Breaking

২০২১ বৰ্ষৰ HSLCৰ বিশেষ শিক্ষান্ত পৰীক্ষাৰ বাবে লাহৰীঘাট পৰীক্ষা কেন্দ্রৰ প্ৰস্তুতি

0 2,095

ৰাজ্যত কৰোনা মহামাৰীৰ বাবে অসম চৰকাৰৰ শিক্ষা মন্ত্রণালয়ে দশম শ্রেণীৰ final পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল, আৰু SEBA ৰ নিৰ্দেশ মৰ্মে  পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া শিক্ষাৰ্থী সকলৰ  সেই  বিদ্যালয়ৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। ঘোষণা কৰা HSLC পৰীক্ষাৰ ফলাফলত উৰ্ত্তীণ হোৱা তথা অনুৰ্তীণ কিছু ছাত্র ছাত্রীয়ে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। সেই মৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্ত মৰ্মে  অসন্তুষ্ট প্ৰকাশ কৰা  অনুৰ্তীণ  বা উৰ্ত্তীণ  ছাত্র ছাত্রী সকলৰ বাবে চলিত বৰ্ষৰ অক্টোবৰত  বিশেষ HSLC ফাইনেল পৰীক্ষা পাতিব ঘোষণা কৰা হৈছিল। সমগ্র অসমৰ লগতে  মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ B21-0191 নম্বৰৰ   HSLC  Final Exam Center তো পৰীক্ষা পতাৰ প্ৰস্তুতি চলি আছে বুলি পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া তথা ঔগুৰী পাম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিনদেৱে জনাইছে। তেও জনোৱা মতে অহা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হবলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষ পৰীক্ষাৰ বাবে উক্ত কেন্দ্রত মুঠ ৫ খন বিদ্যালয়ৰ ১১৩ জন পৰীক্ষাৰ্থীয়ে নিজৰ ভাগ্য নিৰ্ণয় কৰিব। পৰীক্ষা কেন্দ্রত হাই মাদ্ৰাছাৰ কোনো পৰীক্ষাৰ্থী নাই বুলিও জানিব পৰা গৈছে। পূৰ্বৰ দৰে এইবাৰৰ পৰীক্ষাতো চি চি টিবিৰ পৰা আদি কৰি সম্পূর্ণ চৰকাৰী কভিড প্ৰটোকলৰ  নিয়ম মতে অনুষ্ঠিত হব বুলি  পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল মহোদয়ে জনাইছে।

Leave A Reply