Home Blog Page 2822

নগৰবেৰাৰ বদলা বজাৰত পৰ্যাপ্ত সাৰ যোগানৰ দাবীত কৃষকৰ প্ৰতিবাদ

নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বদলা-ৰাঙাপানী অঞ্চলত পথাৰত প্ৰয়োজনীয় সাৰ ছটিয়াব নোৱাৰি বিমোৰত পৰিছে শ-শ দুখীয়া জলকীয়া খেতিয়ক |খেতি কৰিব গৈ সাৰৰ অভাৱত শ’লঠেকত পৰিছে অঞ্চলটোৰ দুখীয়া কৃষক সকল  ,কৃষি বিভাগে যোগান ধৰা সাৰ পৰ্যাপ্ত নোহোৱাত চিন্তিত হৈ পৰিছে প্ৰতিজন কৃষক |আনহাতে একাংশ ক’লা ব্যৱসায়ীয়ে সুবিধা বুজি নিৰ্ধাৰিত দামতকৈ প্ৰতি বস্তা সাৰত দ্বিগুণ বা তাতোধিক দাম আদায় লোৱাত অন্য এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কৃষক সকল। স্মৰ্তৱ্য যে প্ৰতি বছৰে টুপামাৰী ,ৰংগেশ্বৰী, ভখুৰাদিয়া, বদলা-ৰাঙাপানী আদি অঞ্চলৰ কৃষকে শ-শ বিঘা মাটিত জলকীয়াকে আদি কৰি বাৰ মাহত তেৰটা খেতি কৰি ৰাজ্যৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত যঠেষ্ট অৰিহণা যোগাই আহিছে যদিও শেহতীয়াকৈ পৰ্যাপ্ত সাৰৰ অভাৱত বিমোৰত পৰিছে সংশ্লিষ্ট জলকীয়া খেতিয়ক সকল। উপায়বিহীন হৈ কৃষক সকল ৰাজপথলৈ ওলাই সাৰৰ মূল্য ৰাজহুৱা কৰা ,পৰ্যাপ্ত পৰিমানৰ সাৰ যোগান ধৰা আদি বিভিন্ন শ্ল’গান দি আজি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদৰ যোগেদি বদলা-ৰাঙাপানী অঞ্চলৰ কৃষক সকলে শীঘ্ৰে  চৰকাৰৰ কৃষি বিভাগক সুলভ মূল্যৰ জৰিয়তে পৰ্যাপ্ত পৰিমানৰ সাৰৰ দিহা কৰিবলৈ দাবী জনাইছে। 

‍’ আজাদী কা অমৃত মহোৎসৱ ‘ উপলক্ষে Export Enclaveৰ আয়োজন

আজাদী ক্যা অমৃত মহোৎসৱ উপলক্ষে ওদালগুৰি জিলা বানিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা এক্সপোৰ্ট কনক্লেভ ২৪ ছেপ্তেম্বৰত  জিলা খনৰ ডিআৰডিএৰ সভা গৃহত অনুস্থিত  হৈ যায় ৷উক্ত সভাত জিলা উপাযুক্ত ডা: পি উদয় প্ৰবীন, জিলা উদ্যোগ বানিজ্য কেন্দ্ৰৰ জেনেৰেল মেনেজাৰ তথা  জি এম  ধীৰেশ্বৰ কছাৰী, জিলা ৰেচম বিভাগৰ উপ সঞ্চালক নৰেন মালাকাৰ, ভাৰত চাহ বৰ্ডৰ জিলা বিষয়া অনুপম বেজবৰুবা, টেনজিন বডোছা, জিলা এস্কটেন  বিষয়া, ডিআই আৰু চিচি বিষয়া নেপলিয়ন নাৰ্জাৰী লগতে জিলা খনৰ বিভিন্ন অঞ্চলৰ বহু উদ্যোগী উপস্থিত আছিল। জিলা উদ্যোগ  বানিজ্য কেন্দ্ৰ  পৰিচালক গৰাকীয়ে জানিব দিয়া মতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে সমগ্ৰ  দেশৰ ৭৫ তম স্বাধীনতা দিবস উপলক্ষে আজাদী কা মহোৎসব প্ৰতিখন জিলাত জিলাৰ মুখ্য স্থানত ২০ ছেপ্টেম্বৰ পৰা ২৬ ছেপ্টেম্বৰলৈ ব্যানিজ্য সপ্তাহ, ২১ ছেপ্টেম্বৰ পৰা ২২ ছেপ্টেম্বৰলৈ ব্যানিজ্য উৎসব, ২৪ ছেপ্টেম্বৰ পৰা ২৬ ছেপ্টেম্বৰলৈ  এস্কপ্ৰট কনক্লেভ আৰু দেশ খনৰ ১০০ খন  মেগা ইভেন নিৰ্বাচিত জিলাত  এদিনীয়া  বিভিন্ন কায্যসুচীৰে অযোজন কৰা হৈছে। সেয়ে ২৪ছেপ্তেম্বৰত অসমৰ নিৰ্বাচিত জিলা হিচাপে কামৰূপ মেট্ৰ জিলাত আৰু ওদালগুৰিত এক্সপোৰ্ট কনক্লেভ আযোজন অনুস্থিত হয়।লগতে তেওঁ ওদালগুৰি জিলা খনত অৰ্থদছ চাহ ব্লেক আৰু গ্ৰীন চাহ আৰু এৰি ইৰ্যা ফেব্ৰিক উৎপাদিত দু-বিধক ৰপ্তানি জাত সামগ্ৰী হিচাপে চিহ্নিত কৰা বুলি উল্লেখ কৰে।

