Breaking

আন্ত: ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমত চাইকেল ৰেলী

0 2,050

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত  জনসচেতনতাৰ সৃষ্টিৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী নগৰ আঞ্চলিক সমিতিৰ দুই বিষয়ববীয়াক্ৰমে দিপজ্যোতি বেজবৰুৱা আৰু আফটাব হুচেইনে সমগ্ৰ অসমতে সৰ্বমুঠ ২০০০ কিঃমিটাৰ বাইচাইকেল যাত্ৰা নলবাৰীৰ পৰা আৰম্ভ কৰি আহি আজি শিৱসাগৰ জিলাৰ চুণপোৰাত উপস্থিত হয়হি।উক্ত বাইকেল আৰোহী বিষয়ববীয়া দুজনক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিমলুগুৰি আৰু নাজিৰা আঞ্চলিকৰ বিষয়ববীয়াসকলে ফুলাম গামোচাৰে আদৰণি জনায়।উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ,সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰ,সাংগঠনিক সম্পাদক তথা শিমলুগুৰি আঞ্চলিকৰ উপদেষ্টা অভিজিত গগৈ,সমাজ সেৱা সম্পাদক তথা নাজিৰা আঞ্চলিকৰ উপদেষ্টা ভাস্কৰজ্যোতি মহন্ত,শিমলুৰি আঞ্চলিকৰ উপ সভাপতি প্ৰণৱ সন্দিকৈৰ লগতে আন বিষয়বীয়াসকলো উপস্থিত থাকে।লগতে সংগঠনটোৰ বিষয়ববীয়াসকলে বাইচাইকেল আৰোহী দুগৰাকিক শিৱসাগৰ নগৰৰ দিশে আগুৱাই নিয়ে।

Leave A Reply