Home Blog Page 2825

শৰণীয়া কছাৰী জনগোষ্ঠীৰ গান,নাচৰ ভিডিঅ’ উন্মোচন

ওদালগুৰি জিলাৰ টংলা কলাইগাওৰ নিজডলাত জনগোষ্ঠীয় নাচ-গান আচাৰ ব্যৱহাৰৰ ৰীতি-নীতি সম্পৰ্কীয় ভিডিঅ’ উন্মোচন কৰা হয় । তপন ডেকা শৰণীয়া, অৰুণ শৰণীয়া , প্ৰাঞ্জল দাস শৰণীয়াৰ লগতে সমুহীয়া ভাৱে উন্মোচন কৰে। কথা সুৰ প্ৰয়োজনা ৰূপম শৰণীয়া কন্ঠ নিতুল শৰণীয়াৰ । উল্লেখ্য যে প্ৰবীণ সিং শৰণীয়া বিশেষ প্ৰচেষ্টাত সংগঠিত শৰণীয়া কছাৰী ছাত্ৰ শিক্ষা নিধিৰ জন্ম হৈছিল । তেওঁলোকৰ উদ্দেশ্য উৎসা প্ৰেৰণা দিয়াৰ ।সেই হিচাপে ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা দিয়াৰ বাবে এখনি ৰাজহুৱা সভা আয়োজন কৰিছিল আৰু তাতেই নাচ-গানৰ ভিডিঅ’ উন্মোচন কৰে । আশা কৰে যে সকলো দৰ্শকে আকোঁৱালি ল’ব ।

ভাৰত বন্ধলৈ সমৰ্থন জনাই বঙাইগাঁৱত অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন

সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াই অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন, উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়ন আৰু হিন্দ মজদুৰ সভাই আজি নিউ বঙাইগাঁও ৰে’ল জংচনৰ সন্মুখত এক যৌথ  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মজদুৰ ইউনিয়নৰ বঙাইগাঁও, নিউবঙাইগাঁৱ, ৰানিং আৰু কাৰখানা শাখা তথা হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সমিতিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সম্পাদক আশীষ বিশ্বাস, হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সম্পাদক গোবিন্দ বিশ্বাস৷, মজদুৰ ইউনিয়নৰ নেতা শম্ভু প্ৰসাদ দাস, দ্বীপেন বৰা, মৃণাল শীল, শংকৰ দাস, নিমাই কলিতাকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে ৷প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি আশীষ বিশ্বাসে কয় যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাবে প্ৰৱৰ্তন কৰা কৃষকবিৰোধী আইনখন প্ৰত্যাহাৰ কৰাৰ দাৱীত কৃষকসকলে বিগত এবছৰ ধৰি ভাৰতজুৰি আন্দোলন কৰি আহিছে যদিও অদ্যপি চৰকাৰৰ গা লৰা নাই ৷ এই চৰকাৰ পুঁজিপতিৰ চৰকাৰ ৷ এই চৰকাৰে কোনো কাম সাধাৰণ জনতাৰ বাবে কৰা নাই ৷ চৰকাৰী সম্পত্তি পুঁজিপতিৰ হাতত বিক্ৰী কৰি দেশৰ অৰ্থনীতি ৫০ বছৰ পিছলৈ ঠেলি দিছে এইখন চৰকাৰে ৷ এতিয়া সময় সকলো শ্ৰমিক একগোট হোৱাৰ ৷ সেইবাবেই আমি কৃষকসকলৰ দাৱীৰ প্ৰতি সমৰ্থন আগবঢ়াই আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ কৃষকসকলে তেওঁলোকৰ অধিকাৰ লাভ কৰক – এয়ে আমাৰ কামনা ৷ এঘণ্টীয়া এই কাৰ্যসূচীত ইউনিয়নৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

নৱগঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নৱগঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ মনোনীত অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ সৰ্বাংগীণ উত্তৰণৰ বাবে সততা আৰু নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হ’বলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায় ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ডা: ৰণোজ পেগু, মুখ্যমন্ত্ৰীৰ মাননীয় ৰাজনৈতিক উপদেষ্টা শ্ৰীজয়ন্ত মল্ল বৰুৱা আৰু সৰুপথাৰৰ মাননীয় বিধায়ক শ্ৰীবিশ্বজিৎ ফুকনৰ লগতে বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়ে। তেওঁ বিশ্বাস কৰে যে কোঁচ ৰাজবংশীসকলৰ শক্তি একতাৰ মাজত লুকাই আছে আৰু সেইবাবে জনগোষ্ঠীটোৰ নতুন প্ৰজন্মই একত্ৰিতভাৱে স্বজাতিৰ উত্তৰণৰ বাবে কাম কৰাটো উচিত। ৰাজ্য চৰকাৰে নতুন পৰিষদখনলৈ যাৱতীয় সকলোধৰণৰ সহায়-সুবিধা আগবঢ়াই যোৱাৰ লগতে পৰিষদখনলৈ প্ৰয়োজনীয় ক্ষমতা হস্তান্তৰকৰণৰ বাবেও খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিব।

ৰৌতা-মাজবাটত ‘Poshan On Wheel’ক উষ্ম আদৰণি

সমগ্ৰ ৰাষ্ট্ৰৰ গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, ৬ বছৰ অনুৰ্ধ শিশু আৰু কিশোৰীসকলৰ স্বাস্থ্য তথা পৰিপুষ্টি মান উন্নত কৰাৰ বাবে  প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ আহ্বানত ১ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ চলি আছে ৰাষ্ট্ৰীয় পোষণ অভিযান । সেই উপলক্ষে ৰাজ্যখনৰ ২৭ জিলাত Poshan on wheels নামত তিনিখন সুসজ্জিত  তথা পোষণ-বাৰ্তা বাহক বাচে কৰিছে নিৰন্তৰ পৰিভ্ৰমণ । ইয়াৰে Poshan on wheels-৩ নম্বৰ বাচখনে ইতিমধ্যে ১১ খন জিলা পৰিভ্ৰমি ২৬ ছেপ্তেম্বৰত  ওদালগুৰি জিলাৰ ৰৌতা সংহত শিশু উন্নয়ন প্ৰকল্পত প্ৰাংগণত পদাৰ্পণ কৰে ।বাচখনৰ অন্তৰ্ভাগত দূৰদৰ্শন , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পোষণ সম্পৰ্কীয় মনোজ্ঞ বাৰ্তাৰ ভাষণৰ ভিডিঅ’ ,পুষ্টিকৰ খাদ্য সম্পৰ্কীয় মনাকৰ্ষী চিত্ৰ তালিকা ,ওজন আৰু উচ্চতা জোখা যন্ত্ৰ আদি আতক ধুনীয়াকৈ সজাই ৰখা আছে । পোষণৰ বাৰ্তা বাহক এই সুসজ্জিত বাচখনত অহা তিনি গৰাকী পোষণ কৰ্মীক ৰৌতা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া নিবেদিতা বিশ্বাস আৰু দুগৰাকী অংগনৱাড়ী কৰ্মীয়ে আৰনায়েৰে আদৰণি জনায় । মুখ্যসেৱিকা লক্ষ্য প্ৰভা দেৱী ,মেৰী বসুমতাৰী , পৰিসংখ্যা সহায়ক গোবিন্দ চন্দ্ৰ বড়ো ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লুটফুৰ ৰহমানৰ  সু পৰিচালনাত কাৰ্যালয়ৰ প্ৰাংগনত কৰ্মী বিনশ্ৰী দৈমাৰী আৰু সহায়িকা ঊষা দাহ চহৰীয়া , নজৰা হালৈয়ে নিজ হাতেৰে সযতনেৰে তৈয়াৰ কৰা বিভিন্ন মনজুৰুৱা পুতলা যেনে- অংগনৱাড়ী কৰ্মী , সহায়িকা ,অংগনৱাড়ী কেন্দ্ৰ , এ এন এম, আশা,শিশু, প্ৰসূতি মাতৃ আদি কাৰ্যালয় প্ৰাংগন সজাই সৌষ্ঠভ বঢ়াই তোলা হয় ।