উক্ত অনুস্থানৰ লগত সংগতি ৰাখি জিলা খনত অৰ্থদছ চাহ আৰু ৰেচম শিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন প্ৰদৰ্শনী আয়োজন কৰে।প্ৰদৰ্শখনিত অৰ্থদছ চাহ পেকেজিং(বৰঙ্গাবাৰী), মুগাশ্ৰী হাইনাই(শিমলুগুৰি  বৰিগাঁও),  মঙ্গলশ্রী গয়াৰী, অনছুমাই বসুমতাৰী( পুৰণি গৰৈমাৰী),  মাইথালি বড়ো, জুলিকা বাগলাৰী, দীপ্তি দৈমাৰী(নলবাৰী) বহু গৰাকী লোকে উৎপাদিত সামগ্ৰীৰে অংশ গ্ৰহণ কৰে। প্ৰদৰ্শনীত বিটিআৰ কাৰ্য্যবাহী  সদস্য ডঃ নিলোৎপল স্বৰ্গীয়াৰী উপস্থিত হৈ অনুপ্ৰেৰণা যোগোবাৰ লগতে বহু কেইবিধ সামগ্ৰী ক্ৰয় কৰে। প্ৰদৰ্শনীত জিলা খনৰ বিভিন্ন অঞ্চলৰ শ শ লোকে ভিৰ কৰাদেখিবলৈ পোৱা গৈছে 

লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

 ২৮ ছেপ্টেম্বৰত  মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বটালিমাৰী গাঁৱৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভূৰাগাঁও অঞ্চলত চলি আছে গাঞ্জা, ড্ৰাগছৰ ৰমৰমীয়া বেহা। একাংশ অসাধু ব্যৱসায়ীয়ে ড্ৰাগছ, গাঞ্জাৰ বেহাৰ যোগেদি ভূৰাগাঁও অঞ্চলৰ যুৱ প্ৰজন্মক ঠেলি দিছে ধ্বংসৰ গৰাহত।  দৰং জিলাৰ পৰা ভূৰাগাঁও অঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ,গাঞ্জা। 

