালয়াৰ সময়ত ঘোৰ অমাৱস্যা থাকে। তেতিয়াই দুর্গা দেৱীৰ তেজোদ্বীপ্ত আলোকত সেই অমাৱস্যা দূৰ হয়। প্রতিষ্ঠা লাভ কৰে শুভশক্তিয়ে। জনশ্ৰুতি অনুসৰি, হিমালয়ৰ কৈলাসৰ পৰা সুদূৰ পথেৰে প্রতিবছৰে দুর্গা দেৱী সমতল ভূমিলৈ নামি আহে। লগত আহে গণেশ, কার্তিক, লক্ষ্মী আৰু সৰস্বতী। প্রতিবছৰে শৰতকালত দেৱী দুর্গাৰ এই আগমন হয়। ষষ্ঠী পূজাৰে শাৰদীয় দুর্গোৎসৱৰ আনুষ্ঠানিকতা আৰম্ভ হ’লেও মূলতঃ আজিৰ পৰাই দুর্গা দেৱীৰ আগমনৰ ধ্বনি শুনিবলৈ পোৱা যায়। উল্লেখযোগ্য যে আজিৰ দিনটোতেই অস্থায়ী মৃন্ময় মা দূর্গাৰ প্ৰতিমা সমূহত চক্ষু দান দান কৰি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। মুঠৰ ওপৰত এই মহালয়া হিন্দু সকলৰ এক বিশেষ উৎসৱ।











