Breaking

নগাঁৱৰ ৰাজনন্দিনী বৰাৰ সাফল্য

0 2,017

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৪ অক্টোবৰৰ নিশা সামৰনি পৰা এল কে ঈগলচ একাডেমিৰ দ্বিতীয় বাৰ্ষিক উত্তৰ পূৱ ভাৰত (মুকলি) টাইকোৱানডো চেম্পিয়নশ্বীপ কায়ৰ’জি আৰু প’মছে ২০২১ নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি নগাঁৱৰ কণমানি ৰাজনন্দিনী বৰাই চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজনন্দিনীয়ে ৮ বছৰৰ তলৰ কায়ৰ’জি শাখাত (২৬ কেজি) আৰু প’মছে ছোৱালীৰ চাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰিছে ৷ ৰাজনন্দিনীয়ে নগাঁও টাইকোৱানডো একাডেমিৰ ব্লেক বেল্ট চতুৰ্থ দান ৰাষ্ট্ৰীয় ৰেফাৰী জয়প্ৰকাশ শৰ্মাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ৰাজনন্দিনীয়ে ৰিভাৰডেল স্কুল নগাঁৱৰ কে জি ওৱানৰ ছাত্ৰী ৷ ৰাজনন্দিনী নগাঁৱৰ কামপুৰৰ ৰাজীৱ বৰা আৰু জ্যোতিৰ্ময়ী গগৈৰ কন্যা ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাত নগাঁও টাইকোৱানডো একাডেমিয়ে বাৰটা সোনৰ,আঠটা ৰূপৰ আৰু দহটা ব্ৰঞ্জৰ পদক লাভ কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষ্যম হৈছে ৷

Leave A Reply