ফাইলেৰিয়াত আক্ৰান্ত ওদালগুৰিৰ ১নং আমজুলীৰ লাল বাহাদুৰ বস্নেত

ওদালগুৰি জিলাৰ হৰিশিঙা থানা অন্তৰ্গত  ১ নং আমজুলিৰ শিঙৰী বস্তি নিবাসী পিতা মদন বস্নেত আৰু মা জানুকী বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেত (২২) যোৱা তিনি-চাৰি বছৰৰ পৰা ফাইলেৰিয়া ৰোগত আক্ৰান্ত হৈ চলা ফুৰা কৰিব নোৱাৰা অৱস্থাত বৰ্তমান ঘৰতে বহিব লগীয়া হৈছে। এজন পুত্ৰ আৰু দুজনী ছোৱালীৰ পিতৃ মদন বস্নেত দিন হাজিৰা কৰি যেনেতেনে পৰিয়াল চলাই আছে যদিও পুত্ৰৰ চিকিৎসাৰ বাবে ঘৰত থকা সকলো স্থাবৰ অস্থাবৰ সম্পত্তি বিক্ৰী কৰিও কোনো উপকাৰ নোহোৱাত বৰ্তমান মদন বস্নেতৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। পুত্ৰ লাল বাহাদুৰৰ চিকিৎসাৰ বাবে তেজপুৰ আৰু গুৱাহাটী মেডিকেল হস্পিটালত গৈও কোনো সুফল নোপোৱাত  বৰ্তমান  ভীষণ আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে।  লাল বাহাদুৰৰ সো ভৰিখন ফুলি ডাঙিব নোৱাৰা অৱস্থাত ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত  ঘৰৰ উপাৰ্জন কৰিব নোৱাৰি বৃদ্ধ পিতৃয়ে যেনেতেনে ইফাল সিফাল দিন হাজিৰা কৰি পৰিয়াল চলাব লগীয়া হোৱাত স্থানীয় জনপ্ৰতিনিধিকে ধৰি সদাসয় ৰাইজৰ পৰা সহায়ৰ হাত বিছাৰিছে। অতিকৈ দুৰ্গম ক্ষেত্ৰৰ বাসিন্দা লাল বাহাদুৰ বস্নেতে দশমশ্ৰেণী পঢ়ি থকা অৱস্থাতে স্কুলৰ পদুলী এৰি চিকিৎসালয়ৰ পদুলী পদুলী যাব লগা হোৱাত সিমানতে লিখামেলা সামৰিব লগা হৈছে। দুখীয়াৰ বাবে  সহায় সহযোগ কৰা বিভিন্ন আচনী চৰকাৰৰ ভৰালত থাকিলেও আজিলৈকে কোনো চৰকাৰে লাল বাহাদুৰক সহায়ৰ হাত আগ বড়োৱা নাই।।স্থানীয় বিধায়ক তথা বি টি চিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়েও আজিলৈ কোনোৱেও সহায় কৰা নাই যদিও লাল বাহাদুৰে বিধায়ক তথা উপ মুখ্য কাৰ্য্যবাহীৰ পৰা নিশ্চয় সহায় সহযোগ পাম বুলি আশা পুহি ৰাখিছে।      লাল বাহাদুৰৰ ফাইলেৰিয়া ৰোগৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, উপ সভাপতি দেৱৰাজ নেউপানে, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ সভানেত্ৰী হিৰা মিশ্ৰ, সাধাৰণ সম্পাদিকা তমন্না শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদিকা হিৰা ছেত্ৰী, কুন্দৰবিল শাখা সমিতিৰ সভাপতি টংক সোনাৰী আদি  লাল বাহাদুৰ বস্নেতৰ ঘৰলৈ গৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। উক্ত ফাইলেৰিয়া বেমাৰৰ খবৰ বিয়পোৱাৰ লগে লগে ওদালগুৰি স্বাস্হ্য বিভাগৰ দল এটি ১নং আমজুলীৰ শিঙৰী বস্তিত উপস্থিত হৈ বেমাৰৰ নমুনা সংগ্ৰহ কৰি লেব্ৰেটৰীলৈ প্ৰেৰণ কৰিছে।  ঘৰৰ উপাৰ্জন কৰা একমাত্ৰ পিতৃও বৰ্তমান বয়স হোৱাত লাল বাহাদুৰৰ অৱস্থা অতিকৈ শোচনীয় হোৱাত শিঙৰী বস্তিৰ ৰাইজে কিছু সহায় সহযোগ কৰিছে যদিও উক্ত সহযোগে কোনো সমাধান নোহোৱাত পৰিয়াল বৰ্গই অসমৰ স্বাস্থ্য মন্ত্ৰীৰো সহায় বিছাৰিছে‌ মদন বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেতে। তাৰোপৰি যদি কোনোবা সদাসয় ব্যক্তিয়ে সহায় সহযোগ কৰিব বিছাৰিলে একাউন্ট নম্বৰ-34842637700 SBIN0007947 Udalguri Branchত কিছু সহায় বড়োৱাৰ লগতে তেওঁৰ ফোন পে নম্বৰ 8753940531ত সহযোগ কৰিবলৈ সদাসয় ৰাইজৰ পৰা সহযোগৰ আশা ৰাখিছে।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে। লকডাউনৰ সময়ত ক’ভিড পৰিস্থিতিক লৈ নিৰ্মাণ কৰা ‘নিয়তি’ শীৰ্ষক ছুটি ছৱিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ‘ইণ্ডো ফ্ৰেঞ্চ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত অনলাইনযোগে অংশ লৈছিল পাহাৰীয়ে অভিনয় কৰা ‘নিয়তি’ ছুটি ছৱিখনে। বিশ্বৰ কেইবাখনো দেশে অংশ লৈছিল এই চলচ্চিত্ৰ মহোৎসৱত। ডিব্ৰুগড়ৰ লক্ষীনগৰৰ হৰেশ্বৰ বৰি আৰু দীপামনি বৰিৰ কন্যা পাহাৰী ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। এক সংস্কৃতিৱান পৰিয়ালত ডাঙৰ-দীঘল হোৱা পাহাৰীয়ে ইতিমধ্যে কেইবাটাও ক’ভাৰ ভিডিঅ’ আৰু গীতত কন্ঠদান কৰিছে। কোনোধৰণৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা নথকা পাহাৰীয়ে জ্যেষ্ঠ ভাতৃ মিগম বৰিয়ে ঘৰতে স্থাপন কৰা ষ্টুডিঅ’ত সংগীতৰ অনুশীলন কৰি আহিছে। ডিব্ৰুগড়ৰ গজেন পাংগিঙৰ প্ৰযোজনাত নিৰ্মিত ছুটি ছৱিখনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মান লাভ কৰাৰ খবৰে স্বাভাৱিকতে সাংস্কৃতিক মহলক উৎফুল্লিত কৰিছে।

হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত ১৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হাউলীস্থ বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ যৌথ উদ‍্যোগত হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰতকালিৰে পৰা জিলাখনৰ নিৰ্বাচিত পচিশ জনকৃষি সামগ্ৰী ব‍্যৱসায়ীসকলৰ বাবে এটি পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে। শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনৰ পৌৰাহিত‍্যত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা কৃষি সঞ্চালক অৰুণ হাজৰিকা আৰু মহকুমা কৃষি বিষয়া পৰিক্ষীৎ বায়নে। উদ্বোধনী ভাষণত জিলা কৃষি সঞ্চালক অৰুণ হাজৰিকাই কৃষি সামগ্ৰী ব‍্যৱষায়ীসকলক নিজৰ ব‍্যৱসায় সততাৰে আৰু নিষ্ঠাৰে আগবঢ়াই নিবলৈ আহ্বান জনায়।বৰপেটা জিলাত কৃষি সামগ্ৰী বিশেষকৈ সাৰৰ অনিয়ম আৰু বেমেজালি থকাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে।আনহাতে কৃষি বিষয়া পৰিক্ষীৎ বায়নে চৰকাৰৰ দ্বাৰা পৰিকল্পিত এই প্ৰশিক্ষণে কৃষি সামগ্ৰী ব‍্যৱষায়ীসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অভিজ্ঞ পাৰদৰ্শী ব‍্যক্তি সকলে বিভিন্ন বিষয়ত প্ৰদান কৰিবলগীয়া প্ৰশিক্ষণত মনোযোগ দিবলৈ আহ্বান জনায়।উল্লেখ‍্য যে উক্ত প্ৰশিক্ষণত জিলাখনৰ নিৰ্বাচিত ২৫ জন কৃষি সামগ্ৰী ব‍্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত এনেকুৱা আৰু প্ৰশিক্ষণ অনুষ্ঠিত হব বুলি শস‍্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে    জানিবলৈ দিয়ে। উদ্বোধনী অনুষ্ঠান টো আঁত ধৰে ভূমি বিজ্ঞান বিশেষজ্ঞা চাবিনা আহমেদে।

ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথ পকীকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ।

