Home Blog Page 2826

ধুবুৰী জিলাৰ গোলকগঞ্জত ৬ টা চোৰাং গৰু সহ বাহন জব্দ

অসম আৰক্ষীৱে গৰু চোৰাং বেহা ৰোধ কৰাৰ বাবে বিগত দিন কেইটাত বহু প্ৰচেষ্টা হাতত লৈছিল যদিও ধুবুৰী জিলাৰ মাজেদি  গোপনে গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ সময়ত যোৱা নিশা প: বংগৰ পৰা পৰা  বাহনৰে চোৰাং গৰু ধুবুৰী জিলাৰ মাজেদি বাংলাদেশ লৈ সৰবৰাহ কৰাৰ সময়ত আৰক্ষীৱে অভিযান চলাই বাহন সহ ৬ টা গৰু জব্দ কৰাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ সম্পর্কে ধুবুৰী জিলাৰ আৰক্ষী অভিজিৎ গুৱাৰী জনায়, যোৱা নিশা প:বংগৰ পৰা WB-63B,  4552 নম্বৰৰ ভেন গাড়ীৰে চোৰাং গৰু ছাগলীয়া সীমান্তৰে   ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰে প্ৰবেশৰ দেখা পাই আগমনী, ছাগলীয়া আৰক্ষীৱে গাড়ীখন ৰখাবলৈ চেষ্টা কৰে। যদিও  চোৰাং কাৰবাৰীৰ দলটোৱে তীব্র বেগৰে গাড়ি লৈ পলাই যাবলৈ চেষ্টা কৰোতে ই আৰক্ষীৱে গাড়ী লক্ষ্য কৰি গুলিবর্ষণ কৰে। বাধ্য হৈ গাড়ী ৰখাই দলটোৱে পলাই যায়। আৰ ক্ষীৱে ঘটনা স্থলীৰ পৰা বাহনটো জব্দ কৰাৰ লগতে ৬ টা চোৰাং গৰু জব্দ কৰে। 

আলোচনাত মিলিত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, Dr. JKSH Medical College Students Unionৰ সাধাৰণ সম্পাদক আৰু সভাপতি

আজি ডাঃ জীৱকান্ত শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি দেৱজিৎ বৈশ্য আৰু সাধাৰণ সম্পাদক অভিমন্যু বৰা যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী দেৱক লগ কৰি এলানি আলোচনাত মিলিত হয়।

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা পবিতৰা অভিমুখী চাইকেল ৰেলীৰ ফ্লেগ অফ্ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই

বিশ্বজুৰি উদযাপিত হ’বলগীয়া ‘বিশ্ব পৰ্যটন দিৱস’ৰ সৈতে সংগতি ৰাখি আজি পুৱা গুৱাহাটীৰ দীঘলীপুখুৰীৰপৰা পবিতৰা অভিমুখী এটি চাইকেল ৰেলীৰ ফ্লেগ অফ্ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা আয়োজিত এই চাইকেল ৰেলীৰ উদ্দেশ্য হৈছে ৰাজ্যৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নত পৰ্যটনৰ ভূমিকাক উদযাপিত কৰা।উক্ত চাইকেল ৰেলীত অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ শ্ৰী নৱদ্বীপ কলিতা , পৰ্যটন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বহু উৎসাহী চাইক্লিষ্টসকলে অংশগ্ৰহণ কৰে।

মৰিগাওঁ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ‘Mega Fit India Freedom Run’

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মুহূৰ্ত্ব স্মৰণীয় কৰিবৰ বাবে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্য্যসূচী উপলক্ষে আজি মৰিগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত মেগা ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি পণ্ডিত গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অৰ্পন কৰে মুখ্য অতিথি আৰু সন্মানীয় অতিথিসকলে ৷মৰিগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখ স্থলীৰ পৰা ন-ভেটি স্থিত ঘনকান্ত বৰুৱা মহাবিদ্যালয়লৈ প্ৰায় ৮ কিলোমিটাৰ জুৰি অনুষ্ঠিত কৰা এই দৌৰৰ কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মৰিগাওঁ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতিষ চন্দ্ৰ পেগু লগতে নেহৰু যুৱ কেন্দ্ৰৰ উত্তৰ-পূৱ মণ্ডলা সমন্বয়ক জে. ৰুইভা, হকী ফেডাৰেচন অৱ ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাস , জিলা নিৰ্বাচনী বিষয়া দীপমণি ঠাকুৰীয়া , অতিৰিক্ত উপায়ুক্ত ৰিংকং মুছাহাৰী, মৰিগাওঁ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃঅচ্যুত কুমাৰ দাস ,অসম যোগ সন্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰা , মৰিগাওঁ জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক নাছিৰুদ্দিন আহমেদ ,  নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধান , নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰক  ধৰি  বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷   মুখ্য অতিথি ক্ষিতিশ চন্দ্ৰ পেগু, অসম অলিম্পিক এছছিয়েচনৰ কোষাধ্যক্ষ তপন দাস আৰু নেহেৰু যুৱ কেন্দ্ৰৰ উত্তৰ পূৱৰ সমন্বয়ক জে.ৰুইভাই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত আজি দ্বি- শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ দৌৰ আৰম্ভ হোৱাৰ আগতে উপস্থিত সকলোৱে নিজৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য অটুট ৰাখিবৰ বাবে যত্নপৰ হ’বলৈ শপত গ্ৰহণ কৰে  ৷আজিৰ এই দৌৰ কাৰ্য্যসূচীত মৰিগাওঁ জিলাৰ ৰাষ্ট্ৰীয় খেলুৱৈ  ক্ৰমে টিপু কুমাৰ নাথ, মুন্না বৰদলৈ, গোলাপ ফাংচু আৰু স্বৰ্ণলতা ফাংচুক ফুলাম গামোচা আৰু জাপি দি সম্বৰ্ধনা জনোঁৱা হয় ৷  উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে দেশৰ ৭৪৪ খন জিলাত থকা নেহৰু যুৱ কেন্দ্ৰসমূহে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে এই দৌৰ কাৰ্য্যসূচী হাতত লৈছে ৷ আজি মৰিগাওঁ জিলা ভিত্তিত এই দৌৰ অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে জিলাখনৰ গাওঁসমূহ সামৰি যোৱা ১৫ চেপ্তেম্বৰ পৰা এইকাৰ্য্যসূচী  অনুষ্ঠিত হৈ আছে আৰু অহা ২ অক্টোবৰলৈ হ’ব বুলি নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ প্ৰধানে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আনিব ১৫৭ টা শিল্পকলা আৰু পুৰাতত্ব

আমাৰ প্ৰাচীন সভ্যতাৰ গৌৰৱক প্ৰতিফলিত কৰা আৰু প্ৰতিফলিত কৰা আমাৰ ন্যায্য শিল্পকলাবোৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰৰ অক্লান্ত প্ৰচেষ্টা অব্যাহত আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ১৫৭ টা শিল্পকলা আৰু পুৰাতত্ব ঘৰলৈ আনিব। প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা শিল্পকলা আৰু পুৰাতত্বসমূহ হস্তান্তৰ কৰা হৈছিল।শিল্পকলাৰ ভিতৰত আছে হিন্দু, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত সাংস্কৃতিক পুৰাতত্ব আৰু মূৰ্তি।প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ভাৰতলৈ পুৰাতত্ব প্ৰত্যাৱৰ্তনৰ বাবে গভীৰ প্ৰশংসা জনায়। বেছিভাগ সামগ্ৰী 11 তম চিইৰ পৰা 14 তম চিই ৰ সময়ৰ লগতে বিফোৰ কমন এৰাৰ ঐতিহাসিক পুৰাকীর্তিৰ অন্তৰ্ভুক্ত প্ৰচেষ্টাই মোডী চৰকাৰৰ দ্বাৰা সমগ্ৰ বিশ্বৰ পৰা আমাৰ পুৰাতত্ব আৰু শিল্পকলা ঘূৰাই অনাৰ নিৰন্তৰ প্ৰচেষ্টাক মূৰ্ত কৰি তুলিছে ।

প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণকালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ১৫৭ টা শিল্পকলা আৰু পুৰাতত্ব হস্তান্তৰ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ভাৰতলৈ পুৰাতত্ব প্ৰত্যাৱৰ্তনৰ বাবে গভীৰ প্ৰশংসা জনায়। প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি বাইডেনে সাংস্কৃতিক বস্তুৰ চুৰি, অবৈধ ব্যৱসায় আৰু সৰবৰাহ ৰোধ কৰিবলৈ তেওঁলোকৰ প্ৰচেষ্টা শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

