Home Blog Page 2823

আৱৰ্জনাৰ পাহাৰ সদৃশ নলবাৰীত এটা দুৰ্গন্ধময় অঞ্চল

নলবাৰী চহৰৰ উত্তৰ পাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা অঞ্চল। নলবাৰী গণেশ মন্দিৰৰ পৰা প্ৰায় দুই মিটাৰ মান নিলগৰ পাগলদিয়া নদীৰ কাষত থকা অঞ্চলটো পৰিনত হৈছে আৱৰ্যনাৰ পাহাৰ সদৃশ পৰিবেশৰ।লগতে এই আৱৰ্জনাৰ পৰা ওলোৱা দূৰ্গন্ধয় গোটেই অঞ্চলটোয়ে প্ৰদূষিত কৰি তুলিছে।নিকটৱৰ্তী গাওঁ সমূহত থকা লোকসকলে এই স্থানীয় সমস্যটোক লৈ চিন্তিত হৈ পৰিছে।কিয়নো,এই স্থানীয় সমস্যাটোৱে সময়ত আঞ্চলিক আৰু গোলকীয় সমস্যাত পৰিনত হব পাৰে।এই অঞ্চলটোৰে গাড়ীৰে অতিক্ৰম কৰি গলেও নাক বন্ধ কৰিহে যাব লগা হয়।লগতে পৰিলক্ষিত হয় যে স্থানিয় লোকৰ বহুতো জীৱ-জন্তু গৰু-ছাগলী আদিয়ে এই দূষিত তথা অপৰিস্কাৰ সামগ্ৰী বোৰ ভক্ষন কৰিছে।যিটোৱে এই জীৱকুললৈ অশানি সংকেট কঢ়িয়াই আনিছে।কিন্তু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসন তথা পৌৰ সভাৰ এক গুৰুত্বপূৰ্ন ভুমিকা বহন কৰিব লাগিছিল যদিও তেনে ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই।নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত কৃষ্ণচূড়া,ৰাধাচূড়া আদি গছপুলি ৰূপোন কৰি যি এক নান্দনিক পৰিৱেশৰ সপোন ৰচিছে এই পৰিৱেশে যে সেই সপোন বাস্তৱত ৰূপায়ন নকৰে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলিছে অৰাজকতা

ওদালগুৰি জিলাৰ পূব প্ৰান্তত অৱস্থিত মাজবাট বিধানসভা সমষ্টিৰ অন্যতম পৰিচিত ঠাই ওৰাং । এই ওৰাং অঞ্চলৰ কেইবাখনো গাঁওৰ ৰাইজৰ ভৰসা । প্ৰায়ে এই অঞ্চলৰ দুই লাখ ষাঠি হেজাৰৰ  একমাত্ৰ নিৰ্ভৰযোগ্য  স্বাস্থ্য কেন্দ্ৰটো হল-ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত স্বাস্থ্যৰ প্ৰতি আগৰ চৰকাৰৰ তুলনাত অধিক গুৰুত্ব প্ৰদান কৰি অহা সময়তে উক্ত ওৰাং চিকিৎসালয়ৰ কৰ্মৰত  চিকিৎস্যক ,চিকিৎসা বিষয়া  স্বাস্থ্য কৰ্মী সকলৰ সেৱাই  এই বৃহত্তৰ ওৰাং অঞ্চলৰ ৰাইজৰ লগতে সচেতন মহল , বিভিন্ন দল সংগঠনক আদি সকলোকে হতভম্ব কৰি তুলিছে ।উক্ত চিকিৎসালয়ৰ চিকিৎসক  ও বহু স্বাস্থ্য বিষয়া  কৰ্মী সকলে নিয়মীয়া উপস্থিত নোহোৱাৰ ফলত অঞ্চলৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উক্ত অঞ্চলৰ ভুক্তভোগী ৰাইজে দিয়া অভিযোগ মৰ্মে চিকিৎসক ,নাৰ্ছ সকল সময় মতে আহি উপস্থিত হোৱাৰ পৰিবৰ্তে নিজ খেয়াল খুছি মতে কোনোবাই ১০ :৫০ কোনোবাই আকৌ ১১:২০ এনেকৈ নিজ ইচ্ছা অনুযায়ী চিকিৎসালয়ত প্ৰৱেশ কৰাত বহুতো ৰোগী আৰু ৰোগীৰ আত্মীয় সকলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । ওৰাং চিকিৎসালয়ত চিকিস্যক ,নাৰ্ছ সকলে দীৰ্ঘদিন ধৰি অৰাজকতা চলাই অহাৰ পিছতো উক্ত চিকিৎসালয়ৰ  পৰিচালনা কমিটিৰ নীৰৱ নিৰ্বিকাৰই  ভূমিকা লজ্জিত কৰিছে ওৰাং অঞ্চলৰ সচেতন মহলক ।

