Breaking

লাহৰীঘাটৰ ভূৰাগাঁৱত ছাত্র মুক্তি, কৃষক মুক্তি, আৰু আমছুৰ যৌথ প্ৰতিবাদ

0 2,070

 চিপাঝাৰ আৰু গৰুখুটি অঞ্চলত প্ৰশাসনে অমানৱীয়ভাৱে চলোৱা উচ্ছেদ অভিযান বন্ধৰ লগতে, মৃত ব্যক্তিৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলোৱা ফটো গ্ৰাফাৰ বিজয় বণিয়াক  ফাঁচিৰ দাবীত ভূৰাগাঁৱত ছাত্র মুক্তি, কৃষক মুক্তি আৰু আমছুৰ যৌথ প্ৰতিবাদ। দৰং জিলাৰ ছিপাজাৰ,গৰুখুটি অঞ্চলত প্ৰশাসনে চলোৱা উচ্ছেদ  অভিযানক অমানৱীয় আখ্যা দি উচ্ছেদ অভিযান বন্ধৰ লগতে দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ফটোগ্ৰাফাৰ বিজয় বণিয়াক ফাষ্টেক আদালতৰ জৰিয়তে ২৪ ঘণ্টাৰ ভিতৰত ফাঁচীৰ দাবীত লাহৰীঘাটৰ ভূৰাগাঁও বজাৰত আমছু , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰিবলৈ লওঁতে আৰক্ষী আৰু ছাত্র মুক্তিৰ নেতাৰ মাজত সৃষ্টি হয় তীব্ৰ হতাহতিৰ।  প্ৰতিবাদকাৰী সকলে হাতে-হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply