Home Blog Page 2827

উত্তৰ পূবৰ প্ৰথমটো জনগোষ্ঠীয় পানীয়লৈ ভৌগলিক স্বীকৃতি

ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগলিক স্বীকৃতি লাভ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে  দীৰ্ঘদিনৰ গৱেষণাৰ আৰু পৰ্যবেক্ষণৰ পাছত ২০১৯ বৰ্ষত  জনোৱা আবেদনৰ ভিত্তিত এই স্বীকৃতি লাভ কৰিছে । থলুৱা চাউলৰ সৈতে একেছীয়া পাতৰ লগতে আৰু বহু ঔষধি উদ্ভিদ তথা বন- বাতৰ সংমিশ্ৰণৰ জৰিয়তে স্বকীয় গুণসম্পন্ন এই জুডিমা নামৰ পানীয়বিধ প্ৰস্তুত কৰা হয় ।অসম কৃষি বিশ্ববিদ্যালয়ে  য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত ‘ডিমাজিক হাছাও ‘নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাবে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে । ইয়াৰ ফলত এই পানীয়বিধৰ বাবে স্থায়ী ল’গ  অনুমোদিত হোৱাৰ লগতে বিপণনৰ বাবে নিদিষ্ট অনুমোদন লব লাগিব । উল্লেখ্য যে এই জুডিমা পানীয়বিধ মুলত মহিলা সকলে তৈয়াৰ কৰে ।কাৰ্বি আংলঙ আৰু ডিমা হাছাও  জিলাৰ বিশেষ অঞ্চলত এই একাছিয়া পাত বিশেষভাবে উপলব্ধ বাবে এই জিলা দুখনৰ মহিলা সকল ইয়াৰ প্ৰস্তুতিৰ লগত জড়িত ।অসম কৃষি বিশ্ববিদ্যালয়ৰ  অধ্যাপক  গৱেষক ড° কিশোৰ কুমাৰ শৰ্মা, ড° গাৰ্গী শৰ্মা আৰু ড° সুবল মাইবঙছাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম বাথাৰিৰ নেতৃত্বত এটা দলে  এই পৰম্পৰাগত পানীয়ৰ ওপৰত পদ্ধতিগত পৰ্যবেক্ষণ আৰু গৱেষণা চলাই আবেদন কৰি সফলতা লাভ কৰে ।এই বিষয়ে জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে নিদিষ্ট পদ্ধতিৰ জৰিয়তে এই   পানীয় প্ৰস্তুতৰ  ফলত ব্যৱহাৰ আৰু বিপননৰ দিশত লাভজনক হোৱাৰ লগতে পিছপৰা জনগোষ্ঠীটোৰ লোকসকল উপকৃত হব । লগতে এই পানীয়বিধ প্ৰস্তুতৰ থলুৱা কৌশলবিধ সংৰক্ষিত হোৱাৰ উপৰিও ইয়াৰ বিপননৰ ক্ষেত্ৰত সফল হব পৰা যাব । সকলো সময়তে সমতা ৰক্ষা কৰি প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বজাৰত বিপননৰ মাণদণ্ড ৰক্ষা কৰিব পৰা যাব

নলবাৰী বাহঁজানীত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী পালন কৰিলে বিধায়ক জয়ন্ত মল্ল বৰুৱাই

 একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়ৰ প্ৰণেতা, মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী  । এই মহান ব্যক্তি গৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নিৰ্দেশ অনুসৰি আজি ৰাজ্যৰ প্ৰতিটো বুথত তেখেতৰ জন্মদিন উদযাপন কাৰ্যসূচী পালন কৰা হয় । সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো পালন কৰা হৈছে পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী  । সেইমৰ্মে নলবাৰী সমষ্টিৰ ৮ নং পঞ্চায়তৰ অন্তৰ্গত ২৩৬ নং বুথত অনুষ্ঠিত কৰা অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই নিজা বুথত উপস্থিত থাকি মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী পালন কৰাৰ লগতে অনুষ্ঠানটোত  উপস্থিত ৰাইজক বিধায়ক গৰাকীয়ে সম্বোধন জনাই । একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়ৰ প্ৰণেতা, মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জনসংঘৰ দিনৰে পৰা ভাৰতীয় জনতা পাৰ্টি দলটোৱে এক ৰাষ্ট্ৰবাদী আদৰ্শৰে দেশ সেৱাৰ হকে কাম কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই  । উল্লেখ্য যে, আলোক মল্ল বুজৰবৰুৱাই আঁত ধৰা এই অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টি পূব নলবাৰী মণ্ডলৰ সভাপতি প্ৰতুল কলিতা, বুথ সভাপতি নিভাৰাণী কলিতা সহ প্ৰমুখ্যে বুথৰ আন আন কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।