উল্লেখযোগ্য যে যোৱা কেইবাদিন আগতে উক্ত চিকিৎসালয়ত  উপস্থিত হৈ ওদালগুৰি জিলা উপায়ুক্ত গৰাকীয়েও দৈনিক চিকিৎসালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে  চিকিৎসালয়ৰ সকলো দিশতে  তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনোৱাৰ সত্বেও উক্ত চিকিৎসা লয়ত চলা চুড়ান্ত অৰাজকতাই বিভাগীয় কৰ্তৃপক্ষৰ আচল স্বৰূপ উদঙাই দিয়াৰ লগতে অকৰ্মন্য  পৰিচালনা কমিটিৰো আচল ৰূপ উদঙাই দিছে ।  সমগ্ৰ ওৰাং অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰকো ওৰাং স্বাস্থ্য কেন্দ্ৰত চলি অহা অৰাজকতাৰ ওপৰত চকু দি সাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰি দিয়াৰ পোষকতা কৰে ।লগতে চিকিৎসালয় খনৰ পৰিচালনা কমিটি নতুনকৈ গঠন কৰিবলৈ ওৰাং অঞ্চলৰ সচেতন মহলে দাবী জনায় । জানিবলৈ পোৱা মতে প্ৰায়ে ১৫ দিন মান আগত বিটিচি ইএম নিলোৎ স্বৰ্গীয়াৰীয়ে উক্ত ওৰাং চিকিৎসালয়ত উপস্থিত হৈ মুখ্য দ্বাৰ মুখত ৰাইজৰ ,ৰোগী সকলৰ অসুবিধা হোৱাকৈ পাৰ্কিং কৰা চিকিৎসক ৰাভাৰ বিলাসী গাড়ী তাত পাৰ্কিং কেতিয়াও নকৰিবলৈ কোৱাৰ পিছতো চিকিৎসা লয়ত প্ৰৱেশ কৰা মুখ্য দ্বাৰত ৰোগী সকলৰ অসুবিধা হোৱাকৈ বিলাসী গাড়ী খন  তলত ৰাখি আহিছে । যদিও  পৰিচালনা সমিতিৰ  গাফিলতি আদিৰ বাবে আজিলৈ ৰহস্য আৰু আশ্বৰ্যজনক ভাবে ৰোগী সকলৰ মুল প্ৰবেশ দ্বাৰত পাৰ্কিং কৰা গাড়ীখন আতৰোৱা নহল ৷মুঠতে এতিয়াও চিকিৎসালয়ত যাৰ যি মন যায়  সেই ধৰনে স্বৈৰাচাৰী শাসন চলি থকাটো এতিয়া নিত্য নৈমত্তিক স্বাভাৱিক ঘটনা হৈ পৰিছে ৷তৎস্বত্বেও সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহ সম্প্ৰতি কুম্ভকৰ্ণৰ গভীৰ নিন্দাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷

ভাৰতৰ নাইটিংগেললৈ জন্মদিনৰ শুভেচ্ছা

1956 চনৰ 30 নৱেম্বৰ অসমক ধন্য কৰা এটা উল্লেখযোগ্য দিন ৷
সিদিনাই মুক্তি পাইছিল ভূপেনদাৰ সংগীত পৰিচালনাত ‘এৰা বাটৰ সুৰ’ চলচ্চিত্ৰখনে ৷ দুটা গীতত প্ৰাণঢালি কণ্ঠ নিগৰাইছিল সংগীতৰ সৰস্বতীগৰাকীয়ে ৷’জোনাকৰে ৰাতি অসমীৰে মাটি’ আৰু ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক’ (সহযোগী কণ্ঠশিল্পী হেমন্ত মুখাৰ্জী আৰু ভূপেনদা) শীৰ্ষক গীত দুটিৰে মহীয়ান কৰিছিল অসমীয়া সংগীতৰ বৰপেৰাটোক ৷পাছত 1970 চনৰ 6 ডিচেম্বৰত সলিল চৌধুৰীৰ সংগীত পৰিচালনাত মুক্তি লভা ‘অপৰাজেয়’ চলচ্চিত্ৰখনত তেওঁৰ কোকিল কণ্ঠ নিগৰাইছিল ‘আকাশ অ’ আকাশ’ গীতটিত ৷1988 চনত মুক্তিপ্ৰাপ্ত ‘চিৰাজ’ চলচ্চিত্ৰখনৰ সেই বিখ্যাত গীতটো ••• ‘কঁপি উঠে কিয় তাজমহল’ ভূপেনদাৰ লগত দ্বৈতভাৱে গাই সঁচাকৈয়ে কঁপাই তুলিছিল অসমীয়াৰ মন-মগজু৷
আ: ইমান সুন্দৰ!ভূপেনদাই 1971 চনত লিখা ‘গোদাবৰী নৈৰে পাৰৰে পৰা অসমী আইলৈ যাচোঁ প্ৰণাম’ শীৰ্ষক গীতটিত কণ্ঠ নিগৰাইছিল সংগীতকেই ধৰ্ম বুলি ভবা মহান শিল্পীগৰাকীয়ে ৷1995 চনত মুক্তি লভা ‘পানী’ চলচ্চিত্ৰখনৰ ‘মই অথাই জলধি’ গীতটো আছিল এটা জীৱন্ত গীত ৷এয়াই মহান কণ্ঠশিল্পীগৰাকীৰ অসমীয়া সংগীতক মহীয়ান কৰা অসমীয়াৰ প্ৰাণৰ গীতকেইটি ৷

তদুপৰি ভূপেনদাৰ অমৰ সৃষ্টি ‘তোমাৰ উশাহ কঁহুৱা কোমল’ গীতটিক হিন্দী চলচ্চিত্ৰ ‘আৰোপ’ত সজাই তোলা হৈছিল ‘ নেনো মে দৰ্পণ হে’ শীৰ্ষক গীতেৰে ৷ নক’লেও হ’ব কিশোৰ কুমাৰৰ সৈতে দ্বৈত কণ্ঠৰ গীতটি আজিও প্ৰতিজন সংগীতপ্ৰেমী ভাৰতীয়ৰ সমানেই আদৃত ৷ঠিক তেনেদৰে ভূপেনদাৰ সংগীত পৰিচালনাত মুক্তি লভা ‘একপল’, ‘ৰুদালি’ৰ ক্ৰমে ‘জানে ক্যা হে’, ‘চুপকে চুপকে হম পলকো মে’ আৰু ‘দিল হুম হুম কৰে’, ‘ঝুটি মুটি মিতৱা’ কোনেনো নুশুনাকৈ আছে!!অসমৰ লগত, অসমীয়াৰ লগত সংগীতৰ সৰস্বতীগৰাকী জড়িত আছিল এনেদৰেই ৷তেওঁ একক, অনন্য ৷
জাভেদ আখতাৰে তেওঁৰ বিষয়ে কৈছিল -পৃথিৱীখনে এটা সূৰ্য, এটা চন্দ্ৰ আৰু এজনী লতা পাইছে ৷আজি ওপজা দিনত ভাৰতৰ গৌৰৱ লতাজীলৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা যাচোঁ প্ৰণাম ৷

২০২১ বৰ্ষৰ HSLCৰ বিশেষ শিক্ষান্ত পৰীক্ষাৰ বাবে লাহৰীঘাট পৰীক্ষা কেন্দ্রৰ প্ৰস্তুতি