157 টা শিল্পকলাৰ তালিকাত দশম খ্ৰীষ্টপূৰ্বৰ বেলেগ শিলত ৰেৱন্তৰ ডেৰ মিটাৰ বেছ ৰিলিফ পেনেলৰ পৰা দ্বাদশ চিইৰ পৰা 8.5 চেমি ওখ, উৎকৃষ্ট ব্ৰঞ্জৰ নটৰাজলৈকে এক বৈচিত্ৰ্যপূৰ্ণ ছেট অন্তৰ্ভুক্ত আছে। সামগ্ৰীবোৰ মুখ্যতঃ 11 তম চিইৰ পৰা 14 তম চিই ৰ সময়ৰ লগতে ঐতিহাসিক পুৰাকীর্তি যেনে 2000 খ্ৰীষ্টপূৰ্বৰ তামৰ নৃতাত্ত্বিক বস্তু বা দ্বিতীয় চিইৰ টেৰাকোটা ফুলদানিৰ অন্তৰ্ভুক্ত। প্ৰায় ৪৫ টা পুৰাকীর্তি বিফোৰ কমন এৰাৰ অন্তৰ্গত।যদিও আধা শিল্পকলা (71) সাংস্কৃতিক, বাকী অৰ্ধাংশত হিন্দু ধৰ্ম (60), বৌদ্ধ ধৰ্ম (16) আৰু জৈন ধৰ্ম (9)ৰ সৈতে সম্পৰ্কিত মূৰ্তি আছে।তেওঁলোকৰ প্ৰস্তুতি ধাতু, শিল আৰু টেৰাকোটাত বিয়পি পৰে। ব্ৰঞ্জসংগ্ৰহত মুখ্যতঃ লক্ষ্মী নাৰায়ণ, বুদ্ধ, বিষ্ণু, শিৱ পাৰ্বতী আৰু 24 জন জৈন তীৰ্থঙ্কৰা আৰু কম সচৰাচৰ কংকলামূৰ্তি, ব্ৰাহ্মী আৰু নন্দিকেছাৰ লগতে অন্যান্য নামহীন দেৱতা আৰু ঐশ্বৰিক ব্যক্তিত্বৰ সুপৰিচিত ভঙ্গীৰ অলংকৃত মূৰ্তি আছে।

মোটিফবোৰত হিন্দু ধৰ্মৰ ধৰ্মীয় ভাস্কৰ্য অন্তৰ্ভুক্ত আছে (তিনিজন মূৰীয়া ব্ৰহ্মা, ৰথ ড্ৰাইভিং সূৰ্য, বিষ্ণু আৰু তেওঁৰ সহধৰ্মিনী, শিৱ দক্ষিণমূৰ্তি, নৃত্য গণেশ আদি হিচাপে), বৌদ্ধ ধৰ্ম (স্থায়ী বুদ্ধ, বোধিসত্ত্ব মজুশ্ৰী, তাৰা) আৰু জৈন ধৰ্ম (জৈন তীৰ্থঙ্কৰ, পদ্মসনা তীৰ্থঙ্কৰা, জৈনা চৌবিচি) লগতে ধৰ্মনিৰপেক্ষ মোটিফ (সমাভাং চৌৰী, চৌৰী আদিত অৰূপী দম্পতী) বজোৱা।ইয়াত 56 টা টেৰাকোটা টুকুৰা আছে (ফুলদানি দ্বিতীয় চিই, যোৰ অফ ডিয়েৰ দ্বাদশ চিই, মহিলা চতুৰ্দশ চিইৰ বাষ্ট) আৰু পাৰ্চী ভাষাত গুৰু হৰগোবিন্দ সিঙৰ উল্লেখ থকা শিলালিপিৰ সৈতে 18 তম চিই তৰোৱাল)।

চুতীয়া সম্প্ৰদায়ৰ বিভিন্ন বিষয় সম্পৰ্কীয় আলোচনা মুখ্যমন্ত্ৰীৰ

আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সতীৰ্থ মন্ত্ৰী ড০ ৰণোজ পেগুৰ উপস্থিতিত চুতীয়া জাতীয় সন্মিলন, সদৌ চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সম্মিলন আৰু চুতীয়া মহিলা সন্মিলনকে ধৰি চুতীয়া সম্প্ৰদায়ৰ সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চুতীয়া সম্প্ৰদায়ৰ বিভিন্ন বিষয় সম্পৰ্কীয় আলোচনা আৰু সম্প্ৰদায়টোৰ সামগ্ৰিক বিকাশৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে তেখেতসকলক ইয়াৰ কাৰ্যকৰীকৰণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভোগডহৰ চৰাঞ্চলৰ পৰা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

