দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে আজি বাক্সা জিলাতো অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন সমস্য সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা সদৰ মুছলপুৰস্থিত দূৰ্গা মন্দিৰ খেলপথাৰত বাক্সা জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থা আৰু বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ৰ সদস্যাসকলে হাতে হাতে বেনাৰ, প্লে’-কাৰ্ড লৈ মজুৰি বৃদ্ধিকে ধৰি কেবাটাও দাবী পূৰণৰ প্ৰতিবাদত ধৰ্ণা দিয়ে ৷ প্ৰতিবাদকাৰী সকলে আমাক বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক, মাননিৰ সলনি মজুৰি দিয়ক, পেঞ্চনৰ সুবিধা দিয়ক, ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ অনুযায়ী ন্যূনতম মজুৰি আদায় দিয়ক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰে পিচতে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ বাক্সা জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সভানেত্ৰী সবিতা দৈমাৰী আৰু সম্পাদিকা বীনা বৈশ্য, বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ৰ সভানেত্ৰী সুৰমা ডেকা দাস আৰু সম্পাদিকা ভনীতা পাঠক ৰয় স্বাক্ষৰিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ কেবা শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷
বালিজুৰিত পোষন মাহ উদযাপন
বিশ্বনাথ জিলাৰ ইটাখোলাৰ সমীপৰ বালিজুৰিত কালি ভাৰত চৰকাৰৰ লোক সম্পৰ্ক আৰু সঞ্চাৰ ব্যুৰো ‘ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়,ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰৰ উদ্যোগত পোষন মাহ উপলক্ষে এক বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় ।উক্ত কাৰ্যসূচীৰ সঞ্চালন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। কাৰ্য্যসুচীত অঞ্চলটোৰ অংগনাবাদী কৰ্মী, কিশোৰী আৰু বিদ্যালয় সমুহৰ ছাত্ৰী সকল উপস্থিত থাকি ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰৰ দ্বাৰা অনুষ্ঠিত গৰ্ভৱতী মহিলা,কিশোৰী আৰু শিশুৰ পুষ্টিকৰ খাদ্যৰ লগত সম্পৰ্কীয় প্ৰতিযোগিতা যেনে আকস্মিক বক্তৃতা,চিত্ৰাংকন,কুইজ আৰু থলুৱা পুষ্টিকৰ খাদ্য সম্ভাৰ পৰিবেশন আদিত অংশগ্ৰহণ কৰে । অঞ্চলটোৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ দ্বাৰা বিচাৰ কৰি অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগী সকলক পুৰস্কাৰ বিতৰণ কৰা হয় । উক্ত অনুষ্ঠানত ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰ জিলা প্ৰচাৰ বিষয়া সাৰংগ পানীভৰাল,বালিজুৰিৰ বিশিষ্ট সমাজ কৰ্মী ভক্তৰাজ গুৰুং, বালিজুৰি জুনিয়ৰ কলেজৰ অধ্যক্ষ কনক নাথ,বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টোম প্ৰসাদ উপাধ্যায়, শিক্ষক জয়ন্ত ৰিজাল, ঠণ্ডী উপাধ্যায় ,চিন্তা মনি ভট্তৰায়, বালিজুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিৱ আমগাই আৰু বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ সাংগঠনিক সম্পাদক ৰাজু লিম্বুকে প্ৰমুখ্য কৰি বালিজুৰি অঞ্চলৰ বহুকেইজন গুণী জ্ঞানী ব্যক্তি উপস্থিত আছিল । অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে গ্ৰীণ মডেল ইংলিছ স্কুলৰ ছাত্ৰী তথা কিশোৰী ক্ৰমে অংকিতা আমগাই আৰু নেহা খাতুনে । আকস্মিক বক্তৃতাত প্ৰথম স্থান লাভ কৰি অংকিতা আমগাই আৰু দ্বিতীয় স্থান লাভ কৰে আশা পৰাজুলিয়ে ।