কিংবদন্তী শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ ২০ ছেপ্টেম্বৰৰ জন্ম দিনটোত কম দিনৰ ভিতৰতে অসমৰ সংগীত জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ডিমৌৰ উদীয়মান কন্ঠশিল্পী ডৰিণ পৰিধিৰ এটি নতুন ভিডিঅ চি ডি মুকলি হয়। শিল্পীজনাৰ প্ৰতিচ্ছবিত বিশিষ্ট সাংবাদিক, লেখক ভাস্কৰ শৰ্মা আৰু ডৰিণ পৰিধিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিচতে অঞ্জুমণি- ২০২১ শ্ব্যডিঅ চিডিৰ এটি গীতত কন্ঠদঢ়ন কৰা দৰদী শিশু কন্ঠশিল্পী ডৰিণ পৰিধিৰ একক কন্ঠৰ “অচিনা উলাহত” ভিডিঅ চিডিখন আজি ডিমৌ প্ৰেছ ক্লাৱত আয়োজিত আৰু সাংবাদিক হিন্দুজ্যোতি গগৈয়ে আঁত ধৰা অনুষ্ঠানত উন্মোচন কৰে শিৱসাগৰৰ প্ৰতিথযশা সংগীতজ্ঞ অনুধৃতি মহন্তই। আৰ পি চি প্ৰডাকচনৰ বেনাৰত জনপ্ৰিয় গীতিকাৰ দীগ দিগন্ত বৰুৱাৰ ৰচনা আৰু সুৰেৰে, গুৱাহাটীৰ নিতুন কাল্পনিকৰ সংগীত ব্যৱস্থাপনা, পাৰ্থ মেছৰ ভিডিঅ, নিৰ্দেশনা, বিমান বৰুৱা অসমীয়াৰ সম্পাদনাৰে ইউ টিউৱৰ ধ্বনি ৰেকৰ্ডছ চেনেলৰ যোগেদি আজি ডৰিণৰ ভিডিঅ চি ডিখনি মুকলি হয়। বিশিষ্ট লেখক, সমালোচক ভাস্কৰ শৰ্মা, দীগ দিন্ত বৰুৱা, নিতুন কাল্পনিক, সুভাষ গগৈ, পল্লৱিকা গগৈ, গৌতম কোঁৱৰ, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আদিত্য শৰ্মা, সাংবাদিক, শেখৰজ্যোতি দুৱৰী, উমেশ চেতিয়া আদিৰ উপস্থিতিত এক মনোগ্ৰাহী অনুষ্ঠানৰ মাজত সম্ভাৱনাপূৰ্ণ কন্ঠশিল্পী ডৰিণ পৰিধিৰ”অচিনা উলাহত” গীতটি ইউ টিউবত মুকলি কৰা হয়। সকলোৱে এই গীতটোৱে দৰ্শক ৰাইজ তথা সংগীতপ্ৰেমীৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।
UPSC ত শীর্ষস্থান দখল কৰিলে বিহাৰৰ শুভমে।
যদি আপুনি লক্ষ্যত আত্মসমৰ্পণ কৰে, আপুনি গাওঁখনৰ পৰাও সফলতা লাভ কৰিব, ইণ্টাৰনেটত অধ্যয়ন সামগ্ৰীৰ কোনো অভাৱ নাই । শুভম তেওঁৰ লক্ষ্য আৰু তেওঁৰ প্ৰস্তুতিৰ প্ৰতি ইমানেই সমৰ্পিত আছিল যে তেওঁ ২৪ ঘণ্টাত ৫ মিনিটতকৈ বেছি সময় ঘৰৰ লোকসকলৰ সৈতে কথা পতা নাছিল। তেওঁৰ দেউতাক দেৱানন্দ সিঙে কয়, “ৰাতিৰ আহাৰৰ পিছত, তেওঁ নিজে শুভমক ফোন কৰিছিল, কিন্তু তেওঁ 5 মিনিটতকৈ বেছি সময় কথা পতা নাছিল। ঘৰৰ মানুহে এইটোও জানিছিল যে শুভমৰ লক্ষ্য আছিল ইউপিএছচিত এটা ভাল স্থান লাভ কৰা। শুভমে কয়, “ফলাফল ওলাই অহাৰ 24 ঘণ্টা আগতে মই দেউতাৰ সৈতে ঘৰত কথা পাতিছিলো, কিন্তু মই এজন শীৰ্ষস্থানপ্ৰাপ্ত হ’ম বুলিভবা নাছিলো। আমাৰ দৰে যিকোনো শিশুৱে শীৰ্ষস্থান তৈয়াৰ কৰিব পাৰে, কেৱল তেওঁৰ লক্ষ্য সততাৰে নিৰ্ধাৰণ কৰা উচিত।