ৰাজহ চক্ৰৰ লাট মণ্ডলৰ সহযোগত মাতৃৰ নামত ভূৱা নামজাৰী কৰে দুই বিঘা মাটি

দৰঙৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং চিকন মাটি গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ জয়নাল আব্দিনৰ ভূমি বলপূৰ্বক ভাৱে বেদখল কৰে ভূ মাফিয়া ৰূপী দালালে । জানিব পৰা মতে ১৯৭০ চনত জৰীপৰ সময়ত  জয়নাল আব্দিনৰ ককা দেউতাই  ৩৬ নং ম্যাদী পট্ৰাৰ ১৯ নং দাগৰ পৰা তেওঁক ১০ বিঘা মাটি প্ৰদান কৰে আৰু খুড়া আব্দুল গফুৰক প্ৰদান কৰে ৫ বিঘা ৪ কঠা ১৯ লোচা মাটি । আব্দুল গফুৰে ৩ বিঘা মাটি বিক্ৰী কৰে । বাকী ২ বিঘা ৪ কঠা ১৯ লোচা মাটি ১৯৭৮ চনত জয়নাল আব্দিনৰ পেহীয়ে ভূৱা নামজাৰি কৰি বিক্ৰী কৰে ।  অভিযোগ অনুসৰি ,  গাওঁ খনৰ নুৰ জামাল তথা জয়নাল আব্দিনৰ পেহীৰ পুত্ৰ ছাজাহান আলী দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দালাল হোৱা হেতুকে মাতৃ বেগমা খাতুনৰ নামত পুনৰ ভূৱা নামজাৰি কৰে আৰু ছাজাহান আলীয়ে জয়নাল আব্দিনৰ নামত চিভিল গোচৰ কৰে । উক্ত গোচৰৰ ভিত্তিত আদালতে দুয়ো পক্ষকে সেই মাটিত যাবলৈ বাধা প্ৰদান কৰে । চিভিল গোচৰ চলি থকাৰ মাজতে প্ৰায় ১ বছৰ পূৰ্বে নুৰ জামানৰ তিনি পুত্ৰ ছাজাহান আলী , মোছাৰফ হুছেইন আৰু মতিউৰ ৰহমানে  গুণ্ডা বাহিনী লৈ নিশাৰ আন্ধাৰত ঘৰ নিৰ্মাণ কৰি বেদখল কৰে জয়নাল আব্দিনৰ দুই বিঘা মাটি । উক্ত মাটি বেদখল মুক্ত কৰিবলৈ দলগাওঁ আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে জয়নাল আব্দিনে । উক্ত এজেহাৰৰ ভিত্তিত দলগাওঁ আৰক্ষীয়ে ঘৰ ভাঙিবলৈ নিৰ্দেশ দিয়ে যদিও ঘৰ ভঙাৰ পৰিৱৰ্তে পুনৰ দুখন ঘৰ নিৰ্মাণ কৰে । মোছাৰফ হুছেইন গাওঁৰক্ষী বাহিনীৰ সম্পাদক হোৱা বাবে আজিও উক্ত মাটি বেদখল কৰি খেতি বাতি কৰি আছে ছাজাহান আলীয়ে । উক্ত মাটিত গ’লে পৰিস্থিতি বেয়া হ’ব বুলি ভাবুকি প্ৰদান কৰি আহিছে যদিও যোৱা কালি সাংবাদিক লৈ উপস্থিত হয় জয়নাল আব্দিন । সাংবাদিক লৈ যোৱাৰ বাবে জয়নাল আব্দিনৰ পৰিয়ালক মাৰপিট কৰিবলৈ হাতে হাতে গছৰ ডাল লৈ খেদি যায় বেদখলকাৰী পৰিয়ালটোৱে । উল্লেখ্য যে মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে । আনৰ মাটি মাতৃৰ নামত ভূৱা নামজাৰি কৰি বেদখল কৰা  দলগাঁৱৰ চিকনমাটিৰ দালাল ছাজাহান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰিব নে দলগাওঁ আৰক্ষীয়ে ? নে ভাতৃ গাওঁৰক্ষী বাহিনীৰ সম্পাদক তথা থানাৰ দেৱানী হোৱাৰ সুযোগত বাচি যাব ? সঠিক তদন্তৰ জৰিয়তে উক্ত মাটি খিনি বেদখল মুক্ত কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে ভোক্তভোগী জয়নাল আব্দিনে ।