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ  এলেকাধীন ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথৰ কোৰাচৰ তলৰ চ’কৰ পৰা পূৱ দিশেৰে জানোপাৰ ২ নং  নিমুৱা লাটিমা  হৈ চিলিং সংলগ্ন প্ৰায় তিনি কিলোমিটাৰ পথ  স্বাধীনতা ৭৫ বছৰ পিছতো পকীকৰণ নোহোৱাত আজি দুপৰীয়া ভাগত স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি ক্ষোভ প্ৰকাশ কৰে। গাঁৱখনৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলা এই পথছোৱা পকীকৰণ দাবীত ৰাজপথলৈ ওলাই আহি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গান দিয়ে। লগতে প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ হুছেইনে ভাষণ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ  পিতৃৰ গৃহ গাঁৱৰ লাটিমাৰ পৰা মাত্ৰ দুই কিলোমিটাৰ আঁতৰ গাঁৱখনৰ একমাত্ৰ পথছোৱা আজি পৰ্যন্ত পকীকৰণ নোহোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। লগতে নেতাগৰাকীয়ে কয় যে উক্ত পথছোৱা এজাক বৰষুণতে বোকা-পানী একাকাৰ হোৱা উপৰিও পথছোৱাৰে ছাত্ৰ-ছাত্ৰী ,পথচাৰী আৰু বেমাৰ -আজাৰ হোৱা ৰোগী অহা -যোৱা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ অহাৰ সমস্যা শীঘ্ৰে আঁতৰাবলৈ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে। পিছে এই ক্ষেত্রত বিধায়ক বৰুৱাই কি ভুমিকা গ্ৰহণ কৰে সেয়া সময়হে ক’ব পাৰি। ইফালে ঘগ্ৰাপাৰ যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আনোৱাৰ হুছেইনে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ব্লকত শেহতীয়াভাৱে এম জি এন্ ৰেগা,চতুৰ্দশ বিত্তীয় আয়োগ,অনময় আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰে মাস্ক -ছেনিটাইজাৰ বিতৰণতো ব‍্যাপক দুৰ্নীতি-সংঘটিত হোৱা লগতে বিভিন্নখন  আঁচনিৰ কাম -কাজ পৰিচালনাত ব‍্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিয়োগ তুলিছে। ইপিনে বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ন টা গাঁও পঞ্চায়তৰ অধিকাংশতে বিগত দিনত এম জি এন্ ৰেগা, চতুৰ্দশ বিত্তীয় আয়োগৰ  আঁচনিত ব‍্যাপক খেলিমেলি হোৱাৰ উপৰিও নিৰ্মাণত নিম্নগামী কাম কৰি চৰকাৰী ধন  একাংশ পঞ্চায়ত সভাপতি,-সচিব, কনিষ্ঠ অভিযন্তা,আৰু নিৰ্মাণ সমিতিৰ সভাপতিয়ে মিলি হজম কৰাৰ তথ্য পোহৰলৈ আহিছে বুলি যুৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে অভিযোগ তুলিছে।লগতে যুৱ ছাত্ৰ পৰিষদে ইয়াকো কয় যে এই সমুহ দুৰ্নীতি -অনিয়মৰ বিৰুদ্ধে চৰকাৰ ,স্থানীয় প্ৰশাসন আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই শীঘ্ৰে ব‍্যৱস্থা গ্ৰহণ নকৰিলে, সংগঠনটোৱে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সহায়োগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

যুৱনেতা ময়ুৰ বৰগোহাঁইক নাজিৰাৰ অৰ্দ্ধশতাধিক দল সংগঠনৰ সম্বৰ্ধনা

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ শিৱসাগৰ জিলাৰ নৱনিযুক্ত সভাপতি ময়ুৰ বৰগোহাঁইক নাজিৰাত প্ৰায় অৰ্দ্ধশতাধিক দল সংগঠনে সম্বৰ্ধনা জনায়। স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ উদ্যোগত নাজিৰা মিলন মন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটো সভাপতিত্ব কৰে আশ্ৰয়ৰ সভাপতি গোপাল বৰুৱাই। স্বেচ্ছাসেৱী সংগঠনটোৰ হৈ মুনীন্দ্ৰ নাথ শইকীয়াই আঁত ধৰা তথা অসমী গগৈ বৰুৱাই আদৰণি ভাসন আগবঢ়োৱা অনুষ্ঠানটোত সম্ভাৱনাময় যুৱ নেতা জনক নাজিৰা মহকুমাৰ প্ৰায় পঞ্চাশৰো অধিক দল সংগঠনে সম্বৰ্ধনা জনায়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি যুৱনেতা জনে কয় যে নাজিৰাৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ সদায় প্ৰতিশ্ৰুতিবদ্ধ। ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকিও নাজিৰাৰ আৰ্থসামাজিক উন্নয়নৰ হেতু সদায় কাম কৰি যাব। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছতেই স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ মূখ্য আহ্বায়ক পদৰপৰা যুৱনেতা জনে উক্ত অনুষ্ঠানতে পদত্যাগ কৰে। স্বেচ্ছাসেৱী সংগঠনটোক সদায় ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকি নিকা আৰু স্বচ্চতাৰে নাজিৰা বাসীৰ হৈ কাম কৰি যাবলৈ বৰগোহাঁইয়ে পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট লেখক তথা অধ্যাপক ডঃ জীৱন কলিতা, সমাজকৰ্মী তথ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন শৰ্মা,সমাজকৰ্মী ৰাজেশ দত্ত, প্ৰবীণ সাংবাদিক তথ সাংস্কৃতিক কৰ্মী অনুজ ৰাজখোৱা আদিকে কৰি আন ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বৃহত্তৰ চতিয়াৰ বালিজান পাতৰবস্তি খেলপথাৰত মুকলি ঝুমইৰ প্ৰতিযোগিতা