Poshan on wheels- বাচখনক বিযষয়া ,মুখ্যসেৱিকা সকলৰ নেতৃত্বত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে ধূপ ,ধুনা ,উৰুলি আদি নানন্দিক পৰিৱেশত আদৰণি জনাই সমস্তজন আবেগিক হৈ পৰে । বাচখনক শুদ্ধ চিত্তে  মাল্যবৰণ কৰে চিডিপিঅ নিবেদিতা বিশ্বাসে ।এক আনন্দমূখৰ পৰিবেশত অংগনৱাড়ী কৰ্মী বিনয়শ্ৰী দৈমাৰীৰ নেতৃত্বত বাগৰুম্বা নৃত্য ,মীনাক্ষি চহৰীয়া আদিৰ নেতৃত্বত দিহানাম ,এলিজা বেগমৰ নেতৃত্বত জিকিৰ আৰু ৰেখা দেৱীৰ নেতৃত্বত পোষণৰ গীত পৰিবেশন কৰি আকাশ-বতাহ অনুৰণনিত কৰা হয়। এই মাংগলিক আদৰণি অনুষ্ঠানত পোষণৰ  জিলা সমন্বয়ক বিজিত বসুমতাৰী , খণ্ড সমন্বয়ক চিত্ৰা কছাৰী ,প্ৰকল্প সমন্বয়ক জয়ন্ত সাহা ,পি এম এম ভি ওৱাইৰ ডি ই অ’  এপ’ল’ দৈমাৰী আদি একাধিকজন উপস্থিত থাকে ।ইয়াৰ পিছতেই চি ডি পি অ’ নিবেদিতা বিশ্বাসৰ নেতৃত্বত Poshan on wheels বাচখন উপস্থিত হয় মাজবাট সংহত শিশু উন্নয়ন প্ৰকল্পত । তাতো একে ধৰণৰ মংগলিক পৰিবেশত স্বাগত আদৰণি অনুষ্ঠান সম্পন্ন কৰাৰ লগতে ঝুমইৰ আৰু নামতি দলৰ নামেৰে চৌপাশ মূৰ্চ্ছনাময় কৰি তোলা হয় । ইয়াৰ অন্তত বাহনখন আৰু সজাতি দলটো উপস্থিত হয়গৈ ধনশ্ৰী চাহ বাগিচা আয়োজন কৰা  অত্যাধিক পুষ্টিহীনতাত ভোগা শিশু (SAN children) ৰ পুষ্টিকৰ খাদ্য বিতৰণ সভাত ।

তামাৰহাটত শ শ বিঘা শালি ধান খেতিত পোকৰ আক্ৰমণ

কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ বাবে যিমানেই ন ন আঁচনি প্ৰস্থূত নকৰক কিয় প্ৰকৃতাৰ্থে এয়া এক ভেকো ভাওনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে । কাৰণ চৰকাৰী ভাবে যোগান ধৰা বীজ, কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি কৃষকৰ মাজত যোগান ধৰাটো দূৰৰ কথা কৃষিকৰ্মৰ ক্ষেত্ৰত খেতিয়কক দিহা পৰামৰ্শ দিয়াৰ বাবেও কোনো দিনে দেখা পোৱা নাযায় কৃষি বিষয়া কৰ্মচাৰীক । ইপিনে উচ্ছেদক লৈ ব্যস্থ হৈ থকা মিত্ৰজোঁটৰ চকাৰ খনৰ বিয়াগম কৃষি বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে খেতি পথাৰৰ উপযুক্ত তথ্যাবোধন আৰু চিকিৎসাৰ অভাৱত বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হব লগা হৈছে খেতিয়ক সকল । ফলত খেতিয়ক সকলে ঋণ, ধাৰ কৰি খেতিপথাৰ টকা খৰচ কৰাৰ লগতে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি বিভিন্ন সময়ত খৰাং, বানপানী, অচিন বেমাৰ আৰু সমান্তৰাল ভাৱে বিভিন্ন পোকৰ আক্ৰমণত নষ্ট হৈ যোৱাৰ ফলত খেতিয়ক সকলে হাহাকাৰ কৰিব লগীয়া হয় ।