মাজুলী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস পালন

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৪ চেপ্তেম্বৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি , মাজুলী মহাবিদ্যালয় গোটৰ সৌজন্যত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই কাৰ্য্যসূচীৰ অধীনত মাজুলীৰ অন্যতম ব্যস্ত অঞ্চল কমলাবাৰী পাৰঘাটত এক পৰিৱেশ সজাগতাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই আনুষ্ঠানিক ভাবে উদ্বোধন কৰা কাৰ্যসূচীৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সেৱা আঁচনি , মাজুলী মহাবিদ্যালয় গোটৰ কাৰ্য্যক্ৰম বিষয়া তথা অধ্যাপক ড° অৰূপ বুঢ়াগোহাঁইয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি প্ৰতিষ্ঠাৰ আঁৰৰ ইতিহাস , ইয়াৰ উদ্দেশ্য তথা সমাজৰ প্ৰতি ইয়াৰ সেৱক সকলৰ দায়বদ্ধতাৰ বিষয়ে স্বেচ্ছাসেৱকসকলক অৱগত কৰে । ইয়াৰ পিছতেই প্ৰায় অৰ্ধশতাধিক স্বেচ্ছাসেৱকে চাফাই অভিযান চলাই এক বৃহৎ এলেকাত য’তে-ত’তে সিঁচৰতি হৈ থকা আৱৰ্জনা আঁতৰ কৰি অঞ্চলটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাত অৰিহণা যোগোৱাৰ লগতে পৰিষ্কাৰ-পৰিচন্নতাৰ সন্দৰ্ভত এক জনসচেতনতা সৃষ্টি কৰে । পৰৱৰ্তী সময়ত স্বেচ্ছাসেৱকসকলে অঞ্চলটোত এক বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰে। মহাবিদ্যালয়ৰ অধ্যাপক ড° অনুপ কুমাৰ দলে , অধ্যাপিকা ড°মাধৱী দেৱী প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত স্বেচ্ছাসেৱক বাহিনীয়ে এক সুস্থ পৰিৱেশৰ বাবে আমাৰ কৰণীয় কাৰ্যপ্ৰণালীৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মাজুলী মহাবিদ্যালয়ৰ গোটে গ্ৰহণ কৰা এনে পৰিৱেশ সজাগতামূলক কাৰ্যসূচীক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে 

বানাক্ৰান্ত লোকক ডিগবৈ লায়ন্স ক্লাৱৰ সাহাৰ্য প্ৰদান

ডিগবৈ সমাজ জীৱনৰ অন্যতম সামাজিক অনুষ্ঠান ডিগবৈ লায়ন্স ক্লাৱে ৰাইজৰ মাজত সদাই বিভিন্ন সমাজসেৱা মূলক বহু সামাজিক কাম কাজ কৰি আহিছে ৷ সেই অনুসৰি ক্লাৱৰ বহু কেইগৰাকী কৰ্মকৰ্তাৰ উপস্থিতিত অলপতে তিনিচুকীয়া জিলাৰ গুইজান গাওঁৰ ১৪০ টা বানবিধস্ত পৰিয়ালৰ মাজত ব্লিচিং পাউদাৰ, ফেনাইল, চাবোন, মহ খেদোৱা ধূপ, খোৱাপানী বটল, চিকিৎসা সামগ্ৰী আদি কৰি বিভিন্ন সাহাৰ্য সামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰ উপৰিও ক্লাৱৰ সদস্য ডা: ভৱেন তালুকদাৰ আৰু অমূল্য বৰগোহাইয়ে বানাক্ৰান্ত ৰাইজৰ মাজত বিনামূলীয়াকৈ স্বাস্থ্য আৰু চকু পৰীক্ষা কৰি চিকিৎসা সেৱা প্ৰদান কৰে ৷ ডিগবৈ লায়ন্স ক্লাৱৰ এই পৰ্দক্ষেপক শলাগ লয় বানবিধস্ত ৰাইজে ৷

