Breaking

আলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আটক এজন

0 2,015

চছিয়েল নেটৱৰ্কিং চাইট ফেচবুকত সক্ৰিয় হৈ পৰিছে নেকি আলফা (স্বাধীন)ৰ সদস্য ? এই প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। কাৰণ শেহতীয়াকৈ ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা কেইবাগৰাকীও যুৱক আটক হৈছে সোণাৰিত। চৰাইদেউ জিলাৰ সদৰ সোণাৰি তথা অসম নগালেণ্ড সীমান্তৰ নামতোলা হৈ আলফা স্বাধীনৰ শিবিৰলৈ বাট লোৱা কেইবাগৰাকীও যুৱক ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ জালত পৰিছে। আটকাধীন যুৱককেইজনে জানিবলৈ দিয়া অনুসৰি ফেচবুকত চিনাকি হৈ নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ হেঁচা দিছিল বহু  যুৱকক। শেহতীয়াকৈ আজি পুৱা ফেচবুকত চিনাকি হৈ আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ সোণাৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক  । আটকাধীন যুৱকজনৰ নাম দ্বীপজ্যোতি শইকীয়া। সেনাবাহিনীৰ পৰা লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অভিযান চলাই আজি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰপৰাই আটক কৰিলে যুৱকজনক। আটকাধীন যুৱকজনৰ ঘৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপপথাৰ গাঁওত বুলি জানিব পৰা গৈছে। আলফা (স্বা)ৰ সদস্যৰ ফেচবুক যোগে যোগাযোগ কৰি নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ আহিছিল যুৱকজন।আটকাধীন যুৱকজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত 206/2021 নম্বৰত গোচৰ ৰুজু কৰি  ভাৰতীয় দণ্ডবিধি আইনৰ  120 B/121/121A    R W 10/13/18 B  uA  (p)Act ৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে কেইটামান দিনৰ পূৰ্বেও ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা সাতজনকৈ যুৱকক আচাম ৰাইফলছৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছিল চৰাইদেউ আৰক্ষী। ইয়াৰ পৰিপ্ৰেক্ষিতত আছলতে আলফা স্বাধীনৰ সদস্য ফেচবুকত সক্ৰিয় হৈ থকাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।

Leave A Reply