ৰাজ্যত কৰোনা মহামাৰীৰ বাবে অসম চৰকাৰৰ শিক্ষা মন্ত্রণালয়ে দশম শ্রেণীৰ final পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল, আৰু SEBA ৰ নিৰ্দেশ মৰ্মে  পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া শিক্ষাৰ্থী সকলৰ  সেই  বিদ্যালয়ৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। ঘোষণা কৰা HSLC পৰীক্ষাৰ ফলাফলত উৰ্ত্তীণ হোৱা তথা অনুৰ্তীণ কিছু ছাত্র ছাত্রীয়ে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। সেই মৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্ত মৰ্মে  অসন্তুষ্ট প্ৰকাশ কৰা  অনুৰ্তীণ  বা উৰ্ত্তীণ  ছাত্র ছাত্রী সকলৰ বাবে চলিত বৰ্ষৰ অক্টোবৰত  বিশেষ HSLC ফাইনেল পৰীক্ষা পাতিব ঘোষণা কৰা হৈছিল। সমগ্র অসমৰ লগতে  মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ B21-0191 নম্বৰৰ   HSLC  Final Exam Center তো পৰীক্ষা পতাৰ প্ৰস্তুতি চলি আছে বুলি পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া তথা ঔগুৰী পাম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিনদেৱে জনাইছে। তেও জনোৱা মতে অহা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হবলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষ পৰীক্ষাৰ বাবে উক্ত কেন্দ্রত মুঠ ৫ খন বিদ্যালয়ৰ ১১৩ জন পৰীক্ষাৰ্থীয়ে নিজৰ ভাগ্য নিৰ্ণয় কৰিব। পৰীক্ষা কেন্দ্রত হাই মাদ্ৰাছাৰ কোনো পৰীক্ষাৰ্থী নাই বুলিও জানিব পৰা গৈছে। পূৰ্বৰ দৰে এইবাৰৰ পৰীক্ষাতো চি চি টিবিৰ পৰা আদি কৰি সম্পূর্ণ চৰকাৰী কভিড প্ৰটোকলৰ  নিয়ম মতে অনুষ্ঠিত হব বুলি  পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল মহোদয়ে জনাইছে।

আগন্তুক দূৰ্গা পূজা উপলক্ষে মৰিগাঁও জিলা উপায়ুক্তৰ আলোচনা সভা

মৰিগাঁও জিলাখনৰ বিভিন্ন দূৰ্গা পূজা উদযাপন কমিটিৰ বিষয়ববীয়া সকলৰ লগত পবিতৰা হাট প্ৰেক্ষাগৃহত  জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত চৰকাৰী কভিদ বিধি মানি আগন্তুক দুৰ্গা পূজা সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত বিভিন্ন নীতি নিৰ্দেশনা সম্পৰ্কত এক আলোচনা সভা অনুষ্ঠিত হয় | এই সভাত উপায়ুক্ত গৰাকীয়ে পূজা কমিটি সমূহে বিভিন্ন নীতি নিৰ্দেশনা, যেনে স্বেচ্ছাসেৱকৰ তালিকাসহ প্ৰশাসনৰ আগতীয়া অনুমতি লোৱা, সুকীয়া প্ৰবেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা, পূজা কমিটিৰ সকলো সদস্যই প্ৰতিষেধক গ্ৰহণ কৰা, পূজাৰ আগত আৰু পূজা শেষ হোৱাৰ পিছত কভিদ পৰীক্ষা কৰা, সাংস্কৃতিক অনুস্থান বৰ্জন কৰা, বিশাল আকাৰৰ প্ৰতিমা স্থাপন নকৰা, প্ৰতিমা বিসৰ্জনত শোভাযাত্ৰা অনুস্থিত নকৰা আদি বিভিন্ন নীতি নিয়ম মানি চলিব লাগিব বুলি অৱগত কৰে | উক্ত সভাতে জিলা আৰক্ষী অধীক্ষক এ নটৰাজনেও সকলো পূজা কমিটিকে দায়িত্বশীল হবলৈ আহ্বান কৰে আৰু সকলোধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে | সভাত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী আৰু গৰ্গমোহন দাসো উপস্থিত থাকে |

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকাত ‘লেণ্ডমাৰ্ক ভিজিট’