ধুবুৰীত AIUDFৰ মৌন প্ৰতিবাদ

ছিপাঝাৰ ঢলপুৰ কাণ্ডৰ বিৰুদ্ধে ধুবুৰীত AIUDF ৰ প্ৰতিবাদৰ নাটক।আজি ধুবুৰী উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত।ছিপাঝাৰৰ ঢলপুৰ (গৰুখুটি) কাণ্ডৰ লগতে, ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত সংখ্যালঘূ ওপৰত নিৰ্যাতন চলি থকাৰ সময়তে AIUDF দলৰ মূৰব্বী, ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ তথা নিজকে সংখ্যালঘূৰ ত্ৰানকৰ্তা বুলি জাহিৰ কৰা মৌলানা বদৰুদ্দিন আজমলৰ লগতে দলীয় নেতৃত্বই নিৰুদ্দেশ হৈ থকা বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। তাৰ পিছতেই সাৰ পাই উঠিল  AIUDF দল তথা দলীয় কৰ্মী।আজি মাহৰ শেষ শনিবাৰ গতিকে, চৰকাৰী বন্ধৰ দিন।আজি এই বন্ধৰ দিনত ৰাতিপূৱা ১১বজাৰ পৰা ধুবুৰী উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত, ধুবুৰী জিলাৰ AIUDF কৰ্মী সকলে মুষ্ঠিমেয় দলীয় সমৰ্থক তথা কৰ্মী সকলক লৈ বন্ধ কাৰ্য্যালয়ৰ সন্মুখত মৌন প্ৰতি বাদী কাৰ্য্য সূচি গ্ৰহণ কৰে। 

অনিয়মিত বিদ্যুৎ যোগনে কন্দুৱাইছে গ্ৰাহকক

ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ  বিদ্যুৎ বিভাগত দ্ৰুত সংস্কাৰৰ কথা আওৰাই থকাৰ সময়তে গ্ৰাহকে নিয়মিত বিদ্যুৎ সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ  যমৰ যাতনা ভোগ কৰি বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ  পৰা পৰিলক্ষিত হৈছে। ডিমৌ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ অন্তৰ্গত অতিকৈ ভিতৰুৱা পানীদিহিং আৰু নিতাই মৌজা দুটা বিভাগটোৰ এচাম বিষয়া, অভিযন্তাৰ  চূড়ান্ত অমনোযোগিতাৰ বাবে এচাম ঠিকাদাৰে বাঁহৰ খুঁটাত বিদ্যুৎ পৰিবাহী তাঁৰেৰে বিদ্যুৎ যোগন ধৰি আহিছে। বিভাগটোৰ এই কাৰ্য্যৰ বাবে আগন্তুক দিনত যিকোনো সময়তে গাওঁবাসীৰ বাবে বিপদজনক হৈ পৰিব বিদ্যুৎ যোগান । আগন্তুক ১০৭ নং থাওৰা বিধানসভা সমষ্টিত  উপ নিৰ্বাচনৰ ধামখুমিয়াত প্ৰতিটো ৰাজনৈতিক দল এতিয়া গাঁৱৰ সহজ-সৰল মানুহক থগ-প্ৰৱঞ্চনা কৰি ভোট আদায় কৰাত ব্যস্ত হৈ সপোন দেখিছে নিজৰ  ক্ষমতা দখলৰ আখৰাত । এনে সময়ত থাওৰা সমষ্টিৰ পানীদিহিং মৌজাৰ নামনি মিলনকুৰ গাঁৱৰ গ্ৰাহক ৰাইজক ডিমৌ বৈদ্যুতিক উপ সংমণ্ডলে অতি নিকৃষ্ট পন্থা গ্ৰহণ কৰি বাহঁৰ খুঁটা দি অতি বিপদজনকভাৱে গ্ৰাহক ৰাইজক বিদ্যুৎ যোগান ধৰি আছে । বিভাগটোৰ বিষয়া, অভিযন্তাৰ জ্ঞাতসাৰে ঠিকাদাৰে বিপদজনকভাৱে  বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান দিয়া বিভাগটোৱে সময়মতে বিল পৰিশোধ নকৰা ব্যক্তি সকলৰ ঘৰত গৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিছে। ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে লুইতপৰীয়া নামনি মিলনকুৰবাসী ৰাইজ। গাওঁবাসীৰ  অভিযোগ  ডিমৌৰ বিদ্যুৎ বিভাগৰ বিষয়া সকলক বহুবাৰ বাহঁৰ খুঁটা সলনি কৰিবলৈ অনুৰোধ কৰাৰ পাছতো বিভাগটোৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। মাথোঁ  মাহে মাহে বিদ্যুতৰ বিল নিয়মিত দিয়াৰ উপৰি বিল পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন কৰি আহিছে। সমষ্টিৰ উপ নিৰ্বাচনৰ লক্ষ্যৰে আধাৰশিলাত ব্যস্ত থকা শাসকীয় পক্ষৰ কিন্তু নামনি মিলনকুৰবাসীৰ বেদনা  শুনিবলৈ সময় নাই। সামান্য এজাক বৰষুণ আৰু বতাহত বিদ্যুৎৰ সংযোগ কেইবাটাও দিনলৈ বিছিন্ন হৈ পৰা এই এলেকাবোৰত অতিশীঘ্রেই বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু বাঁহৰ খুঁটা সলনি কৰি পকি  খুঁটা লগাই মাহিলী বিল আদাক কৰক বুলিও ৰাইজে মন্তব্য কৰিছে।