শুভমে গাওঁখনত থকা আৰু প্ৰস্তুতি কৰা সকললৈ এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয়, “ডিজিটেল মাধ্যমৰ এই আধুনিক যুগত প্ৰস্তুতি বহুত সহজ হৈ পৰিছে। ইউপিএছচিৰ বাবে প্ৰস্তুতি ৰখাৰ বাবে ডাঙৰ চহৰসমূহত বিশেষ প্ৰশিক্ষণযোগ দিয়াটো এতিয়া আৰু নাই। কেৱল ডাঙৰ চহৰতে নহয় গাওঁবোৰতো প্ৰস্তুতি কৰিব পাৰি আৰু যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰি। শিক্ষাৰ্থীজনে যিকোনো ঠাইতে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিব পাৰে। কেৱল শিক্ষাৰ্থীয়ে ইয়াৰ বাবে লক্ষ্য ৰাখি এই প্ৰস্তুতিৰ প্ৰতি সততাৰে সমৰ্পিত হ’ব লাগিব। প্ৰতিটো প্ৰস্তুতি আৰু আটাইতকৈ ডাঙৰ লক্ষ্য সমৰ্পিত হৈ প্ৰাপ্ত কৰিব পাৰি।
অক্টোবৰত 21 দিনৰ বাবে বন্ধ থাকিব বেংক ।
অক্টোবৰ 21 দিনৰ বাবে বন্ধ থাকিব বেংক।ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ (আৰবিআই) অক্টোবৰ মাহৰ বাবে চৰকাৰী বেংক বন্ধৰ তালিকা অনুসৰি, বিভিন্ন কাৰণত বেংকসমূহ বন্ধ থাকিব। আগন্তুক কেলেণ্ডাৰ মাহটো বন্ধ আৰু উৎসৱৰ সৈতে ভৰপূৰ, আৰু সেই সময়ছোৱাত সমগ্ৰ ভাৰতৰ বহুতো বেংক বন্ধ থাকিব।
মুঠতে, বেঙ্কবোৰে অক্টোবৰত প্ৰায় 21 টা বন্ধৰ আশা কৰিব পাৰে।অক্টোবৰ মাহৰ বাবে, আৰ.বি.আই.-য়ে 14 টা বেংক বন্ধ ঘোষণা কৰিছে, যাৰ ভিতৰত আছে সপ্তাহান্তৰ বন্ধ, যাৰ ভিতৰত আছে দেওবাৰৰ লগতে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ, মুঠ সাত দিনৰ বন্ধ।
অক্টোবৰ 2021-ৰ বাবে বন্ধৰ সম্পূৰ্ণ তালিকা-
1) অক্টোবৰ 1 – বেঙ্ক একাউণ্টৰ অৰ্ধ-বাৰ্ষিক বন্ধ (গেংটক)
2) অক্টোবৰ 2 – মহাত্মা গান্ধী জয়ন্তী (সকলো ৰাজ্য)
3) অক্টোবৰ 3 – দেওবাৰ
4) অক্টোবৰ 6 – মহালয়া অমাৱস্যা (আগৰতলা, বেংগালুৰু, কলকাতা)
5) অক্টোবৰ 7 – লাইনিংথৌ চানামাহীৰ মেৰা চাওৰেন হাউবা (ইম্ফল)
6) অক্টোবৰ 9 – দ্বিতীয় শনিবাৰে
7) অক্টোবৰ 10 – দেওবাৰ
8) অক্টোবৰ 12 – দুৰ্গা পূজা (মহা সপ্তমী) / (আগৰতলা, কলকাতা)
9) অক্টোবৰ 13 – দুৰ্গা পূজা (মহা অষ্টমী) / (আগৰতলা, ভুৱনেশ্বৰ, গেংটক, গুৱাহাটী, ইম্ফল, কলকাতা, পাটনা, ৰাঁচী)
10) অক্টোবৰ 14 – দুৰ্গা পূজা/দশেৰা (মহা নৱমী)/অযুথা পূজা (আগৰতলা, বেংগালুৰু, চেন্নাই, গেংটক, গুৱাহাটী, কানপুৰ, কোচি, কলকাতা, লক্ষ্ণৌ, পাটনা, ৰাঁচী, শ্বিলং, শ্ৰীনগৰ, তিৰুৱন্তপুৰম)
11) অক্টোবৰ 15 – দুৰ্গা পূজা/দশৰা/দশেৰা (বিজয়া দশমী) / (ইম্ফল আৰু চিমলাৰ বাহিৰে সকলো বেংক)