ধুবুৰীৰ ভাৰত – বাংলাদেশ সীমান্তৰ ভোগডহৰ চৰাঞ্চলৰ পৰা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ ।আটকাধীন ডকাইত জনৰ পৰা ৪ টা ছোলাৰ পেলেট সহ ২ টা বেটাৰী উদ্ধাৰ । ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সুত্ৰে চলাইছিল এই সকল দূৰ্ধষ  ডকাইতৰ বিৰুদ্ধে অভিযান , এই ডকাইত জনে এক  চোকা অস্ত্ৰৰে  ভাবুকি প্ৰদান কৰে কৃষ্ণক ৰাইজক ।স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ধুবুৰীৰ ভোগডহৰ চৰাঞ্চলত চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিছিল এই সমুহ ছোলাৰ , ধুবুৰীৰ ভাৰত – বাংলা সীমান্তত থকা চৰাঞ্চলৰ বিভিন্ন স্কুল শিক্ষাপ্ৰতিষ্ঠানৰ লগতে  কৃষক ৰাইজৰ  খেতিপথাৰত পানী যোগানৰ বাবে চৰকাৰে দিছিল এই সমুহ ছোলাৰ । আৰক্ষীয়ে উল্লেখ কৰা মতে  এখন ছোলাৰৰ মুল্য আছিল প্ৰায় ৪৯ হাজাৰ টকা ,ইয়াৰ পাছত ডকাইত জন ভোগডহৰৰ কাঈম ভাষানী নজৰ আলী খানৰ পুত্ৰ ৰফিকুল খান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । ঘটনাস্থলীৰ পৰা আন দুগৰাকী ডকাইতৰ পলায়ন , ছোলাৰ পেলেট আৰু বেটাৰী সমূহ বাংলাদেশত চালান দিয়াৰ বাবে ডকাইতি কৰি আনি নিজৰ ঘৰত  ৰাখিছিল এই সমুহ সামগ্ৰী । বৰ্তমান এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

পুনৰ বিতৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অভিযোগ- বিতৰ্কই যেন লগ নেৰিব! সেয়াই হৈছে। শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰশিক্ষা পাঠ্যক্ৰমত অথন্তৰ ঘটা বুলি অভিযোগ উত্থাপিত হৈছে। বিগত বৰ্ষৰ পৰাই দূৰশিক্ষা পাঠ্যক্ৰমত কেটবোৰ ব্যাপক খেলি- মেলিৰে পৰিচালিত হৈ অহাৰ কথা পোহৰলৈ আহিছিল। পূৰ্বে দূৰশিক্ষা পাঠ্যক্ৰমৰ স্নাতকোত্তৰ শাখাত বিভিন্ন ফলাফল প্ৰদানত বিলম্ব হৈছিল আৰু ফলাফল আসোঁৱাহপূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰী সকল ক্ষোভিত হৈছিল। ছাত্ৰ ছাত্ৰী সকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা পাঠ্যক্ৰমৰ ফলাফলত সন্তুষ্ট নহৈ বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ ফলাফল পুনৰ নিৰীক্ষণৰ বাবে প্ৰেৰণ কৰে যদিও নিৰ্দিষ্ট সময়ত প্ৰদান নকৰিলে। ফলত ছাত্ৰ ছাত্ৰী সকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত পুনৰ ৰহস্যজনক ভাবে পুনৰীক্ষণৰ ফলাফল ঘোষনা কৰে। য’ত বহু ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা সঞ্চালকালয়ৰ ব্যাপক খেলি মেলিৰ বাবেই পুনৰীক্ষণত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলে পুনৰ পৰীক্ষা দিব লগা হয় আৰু মাচুল ভৰিব লগা হয়। ইফালে, কিছুদিনৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰা “প্ৰিভিয়াছ একজামিনেচন” (বেকলগ) ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফলত কেইবাখনো মহাবিদ্যালয়ত থকা কেন্দ্ৰৰ ফলাফল ছাত্ৰ ছাত্ৰী সকলে লাভ নকৰিলে। তিনিচুকীয়া জিলাত থকা তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয় কেন্দ্ৰ, চিটি কলেজ কেন্দ্ৰৰ পৰীক্ষাৰ্থী সকলে ফলাফল লাভ নকৰা বুলি জানিব পৰা গৈছে। গতিকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত হাঁহাকাৰ সৃষ্টি হৈছে। কি খেলিমেলিৰ বাবে অথবা কি ৰহস্যজনক কাৰণত এই কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলৰ ফল ঘোষণা কৰা নহল সেয়া কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়হে অৱগত। স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দি আজৰি হোৱা ছাত্ৰ ছাত্ৰী সকলে এনেদৰে ফলাফল লাভ নকৰাত শংকিত হৈ পৰিছে। আনহাতে একাংশই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নিজৰ ভুল ঢাকিবলৈ উক্ত কেন্দ্ৰত পৰীক্ষাৰ্থী অনুতীৰ্ণ কৰোৱাৰহে পাং পাতিব বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগমতে, ফলাফল ঘোষণা নকৰা কেন্দ্ৰত পৰীক্ষাৰ্থী অনুতীৰ্ণ হোৱাৰ বাবেই ঘোষণা কৰা হোৱা নাই বুলি মন্তব্য কৰাটোৱেই সম্ভাৱনা থকা বুলিহে একাংশই সন্দেহ প্ৰকাশ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰশিক্ষা সঞ্চালকালয়ৰ অকৰ্মণ্যতাৰ বাবেই বহু ছাত্ৰ ছাত্ৰীৰ জীৱন আৰু ভবিষ্যত অন্ধকাৰ হৈ পৰিছে। কিমান আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ? সেয়াই ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। সততে বিতৰ্কত সোমাই পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিষয়টোৰ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