নগৰবেৰাত দীনদয়াল উপাধ্যায়ৰ জন্মদিন পালন

বিশিষ্ট দাৰ্শনিক, ৰাজনীতিবিদ, দেশৰ প্ৰতি সমৰ্পিত একাত্ম মানবতাবাদৰ মহান আদৰ্শৰে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিন সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাতো  আজি পালন কৰা হয়।  নগৰবেৰা মণ্ডল বিজেপিৰ উদ্যোগত স্থানীয় নগৰবেৰা বজাৰ সমিতিৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত কৰাএই জন্ম দিনত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে নগৰবেৰা মৌজা সমিতিৰ সভাপতি উদয় শংকৰ মেধি মেধিয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলনৰ লগতে অনুষ্ঠিত কৰা হয় বিভিন্ন কাৰ্য্যসূচী। ইপিনে এই জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু কামনাৰ্থে আৰু তেওঁলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিবলৈ সহশ্ৰাধিক পোষ্ট কাৰ্ড ৰাইজৰ মাজত বিতৰন কৰে নগৰবেৰা মণ্ডল বিজেপিয়ে ৷ এই কাৰ্যসূচীত নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি-পবিত্ৰ কুমাৰ মেধি, সম্পাদকদ্বয়-মানিক কলিতা, ছাৰুকৃষ্ণ কলিতা,অনুপম কলিতা আদিৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকি  দীনদয়াল উপ্যাধ্যায়ৰ জন্মদিন সন্দৰ্ভত চমুকৈ ভাষন প্ৰদান কৰে।

নম্বৰ প্লেট বাচনি কৰাৰ বাবদ ১৭ লাখ টকা ব্যয় jr. NTRৰ

চেলিব্ৰিটি আৰু তেওঁলোকৰ অসাধাৰণ জীৱনশৈলীৰ কোনো সীমা নাই। দক্ষিণৰ চুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰও এই চেলিব্ৰিটিসকলৰ ভিতৰত আছে যি এজন গাড়ী প্ৰেমী আৰু তেওঁৰ গেৰেজত বহুকেইখন বিলাসী গাড়ী আছে। জুনিয়ৰ এনটিআৰে শেহতীয়াকৈ 3.15 কোটি টকাৰ লেম্বৰ্গিনি উৰুছ গ্ৰাফাইট কেপচুল গাড়ী ক্ৰয় কৰিছে (পথৰ মূল্যত) আৰু তেওঁ ভাৰতৰ প্ৰথম ব্যক্তি যিয়ে ইয়াৰ গৰাকী হৈছে।তেওঁৰ টুইটত লিখিছে যে জুনিয়ৰ এনটিআৰে তেওঁৰ লাইচেঞ্চ প্লেটত 9999 নম্বৰ ৰখাৰ বাবে 17 লাখ টকাৰ বৃহৎ পৰিমাণ পৰিশোধ কৰিছিল। তেওঁৰ টুইটটোত লিখা হৈছে, “.@tarak9999 যি ভাৰতৰ প্ৰথম #Lamborghini উৰুছ গ্ৰাফাইট কেপচুলৰ গৌৰৱান্বিত গৰাকী যিয়ে বাহন নম্বৰ হিচাপে 9999 লাভ কৰিছে। তাৰকাগৰাকীয়ে খাইৰাটাবাদ আৰটিঅ’ কাৰ্যালয়ত টিএছ০৯ এফএছ ৯৯৯৯ পঞ্জীয়ন নম্বৰৰ বাবে ১৭ লাখ ₹ পৰিশোধ কৰিছে। ইফালে, পেছাদাৰী ক্ষেত্ৰত জুনিয়ৰ এনটিআৰক পৰৱৰ্তী সময়ত এছ এছ ৰাজামৌলীৰ ‘আৰআৰআৰ’ত আলিয়া ভট্ট, ৰাম চৰণ আৰু অজয় দেৱগন অভিনীত দেখা যাব।

ইটাখোলাত ‘আজাদী কা অমৃত’ মহোৎসৱ উদযাপন।

 দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কালি  বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱন প্ৰাংগনত ভাৰত চৰকাৰৰ লোক সম্পৰ্ক আৰু সঞ্চাৰ ব্যুৰো ‘ তথ্য আৰু সম্প্ৰচাৰ  মন্ত্ৰালয়,ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰৰ উদ্যোগত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে”” আজাদী কা অমৃত মহোৎসৱ” উদযাপন কৰে ।উক্ত কাৰ্যসূচীৰ সঞ্চালন কৰে  চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টীৰ স্থানীয় জনপ্ৰিয় নেতা লক্ষীকান্ত বৰাই। কাৰ্য্যসুচীত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু কিশোৰ কিশোৰী সকলৰ মাজত  দেশপ্ৰেমমূলক গীত- নৃত্য  আকস্মিক বক্তৃতা,চিত্ৰাংকন আৰু  কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিযোগী সকলক স্থানীয় শিক্ষক মিণ্টু কটকী ,প্ৰকাশ বৰা আৰু ৰাজেন্দ্ৰ কলিতাৰ দ্বাৰা  প্ৰতিটো প্ৰতিযোগীতাৰ  প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান বিচাৰ কৰি   “ফিল্ড আউটৰিছ ব্যুৰ ” ৰ দ্বাৰা আকৰ্ষণীয় পুৰস্কাৰ বিতৰণ কৰা হয় ।উল্লেখনীয় যে ইটাখোলাৰ দিকৰাই চাহ বাগিচাৰ ভূপেন শইকীয়াৰ এক মাত্ৰ বিশেষ ভাবে সক্ষম পুত্ৰ আকাশ শইকীয়া(১৪)ই অনুষ্ঠানত আহিব নোৱাৰি ঘৰতে বহি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ স্বতন্ত্ৰ সেনানী বীৰ  ভগত সিংৰ প্ৰতিচ্ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।লগতে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে ।প্ৰতিভাবন কিশোৰ আকাশক ঘৰতে গৈ অনুষ্ঠানটিৰ আয়োজক “ফিল্ড আউটৰিছ ব্যুৰ ” তেজপুৰৰ প্ৰচাৰ বিষয়া সাৰংগ পানি  বৰাই পূৰস্কৃত কৰে । উক্ত অনুষ্ঠানত ইটাখোলা অঞ্চলৰ চলিত বৰ্ষৰ আদৰ্শ শিক্ষক বটা প্ৰাপ্ত শিক্ষয়িত্ৰী মালবিকা শইকীয়া কটকীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি দেশৰ স্বতন্ত্ৰ সেনানী  সকলৰ স্মৰণ কৰি এক তত্বগধুৰ ভাষণ প্ৰদান কৰে ।