ঠিক তেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰী জিলাৰ গোলাকগঞ্জ ৰাজহ চক্ৰৰ তথা কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও বিধানসভা সমষ্টিৰ “আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ” তেলিপৰাৰ অন্তৰ্গতগত সর্পমাৰী গাওঁত । গাঁও খনৰ খেতিয়ক সকলে শালি ধানৰ কঠীয়া ৰোৱাৰ কিছুদিন পিছতে অৰ্থাৎ কঠীয়াবোৰৰ ৰং সেউজীয়া হোৱাৰ লগে লগে “মজা খোৱা পোক” আৰু “গছৰ পাত কটা” পোকৰ আক্ৰমণত শ শ বিঘা খেতিপথাৰ ধংশৰ মুখত পৰিছে । গাঁও খনৰ বাসিন্দা তথা খেতিয়ক উমেশ ৰায়, নাৰায়ণ ৰায়, আদি কৰি সকলো খেতিয়কৰ খেতিপথাৰত পোকৰ এই আক্ৰমণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কৃষি বিভাগৰ পৰা কোনো সঁহাৰি নাপাই পোকৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত খেতিয়ক সকলে বজাৰৰ পৰা বহু ধৰণৰ কীটনাশক দ্ৰব্য ক্ৰয় কৰি আনি খেতিপথাৰত ব্যৱহাৰ কৰিছে যদিও পোকৰ উপদ্ৰপৰ পৰা কোনো ৰক্ষা পোৱা নাই ।

আনহাতে ৰাসায়নীক সাৰ, বীজ, কীটনাশক দ্ৰব্য আদি দূৰৰ কথা খেতিয়কক দিহা পৰামৰ্শ দিয়াৰ বাবে আজিলৈকে গাঁওখনত উপস্থিত হোৱা নাই কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী । মুঠৰ ওপৰত আজিলৈকে কৃষি বিভাগৰ লোকক দেখি নোপোৱাৰো অভিযোগ গাঁও খনৰ কৃষক সকলৰ । ইপিনে দিল্লী দিছ্পুৰৰ তাপ শীত নিয়ন্ত্ৰিত কোঠালিত বহি কৃষকৰ উন্নতিৰ কথা কোৱা চৰকাৰৰ মন্ত্ৰী আমলাই খেতিয়কৰ খেতিপথাৰৰ সমস্যা দূৰ নকৰিলে কৃষিৰ ওপৰত নিৰ্ভৰ কৰা এইসকল খেতিয়কৰ মূল উৎস শালি ধানৰ খেতি পোকৰ আক্ৰমণত ধ্বংস হলে অনাগত দিনত পৰিয়ালক পোহপাল দিয়াত ভীষণ অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিব । ফলত খেতিপথাৰত কোনো দিনে কৃষি বিভাগৰ লোকক দেখিবলৈ নোপোৱা এইসকল কৃষকে অনতিপলমে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক খেতিপথাৰ পৰ্যবেক্ষণ কৰি পোকৰ আক্ৰমণৰ লগতে বিভিন্ন অচিন বেমাৰৰ লগতে কৃষকৰ সমস্যা সমাধান কৰাৰ বাবে কৃষি মন্ত্ৰী অতুল পৰাৰ ওপৰত দাবী জনাইছে ভুক্তভোগী কৃষকে।

নগৰবেৰাত ‘আমাৰ প্ৰয়াস’ গোষ্ঠীৰ উদ্যোগত পানীৰ গুণাগুণ সম্পৰ্কীয় প্ৰশিক্ষণ

জলজীৱন মিছন অসমৰ উদ্যোগত আজি কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত নগৰবেৰাত আঁচনি ৰূপায়ণকাৰী সমৰ্থকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত পানীৰ গুণাগুণ সম্পৰ্কীয় এক প্ৰশিক্ষণ সম্পন্ন হৈ যায়। এই শিবিৰত নগৰবেৰা অঞ্চলৰ ছয় খন গাঁৱৰ ৩০ গৰাকী মহিলাৰ লগতে বহু কেইগৰাকী নেতৃস্থানীয় ব্যক্তিৰ লগতে বহু কেইজন সেচ্ছসেবক উপস্থিত থাকে ।এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে  জনস্বাস্থ্য কাৰিকৰী বকো উপসংমণ্ডলৰ লেৱৰেটৰী এছিছটেণ্ট কেমিষ্ট হিতেশ তালুকদাৰ, খণ্ড সমন্বয়ক বাবুল কলিতাই উপস্থিত থাকি পানীৰ গুণাগুণ আৰু বিশুদ্ধ কৰণ  সম্পৰ্কে প্ৰশিক্ষণত উপস্থিত থকা মহিলা সকলক বহল ভিত্তিত বুজাই দিয়ে। উল্লেখ্য যে, জলজীৱন মিছন সন্দৰ্ভত আমাৰ প্ৰয়াস গোষ্ঠীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আনোৱাৰ হুছেইনে মহিলা সকলৰ পূৰ্ণ সহযোগিতা আন্তৰিকতাৰে কামনা কৰাৰ লগতে জলজীৱন মিছন আঁচনি খন কামৰূপ জিলাত বহু গুণে আগবাঢ়ি গৈছে বুলি দোহাৰে।