বিশ্বনাথ জিলাৰ চতিয়াস্থিত বালিজান পাতৰবস্তি খেলপথাৰত যোৱা ৰবিবাৰে ‘হনুপাম-বালিজান ২নং টঙীয়াবাসী যুৱক-যুৱতীৰ উদ্যোগত ৫ম বাৰ্ষিক মুকলি ঝুমুইৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱাৰ ভাগত জাতীয় ধ্বজা উত্তোলন কৰে সদৌ অসম পাতৰ সমাজ,পাতৰ সমাজৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক কৃষ্ণ পাতৰে আৰু শ্ৰদ্ধাঞ্জলি বেদীত মাল্য তৰ্পন কৰে সদৌ অসম পাতৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডিম্বেশ্বৰ পাতৰে আৰু লক্ষিনাৰায়ণ পাতৰে। ঝুমইৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি সভাৰ অনুষ্ঠিত হয়। ঝুমইৰ আখড়া মুকলি কৰে  মহিলা জিলা সমিতি,পাতৰ সমাজ মকৰমণি পাতৰ আৰু সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতি,পাতৰ সমাজ ৰূপলাল পাতৰ । চাহ জনগোষ্ঠীৰ লোক সংস্কৃতি ঝুমুইৰ অনুষ্ঠানটিৰ মুখ্য বক্তা প্ৰধান শিক্ষক হনুপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বকুল চন্দ্ৰ সুতে কৰম পৰৱ আৰু ঝুমুইৰ শীৰ্ষক বিষয়ৰ ওপৰত এক বৃস্তিত বাখ্যা আগবঢ়াই। ইয়াৰ উপৰিও অসমীয়া সংস্কৃতিত ঝুমুইৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য ৰাখি পূৱ নাগশংকৰ মণ্ডল সমল ব্যক্তি জিতেন পাতৰে কয় যে অসমীয়া সংস্কৃতিত ঝুমইৰৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য ৰাখে। এই প্ৰসংগত কয় যে, যিহেতু অসমৰ হাৱা পানী সেৱন কৰি যুগ যুগ ধৰি বসবাস কৰি অহা হৈছে,তেনে পৰিপ্ৰেক্ষিতত বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ অৱদান যথেষ্ট বুলি কোৱাৰ লগতে অসম খনেও আমাৰ ঝুমুইৰ সংস্কৃতিক অসমীয়া সংস্কৃতি হিচাপে আকোঁৱালি লোৱা বাবে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ‘চামেলি মেম চাহাব’ বোলছবিত ঝুমইৰ গীতৰ প্ৰসংগ, ২০২০ বৰ্ষৰ গণতন্ত্ৰ দিৱসত দিল্লী দৰবাৰত ঝুমুইৰক অসমৰ হৈ প্ৰদৰ্শন কৰা, অসমৰ বৰ্তমানৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত প্ৰমূখ্যে অন্যান্য শিল্পী সকলে ঝুমুইৰ গীত-নৃত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ স্বীকৃতি দিছে।

