Home Blog Page 2824

প্ৰধানমন্ত্ৰী মোডীয়ে আজি দেশবাসীক ৩৫ টা বিশেষ শস্যৰ প্ৰকাৰ উৎসৰ্গা কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জলবায়ু অনুকূল প্ৰযুক্তি গ্ৰহণৰ বাবে বৃহৎ পৰিমাণৰ সজাগতা বিয়পোৱাৰ উদ্দেশ্যৰে ৩৫ টা শস্যৰ বিশেষ প্ৰকাৰ দেশবাসীক উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে ডিজিটেল অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ৰায়পুৰৰ ৰাষ্ট্ৰীয় জৈৱচাপ সহনশীলতা প্ৰতিষ্ঠানৰ নৱনিৰ্মিত চৌহদউদ্বোধন কৰিব।

পিএমঅ’ৰ মতে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিশ্ববিদ্যালয়সমূহক সেউজ চৌহদৰ বঁটা প্ৰদান কৰিব আৰু উদ্ভাৱন পদ্ধতি ব্যৱহাৰ কৰি কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিব।

তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন আৰু পুষ্টিহীনতাৰ দ্বৈত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে বিশেষ প্ৰকাৰৰ শস্য বিকশিত কৰিছে। পিএমঅ’য়ে কৈছিল যে ২০২১ চনত এনে ধৰণৰ ৩৫ টা প্ৰকাৰ বিকশিত কৰা হৈছে।

ৰুবী বৰদলৈৰ নতুন কিতাপ ‘Fashion : Another Dimension of Beauty’ মুকলি

২৬চেপ্তেম্বৰ তাৰিখে হোটেল লিলিত ফেশ্বন আৰু জীৱনচৰ্যা উদ্যোগৰ ওপৰত উদীয়মান লেখিকা ৰুবী বৰদলৈয়ে প্ৰকাশ কৰি উলিওৱা তেওঁৰ প্ৰথম কিতাপখন উদ্বোধন কৰা হয় । ফেশ্বন আৰু জীৱনচৰ্যাৰ ওপৰত সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে এইখন প্ৰথম কিতাপ। মানুহে কেনেকৈ জীৱনটো উদযাপন কৰিব লাগে তাৰক্ষেত্ৰত “Fashion : Another Dimension of Beauty” নামেৰে লিখি উলিওৱা এইখন এখন অনুকৰণীয় কিতাপ। মানুহৰ জীৱনে কেনেকৈ একো একোটা লক্ষ্যত উপনীত হয় আৰু কেনেকৈ সময়ে গতি কৰে। ফেশ্বনৰ পৃথিৱীখনৰ লগত জড়িত সকলো দিশ আৰু সময়ৰ লগত ফেশ্বন উদ্যোগটো কেনেকৈ সলনি হৈ আহিছে তাৰ সকলো কথা এই কিতাপখনত বৰ্ণনা কৰা হৈছে ।

লেখিকা ৰুবী বৰদলৈয়ে কয় যে, “মই আজি মোৰ প্ৰথমখন কিতাপ মুকলি কৰিব পাই বহুত সুখী। মই এই কিছু বছৰে ফেশ্বন আৰু জীৱনচৰ্যাৰ উদ্যোগখনৰ ওপৰত কৰি অহা অধ্যয়ন আৰু কষ্টৰ ফল এই কিতাপখন। মই নিশ্চিত যে মানুহে এই কিতাপখনৰ পৰা লাভাম্বিত হ’ব আৰু পাঠকে পঢ়ি ভাল পাব।”উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগতে উৎপল দত্ত, মোনিতা বৰগোহাঞি, মঞ্জুলা হাজৰিকা, হেমন্ত দেৱনাথ, সংঘমিত্ৰা ডেকা, অৰ্চনা বৰঠাকুৰ আৰু ৰেখা দাসৰ দৰে বহুকেইজন গণ্য-মান্য ব্যক্তি ।

ফেশ্বন আৰু জীৱনচৰ্যা উদ্যোগটো অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই ব্যাপক হাৰত সলনি হৈছে । “ফেশ্বন” নামৰ এই কিতাপখন ফেশ্বনৰ প্ৰতি আগ্ৰহ থকা সকলৰ বাবে হৈ পৰিব পাৰে ফেশ্বনৰ একমাত্ৰ হাতপুথি। এই কিতাপখন বৰ্তমান অকল গুৱাহাটীত উপলব্ধ যদিও অতি কম দিনৰ ভিতৰতে অসমৰ আন আন চহৰতো উপলব্ধ হ’ব ।