WASHINGTON, DC - JUNE 08: Indian Prime Minister Narendra Modi addresses a joint meeting of the U.S. Congress with Speaker of the House Paul Ryan (R-WI) (C) and Vice President Joe Biden (2nd L) in the House Chamber of the U.S. Capitol June 8, 2016 in Washington, DC. Modi met with President Barack Obama for bilateral meetings on Tuesday. (Photo by Chip Somodevilla/Getty Images)

জ’ বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ কাৰ্যসূচী। নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ পিছত দেওবাৰে নিজ দেশলৈ উভতি আহে। এই ভ্ৰমণকালত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৬৫ ঘন্টাত ২০ খন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্রহণ কৰে। নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও বিভিন্ন আন্তৰাষ্ট্ৰীয় বিষয়ত আলোচনাত মিলিত হয়। ইয়াৰ লগতে আমেৰিকান উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতেও বৈঠকত মিলিত হয়। ২৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সহ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে গৰাকীয়ে কোৱাড সন্মিলনতো ভাগ লয়।

অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

৩০ অক্টোবৰত ৰাজ্যৰ ৫ টা সমষ্টিত হ’ব উপ-নিৰ্বাচন। অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন।৫টা সমষ্টিৰ বাবে উপ–নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে।গোসাঁইগাঁও,ভবানীপুৰ,তামুলপুৰ,মৰিয়নী আৰু থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন।১ অক্টোবৰত জাৰি কৰিব অধিসূচনা।মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ।মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ।২ নৱেম্বৰত ফলাফল ঘোষণা হ’ব।মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ। মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই।সৰ্বানন্দ সোণোৱালে এতিয়াও ত্যাগ কৰা নাই বিধায়ক পদ।

দেৰগাঁৱত এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক্ বক্সিং এছচিয়েছনৰ বেল্ট প্ৰদান অনুষ্ঠান

দেৰগাঁৱৰ পূৱ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এজন উদিয়মান যুৱকে গ্ৰামাঞ্চলত গঢ়ি তুলিছে ক্ৰীড়াৰ অনন্য পৰিৱেশ। বাঁহগুৰি গাঁৱৰ এই যুৱক জন হৈছে সৌৰভ পাছুং।দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত স্নাতক চতুৰ্থ চেমিষ্টাৰত অধ্যয়নৰত এই জন উদ্যমী যুৱকে গাওঁ খনত গঢ়ি তুলিছে সমৰকলাৰ এক প্ৰশিক্ষন কেন্দ্ৰ ।অসম আৰক্ষীত কৰ্মৰত প্ৰশিক্ষক কালামন দলেৰ তত্বাবধানত শিক্ষা গ্ৰহণ কৰি ব্লেক বেল্ট ছেকেণ্ড ডান লাভ কৰা সৌৰভে গ্ৰামাঞ্চলৰ সমৰকলাৰ প্ৰতি আগ্ৰহী শিশুৰ পৰা যুৱক যুৱতী সকলক কেৰাটে আৰু কিক বক্সিঙৰ প্ৰশিক্ষন আগবঢ়াই আহিছে । অতি কম বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমৰকলা প্ৰদৰ্শনৰে সুনাম বুটলিবলৈ সক্ষম হোৱা এই সৌৰভে এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক বক্সিং এছচিয়েছনৰ বেনাৰত ২০১৮ বৰ্ষৰ পৰা একেলেথাৰিয়ে আগবঢ়াই আহিছে এই প্ৰশিক্ষন । ইতিমধ্যে সৌৰভৰ তত্বাবধানত প্ৰশিক্ষন লৈ অঞ্চলটোৰ বহু যুৱক-যুৱতীয়ে খোজ পেলাবলৈ সক্ষম হৈছে সমৰকলাৰ ক্ষেত্ৰ খনত ।এই উদ্দেশ্যেই ২৬ ছেপ্টেম্বৰত বাঁহগুৰিস্থিত এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক্ বক্সিং এছচিয়েছন কাৰ্যালয়ৰ চৌহদত দিগন্ত দাসৰ সঞ্চালনাত অনুষ্ঠিত হয় প্ৰশিক্ষাৰ্থী সকলৰ বেল্ট প্ৰদান অনুষ্ঠান।এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক্ বক্সিং এছচিয়েছনৰ সভাপতি পৰমানন্দ পাছুং, সম্পাদক বুবুল পাছুংৰ লগতে টি এম পি কেৰ জ্যেষ্ঠ কৰ্মী দ্ৰোণ পেগু, জ্যেষ্ঠ নাগৰিক গোপীকান্ত পাছুং, সমাজসেৱীকা মিনু পাছুং আদি কেইবাগৰাকীও গন্য মান্য ব্যক্তি উপস্থিতিত সৌৰভে প্ৰশিক্ষণ আগবঢ়োৱা ২৮ গৰাকী প্ৰশিক্ষাৰ্থীক কালাৰ বেল্ট প্ৰদান কৰা হয় । নৈপৰীয়া পিছপৰা অঞ্চলটোত ক্ৰীড়াৰ এক অনন্য পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হোৱা সৌৰভ পাচুঙক লৈ গৌৰাম্বিত অঞ্চলবাসী।