12) অক্টোবৰ 16 – দুৰ্গা পূজা (দাচাইন) / (গেংটক)
13) অক্টোবৰ 17 – দেওবাৰ
14) অক্টোবৰ 18 – কাটি বিহু (গুৱাহাটী) 15) অক্টোবৰ 19 – ইদ-ই-মিলাদ/ঈদ-ই-মিলাদুনাবি/মিলাদ-ই-শ্বেৰিফ (পয়গম্বৰ মহম্মদৰ জন্মদিন)/বাৰাভাফত / (আহমেদাবাদ, বেলাপুৰ, ভূপাল, চেন্নাই, ডেৰাডুন, হায়দৰাবাদ, ইম্ফল, জম্মু, কানপুৰ, কোচি, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, ৰায়পুৰ, ৰাঁচী, শ্ৰীনগৰ, শ্ৰীনগৰ, শ্ৰীনগৰ, তিৰুৱন্তপুৰম
16) অক্টোবৰ 20 – মহৰ্ষি বাল্মীকিৰ জন্মদিন/লক্ষ্মী পূজা/ইড-ই-মিলাদ (আগৰতলা, বেংগালুৰু, চণ্ডিগড়, কলকাতা, চিমলা)
17) 22 অক্টোবৰ – শুক্ৰবাৰে ঈদ-ই-মিলাদ-উল-নবীৰ পিছত (জম্মু, শ্ৰীনগৰ)
18) অক্টোবৰ 23 – 4ৰ্থ শনিবাৰে
19) অক্টোবৰ 24 – দেওবাৰ
20) অক্টোবৰ 26 – অধিগ্ৰহণ দিৱস (জম্মু, শ্ৰীনগৰ)
21) অক্টোবৰ 31 – দেওবাৰ
আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ভাৰতৰ প্ৰথম সমবায় সন্মিলন।
ভাৰতৰ প্ৰথম সমবায় সন্মিলন ২০২১ চনৰ ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়।অনুষ্ঠানত ভাষণ প্ৰদান কৰি সমবায় মন্ত্ৰী অমিত শ্বাহে সমবায় সভাত সমবায়ৰ সৈতে জড়িত লোকসকলক সম্বোধন কৰে।অনুষ্ঠানটোত ৰাজ্যিক মন্ত্ৰী বাৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ (গোলকীয়) অধ্যক্ষ ড০ এৰিয়েল গুয়াৰ্কো উপস্থিত থাকে ।সন্মিলনখনত সমগ্ৰ দেশৰ পৰা ২,০০০ তকৈও অধিক সমবায় ভাতৃ আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ সমবায় উপস্থিত থাকে। অনুষ্ঠানটো 25 ছেপ্টেম্বৰ, 2021 তাৰিখে পুৱা 11 বজাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয় য’ত দেশ আৰু বিদেশৰ লাখ লাখ লোক দেখা গৈছে। শেহতীয়া কেবিনেট সম্প্ৰসাৰণত, এই সহযোগিতা মন্ত্ৰালয় গঠন কৰা হৈছে আৰু মন্ত্ৰালয়ৰ শাসনভাৰ অমিত শ্বাহক অৰ্পণ কৰা হৈছে। মন্ত্ৰালয়টো ‘সমৃদ্ধিৰ সহযোগিতা’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি)ৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ আৰু সমবায় আন্দোলনক এক নতুন দিশ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।কোৱালকমে ভাৰতত ডাঙৰ বিনিয়োগ কৰিব বিচাৰে, কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াই প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে।ভাৰতৰ প্ৰথম সমবায় সন্মিলনখন ইফকো (ইফকো), ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় সংঘ (এনচিইউআই), আমুল (আমুল), সাহাকৰ ভাৰতী, নাফেদ (নাফেড), ক্ৰিভকো (ক্ৰিভকো)ৰ দৰে প্ৰতিষ্ঠানসমূহে সন্মিলনখনত যোগদান কৰে আৰু স্ব-নিৰ্ভৰশীল ৰ সপোন বাস্তৱায়িত কৰাত অৰিহণা যোগাব।বিশ্বব্যাপী ভাৰতৰ মৰ্যাদা বৃদ্ধি পাব।তাৎপৰ্যপূৰ্ণভাৱে, বিশ্বৰ 110 খন দেশৰ প্ৰায় 3 নিযুত সমবায় আন্তৰ্জাতিক সমবায় এলানাছ (গোলকীয়)ৰ সৈতে সম্পৰ্কিত। বিশ্বমঞ্চত ভাৰতীয় সহযোগিতা শক্তিশালী কৰাত সন্মিলনখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
আজি ভাৰতীয় জনতা পার্টিৰ পিতৃ স্বৰূপ স্বৰ্গীয় দীনদয়াল উপাধ্যায়ৰ জন্মদিন।
আজি ২৫ ছেপ্টেম্বৰ। ভাৰতীয় জনতা পার্টিৰ পিতৃ স্বৰূপ স্বৰ্গীয় দীনদয়াল উপাধ্যায়ৰ জন্মদিন। তেওঁৰ এই পবিত্র দিনটিত ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰ ৫৬ নং দুৱাৰ ১৫১ নং বুথৰ সভানেত্রী গীতা দাস দুৱাৰৰ নেতৃত্বত সমূহীয়াকৈ পাথৰকুছিত ভাৰতীয় জনতা পার্টিৰ পিতৃ স্বৰূপ স্বৰ্গীয় দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। স্বৰ্গীয় দীনদয়াল উপাধ্যায়ৰ নীতি নিৰ্দেশনাক অনুসৰণ কৰি প্ৰতিবছৰে তেখেতৰ জন্মদিন উদযাপন কৰি আহিছে বুথৰ কাৰ্যকৰ্তা সকলে। এই অনুষ্ঠানৰ উপ -সভাপতি আনন্দ কোঁৱৰ দেৱে তেখেতক স্মৰণ কৰি এগছি বন্তি প্ৰজ্বলন কৰে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।
বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আমছুৰ
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বঙাইগাঁৱতো দৰং জিলাৰ ছিপাঝাৰ ধলপুৰত অসম চৰকাৰে উচ্ছেদৰ নামত নীৰিহ সংখ্যালঘু লোকৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰৰ প্ৰতিবাদত তথা উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ দাবীত সংগঠনটোৰ বঙাইগাঁও জিলা সমিতি আৰু নিউ বঙাইগাঁও আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ভাওলাগুৰি তিনি আলিত ৰূপায়ণ কৰা মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আমছু কৰ্মীসকলে আমাৰ দাবী মানিবই লাগিব , অমানৱীয় উচ্ছেদ কাৰ্য বন্ধ কৰক, অসম চৰকাৰ হায় হায় ,হিমন্ত বিশ্ব শৰ্মা হায় হায় , উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন কৰিবই লাগিব আদি বিভিন্ন শ্লোগান দি পৰিনেশ উত্তাল কৰি তোলে ৷ সংগঠনটোৰ নেতৃত্বই কয় যে উচ্ছেদৰ আমি বিৰোধিতা নকৰো ৷ কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে সেই পৰিয়ালসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল যদিও নকৰিলে ৷ এই কাৰ্যক আমি ধীক্কাৰ জনাইছো ৷ আনহাতে আৰক্ষীৰ দলে লোকজনক গুলীয়াই নেমাৰি কৰায়ত্ত কপিব পাৰিলেহেতেন বা ভৰিত গুলীয়াব পাৰিলেহেতেন যদিও সেয়া নকৰিলে ৷ আনকি মৃত লোকজনৰ ওপৰতো আৰক্ষীয়ে জপিয়াই পৰি লঠিয়াই ,গুৰিয়াই নিজৰ বীৰত্ব প্ৰদৰ্শন কৰে ৷ সেইদৰে বিজয় বণিয়া নামৰ দাৱন ফটোগ্ৰাফাৰজনেও মৃতদেহৰ ওপৰত জপিয়াই পৰি লঠিয়ায় গুৰিয়াই নিৰ্যাতন চলাই মানৱ সমাজক কলংকিত কৰিছে ৷ গতিকে এই কাৰ্যক জিলা আমছুৱে গৰিহণা আৰু ধিক্কাৰ দিছে আৰু প্ৰথমে উচ্ছেদিত পৰিয়ালসকলক সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায় ৷
ভক্তৰডবাত সমাজ কল্যাণ বিভাগৰ পোষণ মাহৰ সজাগতা সভা সম্পন্ন
সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিস্থিত পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ভক্তৰডবা চক্ৰৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ সজাগতা সভা আজি ৮১২ নং নলীগাও প্ৰাথমিক বিদ্যালয়ত থকা ৯২ নং দক্ষিণ নলীগাও অংগনৱাডী কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। সজাগতা সভাৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃক্ষৰোপন কৰে পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উন্নয়ন বিষয়া কমল কুমাৰ শৰ্মাই। সভাত বিভিন্ন পুষ্টিকৰ আহাৰৰ প্ৰদৰ্শনী কৰে ভক্তৰডবা চক্ৰৰ অংগনৱাড়ী সকলে।৮১২ নং নলীগাও প্ৰাথমিক বিদ্যালয়য সহকাৰী শিক্ষক আব্দুছ ছামাদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত পাকা বেতবাৰী সংহত শিশু উন্নয়ন বিষয়া কমল কুমাৰ শৰ্মা , পোষন সমন্বয়ক সৌৰভ কুমাৰ দাস,পোষণ সহায়ক ননি গোপাল গোস্বামী, ভক্তৰডবা চক্ৰৰ মুখ্য সেৱিকা জুৰি দাস, ভক্তৰডবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এ এন এম ৰমেনা খাতুন, ভক্তৰডবা চক্ৰৰ ৩০ গৰাকীকৈ অংশগ্ৰহণ কৰে। সভাত প্ৰকল্প বিষয়া গৰাকীয়ে নিজৰ ভাষণত পোষণ উপলক্ষে কৰ্মী তথা সহায়িকাসকলে গৰ্ভৱতী, শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য সম্পৰ্কে সজাগতা আনিবলৈ আহ্বান জনোৱাৰ লগতে সকলো কৰ্মী তথা সহায়িকাসকলক নিজৰ নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনায়।
লাহৰীঘাটৰ কুশতলিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
যোৱা কালি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু গেৰুৱা দলটোৰ লাহৰীঘাট সমষ্টিৰ সহযোগত সমষ্টিটোৰ কুশতলি বালক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।শিবিৰটোত বানপীড়িত অঞ্চলটোৰ কেইবা শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে।উল্লেখ্য য়ে উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত আৰু বানপীড়িত অঞ্চলটোত গেৰুৱা দলটোৱে অনুষ্ঠিত কৰা স্বাস্থ্য পৰীক্ষাৰ শিবিৰটোত স্বাস্থ্য পৰীক্ষাৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।
বঙাগাঁৱত ‘দ্যা মিছিং গাৰ্ল’( The Missing Girl)ৰ শুভ মহুৰত
বঙাইগাঁৱত ’দ্যা মিছিং গাৰ্ল’ নামৰ চুটি কথাছবি এখনৰ শুভ মহুৰত হয় ৷ অসম সন্তান তথা বলিউড জগতৰ এগৰাকী পৰিচালক নীলিপ দেৱৰ দ্বাৰা পৰিচালিত এই চুটী ছবিখনৰ শুভ মহুৰতৰ আৰম্ভণি কৰা হয় বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত ৷ এই ছবিখনৰ শুভ মহুৰত কৰে জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ সচিব অশোক দাসে ৷ বিশ্ব জুৰি চৰ্চিত কন্যা সন্তানৰ ভ্ৰুণ হত্যাৰ ওপৰত নিৰ্মাণ কৰা হ’ব এই চুটি ছবিখন ৷ কন্যা ভ্ৰূণ হত্যাৰ ফলত নাৰী সমাজত ইয়াৰ প্ৰভাৱক বিষয়বস্তু হিচাপেলৈ ইয়াৰ ওপৰতে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে চুটি ছবিখন ৷ পৰিচালক নীলিপ দেৱ বৰ্তমান মুম্বাইত বলিউড জগতৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী ৷ নিজে কেইবাখনো কথাছবি পৰিচালনা কৰাৰ লগতে প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনকে ধৰি বলিউড জগতৰ কেইবাজনো স্বনামধন্য শিল্পীৰ সৈতে ছবিত কাম কৰিছে ৷ অসম তথা বঙাইগাঁৱৰ সূযোগ্য সন্তান নীলিপ দেৱ পৰিচালিত এই চুটি ছবিখনে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে ৷ উল্লেখ্য যে চুটি ছবিখনৰ আজিৰে পৰা দৃশ্যগ্ৰহণ আৰম্ভ হৈছে ৷

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নতুন ফেৰী জাহাজ সেৱাৰ শুভাৰম্ভ
ধুবুৰী আভ্যন্তৰীণ জল পৰিবহন বিভাগ আজিৰ পৰা জলেশ্বৰ আৰু ধুবুৰী ৰ মাজত নতুন যাএী ফেৰী সেৱাৰ শুভাৰম্ভ হয়। ধুবুৰী যোগমায়া পাৰ ঘাটৰ পৰা আজি দিনৰ ২বজাত আভ্যন্তৰীণ জল পৰিবহন বিভাগ ৰ “এম ভি প্ৰতীমা ” নামৰ জাহাজটো শতাধিক যাএী লৈ জলেশ্বৰ ৰ উদ্দেশ্য যাএা কৰে। ধুবুৰী আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সূত্র মতে প্ৰতিদিন পুৱা ৯ বজাত জলেশ্বৰৰ পৰা ধুবুৰী উদ্দেশ্যে এম ভি প্ৰতীমা জাহাজ খন যাএা কৰিব। আকৌ ধুবুৰী ৰ পৰা ২ বজাত জলেশ্বৰৰ উদ্দেশ্য যাএা কৰিব।