এইবাৰ দুৰ্গা পূজাস্থলীত ‘No Vaccine, No Entry’ আৰু ‘No Mask, No Entry’ ফলক

পালেহি দুৰ্গা পূজা৷কিন্তু এইবাৰ ভেকচিন নোলোৱাসকলে এইবাৰ দুৰ্গা পূজা চোৱাৰ আশা বাদ দিয়ক৷মাস্ক নিপিন্ধিলে প্ৰৱেশ কৰিব নোৱাৰিব পূজাস্থলীত৷কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড বিধি উলংঘা কৰি পূজা উদযাপনেৰে কাৰোৰে যাতে হানি নকৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আহ্বান জনায়৷পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব বুলি উল্লেখ কৰি পূজাস্থলীত ‘ন’ ভেকচিন ন’ এন্ট্ৰী’ আৰু ‘ন’ মাস্ক ন’ এন্ট্ৰী’ ফলক লগোৱাটো বাধ্যতামূলক বুলি উপায়ুক্তজনে উল্লেখ কৰে৷ক’ভিড সংক্রমণ ৰোধৰ বাবে পুষ্পাঞ্জলিৰ বাবে ফুল আদি ঘৰৰ পৰা নিবলৈ আৰু ভোগ,খাদ্য আদিৰ ব্যৱস্থা কৰাটো যিমান পাৰে কমাবলৈ তেওঁ অনুৰোধ জনায়৷ভক্তৰ সুবিধাৰ বাবে স্থানীয় থানাসমূহৰ পৰা পূজা পতাৰ অনুমতি ল’ব পাৰিব৷জনসাধাৰণৰ অহা-যোৱা ৰাস্তা বন্ধ কৰি পূজা পাতিম বুলি আলচ কৰি থকাসকলে পূজা পতাটো বাতিল কৰিব লাগে৷ক’ভিড সংক্রমণ কৰিলে বুলি বদনামৰ ভাগী হ’ব নালাগে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আহ্বান জনায়৷

নগাঁও চামগুৰিত মন্ত্ৰী পীয়ুষ হাজৰিকা

নগাঁও জিলাৰ অন্তৰ্গত চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম(NHIDCL)ৰ দ্বাৰা ৰাষ্ট্রীয় ঘাইপথৰ নিৰ্মাণৰ বাবে সেই পথৰ দাঁতিত অৱস্থিত দুখনকৈ শৰাই ভাঙি পেলোৱা হৈছিল। আজি সেই স্থান পৰিদৰ্শন কৰি ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰতীক স্বৰূপ দুয়োখন শৰাইকে পথৰ দাঁতিৰ পৰা আঁতৰাই স্থানীয় জ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শ মৰ্মে বৈদিক ৰীতিনীতিৰে বিসৰ্জন কৰি পুনৰাই অতি সোনকালে শংকৰী সংস্কৃতিৰ উৎকৃষ্ট শৈলীৰে সুন্দৰকৈ নিৰ্মান কৰিবৰ বাবে নিৰ্দেশ প্ৰদান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। এই পৰিদৰ্শন কালত নগাঁও জিলাৰ উপায়ুক্ত , কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া , স্থানীয় সচেতন ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টিৰ একাংশ কাৰ্যকৰ্তা উপস্থিত থাকে।

ছিপাঝাৰৰ ধলপুৰ কাণ্ডক লৈ দুজনক আতক

আৰক্ষীয়ে আতক কৰে আচমদ আলি আৰু চান মহম্মদক দৰঙ ।অভিযুক্ত দুটাই ২৮ লাখ টকা সংগ্ৰহ আৰু হিংসাৰ উচতনিত জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ ছিপাঝাৰ আৰক্ষী থানা ৰ পৰা মঙলদৈ সদৰ আৰক্ষী থানালৈ নিয়াৰ যো জা আৰক্ষীৰ ৷দেওঁবাৰে নিশা আটক কৰে দুয়োজনকে ৷ চান মামুদ বৰ্তমান ছিপাঝাৰৰ সানোৱা গাঁও পঞ্চায়তৰ সভাপতি আছমত আলী বাজানা পথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৷