আনহাতে দ্বিভাষিক অসমীয়া শিল্পীসকলেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  ঝুমুইৰ প্ৰদৰ্শন কৰি সন্মান দিছে। অসম চৰকাৰেও “কৰম পৰৱ” দিনা চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাটো এই সংস্কৃতিটোক সন্মান প্ৰদান কৰিছে বুলি উল্লেখ কৰে। এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে বিশিষ্ট চাহ খেতিয়ক তথা বিশ্বনাথ জিলা পাতৰ সমাজ সভাপতি হৰুৰাম দেৱৰাম পাতৰ বিশিষ্ট অতিথি নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষ‌য় শিক্ষক ওমপ্ৰকাশ মহাতী, প্ৰাক্তন আটছা নেতা গনেশ তচা, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক  তথা বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেণ পাতৰসহ অঞ্চলটিৰ বহু কেইগৰাকী জেষ্ঠ গন্য মান্য ব্যক্তি উপস্থিত থাকে । মুকলি ঝুমুইৰ প্ৰতিযোগিতাৰ বিচাৰক সাংস্কৃতিক কৰ্মী নৰেন পানতাঁতি,নাৰায়ণ দাস,শিক্ষক প্ৰাণনাথ পাতৰ আৰু সমাজ কৰ্মী লক্ষিনাৰায়ণ পাতৰৰ বিচাৰকৰ দ্বাৰা বিচাৰ কৰা ৯ টা কৈ ঝুমুইৰ দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম বিজয় দলৰ স্থান দখল কৰে তেজালপট্টি চাহ বাগিচা ঝুমইৰ দল,২য় শ্ৰেষ্ঠ দল বৰপাম পাতৰবস্তি ঝুমুইৰ দল ৩য় শ্ৰেষ্ঠ দল বৰপাম ঝুমইৰ দল আৰু ধূলি চাহ বাগিছা ঝুমুইৰ দল। ইয়াৰ উপৰিও শ্ৰেষ্ঠ ঢুলীয়া বৰপাম পাতৰ বস্তিৰ কিৰণ পাতৰ ,বৰপামৰ অঞ্জনা ভূমিজ শ্ৰেষ্ঠ নাচনী আৰু তেজালপট্টী চাহ বাগিচাৰ শ্ৰেষ্ঠ ৰচিকৰ বঁ‌টা গ্ৰহণ কৰে বিচেম্বৰ কৰ্মকাৰে।

বানপীড়িত অঞ্চলসমূহত অমিত শ্বাহৰ ‘দুৰ্যোগ মিত্ৰ যোজনা’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (অমিত শ্বাহ) আজি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এনডিএমএ) ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্বোধন কৰে। এই বছৰৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়বস্তু হৈছে ‘হিমালয় অঞ্চলত দুৰ্যোগঘটনাৰ বিস্তৃত প্ৰভাৱ’। অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ১৭ বছৰত দেশত দুৰ্যোগ ব্যৱস্থাপনাৰ ইতিহাস সলনি কৰিছে আৰু সমগ্ৰ দেশৰ সংবেদনশীলতাক দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে সংযুক্ত কৰাৰ বাবে কাম কৰিছে। অমিত শ্বাহে ‘দুৰ্যোগ মিত্ৰ যোজনা’ আৰম্ভ কৰিছিল আৰু কৈছিল যে এই উৎক্ষেপণে বানপীড়িত অঞ্চলত আৱদ্ধ লোকসকলক ছেকেণ্ডত সহায় কৰিব। দুৰ্যোগ মিত্ৰ ধাৰণাসন্দৰ্ভত তেওঁ কয় যে যদি কোনো অঞ্চলত দুৰ্যোগৰ খবৰ সোনকালে জনাব লাগে, তেন্তে কেৱল মানুহেহে এইটো কৰিব পাৰে, কেৱল দুৰ্যোগবন্ধুসকলেহে গাওঁসমূহত এইটো কৰিব পাৰে। আদমী মিত্ৰৰ ধাৰণাটো অতি ভাল, দুৰ্যোগৰ বাবে ৰাইজক প্ৰস্তুত কৰাটো গুৰুত্বপূৰ্ণ। অমিত শ্বাহে লগতে কয়, “২৫ খন ৰাজ্যৰ ৩০ খন বানপানীত আক্ৰান্ত জিলাত পৰীক্ষামূলকভাৱে দুৰ্যোগ মিত্ৰ আৰম্ভ কৰা হৈছে। ইয়াত ৫৫০০ দুৰ্যোগ বন্ধু আৰু দুৰ্যোগ বন্ধু যোগ দিয়া হৈছে। এতিয়া দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৩৫০ খন জিলাত দুৰ্যোগ মিত্ৰ আঁচনি ৰূপায়ণ কৰিবলৈ গৈ আছে।