গোৱালপাৰাত এ আই ইউ ডি এফ দলৰ মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। ৰাজ্যপাললৈ পাচ দফীয়া দাবীৰ স্মাৰক পত্ৰ প্ৰদান

 যোৱা ২৫ ছেপ্তেম্বৰ তাৰিখে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰৰ গৰুখুটিত অসম চৰকাৰৰ দ্বাৰা সংঘটিত হোৱা হত্যাযজ্ঞ আৰু অমানবীয় উচ্ছেদৰ প্ৰতিবাদত আৰু উচ্ছেদিত সকলক পৰ্যাপ্ত পৰিমাণে ক্ষতি পূৰণৰ সৈতে পুনৰ সংস্থাপন দিয়াৰ দাবীত আজি এ আই ইউ ডি এফ দলৰ গোৱালপাৰা জিলা কমিটিৰ দ্বাৰা এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এ আই ইউ ডি এফৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি ছফিয়ৰ ৰহমান আৰু সাধাৰণ সম্পাদক সহিদুৰ ৰহমান আৰু কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আব্দুল হাইয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এ আই ইউ ডি এফে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাল গৰাকীলৈ পাঁচ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদী সকলে  অসম চৰকাৰৰ আৰক্ষী বাহিনীক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। অন্যথা চৰকাৰৰ বিৰুদ্ধে একগোট হৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। অসম চৰকাৰৰ এই অমানৱীয় কাৰ্য্যই চৰকাৰৰ ফেচিবাদী চৰিত্ৰ ওলাই পৰিছে।

দুলীয়াজানৰ প্ৰকৃতিপ্ৰেমী নবীন বৰুৱালৈ পি এইচ ডি সন্মান

অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন বিভাগৰ কৰ্মচাৰী নবীন বৰুৱাক কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডি কে ইণ্টাৰনেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ সহযোগত সমতা সাহিত্য অকাডেমীয়ে পি এইছ ডি ডিগ্ৰী প্ৰদান কৰিছে । তৈল নগৰী দুলীয়াজানৰ নিচেই কাষতে লাগি থকা ঊষাপুৰ খনিকৰ গাঁও নিবাসী বৰুৱাক আজি নাগপুৰত এই সন্মান প্ৰদান কৰা হয় । ১৯৯৪ চনৰ পৰা গছপুলি ৰোপণৰ যাত্ৰা আৰম্ভ কৰা নবীন বৰুৱাই পৰৱৰ্তী তিনি দশক ধৰি একেলেঠাৰিয়ে গছপুলি ৰোপণৰ লগতে এইবোৰৰ পৰিচৰ্যা কৰি আহিছে । অসমৰ চুকে-কোণে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়¸ নামঘৰ¸ মন্দিৰ¸ ৰাজপথৰ দাঁতিত লক্ষ লক্ষ গছপুলি ৰোপণ কৰি মানৱ সমাজলৈ সেৱা আগবঢ়াই আহিছে । যি সময়ত বিভিন্ন প্ৰকৃতিপ্ৰেমী বেচকাৰী সংগঠনে নিজৰ কাম-কাজ আগবঢ়াবলৈ চৰকাৰ বা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুঁজিলৈ বাট চাই থাকে¸ সেই সময়ত দুলীয়াজানৰ এই ব্যক্তিজনে সম্পূৰ্ণ নিজা আৰু একক প্ৰচেষ্টাত নিজৰ উপাৰ্জনৰ আধা অংশ গছপুলি ৰোপণৰ নামত খৰচ কৰি আহিছে ।