‘আকাশ প্ৰাইম ‘আকাশ মিছাইলৰ উন্নত সংস্কৰণ

আকাশ মিছাইলৰ উন্নত সংস্কৰণ উৰিষ্যাৰ চান্দিপুৰৰ পৰা সফলতাৰে পৰীক্ষা কৰা হৈছে। বিষয়াসকলে কৈছিল যে ‘আকাশ প্ৰাইম’ নামৰ মিছাইলটোৱে এটা মানৱবিহীন বিমানলক্ষ্যত সঠিকভাৱে আঘাত কৰিছিল কিয়নো শত্ৰুৰ বিমানইয়াৰ প্ৰথম পৰীক্ষামূলক উৰণত প্ৰতিলিপি কৰা হৈছিল। পৰীক্ষাটো সোমবাৰে আবেলি ৪.৩০ বজাত অনুষ্ঠিত কৰা হৈছিল। এজন বিষয়াই কয়, “আকাশ প্ৰাইমৰ বৰ্তমানৰ আকাশ প্ৰণালীৰ তুলনাত শুদ্ধতাৰ বাবে আৰএফ চিনাক্ত কৰাৰ বাবে থলুৱা প্ৰযুক্তি আছে। অন্যান্য উন্নতিৰ ফলত উচ্চ উচ্চতাত নিম্ন উষ্ণতাৰ পৰিৱেশত এক নিৰ্ভৰযোগ্য প্ৰদৰ্শন হ’ব পাৰে
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আকাশ প্ৰধানমন্ত্ৰীৰ সফল পৰীক্ষাৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডিআৰডিঅ’, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা আৰু অন্যান্য অংশীদাৰসকলক অভিনন্দন জনাইছে। তেওঁ কৈছিল যে সফল পৰীক্ষাই প্ৰমাণ কৰে যে ডিআৰডিঅ’ এক বিশ্বমানৰ মিছাইল প্ৰণালী বিকশিত কৰিবলৈ সক্ষম।

ডিআৰডিঅ’ৰ অধ্যক্ষ জি সতীশ ৰেড্ডীয়েও মিছাইলটো পৰীক্ষা কৰা দলটোক অভিনন্দন জনাইছিল। তেওঁ কয় যে আকাশ প্ৰাইম প্ৰণালীয়ে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ মনোবল আৰু বৃদ্ধি কৰিব। কেইবাজনো প্ৰতিৰক্ষা বিশ্লেষকৰ মতে, আকাশ প্ৰাইমে প্ৰকৃততে আকাশ এমকে1এছ পুনৰ নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কৰিছে, যাক ভাৰতীয় সেনাই পাঁচবাৰ পৰীক্ষা কৰিছে।
আকাশ প্ৰাইমে ইয়াৰ লক্ষ্যক অধিক সঠিকভাৱে আঘাত কৰিবলৈ সক্ষম হৈছে। কিছুমান প্ৰতিবেদন অনুসৰি, আকাশ প্ৰাইমৰ উচ্চ উচ্চতাত প্ৰতিকূল জলবায়ু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৰাডাৰ আৰু ট্ৰেকিং ৰ লগতে উৎক্ষেপণ প্ৰণালীৰ বাবে কেইবাটাও অতিৰিক্ত সুবিধা আছে।