খাদ্য সম্ভাৰ পৰিবেশন আৰু ৰংগোলী প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হয় গীতা আমগাই,সংগীতা লিম্বু,আশা পৰাজুলি,বিষ্ণুমায়া ছেত্ৰী ,দীপা নেৱাৰ আৰু কল্পনা ছেত্ৰীৰ দলে ।দ্বিতীয় স্থান লাভ কৰে মণিকা দেবী, জুনু প্ৰধান আৰু ৰীণা দেবীৰ দলে ।
আন্ত: ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমত চাইকেল ৰেলী
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত জনসচেতনতাৰ সৃষ্টিৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী নগৰ আঞ্চলিক সমিতিৰ দুই বিষয়ববীয়াক্ৰমে দিপজ্যোতি বেজবৰুৱা আৰু আফটাব হুচেইনে সমগ্ৰ অসমতে সৰ্বমুঠ ২০০০ কিঃমিটাৰ বাইচাইকেল যাত্ৰা নলবাৰীৰ পৰা আৰম্ভ কৰি আহি আজি শিৱসাগৰ জিলাৰ চুণপোৰাত উপস্থিত হয়হি।উক্ত বাইকেল আৰোহী বিষয়ববীয়া দুজনক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিমলুগুৰি আৰু নাজিৰা আঞ্চলিকৰ বিষয়ববীয়াসকলে ফুলাম গামোচাৰে আদৰণি জনায়।উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ,সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰ,সাংগঠনিক সম্পাদক তথা শিমলুগুৰি আঞ্চলিকৰ উপদেষ্টা অভিজিত গগৈ,সমাজ সেৱা সম্পাদক তথা নাজিৰা আঞ্চলিকৰ উপদেষ্টা ভাস্কৰজ্যোতি মহন্ত,শিমলুৰি আঞ্চলিকৰ উপ সভাপতি প্ৰণৱ সন্দিকৈৰ লগতে আন বিষয়বীয়াসকলো উপস্থিত থাকে।লগতে সংগঠনটোৰ বিষয়ববীয়াসকলে বাইচাইকেল আৰোহী দুগৰাকিক শিৱসাগৰ নগৰৰ দিশে আগুৱাই নিয়ে।
চাপৰৰ বিভিন্ন অঞ্চলত আমছুৰ উত্তাল প্ৰতিবাদ
মূখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ। অসম চৰকাৰ হায় হায় । হিমন্ত বিশ্ব শৰ্মা গো বেগ। আদি শ্লগানেৰে পৰিৱেশন উত্তাল কৰি তোলে প্ৰতিবাদ কাৰী। উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী লৈ আজিৰ এই প্ৰতিবাদ । ধুবুৰী জিলাৰ নিউ হাতিপতাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথকে ধৰি ৰঙামাটি আৰু বহলপুৰত মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদ আমছুৰ।আগত সংস্হাপন দিয়ক তাৰ পিছত উচ্ছেদ কৰক নহ’লে উচ্ছেদ বন্ধ কৰক। আৰু আৰক্ষীৰ গুলীত যি দুজন প্ৰতিবাদ কাৰী নিহত হৈছে সেই লোক দুজনৰ পৰিয়ালক দহ লাখ টকাৰ ক্ষতি পূৰণৰ দাবী জনায় আমছুৱে।আৰু উপায়ুক্তৰ কাৰ্যালয়ত কাম কৰা ফটো গ্ৰাফাৰ জনে যি অমানৱীয় কাৰ্য সংঘটিত কৰিছে সেই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা লগতে ফাচিৰ দাবী তুলিছে আমছুৱে।

ধুবুৰীত অসম ৰাজ্যিক অঙ্গনৱাদী আৰু সহায়িকা কৰ্মী সন্থাৰ প্ৰতিবাদ