সাধাৰণ লোকৰ প্ৰতি আস্থা ৰাখিহে চৰকাৰে প্ৰস্তুত কৰি আহিছে আচঁনি: অনিল কুমাৰ দাস

সাধাৰণ লোকৰ প্ৰতি আস্থা ৰাখিহে চৰকাৰে প্ৰস্তুত কৰি আহিছে আচঁনি। বিভিন্ন পৰিকল্পনাৰে শ্ৰেষ্ঠ ভাৰত হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোককে চৰকাৰে দিছে সুবিধা। দূৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি চৰকাৰে সাধাৰণ জনতাৰ হিত সাধন কৰি আহিছে । এই ক্ষেত্ৰত চৰকাৰক ৰাইজে সহযোগ কৰা উচিত -এইদৰে কয় অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ তথা নৱনিযুক্ত জিলা সভাপতি অনিল কুমাৰ দাসে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ২৪ ছেপ্টেম্বৰত উদয়ন যুৱ ক্লাৱ এণ্ড ছোছাইটীৰ উদ্যোগত  বৰপেটাৰ ছুটিয়াপাৰাত উদযাপন হয় স্বাধীনতাৰ অমৃত মহোৎসৱ। সেই উপলক্ষে অনুষ্ঠিত এখন সভাত উপস্থিত থাকি এইদৰে কয় বিজেপিৰ নৱনিযুক্ত জিলা সভাপতি অনিল কুমাৰ দাসে। চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত চেঙা ৰাজহ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ, বিপিএম সৌৰভ কুমাৰ দাস, গৰিয়া উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য ধনী আলীসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হোৱা অনুষ্ঠানত কুইজ, ভেকচন, সংগীত আদি প্ৰতিযোগিতা হয়। বৰপেটাৰ নাট্যগোষ্ঠী “কলাক্ষেত্ৰ”ৰ শিল্পীসকলেও এই অনুষ্ঠানতে নাট পৰিবেশন কৰে। 

লাহৰীঘাটৰ কাঠনি পাৰঘাটত আৰক্ষীয়ে চলাচল স্থগিত কৰিলে ৪৭ ভুটভুটি নাওঁ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি পাৰঘাটত  লাহৰীঘাট আৰক্ষীয়ে চলাচল স্থগিত  ৰাখিছে ৪৭ খন ভুটভুটি নাওঁ। জানিব পৰা মতে দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰ ঘটনাৰ লগত সংগতি ৰাখি  জিলা প্ৰশাসনে এই সিদ্ধান্ত লোৱা হৈছে।প্ৰশাসনে স্থগিত কৰা ভুটভুটি নাওঁ বোৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ কেবাটাও চৰৰ পৰা কাঠনি পাৰঘাটলৈ অনা হৈছে।

চাপৰৰ চৈবাৰী ঢেমালাইনত কৰম উৎসৱ উদযাপন

ধুবুৰী জিলা “আছা”ই পালন কৰিলে ১৭তম কৰম উৎসৱ।উক্ত মঞ্চৰ পৰাই আদিবাসী সকলক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবী চৰকাৰক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহোযোগত ১৭তম কৰম উৎসৱ ধুবুৰী জিলাৰ চাপৰৰ চৈবাৰী ঢেমালাইন খেলপথাৰত উদযাপন।কৰম পূজা অসমৰ আদিবাসী জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান।

মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষি কাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা কোনো ধৰণৰ বাধা নাহে আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত আদিবাসী লোক সকলোৰ পৰম্পৰাগত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে। লগতে আছায় কয় যে চৰকাৰে কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিছে যদিও বাগানত কৰ্মত শ্ৰমিকসকলক ছুটি দিয়া হোৱা নাই গতিকে আগন্তুক বৰ্ষত যাতে চৰকাৰে কৰম পূজাৰ দিনা বাগান বন্ধ ৰাখে তাৰ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে আদিবাসী সকলক জনজাতিকৰণৰ দাবী চৰকাৰক।

লটাৰী যোগে বদলি বৰপেটা জিলাৰ পঞ্চায়তৰ ২৮২ বিষয়া-কৰ্মচাৰী

বৰপেটা জিলাৰ গাওঁ পঞ্চায়ত সমূহত দুবছৰৰ অধিক সময় ধৰি একে ঠাইতে কাম কৰি থকা ঠিকাভিত্তিক ২৮২ জন বিষয়া-কৰ্মচাৰীক একেদিনাই বদলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি পোন প্ৰথমবাৰৰ বাবে লটাৰী যোগে কৰ্মচাৰী  সকলৰ বদলিৰ স্থান নিশ্চিত কৰা হয়।  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ সমিতিৰ পৰিচালনাত যোৱা শণিবাৰে এই উদ্দেশ্যে অনুষ্ঠিত হোৱা লটাৰী যোগে কৰ্মচাৰী সকলৰ নতুন কৰ্মস্থলী নিশ্চিত কৰা হয়। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বদলিৰ ক্ষেত্ৰত উপায়ুক্ত সকলক ক্ষমতা প্ৰদানৰ বাবে লোৱা সিদ্ধান্ত অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বিভিন্ন গাঁও পঞ্চায়তত   ঠিকাভিত্তিক নিয়োজিত হৈ থকা বিষয়া- কৰ্মচাৰী সকলৰ বদলিৰ বাবে উপায়ুক্তক সভাপতি আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব হিচাপে লৈ এখন চাৰিজনীয়া সমিতি গঠন কৰি দিয়ে। যোৱা শুক্ৰবাৰে জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত অনুষ্ঠিত হোৱা সমিতিৰ বৈঠকত উপায়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ উপৰি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ যুটীয়া সচিব ললিতা দেৱী সদস্য হিচাপে উপস্থিত থাকে। তদুপৰি সংশ্লিষ্ট উন্নয়ন খণ্ডৰ বিষয়া গৰাকীকো সমিতিৰ সদস্য হিচাপে ৰখা হয়। এই বৈঠকত সমগ্ৰ বিষয়টোৰ স্বচ্চতা ৰক্ষাৰ স্বাৰ্থত লটাৰী যোগে বদলিৰ স্থান নিশ্চিত কৰা হয়। সেই অনুসৰি বিভিন্ন পঞ্চায়তত যোৱা দুবছৰৰ অধিক দিন একে ঠাইতে নিয়োজিত হৈ থকা ৭৩ জন স্বীকৃতিপ্ৰাপ্ত অভিযন্তা, ৭১ জন গাওঁ পঞ্চায়ত সমন্বয়ক, ৯১ জন গাওঁ পঞ্চায়ত ৰোজগাৰ সহায়ক, ২৪ জন হিচাপ সহায়ক, ১৬ জন কম্পিউটাৰ সহায়ক আৰু ৭ জন খণ্ড আঁচনি প্ৰৱন্ধকক একেদিনাই  একেটা নিৰ্দেশৰ ভিত্তিত বদলি কৰা হয়। স্বচ্চতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ লটাৰী প্ৰক্ৰিয়াৰ ভিডিও ৰেকৰ্ডিং কৰা হয়। এনেদৰে উপায়ুক্ত গৰাকীৰ ব্যক্তিগত তৎপৰতাত একেদিনাই ইমান বৃহৎ সংখ্যক বিষয়া-কৰ্মচাৰীক এনেদৰে কোনো বক্ৰ পথৰ আশ্ৰয় নোলোৱাকৈ সম্পূৰ্ণ নীতিগতভাবে কৰা বদলিৰ কাৰ্যক সচেতন মহলে ভূয়শী প্ৰশংসা কৰিছে।