বিধায়ক দেৱব্ৰত শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াস

আজি নাজিৰাস্হিত “প্ৰৱাহ”ৰ ন – কপহুৱা সাংস্কৃতিক প্ৰকল্পত প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়, নাজিৰা শিক্ষাখণ্ড, মহকুমা প্ৰশাসন, নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত প্ৰৱাহ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত নাজিৰা সমষ্টি বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ দ্বাৰা দুদিনীয়া প্ৰাথমিক শিক্ষক কৰ্মশালা প্ৰদান অনুষ্ঠান আয়োজন কৰে । বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে নাজিৰা মহকুমাধিপতি সব্যসাচী কাশ্যপৰ উপস্হিতিত কণ কণ শিক্ষাৰ্থীৰ যাদু প্ৰদৰ্শন অনুষ্ঠানৰ মাজেৰে এই কৰ্মশালা আৰম্ভ হয়।
যিহেতু কৰ’না মহামাৰীৰ দুটাকৈ ঢৌয়ে সমগ্ৰ দেশ জোকাৰি যোৱাৰ লগে লগে শিক্ষা ব্যৱস্থাত যথেষ্ট ক্ষতিসাধন হৈছে । প্ৰায় ৩৪ টা মাহে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলো পাঠ্যক্ৰমৰ পৰা আঁতৰি যোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমান কৰণা পৰিস্হিতি কিছু সাম কটাৰ লগে লগে শিক্ষানুষ্ঠানবোৰত ও পাঠদান আৰম্ভ হৈছে । দুটা বছৰে যিহেতু শিক্ষকসকল পাঠদানৰ পৰা আঁতৰি আছিল সেয়ে তেওঁ লোকে পুনৰ কিদৰে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিব ইয়াৰে এটা আভাস দিবৰ বাবে আজি বিৰোধী দলৰ দলপতি তথা নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াৰ একক প্ৰচেষ্টাত দুদিনীয়াকৈ প্ৰাথমিক শিক্ষক কৰ্মশালা আয়োজন কৰে ।এই কৰ্মশালাত নাজিৰা সমষ্টিৰ অন্তৰ্গত সকলো বিদ্যালয়ৰে শিক্ষকসকলক উপস্হিত থকা দেখিবলৈ পোৱা যায় । এই শিক্ষকসকলক প্ৰশিক্ষণ অনুষ্ঠান প্ৰথম নামৰ এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা কৰ্মশালা প্ৰদান কৰি থকা হৈছে ।

‘সপোনৰ অসম আৰু বাস্তৱ চিন্তা’ উন্মোচন

বাস্তৱবাদী চিন্তাৰ পূৰ্ণ প্ৰতিফলন কেনেদৰে কৰিব পাৰি তাক সাকাৰ ৰূপ দি কবি অৰূপজ্যোতি হাজৰিকাই প্ৰকাশ কৰিছে “সপোনৰ অসম ” আৰু ” বাস্তৱ চিন্তা” নামৰ দুখন গ্ৰন্থ।যোৰহাট  প্ৰেছ ক্লাৱত বাস্তৱবাদী চিন্তাৰ ” সপোনৰ অসম” আৰু বাস্তৱ চিন্তা গ্ৰন্থ দুখন উন্মোচন কৰে দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁইয়ে । বৰ্ণমালা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পৰিচালনা কৰে সাহিত্যিক পেঞ্চনাৰ হেমচন্দ্ৰ শইকীয়াই । যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰা ,যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ ৰাজখোৱা উপস্থিত থকা সভাত জিলা খনৰ বহুকেইগৰাকী  বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতাপ চন্দ্ৰ বৰা,অশান্ত ৰাতুল দত্ত,ৰেণু বৰা দত্ত,প্ৰবীণ দাস প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকি সৌস্তৱ বৃদ্ধি কৰে। লেখক হাজৰিকাই জনোৱা মতে ১১০ টকা মূল্যৰ  গ্ৰন্থ কেইখন ক্ৰয় কৰিব বিচাৰিলে ৯৯৫৪৯ ৭৮৩৮১ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

ওদালগুৰিত অনুষ্ঠিত দ্বিতীয় জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি

কণ কণ ল’ৰা ছোৱালীৰ মাজতো বৃদ্ধি পাইছে যোগৰ প্ৰতি আকৰ্ষণ।  তাৰে প্ৰমাণ হ’ল ওদালগুৰিত। দেওবাৰে ওদালগুৰিত ‘ দ্বিতীয় জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা- ২০২১’ অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সৃষ্টি যোগ প্ৰতিষ্ঠানৰ সহযোগত ওদালগুৰি চহৰত এদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰে ওদালগুৰি পৌৰ সভাৰ উপ-পৌৰপতি প্ৰাচূৰ্য দাসে। বন্তি প্ৰজ্বলেনে শুভাৰম্ভ কৰা প্ৰতিযোগিতা খনৰ উদ্ধোধনী সভাত ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি সোনদ্বীপ ভূঞাই যোগৰ জড়িয়তে সু-স্বাস্থ্য তথা সুন্দৰ মানসিকতাৰ অধিকাৰী হ’ব পাৰি বুলি মন্তব্য কৰে । ইয়াৰ পিছতে চাব জুনিয়ন , জুনিয়ৰ আৰু চিনিয়ৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলা খনৰ শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতা খনৰ উদ্ধোধনী সভাত উপস্থিত থাকি ওদালগুৰি পৌৰ সভাৰ উপ-পৌৰপতি প্ৰাচূৰ্য দাস , যোগাসন ক্ৰীড়াৰ ৰাজ্যিক বিচাৰক বুবুল কুমাৰ চহৰীয়া , বিপুল গোস্বামী , ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বিপ্লৱ দাস , ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা মন্টু কলিতা ,ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উপ-সভাপতি নিতু শইকীয়া , সম্পাদক দিগন্ত শৰ্মাপ্ৰমূখ্যে কৰি বহু বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।আবেলি অনুষ্ঠিত হোৱা বটা বিতৰণি সভাত ওদালগুৰিৰ নেহৰু যুৱ কেন্দ্ৰৰ উপ-সঞ্চালক শেখৰ ৰঞ্জন দেৱ উপস্থিত থাকে।

ডিমাকুছি বৰঙ্গাজুলি খুটিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিনামূলীয়া এলপিজি ৰন্ধন গেছ বিতৰণ

বিটিআৰ ওদালগুৰি জিলা ডিমাকুছি বৰঙ্গাজুলি খুটিত দেওবাৰে  ওডিছি ইন্ধন গ্ৰামীণ বিত্ৰকৰ উদ্যোগত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰধানমন্ত্ৰী উজলা আছনীৰ অধিনত বিনামূলীয়া ভাৱে এলপিজি ৰন্ধন গেছ বিতৰণ কৰে।উল্লেখ্য যে ৬৪ নং পানেৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঙ্গাজুলি খুটি অঞ্চলৰ দৰিদ্ৰ পৰিয়াল সমূহৰ সৈতেমত বিনিময় কৰি পৰিয়াল সমূহৰ অভাৱ অভিযোগ বুজ লোৱাৰ লগতে।দৰিদ্ৰ পৰিয়ালৰ সবিধাৰ্থে সম্পূৰ্ণ বিনামূলীয়া ভাৱে ৰন্ধন গেছ প্ৰদান কৰি, ৬৪ নং পানেৰি বিধানসভা  সমষ্টিৰ জলন্ত সমস্যা খোৱা পানি আৰু হাতী মানুহৰ সংঘাত সম্পৰ্কে বৰঙ্গাজুলি খুটি প্ৰাথমিক বিদ্যালয়ত বিতংভাৱে স্থানীয় লোকৰ সৈতে আলোচনা কৰে।আৰু  অতি সীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰ লগত আলোচনা কৰি জল জীৱন মিছনৰ সহায়ত সমষ্টি বাসীৰ পানীৰ সমস্যা সমাধান কৰাৰ  লগতে সঘনে হাতী মানুহৰ সংঘাত নহোৱাকৈ ভাৰত ভূটান সীমান্তৰ অৰণ্য বা দাতি কাষৰীয়া অঞ্চল সমূহ হাতীৰ বাবে খাদ্য ফল-মূল, গছ-গছনী ৰোপণ কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে যাক লৈ ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে সমষ্টি বাসী ৰাইজ।

বাইচাইকেলেৰে ধেমাজি পৰা উত্তৰাখণ্ডৰ কেদাৰনাথত উপস্থিত হোৱা লক্ষ‍্যজ্যোতি দত্ত আৰু ৰাজদীপ কলিতাক সম্বৰ্ধনা ধেমাজি আছুৰ

ড্ৰাগছ আৰু দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ সজাগতা উদ্দেশ্য যোৱা ১৭ আগষ্ট , ২০২১ তাৰিখে ধেমাজি পৰা বাইচাইকেলেৰে প্ৰায় ২৬৫২ কিলোমিটাৰ যাত্ৰা কৰা ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ বিষয় ববীয়া লক্ষ‍্য জ্যোতি দত্ত আৰু জে বি আইন মহাবিদ্যালয়ৰ আইনৰ ছাত্র ৰাজদীপ কলিতা ১৯ চেপ্তেম্বৰ ৰাতি সুদুৰ উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত উপস্থিত হয় । তেওঁলোকে বৰ্তমান সময়ত বাইচাইকেল চলাই ইমান দীঘলীয়া দু সাহসিক যাত্ৰা কৰে ।
তেওঁলোকক আজি সন্ধিয়া ধেমাজি আঞ্চলিক ছাত্র সন্থাই শ্বহীদ উদ্যানত সম্বধনা জনোৱা হয় । সম্বধনা অনুস্থানত উপস্থিত থাকে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা , সাধাৰণ সম্পাদক কল‍্যাণ গগৈ , সহকাৰী সম্পাদক সঞ্জীৱ দাস , ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰগোঁহাই , সাধাৰণ সম্পাদক কৰুণ জ্যোতি চেতিয়া ।