ধুবুৰীত অসম ৰাজ্যিক অঙ্গনৱাদী আৰু সহায়িকাৰ কৰ্মী সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্দোগত প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত হয়। অঙ্গনৱাদী কৰ্মী আৰু সহায়িকাৰ লগতে সকলো আচনিভুক্ত শ্ৰমিকক নুন্যতম দৰমহা মাহেলী ২১,ooo.০০ টকা,পেঞ্চন প্ৰভিডেণ্ট ১০,০০০.০০ টকাৰ ফাণ্ড আৰু ই,এচ,আইৰ ব্যৱস্থা সহ ৪৫ তম ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ অনুযায়ী ব্যৱস্থা কৰাৰ দাবীৰ লগতে ১৫ টা দাবীৰে শুকুৰবাৰৰ দিনা অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰীত উত্তাল প্ৰতিবাদী কাৰ্য্য সূচি তৰাজ্যৰ প্ৰতিটো জিলাৰ লগতে ধুবুৰীতো ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত শ’শ অঙ্গনবাদী সহায়িকা কৰ্মী সকলে ওলাই আহি হাতে হাতে প্লেকাড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদস্থলীত উপস্থিত থকা জিলা প্ৰশাসনৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে ৷
লাহৰীঘাটৰ ভূৰাগাঁৱত ছাত্র মুক্তি, কৃষক মুক্তি, আৰু আমছুৰ যৌথ প্ৰতিবাদ
চিপাঝাৰ আৰু গৰুখুটি অঞ্চলত প্ৰশাসনে অমানৱীয়ভাৱে চলোৱা উচ্ছেদ অভিযান বন্ধৰ লগতে, মৃত ব্যক্তিৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলোৱা ফটো গ্ৰাফাৰ বিজয় বণিয়াক ফাঁচিৰ দাবীত ভূৰাগাঁৱত ছাত্র মুক্তি, কৃষক মুক্তি আৰু আমছুৰ যৌথ প্ৰতিবাদ। দৰং জিলাৰ ছিপাজাৰ,গৰুখুটি অঞ্চলত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি উচ্ছেদ অভিযান বন্ধৰ লগতে দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ফটোগ্ৰাফাৰ বিজয় বণিয়াক ফাষ্টেক আদালতৰ জৰিয়তে ২৪ ঘণ্টাৰ ভিতৰত ফাঁচীৰ দাবীত লাহৰীঘাটৰ ভূৰাগাঁও বজাৰত আমছু , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰিবলৈ লওঁতে আৰক্ষী আৰু ছাত্র মুক্তিৰ নেতাৰ মাজত সৃষ্টি হয় তীব্ৰ হতাহতিৰ। প্ৰতিবাদকাৰী সকলে হাতে-হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
গুৱাহাটীত কেন্দ্ৰীয় ৰে’ল আৰু বস্ত্ৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী দৰ্শনা জাৰ্দোশ
গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, ৰে’ল আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰীমতী দৰ্শনা জাৰ্দোশক আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰে’লৱে বৈদ্যুতিকৰণ, ট্ৰেক দুগুণ কৰা আৰু অসমত ৰে’লপথত উৰণীয়া সেঁতু নিৰ্মাণৰ ওপৰত চিন্তা-চৰ্চা আৰু হাতীৰ সুৰক্ষাৰ বাবে দীপৰ বিল অঞ্চলত এটা উন্নত কৰিডৰৰ বাবে অনুৰোধ মুখ্যমন্ত্ৰীৰ ।যাত্ৰীসকলৰ সুবিধাৰ বাবে আগৰতলালৈকে ৰাজধানী এক্সপ্ৰেছৰ সঘনতা বৃদ্ধি কৰাৰ বিষয়েও আলোচনা কৰা কৰে।গুৱাহাটীত ভাৰতীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপনৰ বাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীক অনুৰোধ জনায় যিয়ে অসমীয়া পৰম্পৰাগত পোছাকৰ চাহিদা বৃদ্ধিত সহায় কৰিব।

জাহ্নৱী বৰুৱাৰ ইংৰাজী গ্ৰন্থ ‘UNDERTOW’ লৈ দেশৰ সন্মানীয় AUTHOR -2021 বঁটা