আকাশ প্ৰাইমে -20 ডিগ্ৰী চেলচিয়াছৰ পৰা 60 ডিগ্ৰী চেলচিয়াছলৈ কাম কৰা বেটাৰি প্ৰদৰ্শন কৰিব, যাৰ ফলত সেইবোৰ ঠাণ্ডা বতৰৰ পৰিস্থিতিত ব্যৱহাৰিক হ’ব য’ত বায়ু প্ৰতিৰক্ষা প্ৰণালী দীঘলীয়া সময়ৰ বাবে বিপৰীত বতৰত স্থাপন কৰা হয় যি সাধাৰণতে শীতকালত জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ কিছুমান উচ্চ উচ্চতা অঞ্চলত গড় দৈনিক নিম্নতম তাপমাত্ৰা হয়

দুৰ্গা পূজা উপলক্ষে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভা

আগন্তুক শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল, ভা: প্ৰ: সে:, ৰ পৌৰহিত্যত চক্ৰ বিষয়া, কাৰ্য্যবাহী দণ্ডাধীশ, আৰক্ষী বিষয়া তথা মহকুমাটোৰ বিভিন্ন বিভাগৰ মুৰব্বীৰ উপস্থিতিত সমগ্ৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত পূজা উদযাপন সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত ক’ৰণা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পূজা অনুষ্ঠিত কৰিবলৈ পূজা সমিতি সমূহে মানি চলিবলগীয়া চৰকাৰী নীতি-নিয়ম সম্পৰ্কে বিস্তৃত ভাবে আলোচনা কৰা হয়। আলোচনা কালত মহকুমাধিপতি স্বপ্নীল পালে  পূজা উদযাপনৰ ক্ষেত্ৰত সমিতি সমূহক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি- নিৰ্দেশনা সমূহ মানি চলিবলৈ আহ্বান জনায়।     লক্ষ্যণীয় যে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত ২৪ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা এই সভাতেই বিগত বৰ্ষৰ শ্ৰেষ্ঠ পূজা উদযাপন সমিতি সমূহক ৰঙিয়া মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কৃতিত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্ৰেষ্ঠতাৰ শিতানত নাম অলংকৃত কৰা এই পূজা উদযাপন সমিতি সমূহৰ ভিতৰত আছিল  ক্ৰমে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰথম- শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতি, জয়ন্তীপুৰ ,দ্বিতীয়- শ্ৰী শ্ৰী হৰি মন্দিৰ দুৰ্গা পূজা উদযাপন সমিতি, ৰঙিয়া ষ্টেচন ,তৃতীয় যুটীয়াভাৱে- বড়িগোগ আঞ্চলিক শাৰদীয় দুৰ্গা পূজা সমিতি, নিজ বড়িগোগ আৰু কাছাৰী মহল বাড়োৱাৰী দুৰ্গা পূজা সমিতি, মধুকুছি । কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰথম-  পুঠিমাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতি ,দ্বিতীয়-  উত্তৰ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা সমিতি, তৃতীয়-  কৰৰা ৰাজহুৱা দুৰ্গা পূজা সমিতি আৰু কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰথম- কামপীঠ বাৰোৱাৰী দুৰ্গা পূজা সমিতি।  সভাত ৰঙিয়া, কমলপুৰ আৰু কঞা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াত্ৰয় ক্ৰমে লীনা কুমাৰী পাৱে, পৰীক্ষিৎ ফুকন আৰু ডা: ক্ষীৰোদ কমল হাজৰিকা, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে  অম্লান বৈশ্য আৰু  কেশৱানন্দ টাইড্, ৰঙিয়া, কমলপুৰ আৰু বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াত্ৰয় ক্ৰমে  অনিল মৰাণ,  বীৰেন বৰুৱা আৰু  ৰূপম হাজৰিকা প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী, মহকুমা প্ৰশাসনৰ কৰ্মচাৰীসকল আৰু পূজা উদযাপন সমিতি সমূহৰ বিষয়-ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে।