Breaking

প্ৰধানমন্ত্ৰী মোডীয়ে আজি দেশবাসীক ৩৫ টা বিশেষ শস্যৰ প্ৰকাৰ উৎসৰ্গা কৰিব

0 2,035

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জলবায়ু অনুকূল প্ৰযুক্তি গ্ৰহণৰ বাবে বৃহৎ পৰিমাণৰ সজাগতা বিয়পোৱাৰ উদ্দেশ্যৰে ৩৫ টা শস্যৰ বিশেষ প্ৰকাৰ দেশবাসীক উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে ডিজিটেল অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ৰায়পুৰৰ ৰাষ্ট্ৰীয় জৈৱচাপ সহনশীলতা প্ৰতিষ্ঠানৰ নৱনিৰ্মিত চৌহদউদ্বোধন কৰিব।

পিএমঅ’ৰ মতে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিশ্ববিদ্যালয়সমূহক সেউজ চৌহদৰ বঁটা প্ৰদান কৰিব আৰু উদ্ভাৱন পদ্ধতি ব্যৱহাৰ কৰি কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিব।

তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন আৰু পুষ্টিহীনতাৰ দ্বৈত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে বিশেষ প্ৰকাৰৰ শস্য বিকশিত কৰিছে। পিএমঅ’য়ে কৈছিল যে ২০২১ চনত এনে ধৰণৰ ৩৫ টা প্ৰকাৰ বিকশিত কৰা হৈছে।

Leave A Reply