অসমৰ লেখক সমাজলৈ আহিছে এটি আনন্দৰ খবৰ।বেংগলুৰু নিবাসী অসমীয়া জাহ্নৱী বৰুৱাই ইংৰাজী ভাষাত নিজৰ সৃষ্টিৰে ৰাষ্ট্ৰীয় স্তৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই বৰ্ষৰ সন্মানীয় The Author Award-2021 ৰ ফিকচন শাখাৰ শ্ৰেষ্ঠতাৰ বঁটাৰ কঢ়িয়াই আনিছে জাহ্নৱী বৰুৱাৰ ‘UNDERTOW’ নামৰ গ্ৰন্থখনে। এই বঁটাৰে ভাৰতীয় লেখিকা সকলৰ সৃষ্টি কৰ্মক উদযাপন কৰাৰ লগতে স্বীকৃতি প্ৰদান কৰাৰ বাবে প্ৰৱৰ্তিত হৈছে ।

প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতি
এটা পথ নিৰ্মাণৰ দুবছৰ ন হওঁতেই জহি-খহি গৈছে।পথছোৱাৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ ৰাইজ তথা পথচাৰিক।লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ-কথাগাঁও সংযোগী পথটো বৰ্তমানে যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।প্ৰধান মন্ত্ৰী গ্রাম্য চড়ক যোজনাৰ অধীনত ২০১৭ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল পথটোৰ।জে, আৰ, কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান টোৱে লাভ কৰিছিল পথটোৰ নিৰ্মাণৰ নিবিদা।২০১৮ চনত নিৰ্মাণ শেষ হব লগা পথটোৰ নিৰ্মাণ শেষ হৈছিল ২০১৯ চনত।চৰকাৰী নিয়ম অনুসৰি এটা পথ নিৰ্মাণ হোৱাৰ পাছত প্ৰায় ৫ বছৰ মেৰামতিৰ দায়িত্ব থাকে নিবিদা লাভ কৰা প্ৰতিষ্ঠানটোৰ।কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে পথটো নিৰ্মাণ হোৱাৰ পাছত আজি পৰ্যন্ত পথটোৰ ভাঙি যোৱা অংশ সমূহ মেৰামতি নকৰাৰ অভিযোগ উঠিছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।মেৰামতি নকৰাৰ ফলত পথটোৰ ভঙা অংশত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে।যাৰ ফলত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।উক্ত পথছোৱা অতি সোনকালে মেৰামতি কৰাৰ আহ্বান স্থানীয় ৰাইজ তথা দল সংগঠনৰ।পথছোৱা মেৰামতিৰ বাবে স্থানীয় বিধায়ক, বিভাগীয় মন্ত্ৰী আৰু ঠিকাদাৰ প্ৰতিষ্ঠানক অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে, অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

বৃক্কৰ জটিল ৰোগত আক্রান্ত টীয়কৰ মেধাৱী ছাত্ৰী স্মৃতি
বৃক্কৰ জটিল ৰোগত আক্রান্ত হৈছে টীয়ক বলমাৰ এগৰাকী ছাত্ৰী। নাম তাইৰ স্মৃতি বৰা ।টীয়ক বলমা নহাট টিপমীয়া গাঁৱৰ দুখীয়া পৰিয়ালৰ এগৰাকী ছাত্ৰী তথা টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম সন্মামিকৰ মেধাৱী ছাত্ৰী স্মৃতি বৰাৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছে। খেতি বাতি কৰি কোনোমতে পৰিয়াল ভৰণ পোষণ দিয়া পিতৃ ৰজনী বৰাই জ্যেষ্ঠ কন্যা গৰাকীৰ চিকিৎসাৰ নামত ইতিমধ্যে বহু টকা খৰছ কৰি বৰ্তমান উপায়ন্তৰ হৈ পৰিছে। ছাত্ৰী গৰাকীৰ দুয়োটা বৃক্ক বিকল হোৱাৰ বাবে চিন্তাত পৰিছে পৰিয়ালটো । কাৰণ নতুন বৃক্ক সংস্থাপনৰ কৰিলেহে ছাত্ৰী গৰাকী সুস্থ হৈ উঠিব কিন্তু বৃক্ক নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কেইবালাখ টকাৰ ।উপায়ন্তৰ হৈ পৰিয়ালটিয়ে এতিয়া চৰকাৰ তথা হৃদয়বান লোকৰ সহায় বিচাৰিচে । কোনো ব্য দল সংগঠন ব্যক্তি বিশেষ সহায় বিচাৰিলে SBI Ac No-40352661224IFSCCODE-SBIN0001718 Phone Number:-6000634142 ত সহায় কৰিব পাৰিব।











